Logo
image

দাঁতৰ বিষৰ পৰা উপশম পাবলৈ এইখিনি কৰক

দাঁতৰ কঠিন অংশত হোৱা ক্ষতিৰ পৰাই দাঁতৰ ক্ষয় ৰোগ আৰম্ভ হয়৷ ইয়াৰ ফলত দাঁতৰ বিষ ক্ৰমাৎ বৃদ্ধি পায়৷ দাঁতৰ এই ক্ষয় ৰোগক সাধাৰণতে পোঁকে খোৱা বুলি কোৱা হয়৷ কেতিয়াবা ইয়াৰ পৰা উপশম পোৱাৰ বাবে তন্ত্ৰ-মন্ত্ৰৰ দৰে অন্ধবিশ্বাসৰ বহুতে আশ্ৰয় লয়৷ দাঁতক ক্ষয় ৰোগৰ পৰা বচাই ৰখাৰ লগতে দাঁতৰ বিষৰ পৰা উপশম পাবলৈ এইখিনি কৰক–

দাঁতৰ ক্ষয় ৰোগত আক্ৰান্ত হ’লে তাৎক্ষণিকভাৱে চিকিৎসকৰ কাষ চাপিব লাগে৷ 

দাঁতৰ ক্ষয় ৰোগৰ পৰা উপশম পাবলৈ জৰা-ফুকা বা তন্ত্ৰ মন্ত্ৰৰ আশ্ৰয় ল’ব নালাগে৷ 

দাঁতৰ ক্ষয় ৰোগৰ পৰা হোৱা বিষ নিৰাময়ৰ বাবে তিয়ঁহ খালেও সু-ফল পোৱা যায়৷ 

গ্ৰীণটীঃ দাঁতৰ বিষত আক্ৰান্ত হ’লে গ্ৰীণ টী খালেও উপকাৰ পোৱা যায়৷ গ্ৰীণ টীত থকা ঔষধি উপাদানে বিষ কমোৱাত সহায় কৰে৷ 

নহৰুঃ দাঁতৰ বিষত আক্ৰান্ত হ’লে নহৰু পিচি নিমখৰ সতে দাঁতৰ বিষ হোৱা অংশত লগালে বিষৰ পৰা উপশম পাব পাৰি ৷ 

আলুঃ দাঁতৰ বিষত আক্ৰান্ত হ’লে এটা কেঁচা আলু লাহে লাহে  চোবালেও উপশম পাব পাৰি ৷ 

 লংঃ দাঁতৰ বিষৰ পৰা উপশম পাবলৈ লং ব্যৱহাৰ কৰিব পাৰে৷ ৩-৪ টা মান লং পিচি বিষ হোৱা দাঁতৰ তলত থলে বিষৰ পৰা উপশম পাব পাৰি৷