Logo
image

বিশিষ্ট শিল্পী ভূপেন উজীৰৰ জীৱনাৱসান

‘আমাৰ অসম’ৰ ষ্টাফ ৰিপ’ৰ্টাৰ, ১০ জানুৱাৰীঃ চা সমনীয়া গাভৰুজাক আহিছে/সাজোনে-কাচোনে ৰূপহী যেন লাগিছে/চিলনী পৰাদি থপিয়াই লৈ যাম/তাৰে মাজৰ এজনী/চোঁচৰাই ঐ টানি নি/বাহিৰে বাহিৰে পোৱামগৈ ঐ হোমৰে গুৰি...৷ নৰেশ কুমাৰ পৰিচালিত অসমীয়া চিনেমা ‘জীৱন সুৰভি’ৰ এই গীতটোৱে অসমৰ ইমূৰৰ পৰা সিমূৰলৈ খলকনি তুলিছিল, জনপ্ৰিয়তাৰ লহৰ লেখিছিল৷ চিনেমাখনৰ লগতে অভিনেতা-অভিনেত্ৰী বা গায়ক-গায়িকাসকল যিমান জনপ্ৰিয় হৈছিল, তাতকৈ কোনোগুণে কম জনপ্ৰিয় হোৱা নাছিল এই গীতটোক সংগীতেৰে সজোৱা ভূপেন উজীৰ৷ একেখন চিনেমাৰে গীত ‘কিনো অভাগা কপাল ধৰি, কিনো তোৰ নিঠুৰ বিধান...’; ‘মৰমে ওপচা ওমলা বাটৰে লগৰী, পৰি ৰ’লোঁ মই বহু দূৰত...’ আৰু ‘মই এতি মুকলি পখী, উভতিছোঁ ঘৰলৈ বুলি, অকলে মই সজাত যেন, দুচকুতে আছোঁ দুলি...’ আদিও সাংঘাতিকধৰণে জনপ্ৰিয় হৈছিল৷ এই জনপ্ৰিয়তাৰ আঁৰৰ অন্যতম প্ৰধান কাৰণ আৰু কাৰক আছিল ভূপেন উজীৰ৷ ভূপেন উজীৰে সুৰ কৰা বা সংগীতেৰে সজোৱা গীতৰ তালিকা যথেষ্ঠ দীঘলীয়া৷ সেইজন বিশিষ্ট শিল্পী, সুৰকাৰ, গীটাৰবাদক, শব্দযন্ত্ৰী আৰু সংগীত পৰিচালক ভূপেন উজীৰ আৰু নাই৷ মঙলবাৰে নিশা প্ৰায় ১০ বজাত গুৱাহাটীৰ নেমকেয়াৰ হাস্পতালত বিশিষ্ট শিল্পীজনে শেষ নিশ্বাস ত্যাগ কৰে৷ ‘জীৱন সুৰভি’ৰ উপৰি ‘ব’হাগৰ দুপৰীয়া’, ‘এই মৰম তোমাৰ বাবে’, ‘প্ৰতিদান’, ‘জখম’ আৰু ‘উৰ্বশী’কে ধৰি কেইবাখনো অসমীয়া চিনেমাৰ সংগীত পৰিচালনাৰ জৰিয়তে অসমৰ লাখ লাখ সংগীতপ্ৰেমীৰ হৃদয় জয় কৰা ভূপেন উজীৰ কিছুদিন ধৰি অসুস্থ হৈ আছিল৷ শেহতীয়াকৈ ৪ জানুৱাৰীত ভূপেন উজীৰক হাস্পতালত ভৰ্তি কৰোৱা হয়৷ বৃক্কৰ ৰোগত আক্ৰান্ত ভূপেন উজীৰৰ অৱস্থা দেওবাৰৰ পৰা অধিক জটিল হৈ পৰে৷ নেমকেয়াৰ হাস্পতালৰ চিকিৎসক-কৰ্মচাৰীৰ আপ্ৰাণ চেষ্টায়ো ৰক্ষা কৰিব নোৱাৰিলে জনপ্ৰিয় শিল্পীগৰাকীক৷ অসমৰ সংগীত জগতৰ অভিভাৱকৰূপে