Logo
image

ভোটৰ বতৰত ‘লাখপতি বাইদেউ’ হ’ব কোন

‘আমাৰ অসম’ৰ ষ্টাফ ৰিপ’ৰ্টাৰ, ১২ জানুৱাৰীঃ পূৰ্বৰ আইদেউ, বাইদেউ, মামনি, মাজনী আদি চৰকাৰী আঁচনি গ’ল৷ এতিয়া আহিল লাখপতি বাইদেউ আঁচনি৷ হয়, লোকসভাৰ নিৰ্বাচনৰ ভোটৰ পূৰ্বে অসমৰ গ্ৰামাঞ্চলৰ ৩৯ লাখ আত্মসহায়ক গোটৰ মহিলাক এইবাৰ লাখপতি বনাব ৰাজ্যৰ হিমন্ত বিশ্ব শৰ্মা চৰকাৰে৷ বৃহস্পতিবাৰে দিছপুৰৰ মুখ্যমন্ত্ৰী কাৰ্যালয় লোকসেৱা ভৱনত এক সংবাদমেলত প্ৰায় ৪হাজাৰ কোটি টকা ব্যয়সাপেক্ষে ৩৯ লাখ মহিলাক ‘লাখপতি বাইদেউ’ বনোৱাৰ এখন বিশাল আঁচনিৰ কথা ঘোষণা কৰিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই৷ আঁচনিৰ সবিশেষ ব্যাখ্যা কৰি ড॰ শৰ্মাই  কয়– ‘দেশৰ প্ৰতিগৰাকী আত্মসহায়ক গোটৰ সদস্যাক লাখপতি বনোৱাৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সপোন বাস্তৱায়িত কৰি মুখ্যমন্ত্ৰীৰ মহিলা উদ্যমিতা আঁচনিৰ অধীনত প্ৰথম পৰ্যায়ত ৰাজ্যৰ ৩৯ লাখ গ্ৰামাঞ্চলৰ মহিলা আত্মসহায়ক গোটৰ সদস্যৰ প্ৰতিগৰাকীলৈ ১০ হাজাৰ টকাৰ এককালীন সাহায্য আগবঢ়োৱা হ’ব৷ এই টকাৰে মহিলাসকলে ক্ষুদ্ৰ দোকান, মৌ পালন, কণী উৎপাদন, গাহৰি পালকে ধৰি ১৪৫ প্ৰকাৰৰ ব্যৱসায় নিজাকৈ আৰম্ভ কৰিব পাৰিব৷ আঁচনিখনৰ মূল লক্ষ্য হ’ল– মহিলাসকলৰ নিজা বছেৰেকীয়া উপাৰ্জন ১লাখ টকালৈ বৃদ্ধি কৰা৷ স্ব-উদ্যমিতা বৃদ্ধি কৰা৷ মহিলাসকলক স্বাৱলম্বী কৰি তোলা৷ অহা ১৮ জানুৱাৰীৰ পৰা ২৫ জানুৱাৰীলৈ জিলাই জিলাই ক্ৰম অনুসাৰে আঁচনিৰ প্ৰ-পত্ৰ বিতৰণ কৰা হ’ব৷ উৎসৱৰ ৰূপত একেদিনাই স্থানীয় পঞ্চায়ত কাৰ্যালয়সমূহত আঁচনিৰ প্ৰ-পত্ৰ বিতৰণ কৰা হ’ব৷ কোন জিলাত কোন তাৰিখে, কেতিয়া প্ৰপত্ৰ বিতৰণ কৰা হ’ব, সেয়া বাতৰি দুই-এদিনতে বাতৰি কাকতৰ বিজ্ঞাপন যোগে প্ৰচাৰ কৰা হ’ব৷ প্ৰ-পত্ৰ সম্পূৰ্ণ বিনামূলীয়া হ’ব আৰু কেৱল নিৰ্ধাৰিত তাৰিখতহে  সংগ্ৰহ কৰিব পাৰিব৷ কোনো ফটোষ্টেট কপি গ্ৰহণ কৰা নহ’ব৷ আঁচনিৰ অধীনত যি সকলে আৱেদন কৰে সকলোৱে ভেৰিফিকেশ্বন অবিহনেই ১০হাজাৰ টকাকৈ লাভ কৰিব৷ এই টকাৰে ভাল কাম কৰি দেখুওৱা