Logo
image

ভোগালীৰ পূৰ্বেই নিশাই মেজি জ্বলাই দিলে দুর্বৃত্তই

ডিজিটেল সংবাদ, গুৱাহাটীঃ ভোগালী বিহুলৈ মাজতে মাত্র দুটা দিন। মাঘ বিহুত লগে ভাগে এসাজ খাবলৈ মেজি সাজি প্রস্তুতি চলাই থকাৰ সময়তে বুধবাৰে নিশা হেঙেৰাবাৰীত দুর্বৃত্তই এটা মেজিত অগ্নিসংযোগ কৰে। আনন্দপুৰ যুৱক সংঘৰ উদ্যোগত লক্ষ্মী মন্দিৰ প্ৰাঙ্গনত যুৱকসকলে মেজিটো নির্মাণ কৰিছিল। কিন্তু নিশা কোনো দুর্বৃত্তই মেজিটো জ্বলাই দিয়ে। মেজি জ্বলাই দিয়া ঘটনাক লৈ অঞ্চলটোত তীব্র চাঞ্চল্যৰ সৃষ্টি হৈছে। উল্লেখ্য যে পূর্বেও দুর্বৃত্তই হেঙেৰাবাৰীত মেজি জ্বলাই দিয়াৰ ঘটনা সৃষ্টি কৰিছিল।