Logo
image

‘জ্ঞানে’ৰে নিৰ্বাচন জিকিব বিজেপিয়ে! নড্ডাৰ ঘোষণা

‘আমাৰ অসম’ৰ ষ্টাফ ৰিপ’ৰ্টাৰ, ১১ জানুৱাৰীঃ শিৰত ‘মা’ কামাখ্যাৰ আশিস লৈ ভোৰতাল বজাই অসমত লোকসভাৰ নিৰ্বাচনৰ ৰণডংকা বজালে বিজেপিৰ ৰাষ্ট্ৰীয়  সভাপতি জগত প্ৰসাদ [জে পি] নড্ডাই৷ একেৰাহে তৃতীয়বাৰৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক দেশৰ প্ৰধানমন্ত্ৰী পদত অধিষ্ঠিত কৰা মানসেৰে তথা ‘অব কী বাৰ ৪০০ পাৰ, তীছৰী বাৰ মোদী” চৰকাৰ শীৰ্ষক শ্লোগান সাকাৰ কৰাৰ অৰ্থে বুধবাৰে পুৱাই সদলবলে নিলাচল পাহাৰৰ কামাখ্যা ধামত উপস্থিত হৈ জে পি নড্ডাই প্ৰায় আধা ঘণ্টাৰো অধিক সময় ধৰি ‘মা’ কামাখ্যাৰ শ্ৰীচৰণত পূজাসেৱা আগবঢ়ায়৷ মন্ত্ৰী জয়ন্তমল্ল বৰুৱা, বিজেপিৰ উত্তৰ পূবৰ সমন্বয়ক ডাঃ সম্বিত পাত্ৰ, সাংসদ কামাখ্যা প্ৰসাদ তাছা, পৱিত্ৰ মাৰ্ঘেৰিটাকে ধৰি বিজেপিৰ আন কেইবাজনো নেতাই জেপি নড্ডাক সংগ দিয়ে৷ ইফালে বিয়লিৰ ভাগত শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত অনুষ্ঠিত ৰাজ্যিক কাৰ্যনিৰ্বাহকৰ সভাত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই হাতত তুলি দিয়া ভোৰতালত চেও দি নড্ডাই আনুষ্ঠানিকভাৱে ২০২৪ৰ লোকসভাৰ নিৰ্বাচনৰ ৰণডংকা বজায়৷ সভাত ভাষণ দি জেপি নড্ডাই কয়– “বিজেপি দল গাঁও, গৰীব, বঞ্চিত, শোষিত, পীড়িত, অনুসূচিত জাতি, অনুসূচিত জনজাতি, মহিলা, যুৱকৰ বাবে উৎসৰ্গিত৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কোৱাৰ দৰে বিজেপিৰ বাবে চাৰিটাহে জাতি৷ এই চাৰি জাতি হৈছে– গৰীব, যুৱ, কৃষক আৰু মহিলা৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ইয়াকে 'Gyan' বা জ্ঞান আখ্যা দিছে৷ জি মানে গৰীব, ৱাই মানে যুৱক, এ মানে অন্নদাতা কৃষক আৰু এন মানে নাৰীশক্তি৷ এই চাৰি শক্তিৰ উন্নয়ন হ’লেই দেশৰ উন্নয়ন হ’ব৷ জ্ঞানেৰে নিৰ্বাচন জিকিব বিজেপিয়ে৷ বিজেপিৰ নীতি হৈছে ‘চবকা চাথ, চবকা বিকাশ৷ কোনোবাই যদি বিজেপিক না কয়, সেয়া ভগৱান ভৰোচা৷ ‘বিজেপিয়ে কাকো ভিন-পৰ নকৰে৷’ ভাষণৰ আৰম্ভণিতে নড্ডাই কয়– “মোৰ আগমনক লৈ আজি ৰাজ্যিক বিজেপিয়ে যি স্বাগতম জনালে ইয়াৰ বাবে অশেষ ধন্যবাদ৷ মই পুনৰবাৰ মা কামাখ্যাক প্ৰণাম জনোৱাৰ লগতে অসমবাসীক মাঘ বিহুৰ ওলগ যাচিছোঁ৷ অসম হৈছে বীৰ গাথা, কলা সংস্কৃতিৰে সমৃদ্ধ ৰাজ্য৷ অসম বুলি ক’লেই লাচিত বৰফুকন, শংকৰদেৱ, ভূপেন হাজৰিকাৰ অৱদানৰ কথা মনত পৰে৷” ইফালে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেশৰ ৰাজনীতিৰ সংস্কৃতি বদলাই দিয়া বুলি মন্তব্য কৰি নড্ডাই কয়–‘এতিয়া চিকিৎসা ব্যৱস্থা সকলোৰে বাবে