খ্যাত ভূপেন উজীৰ আছিল এজন খোলা অন্তৰৰ মানুহ৷ মুখত এমোকোৰা হাঁহি অনবৰতে বিয়পি আছিল তেওঁৰ৷ মৃদুভাষী আৰু মধুভাষী ভূপেন উজীৰৰ সৃষ্টিশীলতা আছিল একপ্ৰকাৰে তুলনাবিহীন৷ বাণিজ্যৰ ছাত্ৰ ভূপেন উজীৰ আছিল গুৱাহাটী বিশ্ববিদ্যালয়ৰ এসময়ৰ সংগীত সম্পাদক৷ তেখেতৰ পত্নী শান্তা শৰ্মা উজীৰ অসমৰ এগৰাকী জনপ্ৰিয় কণ্ঠশিল্পী৷ শান্তা শৰ্মা আছিল গুৱাহাটী বিশ্ববিদ্যালয়ৰ এসময়ৰ শ্ৰেষ্ঠ কণ্ঠশিল্পী৷ বিশ্ববিদ্যালয়ৰ দিনত সংগীত সম্পাদক আৰু শ্ৰেষ্ঠ কণ্ঠশিল্পীৰ সন্মান অৰ্জন কৰা ভূপেন উজীৰে শান্তা শৰ্মাৰ সৈতে ৰচনা কৰিলে সঁচা জীৱনৰ সুমধুৰ গীত৷ মৃত্যুৰ সময়ত পত্নী শান্তা শৰ্মাৰ উপৰি দুগৰাকী কন্যা, বহু আত্মীয়-স্বজন আৰু অসংখ্য গুণমুগ্ধক এৰি থৈ যায় ভূপেন উজীৰে৷ যোৰহাটত ডাঙৰ-দীঘল হৈছিল ভূপেন উজীৰ৷ সেই সময়তে বলীউডত জনপ্ৰিয়তা অৰ্জন কৰা অসমীয়া সংগীত পৰিচালক যুটি জিতু-তপনৰ দ্বাৰা পৰিচালিত অৰ্কেষ্ট্ৰাত গীটাৰ বজাইছিল ভূপেন উজীৰে৷ তেতিয়াই সংস্পৰ্শলৈ আহিছিল প্ৰসিদ্ধ সংগীতজ্ঞ ইন্দ্ৰেশ্বৰ শৰ্মাৰ৷ যোৰহাটৰ পৰা গুৱাহাটীলৈ অহাৰ পাছত ভূপেন উজীৰে আৰম্ভ কৰিলে যন্ত্ৰসংগীতৰ এটা দল– নাম ‘ভাইব্ৰেচন’৷ এটা সময়ত ভাৰতীয় খাদ্য নিগমৰ চাকৰিত সোমাইছিল ভূপেন উজীৰ৷ কিন্তু সংগীতৰ যাত্ৰাত বাধা পৰাৰ আশংকা কৰি তেওঁ এফচিআইৰ চাকৰি বাদ দিছিল৷ পৰৱৰ্তী সময়ত পেটৰ ভাতমুঠিৰ কাৰণে অটোৰিক্সাও চলাবলগীয়া হৈছিল ভূপেন উজীৰে৷ গুৱাহাটীৰ জু-ৰোড আৰু জোনালীত ভাৰাঘৰত আছিল ভূপেন উজীৰ৷ সেই সময়তে কেছেট পুনৰমুদ্ৰণৰ ব্যৱসায় কৰিছিল বিশিষ্ট শব্দযন্ত্ৰী-বাদ্যযন্ত্ৰীজনে৷ পৰৱৰ্তী সময়ত প্ৰসিদ্ধ কণ্ঠশিল্পী ঊষা উত্থুপনৰ পৰা ¸টু-ট্ৰেকৰ এটি শব্দগ্ৰহণ যন্ত্ৰ ক্ৰয় কৰি গুৱাহাটীৰ গীতানগৰৰ ভাৰাঘৰত ভূপেন উজীৰে স্থাপন কৰিলে নিজৰ ষ্টুডিঅ’– ‘অডিটেক’৷ বিশিষ্ট শব্দযন্ত্ৰী এমিল ইছাকৰ পৰা শব্দগ্ৰহণৰ কাৰিকৰী জ্ঞান আহৰণ কৰা ভূপেন উজীৰৰ ষ্টুডিঅ’টোতে বাণীবদ্ধ কৰা হৈছিল শান্ত উজীৰে গোৱা জনপ্ৰিয় গীত ‘নৱ নৱ ব’হাগ আহে...’ আৰু ‘ৰিদীপ দত্তৰ যুগজয়ী গীত ‘তোলৈ চিঠি লিখোঁতে লিখোঁতে আঙুলি বিষালে বিষালে...’ আদি৷ পৰৱৰ্তী সময়ত ঊষা উত্থুপৰ পৰা পুনৰ এটা ছেকেণ্ডহেণ্ড ফ’ৰট্ৰেক মেচিন কিনি আনি ‘অডিটেক’ উন্নীত কৰিলে ভূপেন উজীৰে৷ তাৰ পাছত এইটট্ৰেক ৰেকৰ্ডিং মেচিন৷ কিছুবছৰৰ পাছত গীতানগৰৰ ভাৰাঘৰৰ পৰা ভূপেন উজীৰৰ ষ্টুডিঅ’ স্থানান্তৰ কৰা হয় মঠঘৰীয়াৰ নিজা ঘৰলৈ৷ ষ্টুডিঅ’ৰ কামৰ লগতে ভূপেন উজীৰে আৰম্ভ কৰিলে শব্দযন্ত্ৰী প্ৰশিক্ষণ স্কুল৷ সংগীতৰ সাধনাৰ সমান্তৰালভাৱে কঠোৰ জীৱন সংগ্ৰামত ব্ৰতী হৈ পৰা ভূপেন উজীৰে অৱশেষত মঙলবাৰে নিশা নিয়তিৰ ওচৰত হাৰ মানিলে৷ ভূপেন উজীৰৰ জীৱনাৱসানত ৰাজ্যজুৰি শোকৰ ছাঁ পৰিছে, বেদনাদগ্ধ হৈ পৰিছে সাংস্কৃতিক মহল৷ ‘আমাৰ অসম’ পৰিয়ালে ভূপেন উজীৰৰ বিয়োগত গভীৰ শোক প্ৰকাশ কৰাৰ লগতে শোকসন্তপ্ত পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰিছে৷ ভূপেন উজীৰৰ মৃত্যুত বিভিন্ন দল-সংগঠন আৰু অনুষ্ঠান-প্ৰতিষ্ঠানৰ লগতে বহুসংখ্যক ব্যক্তিয়ে শোক প্ৰকাশ কৰিছে৷ ভূপেন উজীৰৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰি বিশিষ্ট শিল্পী সূৰ্য গোস্বামীয়ে কয়– ‘সেয়া আছিল ১৯৬৯ চন৷ ভূপেন তেতিয়া কমাৰ্চ কলেজৰ ছাত্ৰ৷ আমি কটন কলেজত৷ সিদিনা কটন কলেজৰ নৱাগতা আদৰণি সভা৷ ৰিদীপ দত্তই গান গাব৷ মই তেওঁৰ লগত তবলা বজাম৷ ভূপেন উজীৰ আহিছে ৰিদীপৰ লগত গীটাৰ বজাবলৈ৷ কটন কলেজৰ নৱাগত আদৰণি সভাতেই আমাৰ প্ৰথম চিনাকি৷ সেইগৰাকী ভূপেন উজীৰ আমাৰ মাজৰ পৰা বহুদূৰলৈ গুচি গ’ল৷ তেওঁ একাধাৰে সংগীত পৰিচালক, গীটাৰবাদক, বহুতো বঁটাপ্ৰাপক আৰু অতি ভদ্ৰোচিত ব্যৱহাৰৰ৷ ভূপেন আৰু মই অসমৰ বহুকেইগৰাকী শিল্পীৰ সৈতেও একেলগে বজাইছোঁ৷ খুউব বুজাবুজি আছিল আমাৰ মাজত৷ তেওঁলৈ শ্ৰদ্ধাঞ্জলি জনালোঁ৷ তেওঁ য’তে আছে শান্তিৰে থাকক৷’