Logo
image

চিল্কাৰ পাছতেই দেশৰ বৃহত্তম পক্ষীক্ষেত্ৰ কাজিৰঙা

‘আমাৰ অসম’ৰ কাজিৰঙা আৰু বোকাখাতৰ প্ৰতিবেদক, ১৩ জানুৱাৰীঃ চিল্কা হ্ৰদৰ পাছতে দেশৰ দ্বিতীয় বৃহত্তম পক্ষীক্ষেত্ৰৰ স্বীকৃতি পালে কাজিৰঙাই৷ চিল্কাৰ ১.১৩ লাখ পক্ষীৰ বিপৰীতে ৮৪,৮৩৯ পক্ষীৰে দেশৰ দ্বিতীয় বৃহৎ পক্ষীক্ষেত্ৰত পৰিণত হ’ল কাজিৰঙা৷ উল্লেখ্য, দুদিনীয়া কাৰ্যসূচীৰে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান তথা ব্যাঘ্ৰ সংৰক্ষিত বনাঞ্চলত পঞ্চম পক্ষী গণনাৰ পিছত আজি ৰাষ্ট্ৰীয় উদ্যানখনৰ সঞ্চালক সোণালী ঘোষে পক্ষী গণনাৰ  পৰিসংখ্যা প্ৰকাশ কৰে৷ পঞ্চম পক্ষী গণনাৰ পিছত পোৱা তথ্য মতে, ভাৰতৰ ৫খন আগশাৰীৰ পক্ষীক্ষেত্ৰৰ ভিতৰত অন্যতম হিচাপে পৰিগণিত হ’ল কাজিৰঙা৷ দেশৰ ভিতৰতে প্ৰথম চিল্কা হ্ৰদৰ পিছতেই কাজিৰঙা দ্বিতীয় পক্ষীক্ষেত্ৰ হিচাপে পৰিগণিত হ’ল৷ আজি কাজিৰঙাৰ কহঁৰাত অৱস্থিত বন বিভাগৰ মহিচন্দ্ৰ মিৰি প্ৰেক্ষাগৃহত কাজিৰঙা উদ্যানৰ সঞ্চালক সোণালী ঘোষে সাংবাদিকৰ আগত এই কথা প্ৰকাশ কৰে৷ চিল্কা হ্ৰদৰ ১.১৩ লাখ পক্ষীৰ বিপৰীতে পঞ্চম পক্ষী গণনাৰ পিছত ৮৪,৮৩৯ পক্ষীৰ উপস্থিতিৰে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানে দেশৰ ভিতৰতে পক্ষী থকা দ্বিতীয় বৃহতম পক্ষীক্ষেত্ৰ হিচাপে পৰিগণিত হ’ল৷ এই পৰিসংখ্যাৰে এতিয়া কাজিৰঙাক ৰামচাৰ ক্ষেত্ৰৰ তালিকাত অন্তৰ্ভূক্ত কৰাৰ প্ৰচেষ্টা আৰম্ভ কৰিব বুলিও সাংবাদিকক জানিবলৈ দিয়ে বিষয়া গৰাকীয়ে৷ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু ব্যাঘ্ৰ সংৰক্ষিত বনাঞ্চলত ৯ আৰু ১০ জানুৱাৰীত অনুষ্ঠিত পঞ্চম পক্ষী গণনাৰ পৰিসংখ্যা আনুষ্ঠানিকভাৱে ঘোষণা কৰি সঞ্চালক ঘোষে জানিবলৈ দিয়া মতে, ৰাষ্ট্ৰীয় উদ্যান আৰু ব্যাঘ্ৰ সংৰক্ষিত বনাঞ্চলখনৰ পূব অসম বন্যপ্ৰাণী সংমণ্ডল, নগাওঁ বন সংমণ্ডল আৰু বিশ্বনাথ বন সংমণ্ডলৰ গুৰুত্বপুৰ্ণ মুঠ ১১৫খন বিলত কৰা গণনা