Logo
image

ধোঁৱাই ঢাকিছে বৰ্ণিহাট, দেশৰ সৰ্বাধিক প্ৰদূষিত

‘আমাৰ অসম’ৰ গুৱাহাটীৰ প্ৰতিবেদক, ১২ জানুৱাৰীঃ দেশৰ সৰ্বাধিক প্ৰদূষিত চহৰৰ শীৰ্ষত বৰ্ণিহাট৷ অসম-মেঘালয়ৰ সীমাৰ বৰ্ণিহাটক আটাইতকৈ বেছি প্ৰদূষিত চহৰ হিচাপে চিনাক্ত কৰা হৈছে৷ পূৰ্বতে দেশৰ ৰাজধানী চহৰ দিল্লী প্ৰদূষিত চহৰৰ শীৰ্ষত আছিল যদিও ২০২৩ বৰ্ষত এই তালিকাত নতুনকৈ অন্তৰ্ভুক্ত হ’ল গুৱাহাটীৰ গাতে লাগি থকা চহৰখন৷ মেঘালয় তথা অসমৰ বাবে এই উদ্বেগজনক তথ্য প্ৰকাশ পাইছে চেণ্টাৰ ফৰ ৰিছাৰ্চ অন এনাৰ্জী এণ্ড ক্লীন এয়াৰ নামৰ সংস্থাটো সমীক্ষাত৷ চি আৰ ই এৰ সমীক্ষাত প্ৰকাশ পোৱা অনুসৰি সৰ্বাধিক প্ৰদূষিত চহৰৰ তালিকাত বৰ্ণিহাটৰ পাছতেই আছে বিহাৰৰ বেগুচৰাই আৰু উত্তৰ প্ৰদেশৰ গ্ৰেটাৰ নয়দা৷ গৱেষণা প্ৰতিষ্ঠানটোৰ দক্ষিণ এচিয়াৰ বিশেষজ্ঞ সুনিল দাহিয়াই জানিবলৈ দিয়া অনুসৰি ২০২৩ চনৰ বায়ু প্ৰদূষণৰ ভাৰতৰ ২২৭ খন চহৰৰ তথ্য ভিত্তিত এই তালিকা প্ৰস্তুত কৰা হৈছিল৷ ২২৭ খন চহৰৰ বায়ু মান সূচাংকৰ ৭৫ শতাংশ তথ্যৰ ভিত্তিত উক্ত সমীক্ষাটো চলাইছিল বুলি জানিবলৈ দিছে৷

উল্লেখ্য, বৰ্ণিহাটত ভাসমান কণা পি এম ১০ ৰ পৰিমাণ সৰ্বোচ্ছ ৩০১ এম জি স্পৰ্শ কৰিছে৷ বৰ্ণিহাটৰ বিপৰীতে অসমৰ শিলচৰৰ পি এম ১০ ৰ পৰিমাণ আছিল মাত্ৰ ২৯ এম জি৷ অভিযোগ অনুসৰি বৰ্ণিহাটত অবাধ হাৰত কল-কাৰখানাৰ পৰা নিৰ্গমন হোৱা ক’লা ধোঁৱাই আকাশ চানি ধৰাৰ ফলতেই প্ৰদূষণৰ মাত্ৰা বৃদ্ধি পাইছে৷ নিয়ন্ত্ৰণহীনভাৱে উদ্যোগ স্থাপনৰ বাবে অনুমতি দিয়াৰ বাবেই বৰ্ণিহাটে সমগ্ৰ গুৱাহাটীলৈ বিপদ কঢ়িয়াই অনা বুলিও অভিযোগ উঠিছে৷ বিগত ৩-৪ দিন ধৰি গুৱাহাটীৰ লগতে সমগ্ৰ অসমতে কুঁৱলী বৃদ্ধি পোৱাত অসমত বায়ুৰ মান সূচাংক অৱনতি ঘটিছে৷ দুদিন পূৰ্বে নলবাৰীৰ বায়ুৰ মান সূচাংক (এয়াৰ কোৱালিটী ইনডেক্স) অতি নিম্ন পৰ্যায়লৈ অৱনমিত হৈছিল৷ আনহাতে ৰাষ্ট্ৰীয় প্ৰদূষণ নিয়ন্ত্ৰণ ব’ৰ্ডে প্ৰকাশ কৰা প্ৰতিবেদন অনুসৰি বৃহস্পতিবাৰৰ দিনটোত গুৱাহাটীৰ বায়ুৰ মান সূচাংক (এ কিউ আই) নিম্ন (Poor) হিচাপে চিনাক্ত কৰিছে৷ বায়ুমণ্ডল কুঁৱলীয়ে আৱৰি ৰখাত ধূলি তথা ভাসমান কণা অৰ্থাৎ ছালফাৰ ডাই অক্সাইড, নাইট্ৰ’জেন অক্সাইডৰ পৰিমাণ বৃদ্ধি পাইছে মহানগৰীত৷ বৃহস্পতিবাৰে বিয়লি ৪ বজাৰ প্ৰতিবেদনত গুৱাহাটীৰ বায়ুৰ মান সূচাংক ২৭২ এম জি স্পৰ্শ কৰে৷ তদুপৰি ভাসমান কণা পি এম ১০/পি এম ২.৫১ পৰিমাণ ৩/৪ পোৱা গৈছে৷ এনেদৰে নলবাৰী চহৰৰ বায়ুৰ মান সূচাংক নিম্ন (Poor) আৰু শিৱসাগৰৰ বায়ুৰ মান সূচাংক সন্তোষজনক হিচাপে ধৰা হৈছে৷