Logo
image

গেৰুৱা হৈ গ’ল পাহাৰ

‘আমাৰ অসম’ৰ ষ্টাফ ৰিপ’ৰ্টাৰ, ডিফু, ১৩ জানুৱাৰীঃ উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্ত শাসিত  ত্ৰয়োদশ পৰিষদৰ বাবে ৮ জানুৱাৰীত অনুষ্ঠিত ভোটদান প্ৰক্ৰিয়াৰ পাছত শুকুৰবাৰে ঘোষিত ফলাফলত নিৰংকুশ সংখ্যাগৰিষ্ঠতা অৰ্জন কৰে বিজেপি দলে৷ পাহাৰত কংগ্ৰেছ-এনচিপি দলক নস্যাৎ কৰি বৃহৎ বিজয় সাব্যস্ত কৰে গেৰুৱা দলটোৱে৷ ২২খন আসনৰ বাবে হোৱা নিৰ্বাচনী ফলাফলত ১৯খন আসন দখল কৰে বিজেপি দলে৷ ৬খন আসনত বিজেপি দলৰ  প্ৰাৰ্থী ইতিমধ্যে বিনা প্ৰতিদ্বন্দ্বিতাৰে বিজয়ী হৈছিল৷ ৩ জানুৱাৰীৰ পৰা ৫ জানুৱাৰীলৈকে তিনিদিন জিলাখনত বাহৰ পাতি বিজেপি দলৰ প্ৰাৰ্থীৰ হৈ ব্যাপক প্ৰচাৰ অভিযান চলাইছিল মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই৷ ইয়াৰোপৰি মন্ত্ৰী পীয়ুুষ হাজৰিকাৰ নেতৃত্বত নিৰ্বাচন ঘোষণা হোৱাৰ পাছৰ পৰাই বিজেপি দলৰ মন্ত্ৰী-বিধায়ককে ধৰি বহু নেতাই প্ৰচাৰ চলায়৷ নিৰ্বাচনত বিজেপি দলে জয় সাব্যস্ত কৰিব বুলি পূৰ্বে অনুমান কৰা হৈছিল যদিও দলটোৱে ইমান বৃহৎ বিজয় সাব্যস্ত কৰিব বুলি ধাৰণা কৰিব পৰা হোৱা নাছিল৷ মুখ্যমন্ত্ৰী ড॰ শৰ্মাই বিগত ১০ বছৰত বিজেপি চৰকাৰে কৰা উন্নয়নৰ আধাৰত দলৰ প্ৰাৰ্থীৰ হৈ ভোট বিচাৰিছিল৷ ইপিনে, মুখ্যমন্ত্ৰী ড॰ শৰ্মাই নিৰ্বাচনী প্ৰচাৰৰ মাজতেই পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য দেৱলাল গাৰ্লোছাক পুনৰ মুখ্য কাৰ্যবাহী সদস্যৰূপে ঘোষণা কৰিছিল৷ আজি সংবাদমাধ্যমৰ সৈতে হোৱা বাৰ্তালাপত দেৱলাল গাৰ্লোছাই দলৰ এই বৃহৎ বিজয় ডিমা হাচাওবাসীৰ বিজয় বুলি অভিহিত কৰে৷ এই বৃহৎ বিজয়ে পূৰ্বতকৈ আমাৰ দায়িত্ব অধিক বৃদ্ধি কৰিলে বুলিও গাৰ্লোছাই মন্তব্য কৰে৷ ইয়াৰ বিপৰীতে কংগ্ৰেছ দলৰ জিলা সভাপতি সমৰজিৎ হাফলংবাৰে বিজেপিয়ে ভয়-ভাবুকি-প্ৰলোভন আৰু ব্যাপক ৰেগিঙেৰে পৰিষদ দখল কৰা বুলি অভিযোগ কৰে৷ মুক্ত আৰু নিকা নিৰ্বাচন অনুষ্ঠিত হ’লে ফলাফল অন্য ধৰণে হ’ল হেতেন বুলিও হাফলংবাৰে দাবী কৰে৷ বিজেপিৰ এই বৃহৎ বিজয়ৰ পাছতে হাফলং চহৰত উৎসৱমুখৰ পৰিৱেশৰ সৃষ্টি হয়৷ বিজেপি সমৰ্থকসকলে আতচ বাজিৰে বিজয় উৎসৱ পালন কৰা পৰিলক্ষিত হয়৷ বাতৰি লিখা পৰ্যন্ত লাভ কৰা তথ্য অনুসৰি বিজয়ী বিজেপি প্ৰাৰ্থীসকল ক্ৰমে- ১নং হাফলং সমষ্টিত দনপাজনন থাউছেন, ২নং জাতিংগাত ফ্লেমিং ৰূপছি ছিলা, ৩নং বৰাইল সমষ্টিত নগ্লুমিনলাল লিয়েনথাং, ৪নং মাহুৰ সমষ্টিত প্ৰবিতা জহৰি, ৫নং জিনাম সমষ্টিত জছুমথাং মাৰ, ৬নং হাংৰুম সমষ্টিত নোৱা দাইমে, ৭নং লাইছাং সমষ্টিত পাউদামিং নৃয়ামা, ৮নং দাউতুহাজা সমষ্টিত প্ৰনাথ ৰাইজুং, ১১নং কালাচান্দত ৰতন জাৰামবাছা, দিগেৰ সমষ্টিৰ পৰা ছেমুবেল ছাংচং আৰু ১২নং ৱাজাও সমষ্টিত বিশ্বজিত দাউলাগাপু জয়ী হোৱাৰ বিপৰীতে ২২নং ডিহামলাই সমষ্টিত নিৰ্দলীয় প্ৰাৰ্থী ৰাম গোলেমবি জেমি, চেমখৰ সমষ্টিৰ পৰা হিৰকিৎ জিগদুং আৰু দলং সমষ্টিৰ পৰা নিৰ্দলীয় প্ৰাৰ্থী জন পাইথং বিজয়ী হ’বলৈ সক্ষম হয়৷ উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্ব শাসিত পৰিষদ সম্পূৰ্ণ ৰূপে গেৰুৱা হৈ পৰাৰ বিপৰীতে কংগ্ৰেছ আৰু আপে নিৰ্বাচনত এখনো আসন লাভ কৰিবলৈ সক্ষম নহ’ল৷  ৰনং হাফলং সমষ্টিৰ পৰা নিৰ্দলীয় প্ৰাৰ্থী হিচাপে প্ৰতিদ্বন্দ্বিতা ডেনিয়েল লাংথাংচাও নিৰ্বাচনত পৰাজিত হয়৷ বিজেপিৰ বিজেপিৰ নিৰংকুশ জয়লাভৰ ভিতৰত বিৰোধী শূন্য হৈ পৰে স্বায়ত্তশাসিত পৰিষদখন৷

এটা ভোটৰ ব্যৱধানত বিজয়ী ৰতন জোৰাম বাছা

উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্ত শাসিত পৰিষদৰ নিৰ্বাচনত এটা ভোটৰ ব্যৱধানত জয় লাভ কৰি ইতিহাস সৃষ্টি কৰে কালাচান্দ সমষ্টিৰ বিজেপি প্ৰাৰ্থী জোৰাম বাছাজনে বিজেপি প্ৰাৰ্থীজনে তেওঁৰ নিকটতম  প্ৰাৰ্থী প্ৰণেন হাফলংবাৰক এটা ভোটাৰ ব্যৱধানত পৰাস্ত কৰি বিজয় সাব্যস্ত কৰে৷