Logo
image

সলনি হৈছে সমাজ-সংস্কৃতি! টিভি কেমেৰাৰ বাবেহে সাজিছে ভেলাঘৰ

যোৰহাটৰ পৰা বিৰাজ বৰুৱা (আমাৰ অসম): অসমীয়াৰ তিনিটা বিহুৰ অন্যতম মাঘ বিহু সমাগত৷ ভোগৰ উৎসৱলৈ মাজত মাথোঁ দুটা দিন বাকী থকা অৱস্থাত ৰাজ্যত উখল-মাখল পৰিৱেশৰ সৃষ্টি হৈছে৷ ইতিমধ্যে ইতিমধ্যে বজাৰত চিৰা-পিঠা-লাড়ু আদি উভৈনদী হৈ পৰিছে৷ বিভিন্ন গাঁৱত মেজি আৰু ভেলাঘৰ সজাৰ প্ৰক্ৰিয়াও আৰম্ভ হৈছে৷ এই প্ৰক্ৰিয়াত জঁপিয়াই পৰিছে একাংশ যুৱক-কিশোৰ৷ অৱশ্যে এয়া তেওঁলোকৰ স্বাভাৱিক উছাহ নহয়৷ একাংশ গাঁৱত টিভি কেমেৰাৰ বাবেহে এই উছাহ প্ৰদৰ্শন কৰা হৈছে৷ ভোগালী বিহু সম্প্ৰচাৰৰ বাবে বিভিন্ন টিভি চেনেলে বিভিন্ন গাঁও নিৰ্বাচন কৰিছে৷ সেয়ে এই গাঁওসমূহত একাংশই দহোবন কাটি কৰি মেজিৰ খৰি কটা, বিভিন্ন আৰ্হিত ভেলাঘৰ সজাৰ প্ৰক্ৰিয়াত জঁপিয়াই পৰিছে৷ ইয়াৰ বাদে আন গাঁওসমূহত যেন বিশেষ প্ৰস্তুতি নাই৷ নিতান্ত স্বাভাৱিকভাৱেই অসমীয়াৰ বহু আকাংক্ষিত প্ৰাপ্তি আৰু প্ৰাচুৰ্যৰ সময় এই ভোগালীৰ মাদকতা পূৰ্বৰ তুলনাত হ্ৰাস পাইছে৷ প্ৰায় এমাহ আগৰে পৰা গাঁৱে-চহৰে ভোগৰ উৎসৱক লৈ পূৰ্বতে যি ধৰণৰ প্ৰস্তুতি দেখা গৈছিল, তেনে ধৰণৰ প্ৰস্তুতি এতিয়া কেৱল নষ্টালজিয়া৷ আধুনিকতাৰ ধামখুমীয়াত হেৰাইছে ঐতিহ্য৷ ব্যস্ত অসমীয়াই এতিয়া প্ৰাণৰ বিহুটি উপভোগৰ বাবেও সময় উলিয়াব নোৱৰা হ’ল৷ কৰ্ম ব্যস্ততাৰ মাজত জীৱনৰ আঁত হেৰুৱাই পেলোৱা অসমীয়াৰ গাত এতিয়া নাই তাহানিৰ সেই পৰম্পৰা ৰক্ষাৰ চেতনা৷ কেৱল আনুষ্ঠানিকতা হৈ পৰা এই ভোগালীত ঘৰে ঘৰে এসাজ মাছে-মঙহে খোৱাৱেই যেন লক্ষ্য হৈ পৰিছে৷ বাকী লোকাচাৰ আৰু পৰম্পৰালৈ পিঠি দি নিজকে ভব্য গব্য অসমীয়া হিচাপে জাহিৰ কৰি ফুৰা অসমীয়াই কিন্তু অন্য