Logo
image

ৰাহুল গান্ধীৰ 'ন্যায় যাত্ৰা'ৰ পূৰ্বে মণিপুৰত পিতা-পুত্ৰসহ ৪ জনক হত্যা

ডিজিটেল ডেস্কঃ ১৪ জানুৱাৰীত কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ নেতৃত্বত মণিপুৰৰ পৰা আৰম্ভ হ'ব 'ভাৰত জোড়ো ন্যায় যাত্ৰা'৷ তাৰ পূৰ্বেই পুনৰ হিংসা দেখিবলৈ পোৱা গৈছে মণিপুৰত৷ ৰাজ্যখনৰ চুৰাচান্দপুৰ-বিষ্ণুপুৰ জিলাৰ সীমান্তত পিতা-পুত্ৰসহ ৪ জন লোকৰ মৃতদেহ উদ্ধাৰৰ ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে৷

বুধবাৰৰ পৰা সন্ধানহীন হৈ থকা পিতা-পুত্ৰসহ ৪ জনক উগ্ৰপন্থীয়ে হত্য়া কৰাৰ সন্দেহ কৰা হৈছে৷ আৰক্ষীয়ে জনোৱা অনুসৰি, কুম্বি বিধানসভা সমষ্টিৰ ৪ জন লোকে বিষ্ণুপুৰ আৰু চুৰাচান্দপুৰ জিলাৰ সমীপৰ পাহাৰীয়া এলেকাত খৰি সংগ্ৰহ কৰিবলৈ গৈছিল৷ তাৰ পাছৰে পৰা তেওঁলোক সন্ধানহীন হৈ আছিল৷ ৪ জনকৈ লোক সন্ধানহীন হৈ থকা বুলি আৰক্ষী থানাত অভিযোগ দাখিল কৰিছিল গাওঁবাসীয়ে৷ আৰক্ষীয়ে তেওঁলোকৰ সন্ধানত অভিয়ান আৰম্ভ কৰিছিল যদিও বৃহস্পতিবাৰে উদ্ধাৰ হ'ল সন্ধানহীন হৈ থকা লোককেইজনৰ মৃতদেহ৷

ইফালে আৰক্ষীয়ে জনোৱা অনুসৰি বিষ্ণুপুৰ জিলাৰ হাওটাক গাঁৱত উগ্ৰপন্থীৰ গুলীচালনা আৰু বোমা বিস্ফোৰণৰ ফলত ১০০ ৰো অধিক লোকে নিজৰ বাসগৃহ এৰি সুৰক্ষিত অঞ্চললৈ পলাই যাবলৈ বাধ্য হয়। গুলীচালনাৰ তথ্য লাভৰ পিছতে সুৰক্ষা বাহিনী ঘটনাস্থলীত উপস্থিত হৈ অভিযান আৰম্ভ কৰে৷

 উল্লেখ্য যে বিগত বৰ্ষত মণিপুৰত সাম্প্ৰদায়িক সংঘৰ্ষই ভয়ংকৰ ৰূপ ধাৰণ কৰিছিল৷ ২০২৩ চনৰ ৩ মে'ত আৰম্ভ হোৱা সাম্প্ৰদায়িক সংঘৰ্ষৰ ফলত প্ৰাণ গ'ল ১৮০ৰো অধিক লোকৰ৷ আহত হ'ল সহস্ৰাধিক লোক৷ হিংসাৰ ফলত ৰাজহুৱা সম্পত্তি ধ্বংস হোৱাৰ লগতে গৃহহীন হ'ল বহু লোক৷