Logo
image

পংকজ ত্ৰিপাঠীয়ে দেখুৱালে দায়বদ্ধতাৰ নিদৰ্শন

নতুন দিল্লী, ১২ জানুৱাৰীঃ বলীউডৰ অভিনেতা পংকজ ত্ৰিপাঠীয়ে ভাৰতৰ নিৰ্বাচন আয়োগে আগবঢ়োৱা ‘নেশ্বনেল আইকণ’ পদ প্ৰত্যাহাৰ কৰিছে৷ আয়োগে দিয়া এই পদবী তেওঁ স্বেচ্ছাই প্ৰত্যাহাৰ কৰা বুলি ঘোষণা কৰিছে৷ উল্লেখ্য যে ২০২২ চনৰ অক্টোবৰ মাহৰ পৰা নিৰ্বাচন আয়োগৰ নেশ্বনেল আইকণৰূপে জনসাধাৰণৰ মাজত ভোটাৰ সজাগতাৰ বাবে কাম কৰি আহিছিল ত্ৰিপাঠীয়ে৷ শেহতীয়াকৈ তেওঁ ‘ম্যে অটল হু’ শীৰ্ষক এখন  ছবিৰ সৈতে জড়িত হৈ পৰিছে৷ প্ৰাক্তন প্ৰয়াত প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ীৰ জীৱনৰ আধাৰত ৰবি যাদৱে নিৰ্মাণ কৰা এই ছবিখন ১৯ জানুৱাৰীত মুক্তিলাভ কৰিব৷ ছবিখনৰ মূল ভূমিকাত অভিনয় কৰিছে ত্ৰিপাঠীয়ে৷ ছবিখনত এজন ৰাজনৈতিক নেতা হিচাপে কৰা অভিনয়ে সমাজক বিভিন্ন ধৰণৰ বাৰ্তা প্ৰেৰণ কৰিব পাৰে৷ যাৰ বাবে তেওঁ নিৰ্বাচন আয়োগৰ নেশ্বনেল আইকণৰ দৰে দায়িত্বপূৰ্ণ আৰু নিৰপেক্ষ পদবীটোৰ পৰা আঁতৰি অহাৰ সিদ্ধান্ত গ্ৰহণ কৰে৷ কিয়নো নেশ্বনেল আইকণ হিচাপে তেওঁ সমাজৰ সকলো স্তৰৰ লোকৰ মাজত ভোটাৰ সজাগতা আৰু সচেতনতাৰ বাবে নিৰপেক্ষভাৱে কাম কৰি আহিছিল৷ কিন্তু ‘ম্যে অটল হুঁ’ নামৰ ছবিখনত কৰা চৰিত্ৰটোৰ অভিনয়ে সমাজত ভিন্ন বাৰ্তা প্ৰেৰণ কৰিব পাৰে৷ সেয়ে তেওঁ আয়োগৰ এই পদবীৰ পৰা আঁতৰি অহাৰ সিদ্ধান্ত গ্ৰহণ কৰে৷ উল্লেখ্য যে যি সময়ত শ্বাহৰুখ খান, অক্ষয় কুমাৰ আদিৰ দৰে ছুপাৰষ্টাৰসকলে গুট্‌খা, শিখৰৰ দৰে নিচাযুক্ত দ্ৰব্যৰ প্ৰচাৰ চলাই সমাজত অসামাজিক বাতাবৰণ সৃষ্টিত অৰিহণা যোগাইছে, সেই সময়তে ত্ৰিপাঠীয়ে ছবিত অভিনয় কৰাৰ বাবে নিৰ্বাচন আয়োগৰ সন্মানীয় আৰু নিৰপেক্ষ পদবী ত্যাগ কৰি সামাজিক দায়ৱদ্ধতাৰ নিদৰ্শন দাঙি ধৰিছে৷  ত্ৰিপাঠীয়ে আয়োগৰ পদবী ত্যাগ কৰা বুলি ঘোষণা কৰাৰ পাছতে আয়োগে তেওঁক ‘নতুন যাত্ৰা’ৰ শুভেচ্ছা জ্ঞাপন কৰাৰ লগতে ভোটাৰ সজাগতাৰ বাবে ‘নেশ্বনেল আইকণ’ হিচাপে আগবঢ়োৱা নিৰপেক্ষ অৱদানৰ কৃতজ্ঞতা জনায়৷