জাতি-ধৰ্মৰ উৎসৱত সময় উলিয়াই উপভোগ কৰিবলৈ পাহৰি নাযায়৷ কেৱল যে ব্যস্ততাৰে ভৰা অভিজাত অসমীয়াৰ ক্ষেত্ৰত এনে হৈছে তেনে নহয়৷ কৃষিজীৱী লোকসকলৰো আজিৰ সময়ত কৃষিভিত্তিক এই ভোগালীৰ প্ৰতি উদাসীন মনোভাৱে বিষয়টো অধিক জটিল কৰি তুলিছে৷ উল্লেখ্য, ভোগৰ উৎসৱ ভোগালী কৃষিৰ সৈতে জড়িত উৎসৱহে৷ পথাৰৰ সোণোৱালী ধান মুঠি কাটি মাৰি বছৰটোৰ কাৰণে ভঁৰালত জমা কৰাৰ আনন্দ প্ৰকাশ পায় এই ভোগালীতে৷ লগতে অন্যান্য শাক-পাচলি, মাহ-তিলেৰে উভৈনদী হৈ পৰা পৰিৱেশত উদযাপিত হয় ভোগালী উৎসৱ৷ এনে পৰিৱেশত হেঁপাহ পলুৱাই খাই আনন্দ উপভোগ কৰিছিল তাহানিৰ চহা অসমীয়াই৷ কিন্তু সময় সলনি হ’ল৷ কৃষকে গৰু হাল বেচি ট্ৰেক্টৰ, পাৱাৰ টিলাৰ কিনিলে৷ চোতালৰ মৰণা ট্ৰেক্টৰ অথবা মেচিনত মৰা হ’ল৷ নিজৰ মাটি ডৰা ছন পেলাই অথবা আনক আধিলৈ দি ছমাহ কিনি খোৱা হ’ল৷ ঘৰৰ চাউল বুলি যিকেইটা ভঁৰালত পৰিল সেয়াও ভঁৰালৰ পৰা উলিয়াই মিলত কুটাই খোৱাৰ এলাহতে অন্ন সুৰক্ষা যোজনা আঁচনিৰ পৰা পোৱা চাউল কেইটালৈ অপেক্ষাৰত বহুজন৷ এনে পৰিপ্ৰেক্ষাত ভোগৰ উৎসৱে পূৰ্বৰ পৰম্পৰা আৰু ঐতিহ্য হেৰুৱাই পেলোৱাটোৱেই স্বাভাৱিক৷ ইফালে শেহতীয়াকৈ চৰকাৰে ধান ক্ৰয় কৰা অথবা বিক্ৰী কৰাক লৈ যি ধৰণৰ পদ্ধতিৰ সূচনা কৰিছে সেয়াও বৰ কষ্টকৰ হৈছে কৃষকৰ বাবে৷ মাঘ বিহুৰ অন্যতম লোকাচাৰ উৰুকাত আত্মীয়-স্বজন, বন্ধুবৰ্গ মিলি নিশা একেলগে খোৱাৰ অন্তৰালতো আছে ভাতৃত্ববোধ তথা আন্তৰিকতা উপলব্ধিৰ অনুৰণন৷ এতিয়া হাতে হাতে ম’বাইল লৈ ব্যস্ত থকা অসমীয়াই আনৰ লগত কথা পাতিবলৈ সময় জানো ওলায়? পিঠা-লাড়ু প্ৰস্তুত কৰাৰ বাবে পূৰ্বতে গাঁৱৰ জীয়ৰী-বোৱাৰীৰ যি উচাহ আছিল সেয়াও যেন ৰীল্‌ছ বনোৱা অথবা ব্লগ বনোৱাত সীমাৱদ্ধ হৈ পৰিছে৷