সুলভ৷ আগতে দুখীয়া লোকৰ চিকিৎসা খৰচৰ বাবে মন্ত্ৰী-বিধায়কে মুখ্যমন্ত্ৰী, প্ৰধানমন্ত্ৰীলৈ চিঠি লিখিব লাগিছিল৷ এতিয়া পাঁচ লাখ টকা পৰ্যন্ত দুখীয়াৰ চিকিৎসাৰ বাবে চৰকাৰে ব্যয় বহন কৰে৷ আন্তৰাষ্ট্ৰীয় ক্ষেত্ৰতো ভাৰতৰ নাম মোদীৰ বাবে ওপৰলৈ উঠিছে৷ আগতে বিশ্বৰ কোনো দেশত ইণ্ডিয়াৰ নাম ল’লে পাকিস্তানৰ নামো উল্লেখ কৰে৷ এতিয়া পাকিস্তান ক’ত পালেগৈ পাকিস্তানে জানে৷ উত্তৰ-পূব প্ৰায়বোৰ সমস্যা নৰেন্দ্ৰ মোদী চৰকাৰে সমাধান কৰিবলৈ সক্ষম হৈছে৷ কংগ্ৰেছৰ দিনত ১৫-২০ ধৰি পৰি থকা কামবোৰ দ্ৰুত গতিত সমাধান কৰিবলৈ সক্ষম হৈছে৷ মোদীয়ে ৰিপ’ৰ্ট কাৰ্ডৰ ৰাজনীতি কৰে৷ যি প্ৰতিশ্ৰুতি দিয়ে সেয়া কৰে আৰু নিদিয়াখিনিও কৰে৷ বিদেশত থকা আলহীক সুধিব– এতিয়া ইণ্ডিয়া, ইণ্ডিয়া কৰি থাকে পাকিস্তান ক’ত গ’ল য’ত আছে তাতে থাকি গ’ল৷ আগতে ইণ্ডিয়া আৰু পাকিস্তান তুলনা হৈছিল এতিয়া নহয়৷ মোদী অহাৰ পূৰ্বে বিদেশত ভাৰতীয়ক ইউ ইণ্ডিয়ান বুলি কৈছিল৷ এতিয়া আৰ ইউ ফ্ৰম ইণ্ডিয়া, মোদী মোদী বুলি কয়৷ ভাৰত তৃতীয় অৰ্থনৈতিক শক্তি হ’বলৈ গৈ আছে৷ এতিয়া মোবাইল ফোন ভাৰতত নিৰ্মাণ হয়৷ আগতে মেড ইন চাইনা লিখা আছিল৷ কংগ্ৰেছৰ ন্যায় যাত্ৰাক সমালোচনা জে পি নড্ডাৰ– ইমান অন্যায় কৰা পিছতো ন্যায় যাত্ৰা কিয়? অনুসূচিত জাতিৰ প্ৰতি অন্যায় কোনে কৰিছিল? শিখসকলক অন্যায় কোনে কৰিছিল? কংগ্ৰেছে এই কথাবোৰ কিয় পাহৰি গৈছে৷’ তৰুণ গগৈয়ে কেতিয়াবা প্ৰতিশ্ৰুতি পূৰণ কৰিছিল নেকি বুলি প্ৰশ্ন নড্ডাৰ৷ তেওঁ কয় মল্লিকাৰ্জুন খৰ্গেই চৰকাৰ চলোৱাতো বাদেই বিৰোধীক চলাবলৈকো সক্ষম নহয়৷ ইণ্ডিয়া এলায়েন্সকো সমালোচনা জে পি নড্ডাৰ৷ তেওঁ কয়– ইণ্ডিয়া এলাইন্স মানে পৰিবাৰ আৰু পৰ্পাটি এলাইন্স৷ নিজৰ পৰিয়ালৰ ৰাজনৈতিক সুৰক্ষা আৰু সম্পত্তি ৰক্ষা কৰাটো হ’ল বিৰোধী এলাইন্সৰ লক্ষ্য৷’ ইফালে সভাত ভাষণ দি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কয় যে বিশ্বৰ অন্যতম জনপ্ৰিয় নেতা নৰেন্দ্ৰ মোদী৷ নৰেন্দ্ৰ মোদীক তৃতীয়বাৰ প্ৰধানমন্ত্ৰী হোৱাৰ ক্ষেত্ৰত কোনেও বাধা দিব নোৱাৰে৷ অসমৰ ১৪ খন আসনৰ ভিতৰত যিমান সম্ভৱ হয়, সিমান সংখ্যক আসনত জয়ী কৰোৱাৰ সংকল্প ল’ব লাগিব৷ প্ৰতিটো ভোটকেন্দ্ৰত অন্তিমটো ভোটদান নোহোৱা পৰ্যন্ত আমাৰ কৰ্মকৰ্তাই দায়িত্ব ল’ব লাগিব৷ সমষ্টি পুনৰ নিৰ্ধাৰণ প্ৰক্ৰিয়াই অসমৰ ১০৬ টা সমষ্টি খিলঞ্জীয়াৰ বাবে বাট মুকলি কৰিলে৷ আলফাৰে শান্তি চুক্তিৰ জৰিয়তেও অসমৰ খিলঞ্জীয়াৰ ৰাজনৈতিক ভৱিষ্যত ৫০ বছৰৰ বাবে সুৰক্ষিত কৰিলে ২৫ খন মেডিকেল কলেজৰ সপোন, ব্ৰহ্মপুত্ৰৰ ওপৰত চাৰিখন