Logo
image

এজন এজনকৈ পৰিয়ালৰ চাৰিজন পুৰুষক হত্যা, ৰহস্যমৃত্যু সুন্দৰী মহিলাৰো

‘আমাৰ অসম’ৰ মহানগৰীৰ প্ৰতিবেদক, ১৩ জানুৱাৰীঃ এজন দুজন নহয় এটা পৰিয়ালৰ ৪ জন পুৰুষক নৃশংস ভাবে হত্যা কৰা হল৷ বিগত ১৫ টা বছৰে তদন্ত চলিল মহানগৰ আৰক্ষীৰ৷ কিন্তু আজিকোপাতি চানমাৰি আৰক্ষীয়ে এজনো হত্যাকাৰীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম নহ’ল৷ চাৰি জন পুৰুষৰ হত্যাকাণ্ডৰ তদন্ত চলি থকাৰ মাজতে ভুক্তভোগী পৰিয়ালটোৰ এগৰাকী সুন্দৰী স্বামীহাৰা মহিলাৰ ৰহস্যজনক মৃত্যুৱে এক প্ৰকাৰ মহানগৰবাসীক  জোকৰি গৈছে৷ অবশ্যে আৰক্ষীয়ে বিধবা মহিলাগৰাকী হত্যাৰ বলি হোৱা  বুলি সন্দেহ প্ৰকাশ কৰিছে৷ ৰহস্যজনকভাৱে মৃত্যু হোৱা বিধবা মহিলাগৰাকী হৈছে দীৰ্ঘদিন পূৰ্বে হত্যাৰ বলি হোৱা মতলেৱ আলীৰ পত্নী মুনমুন বেগম ওৰফে মুনমুন চৌহান [৪১]৷ গুৱাহাটী মহানগৰীৰ নুনমাটি থানাৰ অন্তৰ্গত  নিজৰাপাৰত  এই চাঞ্চল্যকৰ  ৰহস্যজনক হত্যাকাণ্ডৰ ঘটনাটো সংঘটিত হয়৷ নিজ বাসগৃহতে ৰহস্যজনকভাৱে মৃত্যু হয় এগৰাকী বিধবা মহিলাৰ ৷ দেহত আঘাতৰ চিন থকা অৱস্থাত  নিজ বাসগৃহত মৃত্যু  হয়  বিধৱা মহিলা গৰাকীৰ৷ মহিলাগৰাকীক পৰিকল্পিত ভাবে হত্যাকাণ্ড কৰা বুলি সন্দেহ কৰি নুনমাটি আৰক্ষীয়ে আৰম্ভ কৰিছে তদন্ত৷ কালি বিয়লি নুনমাটি আৰক্ষীয়ে নুনমাটিৰ নিজৰাপাৰৰ বাসগৃহত উপস্থিত হৈ ক্ৰাইম চিন  ৰিক্ৰীয়েচন কৰে৷ আৰক্ষীৰ প্ৰাথমিক তদন্তৰ অন্তত মহিলা গৰাকীক কোনো আত্মীয়ই হত্যা কৰা বুলি সন্দেহ কৰিছে৷  অবশ্যে মহিলাগৰাকীৰ পুত্ৰ বৰুণ চৌহানে মাতৃ গৰাকীৰ কোঠাত পৰি মৃত্যু হোৱা বুলি দাবী কৰে৷ আৰক্ষীৰ প্ৰাথমিক তদন্তত মৃত মহিলা গৰাকীয়ে সঘনাই দিছপুৰৰ বিধায়ক আৱাসলৈ অহা যোৱা কৰাৰ তথ্য লাভ কৰিছে আৰক্ষীয়ে৷ দিছপুৰৰ লগত মৃত মহিলা গৰাকীৰ কি সম্পৰ্ক আছিল তাকে লৈ ৰহস্যৰ সৃষ্টি হৈছে৷ উল্লেখ্য যে বুধবাৰে নিশা সংঘটিত হয় এই ঘটনা৷ গুৱাহাটীৰ নুনমাটি নিজৰাপাৰস্থিত  ১১৫  নং ঘৰত  মৃত মুনমুন বেগম নামৰ বিধবা মহিলা গৰাকীয়ে তেওঁৰ নিজৰ দুই পুত্ৰৰ সৈতে  বসবাস কৰি আছিল৷ বুধবাৰে পুৱতি নিশা ৰহস্যজনক ভাবে নিজৰ শোৱনী কোঠাত পৰি থকা অৱস্থাত উদ্ধাৰ হয় মহিলাগৰাকীৰ নিঠৰ দেহ৷ মহিলা গৰাকীৰ নিজৰ পুত্ৰই মাতৃৰ ৰক্তাক্ত  দেহ পৰি থকা অৱস্থাত দেখা পাই লগে লগে নুনমাটি আৰক্ষী থানাত