যোগ্য মহিলাসকলক দ্বিতীয় বছৰত পুনৰ চৰকাৰৰ তৰফৰ পৰা ১২,৫০০ আৰু বেংকৰ পৰা ১২,৫০০ টকাকৈ দিয়া হ’ব৷ বেংকৰ পৰা লোৱা ঋণখিনি মহিলাগৰাকীয়ে নিজেই ঘূৰাই দিব লাগিব আৰু চৰকাৰে দিয়া দ্বিতীয় কিস্তিৰ ধনৰাশি ঘূৰাই দিব নালাগে৷ কিন্তু ভেৰিফিকেশ্বন কৰিহে দ্বিতীয় পৰ্যায়ৰ যোগ্য হিতাধিকাৰীকলৈ ধন আগবঢ়োৱা হ’ব৷ তিনি বছৰৰ ভিতৰত প্ৰতিগৰাকী যোগ্য স্বউদ্যোগী মহিলা হিতাধিকাৰীলৈ এনেদৰে মুঠ ৩৫ হাজাৰ টকাকৈ লাখপতি বাইদেউ হোৱাৰ চৰকাৰী অনুদান আগবঢ়োৱা হ’ব৷ ইয়াৰ লগতে বিহুৰ পাছতে ১৬ জানুৱাৰীৰ পৰা ৰাজ্যৰ ১০ লাখ জ্জহাজাৰ ৪৭৯ গৰাকী নতুন হিতাধিকাৰীক ৰেছন কাৰ্ড দিয়া কামো আৰম্ভ হ’ব৷ বছৰি চ্ছ্ৰলাখ টকালৈ উপাৰ্জন থকা পৰিয়ালেও এতিয়া ৰেছনকাৰ্ড লাভ কৰিব৷ মুঠ ৪২ লাখ  ৮৫ হাজাৰ ৭৪৫ জন লোকক নতুন ৰেছন কাৰ্ডে সামৰি ল’ব৷ নতুন ৰেছন কাৰ্ড লাভ কৰা সকলে উজ্বলা গেছত ২০০ টকা ৰেহাই আৰু আয়ুষ্মান কাৰ্ডৰ অধীনত ৫লাখ টকা পৰ্যন্ত বিনামূলীয়া চিকিৎসা সেৱা লাভ কৰিব৷ মন্ত্ৰীসকলে জিলাই জিলাই গৈ এই নতুন ৰেছন কাৰ্ড ১৬ জানুৱাৰীৰ পৰা হিতাধিকাৰীৰ হাতে হাতে তুলি দিব৷ ভৱিষ্যতে প্ৰত্যেকগৰাকী ৰেছন কাৰ্ডৰ গৰাকীয়ে অৰুণোদয়ৰ ধন লাভ কৰিব৷ প্ৰধানমন্ত্ৰীৰ জীৱন বীমা, দুৰ্ঘটনা  বীমা, কৃষক সন্মান নিধিও লাভ কৰিব৷ ইয়াৰ ফলত ৰাজ্যত ৰেছন কাৰ্ডৰ হিতাধিকাৰী পৰিয়াল ৬৬ লাখলৈ বৃদ্ধি পাব আৰু আঁচনিয়ে ২কোটি ৩১লাখ লোকক সামৰি ল’ব৷ কেন্দ্ৰীয় চৰকাৰে অসমৰ ২কোটি ৫২ লাখ লোকলৈ বিনামূলীয়া ৰেছনৰ চাউল আগবঢ়াইছে৷ ৰেছন কাৰ্ড লাভ কৰা সকলে চলিত মাহৰ শেষৰ ফালেই পৰিয়ালৰ সদস্য অনুপাতে মাহে গাইপতি ৫কেজিকৈ বিনামূলীয়া চাউল লাভ কৰিব৷ মুখ্যমন্ত্ৰীয়ে আজিৰ সংবাদমেলতে ভুৱা পি এইচ ডিৰ বিৰুদ্ধেও কাৰ্যব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলি কয়৷ তেওঁ কয় যে উত্তৰাখণ্ডৰ পিছতে অসমতো ‘ইউচিচি’ বলৱৎ হ’ব৷ মুখ্যমন্ত্ৰীয়ে কয় যে নগৰ অঞ্চলতো ৩ লাখ আত্মসহায়ক গোটৰ সদস্য আছে৷ তেওঁলোককো ভৱিষ্যতে লাখপতি বনোৱা আঁচনিৰ অধীনত সামৰি লোৱা হ’ব৷