নতুন দলঙৰ সপোন বিজেপি চৰকাৰে বাস্তৱ ৰূপ দিব৷ উত্তৰ-পূবক ভাৰতৰ অৰুণোদয় কৰিব লাগিব৷ অসমক লৈ এচামে সদায়ে অপপ্ৰচাৰ কৰি আহিছে৷ সেইসকলে অসমক পুনৰবাৰ অশান্তজৰ্জৰ পৰিস্থিতিলৈ লৈ যাব বিচাৰে৷ এনে ৰাজনৈতিক ষড়যন্ত্ৰ প্ৰতিৰোধ কৰিবলৈ আমি চেষ্টা চলাই যাম৷ অসমৰ কানুন ব্যৱস্থাতো পৰিৱৰ্তন হৈছে৷ থানাত নাইকীয়া হ’ব পৰি থকা গোচৰ৷ ২৫ লাখ মহিলাৰ ১৯ লাখৰ ঋণ মাফ কৰিলে চৰকাৰে৷ এতিয়া সেইসকল মহিলাই পুনৰ ঋণ ল’বলৈ সক্ষম হ’ব৷ ফেব্ৰুৱাৰী মাহত ছয় লাখ প্ৰধানমন্ত্ৰী আৱাস যোজনা গৃহ একেদিনাই উদ্বোধন কৰা হ’ব৷ প্ৰধানমন্ত্ৰীৰ দ্বাৰাই উদ্বোধন কৰিব এই গৃহ৷ ৪০ লাখ মহিলাক লাখপতি বনাবলৈ চৰকাৰে প্ৰচেষ্টা ল’ব৷ ইয়াৰ বাবে প্ৰথমে ১০ হাজাৰ অনুদান দিয়াৰ লগতে ২৫ হাজাৰ ঋণ প্ৰদান কৰিব৷ এই টকা স্বনিয়োজন আঁচনিত খটুৱাই লাভৱান হ’ব পাৰিব তেনে মহিলা৷ অসমত ২০২৩ অপৰাধজনিত গোচৰ ৫০ শতাংশ হ্ৰাস পাইছে৷ অসমক ভাৰতৰ সৰ্বশ্ৰেষ্ঠ ৰাজ্যলৈ লৈ যাবলৈ বিজেপিৰ প্ৰতিগৰাকী কৰ্মকৰ্তাই কাম কৰিব লাগিব৷ ইফালে ২২ জানুৱাৰীৰ ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠাৰ লগত সংগতি ৰাখি বিজেপিয়ে অহা ১৭, ১৮ আৰু ১৯ জানুৱাৰীত অসমৰ সকলো ধৰ্মীয় অনুষ্ঠানত স্বচ্ছতা অভিযান চলাব বুলি মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰে৷ ২০ জানুৱাৰীত অসমৰ প্ৰতিটো নামঘৰত দিনজোৰাকৈ ভাদমাহৰ দৰে নাম লোৱা হ’ব৷ উল্লেখ্য যে আজি বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জেপি নড্ডাক এক বিশাল ৰে’লীৰে কইনাধৰাৰ ৰাজ্যিক অতিথিশালাৰ পৰা কলাক্ষেত্ৰলৈ আদৰি নিয়া হয়৷ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ সৈতে একেখন বাহনতে উঠি খানাপাৰাৰ পৰা কলাক্ষেত্ৰলৈ ৰোড শ্ব কৰি পথৰ দুয়োকাষে থকা হাজাৰ হাজাৰ বিজেপিৰ কাৰ্যকৰ্তাৰ অভিবাদন গ্ৰহণ কৰি অভিভূত হৈ পৰে নড্ডা৷ বিজেপিৰ যুৱ মৰ্চাৰ প্ৰায় ৮০০ শতাধিক কৰ্মকৰ্তাই এক বিশাল বাইক ৰে’লীও নড্ডাৰ আদৰণিকল্পে বাহিৰ কৰে৷ এই বাইক ৰে’লীত সন্মুখৰ শাৰীত বুলেট চলাই নেতৃত্ব দিয়ে মন্ত্ৰী পীয়ূষ হাজৰিকা আৰু জয়ন্তমল্ল বৰুৱাই৷ উল্লেখ্য আজিৰ ৰাজ্যিক কাৰ্যনিৰ্বাহক সভাৰ মঞ্চত সভাপতি জে পি নড্ডাৰ লগতে ৰাজ্যিক সভাপতি ভৱেশ কলিতা, মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা, অসমৰ প্ৰভাৰী তথা কেন্দ্ৰীয় নেতা বৈজয়ন্ত জয় পাণ্ডা, অসমৰ সহ প্ৰভাৰী পৱন শৰ্মা, ৰাষ্ট্ৰীয় সম্পাদক কামাখ্যা প্ৰসাদ তাছা উপস্থিত৷ জে পি নড্ডাক গামোছা, চেলেং চাদৰ আৰু ভোৰতাল অৰ্পণেৰে আদৰণি জনায় মুখ্যমন্ত্ৰী আৰু ৰাজ্যিক সভাপতিয়ে৷