তথাপি আমি অসমীয়া৷ প্ৰযুক্তিৰ সমানে আগবঢ়াই নিব লাগিব আমাৰ পৰম্পৰা আৰু লোকাচাৰ৷ আহক, এই ভোগালীতে প্ৰত্যেকজন সচেতন অসমীয়াই নিজৰ সন্তান অথবা নতুন প্ৰজন্মক দিওঁ পূৰ্বৰ ভোগালীৰ মাদকতা, দেখুৱাওঁ আমাৰ চহকী সংস্কৃতি, ভোগালীৰ ভোগ৷ তেহে ৰ’ব ঐতিহ্য, তেহে ৰ’ব পৰম্পৰা৷ মাঘৰ জুইত জাহ যাব অসুয়া-অপ্ৰীতি-দুষ্কৃতি৷ জ্যেষ্ঠজনক সেৱা কৰি প্ৰত্যেকেই লওঁ আহক আশীষ নিৰ্মালী৷ আমি আশা কৰিম–প্ৰাপ্তি আৰু প্ৰাচুৰ্যৰ সময়, এই ভোগালী হওক অসমীয়াৰ পৰম্পৰাৰ-লোকাচাৰ ৰক্ষাৰ সংকল্প গ্ৰহণৰ সময়৷

নলবাৰীত চন্দ্ৰযান-৩১ আৰ্হিত ভেলাঘৰ
‘আমাৰ অসম’ৰ বৰভাগৰ প্ৰতিবেদকঃ ভাৰতৰ চন্দ্ৰ জয়ৰ পিছত এতিয়া যুৱ-প্ৰজন্মৰ মাজত চন্দ্ৰযান-৩ক লৈ ব্যাপক উৎসাহ উদ্দীপনা দেখা গৈছে৷ চন্দ্ৰপৃষ্ঠত চন্দ্ৰযান-৩১ সফল অৱতৰণৰ পিছত নলবাৰীত চন্দ্ৰযান নিৰ্মাণত ব্যস্ত হৈ পৰিছে ১১ জনীয়া যুৱকৰ এটা দল৷ জিলাখনৰ ডাঙুৱাপাৰা গাঁৱৰ দেৱজিৎ ডেকাৰ নেতৃত্বত হিমাংশু ডেকা, সৌৰভ ডেকা, চিন্তু ডেকা, মনজিৎ ডেকা, হীৰক ডেকা, ৰূপম ডেকা, জ্যোতিৰ্ময় ডেকা, নৱজিৎ ডেকা, শিৱম বৰ্মন, আৰু অংকুৰ বৰ্মনে ভেলাঘৰৰ আৰ্হিত নিৰ্মাণ কৰিছে চন্দ্ৰযান-৩৷ উঠি অহা প্ৰজন্মক চন্দ্ৰযান-৩ৰ সফল অভিযানৰ বিষয়ে বিস্তৃতভাৱে জনাবলৈ আগ্ৰহ বৃদ্ধিৰ অৰ্থে যুৱকৰ দলটোৱে নিৰ্মাণ কৰি উলিয়াইছে চন্দ্ৰযান-৩৷ বাঁহ আৰু নৰাৰে যুৱকৰ দলটোৱে নিৰ্মাণ কৰা চন্দ্ৰযান-৩ৰ নিৰ্মাণ প্ৰায় সম্পূৰ্ণ হৈছে ৯০ শতাংশ৷ দুই এদিনতে সম্পূৰ্ণ হবলগীয়া চন্দ্ৰযান-৩ আৰ্হিৰ ভেলাঘৰটোক লৈ স্থানীয় লোকসকলেও উৎফুল্লিত হৈ পৰিছে৷ গাওঁখনৰ বাসিন্দাই যুৱকৰ দলটোক আগবঢ়াইছে সহায়-সহযোগিতা৷ লোককৃষ্টিৰ লগত শেহতীয়া বিজ্ঞানৰ গতিবিধি জড়িত হৈ পৰাটোৱে নৱ প্ৰজন্মৰ জ্ঞানপিপাসু মনক প্ৰতিফলিত কৰা বুলি সচেতনমহলে মত ব্যক্ত কৰিছে৷

কোক্‌ৰাঝাৰত ‘অসমী ভোগালী মেলা’ৰ আয়োজন

‘আমাৰ অসম’ৰ কোক্‌ৰাঝাৰৰ বিশেষ প্ৰতিনিধিঃ আহি আছে অসমীয়াৰ হিয়াৰ আমঠু মাঘ বিহু অৰ্থাৎ ভোগালী বিহু৷ গাঁৱে-ভূঞে সকলোতে এতিয়া চলিছে কৃষিভিত্তিক উৎসৱ ভোগালী বিহুৰ ব্যাপক প্ৰস্তুতি৷ পিছপৰি ৰোৱা নাই বড়ো ভূমি কোকৰাঝাৰো৷ ভোগালী বিহুৰ প্ৰাকক্ষণত কোকৰাঝাৰ জিলা প্ৰশাসন আৰু অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযান, কোকৰাঝাৰ শাখাৰ উদ্যোগত উদ্‌যাপন কৰা হৈছে ‘অসমী ভোগালী বিহু মেলা’৷ উল্লেখ্য, কোকৰাঝাৰ চহৰৰ তিতাগুৰিস্থিত ইৰাকদাউ প্ৰেক্ষাগৃহ প্ৰাংগণত বুধবাৰৰ পৰা ১২ জানুৱাৰীলৈ আয়োজন কৰা অসমী ভোগালী মেলাত কোকৰাঝাৰ উন্নয়ন খণ্ডৰ মুঠ ৩৫টা আত্মসহায়ক গোটে অংশগ্ৰহণ কৰিছে৷ ভোগালী বিহু যিহেতু ভোগৰ উৎসৱ সেয়েহে এই মেলাত থলুৱা মহিলাসকলৰ দ্বাৰা উৎপাদিত বিভিন্ন খাদ্য সামগ্ৰী লাড়ু-পিঠাৰ উপৰিও আত্মসহায়ক গোটৰ দ্বাৰা উৎপাদিত সাজ-পোছাক, হস্তনিৰ্মিত সামগ্ৰী, থলুৱা খাদ্য সম্ভাৰ আদি প্ৰদৰ্শন কৰা হৈছে৷ এই মেলাৰ আজি দ্বিতীয় দিন৷ মেলাত অংশগ্ৰহণ কৰা আত্মসহায়ক গোটৰ সদস্যা তথা বোৱাৰীসকলৰ বিহু নৃত্যৰে মুখৰিত হয় মেলাৰ বাকৰি৷