খবৰ দিয়ে আৰু লগে লগে ওচৰৰ গেট হাস্পতাললৈ যায় যদিও  চিকিৎসকে স্বাস্থ্য পৰীক্ষা কৰি মহিলাগৰাকীক মৃত বুলি ঘোষণা কৰে৷ নুনমাটি আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ সমগ্ৰ ঘটনা সন্দৰ্ভত বাসগৃহত থকা  চি টিভিৰ দৃশ্য চাই তদন্ত আৰম্ভ কৰিছে যদিও  এই মুহূৰ্তলৈ কোনো শুংসূত্ৰ উদ্ধাৰ কৰিব পৰা নাই৷ ইপিনে  ঘটনা সন্দৰ্ভত মৃত মহিলাগৰাকীৰ দুই  পুত্ৰই নিশা  নিজৰ বাসগৃহত  স্নানঘৰত পিছলি পৰি মাতৃয়ে  মূৰত  আঘাতপ্ৰাপ্ত  হোৱা বুলি প্ৰকাশ কৰাৰ বিপৰীতে  আন  একাংশ লোকে  জনোৱা মতে  মহিলাগৰাকীৰ ৰক্তাক্ত অৱস্থাত দেহটো উদ্ধাৰ হোৱাক কেন্দ্ৰ কৰি ৰহস্যজনকভাবে মৃত্যু হোৱা বুলি প্ৰকাশ কৰিছে৷ উল্লেখ যে ২০০৫ বৰ্ষত মৃত মুনমুন বেগমৰ স্বামী মতলেব আলীক বামুনীমৈদাম বজাৰত দুৰ্বৃত্তই দাৰে ঘপিয়াই হত্যা কৰিছিল৷ ইয়াৰ পূৰ্বে অৰ্থাৎ ২০০৪ চনত বামুনীমৈদাম ৰেলৱে কলনী বজাৰত মতলেব আলীৰ একমাত্ৰ  ভাতৃ মুন্না আলীক মাছৰ দাৰে ঘপিয়াই হত্যা কৰিছিল দুবৃৰ্ত্তই ৷ ঠিক একেদৰে ২০০৬ চনত মতলেব আলীৰ ঘৰত বনকৰা যুৱক হিচাপে কাম কৰা স্বপন দাসক একে পন্থাৰে বামুনিমৈদাম বজাৰত হত্যা কৰিছিল দুবৃৰ্ত্তই৷ এই হত্যাকাণ্ড সুমুহৰ চাঞ্চল মাৰ নৌযাওতে  ২০০৭ চনত মতলেবৰ পিতৃ  মহববত আলীক কোনো দুৰ্বৃত্তই হত্যা কৰি ভৰলুমুখৰ শান্তিপূৰৰ ৰেল লাইনত পেলাই থৈছিল ৷মৃত মতলেব আলীৰ পৰিয়ালৰ সকলো পুৰুষ সদস্যক দুৰ্বৃত্তই হত্যা কৰিছিল যদিও এজনো মহিলাক হত্যা কৰা নাছিল৷ আৰ্থিক দিনতাত ভোগা পুৰুষবিহীন পৰিয়ালটো শেহতীয়াকৈ বামুণীমৈদামৰ ঘৰ মাটি বিক্ৰী কৰি নুনমাটিৰ নিজৰাপাৰত মাটি ক্ৰয় কৰি ঘৰ নিৰ্মাণ কৰি স্থায়ী ভাবে বস বাস কৰি আছিল৷ মুনমুন বেগমৰ ৰহস্য জনক মৃত্যুৰ  সমগ্ৰ ঘটনাক লৈ এতিয়া ৰহস্যৰ আবৰ্তত সোমাই পৰিছে৷ ইপিনে মৃত মুনমুন বেগমে  নিজ  স্বামী মতলেব আলীৰ মৃত্যুৰ পিছত দ্বিতীয় বাৰ বিবাহ পাশত আবদ্ধ হৈছিল যদিও দ্বিতীয় স্বামীৰ সৈতেও বিবাহ বিচ্ছেদ হৈছিল৷ এতিয়া সমগ্ৰ ঘটনা নুনমাটি আৰক্ষীৰ সঠিক তদন্তৰ পিছতহে ওলাই পৰিব প্ৰকৃততে ঘটনাটো কি? ইপিনে, স্থানীয় ৰাইজে ইছলাম ধৰ্মীৰ ৰীতি নিয়ম মতে মৃত মুনমুনক কৱৰস্থ কৰিব বিচাৰিছিল যদিও জ্যেষ্ঠ পুত্ৰ বৰুণ চৌহানে মাতৃৰ মৃতদেহটো শ্মশানলৈ নি জ্বলাই দিয়াত সমস্ত ঘটনা প্ৰবাহ ৰহস্যৰ আৱত্তৰ্ত সোমাই পৰিছে৷