Logo
image

গাঁৱে-ভূঞে বিগ ষ্ক্ৰীনত বিজেপিয়ে দেখুৱাব ৰামমন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠা

‘আমাৰ অসম’ৰ ষ্টাফ ৰিপ’ৰ্টাৰ, ১০ জানুৱাৰীঃ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ২২ জানুৱাৰীত অযোধ্যাৰ নৱ নিৰ্মিত ৰাম মন্দিৰ উদ্বোধন কৰাৰ লগতে মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠা কৰিব৷ ইয়াকে কেন্দ্ৰ কৰি অযোধ্যাৰ সমান্তৰালভাৱে সমগ্ৰ দেশতে বিজেপিৰ উদ্যোগত গ্ৰহণ কৰা হৈছে কেতবোৰ বিশেষ কাৰ্যসূচী৷ শ্ৰীৰাম জন্মভূমি তীৰ্থক্ষেত্ৰ ন্যাসৰ আহ্বানত উক্ত দিনা সমগ্ৰ দেশৰ লগতে অসমতো দীপাৱলীসদৃশ পৰিৱেশ সৃষ্টিৰ প্ৰস্তুতি ইতিমধ্যে তুংগত উঠিছে৷ ২২ জানুৱাৰীৰ পুৱা ১১ বজাৰ পৰা দিনৰ ১ বজালৈ ৰাজ্যৰ সকলো নামঘৰ আৰু মন্দিৰত নাম-প্ৰসংগ তথা পূজাৰ আয়োজন কৰা হৈছে৷  এই কাৰ্যসূচী স্থানীয় ৰাইজৰ সহযোগত ব্যাপকভাৱে আয়োজনৰ ব্যৱস্থা কৰা হৈছে৷ প্ৰধানমন্ত্ৰীয়ে ৰাম মন্দিৰ উদ্বোধন কৰাৰ সময়ছোৱাত অসমৰ আকাশ-বতাহ নাম-প্ৰসংগ আৰু পূজা-অৰ্চনা-মন্ত্ৰোচ্ছাৰণেৰে মুখৰিত কৰি তোলাৰ বাবে আহ্বান জনাইছে ট্ৰাষ্টে৷ ইয়াৰ সমান্তৰালভাৱে প্ৰতিজন লোককে নিজৰ নিজৰ ঘৰত, পদূলিত চাকি জ্বলাবলৈ আহ্বান জনোৱা হৈছে৷ বিজেপিৰ সমান্তৰালভাৱে ৰাম ভক্তৰ উদ্যোগত নামঘৰ, মন্দিৰ, বজাৰ বিভিন্ন ৰাজহুৱা স্থান আদিত ডাঙৰ ডাঙৰ স্ক্ৰীণ স্থাপনৰ কাম পূৰ্ণগতিত অব্যাহত আছে৷ ইতিমধ্যে এই কাৰ্যসূচীসমূহত যোগদান কৰিবলৈ অব্যাহত আছে সম্পৰ্ক অভিযান৷ এই অভিযানৰ অংশ হিচাপে প্ৰতিটো পৰিয়ালক নিমন্ত্ৰণ-পত্ৰ দি মন্দিৰ দৰ্শনৰ বাবে আমন্ত্ৰণ জনোৱা হৈছে৷ ৰাম মন্দিৰৰ উদ্বোধনী আৰু প্ৰাণ প্ৰতিষ্ঠা কাৰ্যসূচীক লৈ বাজপেয়ী ভৱনে গ্ৰহণ কৰিছে বিশেষ তৎপতা৷ দলৰ কেন্দ্ৰীয় নেতৃত্বৰ নিৰ্দেশত ইতিমধ্যে যুগুতাই উলিওৱা হৈছে বিস্তৃত কাৰ্যসূচী৷ ইয়াৰ ভিতৰত অন্যতম ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠা কাৰ্যসূচীৰ পোনপটীয়া সম্প্ৰচাৰ৷ ইয়াৰ বাবে দলে বুথ পৰ্যায়ত ডাঙৰ ডাঙৰ স্ত্ৰীণ স্থাপন কৰি ৰাইজক ৰাম মন্দিৰৰ উদ্বোধনী কাৰ্যসূচী দেখুৱাব৷ উক্ত দিনা প্ৰতিটো বুথৰ স্থানীয় লোকক এই কাৰ্যসূচী চোৱাৰ বাবে আমন্ত্ৰণ জনাবলৈ নিৰ্দেশ দিয়া হৈছে৷ ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠা কাৰ্যসূচী সৰ্বসাধাৰণ ভোটাৰৰ মাজলৈ লৈ যোৱা ইয়াৰ অন্যতম লক্ষ্য আৰু উদ্দেশ্য৷ ৰাম মন্দিৰৰ অভিষেক অনুষ্ঠান যাতে ৰাইজে ঘৰতে বহি চাব পাৰে তাৰ প্ৰতি গুৰুত্ব দি বুথ পৰ্যায়ত ডাঙৰ ডাঙৰ স্ক্ৰীণ লগোৱাৰ সিদ্ধান্ত লৈছে বিজেপি দলে৷ সেইদিনা দুখীয়া-দৰিদ্ৰ আৰু আৰ্তজনৰ মাজত কম্বল বিতৰণ, সমূহীয়া ভোজনৰ আয়োজন কৰিবলৈ দলীয় নেতা-কৰ্মীক নিৰ্দেশ দিয়া হৈছে৷ দলৰ প্ৰতিজন মন্ত্ৰী, সাংসদ আৰু বিধায়কক নিজৰ নিজৰ সমষ্টিত থাকি এই কাৰ্যসূচীৰ তদাৰক কৰিবলৈও নিৰ্দেশ দিয়া হৈছে বাজপেয়ী ভৱনৰ পৰা৷ ৰাম মন্দিৰৰ মূল উদ্বোধনী অনুষ্ঠানলৈ অসমৰ ২৯জন সত্ৰাধিকাৰ বিশেষভাৱে আমন্ত্ৰিত হৈছে৷ ২৯ সত্ৰাধিকাৰৰ উপৰি অন্য ধৰ্মীয় গুৰু, মন্দিৰৰ পুৰোহিত, বিভিন্ন জনজাতি সমাজৰ গুৰু, সন্ত আদিকো বিশেষভাৱে আমন্ত্ৰণ জনোৱা হৈছে অযোধ্যালৈ৷ মুঠতে ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠা কাৰ্যসূচীক বিজেপি দলে প্ৰতিঘৰ লোকৰ মাজলৈ লৈ গৈ সেই দিনটোত ৰাজ্যত এক অভূতপূৰ্ব পৰিৱেশৰ সৃষ্টি কৰাৰ ৰণকৌশল গ্ৰহণ কৰিছে৷