Logo
image

দিছপুৰৰ দুৱাৰে দুৱাৰে ঘূৰি হতাশ সেই অম্লান গুজৰাটক ‘ভাইব্ৰেণ্ট’ কৰাৰ দায়িত্বত

‘আমাৰ অসম’ৰ বিশেষ প্ৰতিবেদন, ১১ জানুৱাৰীঃ অসম চৰকাৰে ৰাজ্য -প্ৰশাসন চলাবলৈ মাহেকে-পষেকে হাজাৰ হাজাৰ কোটি টকাকৈ ধাৰ লৈ আছে আৰু এজন অসম সন্তানৰ নেতৃত্বত গুজৰাটে ৪৫টা ডাচ্ছ কোম্পানীৰ পৰা ৩১ হাজাৰ কোটি ইউৰোৰ বিনিয়োগত স্বাক্ষৰ কৰিবলৈ উদ্যত হৈছে৷ গুজৰাটৰ দৰে এখন ঔদ্যোগিক আৰু আন্তঃগাঁথনিৰ দিশত উন্নত ৰাজ্যই এনেদৰে বিদেশী কোম্পানীৰ পৰা বিশাল অৰ্থৰ বিনিয়োগ লাভ কৰাটো মুঠেই ঈৰ্ষাৰ কথা নহ’লহেঁতেন, যদিহে সেই নেডাৰলেণ্ডছৰ কোম্পানীৰ গুজৰাটৰ বিনিয়োগৰ আঁৰত      অসম সন্তান অম্লান বৰা নাথাকিলেহেঁতেন৷ অম্লান বৰা হৈছে নেডাৰলেণ্ডছ চৰকাৰৰ ভাৰতত থকা বিনিয়োগ আয়ুক্ত, ‘চীফ ৰিপ্ৰেজেনটেটিভ অৱ ইণ্ডিয়া এণ্ড ট্ৰেড এণ্ড ইনভেষ্টমেণ্ট কমিছনাৰ৷’ অম্লান বৰাৰ আলোচনা আৰু প্ৰতিনিধিত্বৰ জৰিয়তে এই ৪৫টা ডাচ্ছ কোম্পানীয়ে গুজৰাটত আজিৰ পৰা তিনিদিনীয়াকৈ অনুষ্ঠিত হোৱা৷ ‘ভাইব্ৰেণ্ট গুজৰাট ছামিট’ত অংশগ্ৰহণ কৰিছে৷ মুঠ ১৫৮জনীয়া সদস্যৰ দলটোক এই বাণিজ্য সন্মিলনত নেতৃত্ব প্ৰদান কৰিব ভাৰতস্থ নেডাৰলেণ্ডছৰ ৰাষ্ট্ৰদূত মেৰিছা জেৰাৰ্ডে৷ এই ৪৫টা কোম্পানীয়ে গুজৰাটৰ বাণিজ্য সন্মিলনত মুঠতে ৩১ হাজাৰ কোটি ইউৰো বিনিয়োগৰ বাবে বুজাবুজিৰ চুক্তিত স্বাক্ষৰ কৰিব৷ এই সম্পূৰ্ণ প্ৰক্ৰিয়াটোত নেডাৰলেণ্ডছক নেতৃত্ব দিছে অসম সন্তান অম্লান বৰাই৷ এই বিনিয়োগ সম্পন্ন হোৱাৰ ক্ষেত্ৰত অম্লান বৰাই গুজৰাট চৰকাৰৰ সৈতে ফলপ্ৰসূ আলোচনা কৰিবলৈ সক্ষম হৈছে৷ প্ৰক্ৰিয়াটো সম্ভৱ কৰি তোলাৰ পথত তেওঁ দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীকো সাক্ষাৎ কৰিছে আৰু প্ৰধানমন্ত্ৰীৰ পৰা ইতিবাচক সঁহাৰি লাভ কৰিছে৷ যিহেতু প্ৰধানমন্ত্ৰী মোদীৰ গৃহৰাজ্য গুজৰাট, সেয়ে মোদীয়ে গুজৰাটৰ বিদেশী বিনিয়োগৰ ক্ষেত্ৰত প্ৰয়োজনীয় আগ্ৰহ প্ৰকাশ কৰিছে৷ একেদৰেই গুজৰাটৰ বিজেপি চৰকাৰ আৰু ৰাজ্যখনৰ আমোলাৰ পৰা প্ৰয়োজনীয় সমৰ্থন লাভ কৰিছে৷ ভাৰতৰ যিকোনো চৰকাৰী কামৰ ক্ষেত্ৰত দেখা দিয়া চৰকাৰী মেৰপেচ সেই ৰাজ্যখনৰ আমোলা আৰু মন্ত্ৰীৰ সহায়ত সহজে খুলিব পৰাৰ বাবেই অম্লান বৰাই গুজৰাটক ‘ভাইব্লেণ্ট’ কৰাটো নিশ্চিত কৰিবলৈ সমৰ্থ হৈছে৷ অম্লান বৰাই কয়– ‘গুজৰাটৰ বিনিয়োগৰ ক্ষেত্ৰত প্ৰক্ৰিয়া সম্পূৰ্ণ কৰাটো মোৰ বাবে জটিল কাম আছিল৷ কিন্তু চৰকাৰী আগ্ৰহত লাহে লাহে সকলো সম্ভৱ হ’ল৷ এতিয়া ৪৫টা ডাচ্ছ কোম্পানীয়ে অহা ৫ বছৰত ৩১ হাজাৰ কোটি ইউৰো গুজৰাটত বিনিয়োগ কৰিব৷’

