Logo
image

কুঁৱলীয়ে ঢাকিব বিহুৰ আকাশ

‘আমাৰ অসম’ৰ মহানগৰৰ বিশেষ প্ৰতিবেদক, ১১ জানুৱাৰীঃ শীতৰ মাহ হিচাপে পৰিচিত হৈ অহা পুহ মাহ যাবৰ পৰতহে শীতে যেন অসমত ভুমুকি মাৰিছে৷ সাধাৰণতে প্ৰায় এটা দশক আগলৈকে পুহ মাহ নপৰোতেই অৰ্থাৎ আঘোণ মাহ আৰম্ভ হোৱাৰ পাছতে অসমত শীত পৰিছিল৷ কুঁৱলীয়ে বাট ভেটি ধৰিছিল৷ কিন্তু গোলকীয় উত্তাপ, জলবায়ুৰ পৰিৱৰ্তন, নগৰীকৰণ আৰু অবাধ বনধবংসৰ বাবেই দেশৰ আন বহু ৰাজ্যৰ লগতে অসমতো গ্ৰীষ্মকালটো দীঘলীয়া হোৱাৰ বিপৰীতে শীতকালটো চুটি হৈ আহিছে৷ ইফালে পলমকৈ হ’লেও পুহ মাহৰ বিদায়ৰ আগমুহূৰ্তত মঙলবাৰৰ পৰা উত্তৰ পূবৰ আন কেইবাখনো ৰাজ্যৰ আকাশ কুঁৱলীয়ে ঢাকি ৰখাৰ লগতে উত্তৰ পূব দিশৰ পৰা বলি থকা বতাহৰ বাবে শীতৰ প্ৰকোপ বৃদ্ধি পাইছে৷ গুৱাহাটীৰ বৰঝাৰস্থিত আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই সদৰি কৰা অনুসৰি অহা ১৬ জানুৱাৰী অৰ্থাৎ মাঘ বিহু পৰ্যন্ত অসমৰ আকাশ কুঁৱলীয়ে ঢাকি ৰখাৰ লগতে সন্ধিয়াৰ পাছত পুৱালৈ শীতৰ প্ৰকোপ বৃদ্ধি পাব৷ বুধবাৰে সন্ধিয়া পৰ্যন্ত বিগত ২৪ ঘণ্টাত ৰাজ্যৰ প্ৰধান নগৰ-চহৰ কেইখনৰ সৰ্বনিম্ন তাপমাত্ৰা আছিল এনেধৰণৰ গুৱাহাটীত ১১.১ ডিগ্ৰী ছেলচিয়াছ, ডিব্ৰুগড় ৯.০ ডিগ্ৰী ছেলচিয়াছ, তেজপুৰ ১১.১ ডিগ্ৰী ছেলচিয়াছ, শিলচৰ ১৩.২ ডিগ্ৰী ছেলচিয়াছ, যোৰহাটত ৭.৮ ডিগ্ৰী ছেলচিয়াছ, উত্তৰ লখিমপুৰত ৭.৪ ডিগ্ৰী ছেলচিয়াছ৷ এই সময়ছোৱাত উত্তৰ পূবৰ স্কটলেণ্ড চহৰ হিচাপে জনাজাত শ্বিলং চহৰৰ সৰ্বনিম্ন তাপমাত্ৰা আছিল ৮.২ ডিগ্ৰী ছেলচিয়াছ৷ ইফালে আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই আগন্তুক মাঘ বিহু পৰ্যন্ত তাপমাত্ৰা অপৰিবৰ্তনীয় হৈ থাকিব বুলি সদৰি কৰিছে৷ অৱশ্যে পুৱা দহ বজাৰ পাছতহে মাঘ বিহু পৰ্যন্ত ৰাজ্যৰ বেছিভাগ অঞ্চলতে সূৰ্য দেবতাই ভুমুকি মাৰিব আৰু পাহাৰীয়া অঞ্চল আৰু গছ-গছনিৰে পৰিপূৰ্ণ অঞ্চলসমূহত বিয়লিৰ ভাগতে সূৰ্য দেবতাই বিদায় ল’ব৷ আনকি পাহাৰীয়া অঞ্চল, নৈপৰীয়া আৰু জলাশয়ৰ কাষৰীয়া অঞ্চল আৰু তুলনামুলকভাৱে গছ-গছনিৰে পৰিপূৰ্ণ অঞ্চলসমূহত নিশাৰ ভাগত নগৰ-চহৰতকৈ কুঁৱলীৰ লগতে শীতৰ প্ৰকোপ বৃদ্ধি পাব৷ ইফালে কুঁৱলী আৰু বতাহ বলি থকা বাবে মঙলবাৰতকৈ বুধবাৰৰ দিনটোত সৰ্বাধিক তাপমাত্ৰাৰ পৰিমাণো কমি যায়৷ মঙলবাৰৰ দিনটোত গুৱাহাটীৰ সৰ্বাধিক তাপমাত্ৰা আছিল ২৬.৮ ডিগ্ৰী ছেলচিয়াছ৷ কিন্তু বুধবাৰে পাৰাস্তম্ভ কিছু নিম্নগামী হৈ গুৱাহাটীৰ সৰ্বাধিক তাপমাত্ৰ হয়গৈ ২৪.৬ ডিগ্ৰী ছেলচিয়াছ৷ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই অহা এটা সপ্তাহ পৰ্যন্ত অসমৰ আকাশ দিনৰ ভাগত ফৰকাল আৰু শুকান হৈ থকাৰ লগতে বৰষুণ অহাৰ কোনো সম্ভাৱনা নাই বুলি সদৰি কৰিছে৷ অৱশ্যে বিগত প্ৰায় এটা মাহ ধৰি অসমৰ বেছিভাগ অঞ্চলৰে সৰ্বনিম্ন তাপমাত্ৰাৰ পৰিমাণ স্বাভাৱিক হৈ থাকিলেও সৰ্বাধিক তাপমাত্ৰা দুই ডিগ্ৰীৰ পৰা পাঁচ ডিগ্ৰী ছেলচিয়াছ পৰ্যন্ত স্বাভাৱিকতকৈ অধিক হৈয়ে আছে বুলি আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই সদৰি কৰিছে৷ যাৰ বাবে দুচকীয়া বাহন চলোৱা লোকসকলৰ বাহিৰে দিনৰ ভাগত আন সাধাৰণ লোকে ফুল জেকেট বা ফুল চুৱেটাৰ পৰিধান কৰা পৰিলক্ষিত হোৱা নাই৷