Logo
image

ৰাহুল অহাৰ দিনা বিজেপিয়ে ব্যস্ত কৰি ৰাখিব ৰাজ্যৰ মহিলাক

‘আমাৰ অসম’ৰ ষ্টাফ ৰিপ’ৰ্টাৰ, ১২ জানুৱাৰীঃ 'ভাৰত জোড়ো ন্যায় যাত্ৰা'ৰ কাৰ্যসূচী লৈ ৰাহুল গান্ধী সদলবলে অসমত উপস্থিত হোৱাৰ সময়তে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহো বিস্তৃত কাৰ্যসূচীৰে অসমলৈ আহিব৷ এইপৰ্যন্ত চৰকাৰীভাৱে অমিত শ্বাহৰ কাৰ্যসূচী ঘোষণা কৰা হোৱা নাই যদিও ১৯ জানুৱাৰীৰ নিশা তেওঁ গুৱাহাটীত উপস্থিত হোৱাৰ কথা৷ ২০ জানুৱাৰীত অমিত শ্বাহৰ গুৱাহাটীত বহুকেইটা কাৰ্যসূচী আছে৷ ইয়াৰে ভিতৰত বিয়লি ৪ বজাত শংকৰদেৱ কলাক্ষেত্ৰত লাচিত বৰফুকনৰ ওপৰত অৰূপ কুমাৰ দত্তই ইংৰাজীত লিখা গ্ৰন্থৰ ২৪টা ভাৰতীয় ভাষালৈ অনুবাদ উন্মোচন কৰিব কেন্দ্ৰীয় গৃহমন্ত্ৰীজনে৷ ইয়াৰ পূৰ্বে তেওঁ কাছাৰীঘাটত ব্ৰহ্মপুত্ৰ নদীমুখ সৌন্দৰ্যবদ্ধৰ্ন প্ৰকল্প উদ্বোধন কৰাৰ উপৰি অসম আৰক্ষীৰ কামাণ্ডোৰ পাৰ্ছ আউট পেৰেডত অংশ লোৱাৰ কথা৷ ২০ জানুৱাৰীত অমিত শ্বাহে ঢেকীয়াজুলিত বড়ো জনগোষ্ঠীৰ ধৰ্মীয় কাৰ্যসূচীতো অংশ ল’ব৷ অসমত থকাৰ সময়ত কেন্দ্ৰীয় গৃহমন্ত্ৰীজনে নিৰ্বাচনী ৰণকৌশলক লৈ দলৰ ৰাজ্যিক নেতৃত্বৰ সৈতেও বৈঠকত মিলিত হ’ব৷ অমিত শ্বাহক লৈ ৰাজ্য প্ৰশাসন ব্যস্ত থকাৰ সময়তে অসমত প্ৰৱেশ কৰিব ৰাহুল গান্ধী৷ ১৮ জানুৱাৰীত ৰাহুল গান্ধী নাগালেণ্ডৰ পৰা শিৱসাগৰ জিলাৰ আমগুৰিয়েদি অসমত প্ৰৱেশ কৰাৰ পাছতে যোৰহাট হৈ মাজুলীলৈ যাব৷ মাজুলীৰ পৰা গৈ গোগামুখত তেওঁ সদলবলে নিশা কটাই ১৯ জানুৱাৰীত ইটানগৰলৈ যাব৷ ২০ জানুৱাৰীত 'ভাৰত জোড়ো যাত্ৰা' ইটানগৰৰ পৰা আহি গহপুৰত উপস্থিত হ’ব৷ ২১ জানুৱাৰীত কলিয়াবৰত ৰাহুল গান্ধীৰ বিশাল জনসভা অনুষ্ঠিত হ’ব৷ ২৩ জানুৱাৰীত ৰাহুল গান্ধীৰ গুৱাহাটীত একাধিক কাৰ্যসূচী আছে৷ ইয়াৰে ভিতৰত দলৰ নিৰ্বাচনী ইস্তাহাৰ সন্দৰ্ভত সমাজৰ বিভিন্ন ক্ষেত্ৰৰ বিশিষ্ট লোকৰে আলোচনা, জ্যেষ্ঠ সাংবাদিকৰে মত বিনিময়, যুৱক-যুৱতীৰে বাৰ্তালাপ আদি অন্যতম৷ ইফালে, ৰাহুল গান্ধীৰ এই যাত্ৰাক বিফল কৰিবলৈ উঠিপৰি লাগিছে বিজেপি দল আৰু চৰকাৰ৷ মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযানৰ অধীনত ৪০ লাখ গ্ৰাম্য মহিলা উদ্যোগীলৈ ৩৫ হাজাৰ টকাকৈ দিয়াৰ যি আঁচনি মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰে তাৰ প্ৰ-পত্ৰ ১৮ জানুৱাৰীৰ পৰা পঞ্চায়তে পঞ্চায়তে দিয়া হ’ব৷ হিতাধিকাৰীয়ে প্ৰ-পত্ৰ কেৱল নিৰ্ধাৰিত তাৰিখতহে সংগ্ৰহ কৰিব পাৰিব৷ ১৮ জানুৱাৰীত উজনি অসমৰ প্ৰতিটো পঞ্চায়তত এই প্ৰ-পত্ৰ দিয়া হ’ব৷ সেইদিনাখনে প্ৰ-পত্ৰ সংগ্ৰহ কৰিব লাগিব৷ পিছত আৰু এই প্ৰ-পত্ৰ সংগ্ৰহ কৰিব নোৱাৰিব৷ বিজেপি দল আৰু চৰকাৰে অতি কৌশলেৰে মহিলা সমাজক ৰাহুল গান্ধীৰ 'ভাৰত জোড়ো ন্যায় যাত্ৰা'ৰ পৰা দূৰত ৰখাৰ বাবে উজনি অসমৰ পৰা আৰম্ভ কৰিছে এই আঁচনিৰ কাম৷ ২৫ জানুৱাৰীলৈ অব্যাহত থাকিব প্ৰ-পত্ৰ বিতৰণৰ প্ৰক্ৰিয়া৷ প্ৰতিগৰাকী হিতাধিকাৰীয়ে নিজে পঞ্চায়ত কাৰ্যালয়লৈ গৈ সংগ্ৰহ কৰিব লাগিব এই প্ৰ-পত্ৰ৷ ১৮ জানুৱাৰীত ৰাহুল গান্ধীৰ শিৱসাগৰ, যোৰহাট, মাজুলী আৰু ধেমাজি জিলাত কাৰ্যসূচী চূড়ান্ত হৈছে৷ এতিয়া সময়েহে ক’ব বিজেপি দল আৰু চৰকাৰৰ এই ৰণকৌশল ৰাহুল গান্ধীৰ 'ভাৰত জোড়ো ন্যায় যাত্ৰাক কিমানদূৰ ক্ষতি কৰিব৷ ৰাহুল গান্ধী অহাৰ দিনা বিজেপি দল আৰু চৰকাৰে ৰাজ্যৰ মহিলা সমাজক ব্যস্ত ৰখাৰ ক্ষেত্ৰত গ্ৰহণ কৰা নতুন নতুন কৌশলৰ শেহতীয়া উদাহৰণ হ’ল প্ৰ-পত্ৰ বিতৰণৰ এই এদিনীয়া কাৰ্যসূচী৷ ইয়াৰ বাবে মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযানক অস্ত্ৰ হিচাপে ব্যৱহাৰ কৰিছে মহিলা হিতাধিকাৰীৰ মাজত নগদ ধন বিতৰণৰ জৰিয়তে৷