অম্লান বৰা অসমৰ যোৰহাটৰ সন্তান হৈয়ো গুজৰাটলৈ কিয় গ’ল নেডাৰলেণ্ডছৰ বিনিয়োগৰ বাবে? সেয়া ডাঙৰ প্ৰশ্ন৷ সময়ে সময়ে গুৱাহাটী আৰু যোৰহাটতো সময় কটোৱা অম্লান বৰাই প্ৰথমে এই বিনিয়োগ অসমলৈকে আনিবলৈ চেষ্টা কৰিছিল৷ সেই উদ্দেশ্য লৈ তেওঁ অসমৰ মুখ্যমন্ত্ৰী হিমন্তবিশ্ব শৰ্মাক সাক্ষাৎ কৰিছিল আৰু মুখ্যমন্ত্ৰীয়ে আগ্ৰহো প্ৰকাশ কৰিছিল৷ কিন্তু বিষয়টো আলোচনাৰ বাবে যেতিয়া আমোলা-বিষয়া পৰ্যায়লৈ আহিল, তেতিয়া সমস্ত প্ৰক্ৰিয়া স্থবিৰ হৈ পৰিল৷ বহিৰাগত আমোলাৰ চক্ৰই অম্লান বৰাৰ সৈতে বৈঠক পিছুৱাবলৈ ধৰিলে, নতুন নতুন জটিলতাৰ সৃষ্টি কৰিলে৷ বাৰে বাৰেতো মুখ্যমন্ত্ৰীক একেটা বিষয়ত সাক্ষাৎ কৰি থকা সম্ভৱ নহয়, তেওঁক ওজৰ-আপত্তিও দি থাকিব নোৱাৰি৷ সেয়ে এসময়ত নিৰুৎসাহ হৈ অম্লান বৰাই অসমত ডাচ্ছ কোম্পানীৰ বিনিয়োগৰ পৰিকল্পনা বাদ দিলে আৰু তেওঁৰ প্ৰস্তাৱ গুজৰাটে আদৰি ল’লে৷ এতিয়া গুজৰাটে বিদেশী বিনিয়োগৰে নিজৰ ৰাজ্য চহকী কৰিব আৰু অসমে মাহেকে মাহেকে হাজাৰ হাজাৰ কোটি টকাৰ ঋণ লৈ থাকিব৷ সেই ঋণ লোৱাৰ প্ৰক্ৰিয়া ৰাজ্যৰ বাবে কিমান উপকাৰী আৰু যুক্তিযুক্ত, সেয়া বিজেপিৰ কেইজনমান পালিনেতাই ছ’চিয়েল মিডিয়াত অসমবাসীক বুজাই থাকিব৷ অম্লান বৰাক দোষ দি বা গুজৰাটক ঈৰ্ষা কৰি লাভ নাই৷