Logo
image

ৰাহুল আহিলে গুৱাহাটীত ট্ৰেফিক জাম হ’ব, অনুমতি নাপাবঃ মুখ্যমন্ত্ৰী

‘আমাৰ অসম’ৰ ষ্টাফ ৰিপ’ৰ্টাৰ, ১২ জানুৱাৰীঃ গুৱাহাটী মহানগৰীত ট্ৰেফিক জাম কোনেও নিবিচাৰে৷ জিএছ ৰোডত জিএমচিএইচ আছে৷ এম্বুলেন্স চলাচল কৰে৷ হাজাৰখন নাৰ্চিংহোম আছে৷ গুৱাহাটী মহানগৰীৰ মাজেদি আমি একো সমদল উলিয়াবলৈ অনুমতি নিদিও৷ আনকি বিজেপি দলেও এই অনুমতি নাপায়৷ এই ভাষ্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ৷ উল্লেখ্য, ‘ভাৰত জোড়ো যাত্ৰা’ৰ পাছত এইবাৰ আৰম্ভ হ’ব ৰাহুল গান্ধীৰ ‘ভাৰত জোড়ো ন্যায় যাত্ৰা’৷ মণিপুৰৰ ইম্ফলৰ পৰা আৰম্ভ হ’ব ৰাহুল গান্ধীৰ ‘ভাৰত জোড়ো ন্যায় যাত্ৰা’৷ ৰাহুল গান্ধীৰ ‘ভাৰত জোড়ো ন্যায় যাত্ৰা’ ১৪ জানুৱাৰীত মণিপুৰৰ পৰা আৰম্ভ হ’ব৷ ১৮ জানুৱাৰীত মণিপুৰৰ পৰা নাগালেণ্ড হৈ শিৱসাগৰ জিলাৰ আমগুৰিত প্ৰৱেশ কৰিব ‘ভাৰত জোড়ো ন্যায় যাত্ৰা’ই৷  ৰাহুল গান্ধীৰ ‘ভাৰত জোড়ো ন্যায় যাত্ৰা’ সন্দৰ্ভত বৃহস্পতিবাৰে প্ৰতিক্ৰিয়া প্ৰকাশ কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই৷

"ৰাহুল গান্ধীৰ ন্যায় যাত্ৰাৰ কথা এতিয়ালৈ চৰকাৰক জনোৱা নাই৷ চৰকাৰে নাজানে ৰাহুল গান্ধীৰ ন্যায় যাত্ৰাৰ পথ৷ চৰকাৰক জনালে অনুমতি নিশ্চয়৷ ৰাহুল গান্ধীৰ ‘ভাৰত জোড়ো ন্যায় যাত্ৰা’ স্কুল আৰু মহানগৰৰ মাজেৰে যোৱাৰ অনুমতি দিয়া নহ’ব৷ মহানগৰীৰ মাজেৰে গ’লে পুৱা ৮ বজাৰ আগতে যাব লাগিব৷ ‘অসমলৈ পৰ্যটক আহিলে আমি ভাল পাম, খেলপথাৰ-ষ্টেডিয়াম সকলোতে থাকিব পাৰিব তেওঁলোকে৷ কিন্তু গুৱাহাটী মহানগৰীৰ মাজেৰে আমি কাকো সমদল কৰিবলৈ অনুমতি নিদিওঁ৷ ৰাষ্ট্ৰীয় ঘাইপথৰে যাব পাৰিব ‘ভাৰত জোড়ো ন্যায় যাত্ৰা’৷"– এই মন্তব্য মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাৰ৷  ৰাহুল গান্ধীৰ ন্যায় যাত্ৰাক কটাক্ষ কৰি মুখ্যমন্ত্ৰীয়ে কয়, "তেওঁলোকে খেলপথাৰত থাকক৷ নেহেৰু ষ্টেডিয়ামত থাকক৷ কিন্তু বিদ্যালয় আৰু গুৱাহাটী মহানগৰ বাদ দিব লাগিব নিজৰ কাৰ্যসূচীৰ পৰা৷ দেওবাৰে হ’লে সকলো স্কুল ব্যৱহাৰ কৰিব পাৰিব৷ পথাৰ কাটি সমান কৰি দিব লাগে আমি কৰি দিম৷ কিন্তু ৰাহুল গান্ধীৰ ভাওনা চাবলৈ কোনেও নাযায়৷ যদি ৰাহুল গান্ধীয়ে মোৰ ঘৰলৈ আহি মোক গামোছা পিন্ধায় তেন্তে ময়ো তেওঁৰ তালৈ গৈ গামোছা পিন্ধাই আহিম৷"