Logo
image

বাংলাদেশৰ পৰা ইণ্টাৰনেট সেৱাৰ সুবিধা ল’ব অসমে

‘আমাৰ অসম’ৰ গুৱাহাটীৰ প্ৰতিবেদক, ১৩ জানুৱাৰীঃ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ‘ভকেল ফৰ লোকেল’ৰ  শ্ল’গান আঁওৰোৱাৰ সময়তে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন অসম চৰকাৰে এইবাৰ শৰণাপন্ন হ’ল বাংলাদেশৰ৷ বাংলাদেশৰ ইলিছ মাছ বা সুস্বাদু আম নহয়, এইবাৰ অসমে বাংলাদেশৰ ক্ৰয় কৰিব ইণ্টাৰনেট সেৱা৷ এক কথাত সত’তে অনুন্নত ৰাজ্য বুলি হেয়জ্ঞান কৰি অহা চুবুৰীয়া বাংলাদেশ এতিয়া যেন তথ্য-প্ৰযুক্তিৰ ক্ষেত্ৰখনত ভৱাতকৈ বহু দূৰ আগুৱাই গ’ল৷ যাৰ বাবে অসম চৰকাৰে এতিয়া বাংলাদেশৰ পৰা ক্ৰয় কৰিবলগীয়া হৈছে ইণ্টাৰনেট সেৱা৷ অসম চৰকাৰৰ প্ৰতিষ্ঠান এমট্ৰনে বাংলাদেশৰ পৰা ইণ্টাৰনেট সেৱা ক্ৰয় কৰাৰ বাবে বুজাবুজি চুক্তিত স্বাক্ষৰ কৰিছে৷ অসমৰ চৰকাৰী কাৰ্যালয়সমূহত উচ্ছমানৰ আৰু নিয়মীয়া ইণ্টাৰনেট সেৱা উপলব্ধ কৰোৱাৰ স্বাৰ্থতে চুবুৰীয়া ৰাষ্ট্ৰখনৰ  সৈতে এমট্ৰনে শেহতীয়াকৈ বুজাবুজি চুক্তি কৰাৰ  কথা জানিবলৈ দিছে এমট্ৰনৰ অধ্যক্ষ ৰমেন্দ্ৰ নাৰায়ণ কলিতাই৷ শুকুৰবাৰে সংবাদ মাধ্যমৰ আগত এই সন্দৰ্ভত বিজেপি চৰকাৰৰ মিত্ৰ দল অগপৰ বিধায়ক তথা এমট্ৰনৰ অধ্যক্ষ কলিতাই কয়– চৰকাৰী কাৰ্যালয় সমূহত ইণ্টাৰনেটৰ যিখিনি সেৱা আগবঢ়াব লাগে, সেই সেৱা আমি এমট্ৰনৰ পৰা আগবঢ়াই আহিছো৷ ঠিক তেনেকৈ কেন্দ্ৰীয় চৰকাৰৰ এনআইচিৰ ফালৰ পৰাও ইণ্টাৰনেটৰ সুবিধা প্ৰদান কৰে৷ তদুপৰি ব্যক্তিগত টেলিকম প্ৰতিষ্ঠানসমূহেও ইণ্টাৰনেটৰ সেৱা আগবঢ়াই আহিছে৷ অসমত ইণ্টাৰনেটৰ সেৱা অধিক উচ্ছমানৰ কৰাৰ বাবে আৰু নিয়মীয়াকৈ সেৱা লাভ কৰাৰ স্বাৰ্থত বাংলাদেশৰ লগত বুজাবুজি চুক্তি স্বাক্ষৰ কৰা হৈছে৷ ইণ্টাৰনেচনেল ইণ্টাৰনেট গেটৱে’ চমুকৈ আইআইজি কৰাৰ বাবে এই বুজাবুজি চুক্তি স্বাক্ষৰ  কৰা হৈছে৷ ইয়াৰ ফলত বাংলাদেশৰ পৰা ইণ্টাৰনেট সেৱা লাভ কৰিম আৰু  এই সেৱাৰ মাচুলো কম হ’ব৷ বাংলাদেশৰ পৰা ইণ্টাৰনেট সেৱাৰ লাইন মেঘালয়ৰ হৈ অসমলৈ অনাৰ চিন্তা চৰ্চা কৰিছো৷ ইতিমধ্যে মেঘালয় চৰকাৰৰ লগত আলোচনা কৰা হৈছে৷ মেঘালয় চৰকাৰে ডাউকীত এডোখৰ মাটি আৱণ্টনৰ বাবে সন্মতি দিছে৷ যদিহে সোনকালে এই ব্যৱস্থা কাৰ্যক্ষম কৰিব পাৰো, তেনেহ’লে  অসমত ইণ্টাৰনেটৰ দুৰৱস্থা নোহোৱা হৈ পৰিব৷ ফলত বাংলাদেশৰ ইণ্টাৰনেটৰ দ্বাৰা অসমৰ চৰকাৰ-বেচৰকাৰী কাৰ্যালয়ত সমস্যা নোহোৱৈকৈ সেৱা আগৱঢ়োৱা হ’ব৷ এমট্ৰনক চৰকাৰী বিভাগসমূহে দিব লগীয়া ধন বহুতেই আজিও আদায় দিয়া নাই৷