মূৰৰ বিষৰ পৰা এইদৰে উপশম পাওক
বিভিন্ন কাৰণত মূৰৰ বিষত আক্ৰান্ত হ’ব পাৰে৷ নিদ্ৰাহীনতা, ধুমপান, মাত্ৰাধিক সুৰাপান, বিষৰ দৰৱ আদিৰ সঘন ব্যৱহাৰ বাবে মূৰৰ বিষত আক্ৰান্ত হ’ব পাৰে৷ মূৰৰ বিষত ভুগিলে এইখিনি কৰিলে বিষ হ্ৰাস পাব৷
তুলসীৰ পাতঃ মূৰৰ বিষত ভুগিলে তুলসীৰ পাত পানীত উতলাই খাব লাগে৷ তুলসীৰ তেল মূৰৰ বিষত ব্যৱহাৰ কৰিব পাৰে৷
আদাঃ আদাত থকা ঔষধি গুণে মূৰৰ বিষ দূৰ কৰাত সহায় কৰে৷ আদা চাহ খালে বিষত উপশম পাব৷
মালিছঃ ঘৰুৱা সৰিয়হ তেলেৰে মালিচ কৰিলেও মূৰৰ বিষত আৰাম পোৱা যায়৷
আম পাত বেল পাতৰ ব্যৱহাৰঃ আম পাতৰ লগতে এমুঠি বেল পাত লৈ ভালদৰে সিজাব লাগে৷ পানীখিনি ঠাণ্ডা হোৱাৰ পাছত সেই পানীৰে মূৰটো ধুই দিব লাগে৷ এনেকৈ কেইবাদিনো আম পাত-বেল পাত সিজোৱা পানীৰে মূৰ ধুলে মূৰৰ বিষৰ অসহ্য যন্ত্ৰণাৰ পৰা মুক্ত হ’ব পৰা যায়৷
পানীঃ মূৰৰ বিষ হ’লে সঘনাই পানী খাব লাগে৷ শৰীৰত পানীৰ পৰিমাণ কমিবলৈ দিব নালাগে৷
আপেলঃ এটা আপেল কাটি লৈ লগত নিমখ সানি খালে মূৰৰ বিষৰ পৰা উপশম পাব পাৰি৷
চিকিৎসকৰ পৰামৰ্শঃ মূৰৰ বিষত কেইবাদিনো আক্ৰান্ত হৈ থাকিলে চিকিৎসকৰ কাষ চাপিব লাগে৷