Logo
image

ৰাহুলৰ যাত্ৰাভংগ কৰিবলৈ উঠিপৰি লাগিছে বিজেপি

‘আমাৰ অসম’ৰ ষ্টাফ ৰিপ’ৰ্টাৰ, ১১ জানুৱাৰীঃ ৰাহুল গান্ধীৰ ভাৰত জোড়ো ন্যায় যাত্ৰা ভংগ কৰিবলৈ অৰ্থাৎ বাধা প্ৰদান কৰিবলৈ উঠিপৰি লাগিছে বিজেপি৷ দহ দিন পূৰ্বে মণিপুৰ চৰকাৰৰ ওচৰত ভাৰত জোড়ো ন্যায় যাত্ৰাৰ বাবে আবেদন জনাইছিল মণিপুৰ প্ৰদেশ কংগ্ৰেছে৷ বুধবাৰে আগবেলা পৰ্যন্ত মণিপুৰ চৰকাৰে যাত্ৰাৰ বাবে অনুমতি প্ৰদান কৰা নাছিল৷ আইন শৃংখলা পৰিস্থিতিৰ দোহাই দি অনুমতি দিব বিচৰা নাছিল মণিপুৰ চৰকাৰে৷ অৱশ্যে শেষ মুহূৰ্তত অৰ্থাৎ বুধবাৰে বিয়লিৰ ভাগতহে মণিপুৰ চৰকাৰে ভাৰত জোড়ো ন্যায় যাত্ৰাৰ বাবে দিয়ে অনুমতি৷ এই কথা দোহৰাই প্ৰয়োজন     নাই যে ৰাহুল গান্ধীৰ নেতৃত্বত অসম তথা উত্তৰ পূৰ্বাঞ্চলত উলিয়াব বিচৰা ভাৰত জোড়ো ন্যায় যাত্ৰাক সকলো পিনৰ পৰা বাধা আৰোপ কৰিব বিচৰা হৈছে৷ ইতিমধ্যে ভাৰত জোড়ো ন্যায় যাত্ৰাৰ সকলো প্ৰস্তুতি সম্পূৰ্ণ হৈ উঠিছে৷ ভাৰত জোড়ো ন্যায় যাত্ৰা সফল কৰি তুলিবলৈ প্ৰস্তুতিৰ তদাৰক কৰিবলৈ ইতিমধ্যে উত্তৰ পূবত বাহৰ পাতিছে কংগ্ৰেছৰ কেইবাজনো শীৰ্ষ স্থানীয় নেতা৷ প্ৰায় ১০ দিন পূৰ্বে ভাৰত জোড়ো ন্যায় যাত্ৰাৰ বাবে অনুমতি বিচাৰি স্থানীয়ভাৱে আবেদন জনোৱা হৈছিল মণিপুৰত৷ মণিপুৰ প্ৰদেশ কংগ্ৰেছৰ নেতৃত্বই মণিপুৰ চৰকাৰৰ ওচৰত আবেদন জনাইছিল৷ মণিপুৰ চৰকাৰে ইয়াৰ বাবে অনুমতি দিব বিচৰা নাছিল৷ কংগ্ৰেছৰ শীৰ্ষ নেতা কে চি বেণুগোপাল ভাৰত জোড়ো ন্যায় যাত্ৰাৰ প্ৰস্তুতিৰ বুজ ল’বলৈ ই¥£লত উপস্থিত হয়৷ মণিপুৰ চৰকাৰে ভাৰত জোড়ো ন্যায় যাত্ৰা উলিয়াবলৈ অনুমতি নিদিলেও মণিপুৰৰ পৰাই যিকোনো প্ৰকাৰে ভাৰত জোড়ো ন্যায় যাত্ৰা উলিওৱা হ’ব বুলি সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰে বেণুগোপালে৷ ভাৰত জোড়ো ন্যায় যাত্ৰাৰ বাবে অসমতো বাধা দিছে হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰে৷ লখিমপুৰত ভাৰত জোড়ো ন্যায় যাত্ৰাত বাধা দিছে লখিমপুৰ জিলা প্ৰশাসনে৷ ধেমাজিতো প্ৰকাৰন্তৰে বাধা দিয়া হৈছে ন্যায় যাত্ৰাক৷ ধেমাজিৰ যিখন বিদ্যালয়ত ৰাহুল গান্ধীক ৰখা কথা আছিল সেইখন স্কুলত ৰাহুল গান্ধীক ৰখাত কাৰ্যতঃ বাধা প্ৰদান কৰিছে চৰকাৰে৷ শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে স্কুলখনত ভাৰত জোড়ো ন্যায় যাত্ৰাত ব্যৱহাৰ কৰাত বাধা প্ৰদান কৰা বুলি ধেমাজি জিলা প্ৰশাসনৰ এটা সূত্ৰই সদৰি কৰিছে৷ ৰাহুল গান্ধীৰ ভাৰত জোড়ো ন্যায় যাত্ৰা কাৰ্যসূচী লোৱো বাবে মাজুলীলৈ যাবলৈ প্ৰয়োজনীয় নাও যোগান ধৰিবলৈ অস্বীকাৰ কৰিছে চৰকাৰে৷ এটা চৰকাৰী অনুষ্ঠান আয়োজন কৰাৰ অজুহাতত প্ৰয়োজনীয় নাও দিবলৈ অস্বীকাৰ কৰিছে সংশ্লিষ্ট বিভাগে৷ ইয়াৰ পৰিপ্ৰেক্ষিততে ১৮ জানুৱাৰীৰ পৰিৱৰ্তে ১৯ জানুৱাৰীলৈ নিয়া হৈছে ভাৰত জোড়ো ন্যায় যাত্ৰাৰ মাজুলী ভ্ৰমণ৷ উল্লেখ্য, ১৪ জানুৱাৰীত ই¥£লৰ পৰা আৰম্ভ কৰা হ’ব ভাৰত জোড়ো ন্যায় যাত্ৰা৷ অসমত ১৭খন জিলাত জ্জ্ব দিন যাত্ৰা কৰিব ৰাহুল গান্ধীৰ নেতৃত্বত উলিওৱা ভাৰত জোড়ো ন্যায় যাত্ৰাই৷