মতে পঞ্চম পক্ষী গণনাত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত মুঠ ৮৪,৮৩৯টা বিভিন্ন প্ৰজাতি চৰাই পোৱা গৈছে৷ শেহতীয়া গণনাত কাজিৰঙাত ১২৭০টা প্ৰজাতিৰ ৮৪,৮৩৯টা চৰাই পোৱা গৈছে৷ এই পৰিসংখ্যা তিনিটা বন সংমণ্ডলৰ মুঠ ১১৫টা জলাশয় আৰু বিলত মুঠ ১০৮ গৰাকী গণনাকাৰী, ১৭৬ গৰাকী স্বেচ্ছাসেৱক আৰু তিনি শতাধিক বনকৰ্মীয়ে গণনা কৰি প্ৰস্তুত কৰিছিল৷  তথ্য মতে, ২০২১-২২ বৰ্ষৰ চতুৰ্থ পক্ষী গণনাৰ তুলনাই এইবাৰৰ পঞ্চম পক্ষী গণনাত ১৮,০৪৫টা চৰাই বেছিকৈ পোৱা গৈছে বুলি তেওঁ কয়৷ তথ্য মতে, উদ্যানখনৰ পূব অসম বন্যপ্ৰাণী সংমণ্ডলত বিভিন্ন প্ৰজাতিৰ মুঠ ৩৭,৬০৬ টা, নগাঁও বন্যপ্ৰাণী সংমণ্ডলত ৩৫, ৩২টা আৰু বিশ্বনাথ বন্যপ্ৰাণী সংমণ্ডলত ১২,০০২টা চৰাই পোৱা গৈছে৷ এই হিচাপত পূব অসম বন্যপ্ৰাণী সংমণ্ডলত ১,৩৫৯ টা, নগাওঁ বন সংমণ্ডলত ১০,৬৪২টা চৰাই বৃদ্ধি পোৱাটো শুভ লক্ষণ বুলি জানিবলৈ দিয়ে৷ উল্লেখ্য, এইবাৰৰ গণনাৰ সময়ত ৰাষ্ট্ৰীয় উদ্যানৰ নগাঁও বন সংমণ্ডলৰ ৰৌমাৰী বিলত সৰ্বাধিক ১৯,৩০১টা চৰাই আৰু কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ অগৰাতলি বনাঞ্চলৰ চহলা বিলত সৰ্বাধিক সংখ্যাৰ ১৩,০৮৪টা ধৃতৰাজ চৰাইৰ পোৱা গৈছে৷ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু ব্যাঘ্ৰ সংৰক্ষিত বনাঞ্চলৰ পঞ্চম পক্ষী গণনাত গণনাকাৰীৰ দলে গাল বিল টাৰ্ণ, বিয়েৰ প’চাৰ, হোৱাই ফ্ৰণ্টেত গুল, গ্ৰেটাৰ স্কুপ, ব্লেক হেডেড গাল, কটন পিগ্‌মী গুজ, গ্ৰেট ক্ৰেছটেড গ্ৰেবৰ আৰু বৈকাল টিলৰ দৰে অতি বিৰল প্ৰজাতিৰ পক্ষীৰ উপৰিও বিনটুৰুঙৰ দৰে বিৰল প্ৰজাতিৰ প্ৰাণী প্ৰত্যক্ষ কৰি নথিভুক্ত কৰিবলৈ সক্ষম হয়৷ এই প্ৰজাতিবোৰৰ ভিতৰত বিনটুৰুং নামৰ প্ৰাণী আৰু গাল বিল টাৰ্ণক কাজিৰঙাত প্ৰথমবাৰৰ বাবে প্ৰত্যক্ষ কৰা হৈছে৷ গণনাৰ সময়ত পূব অসম বন্যপ্ৰাণী সংমণ্ডল, নগাঁও বন্যপ্ৰাণী সংমণ্ডল আৰু বিশ্বনাথ বন সংমণ্ডলত লাভ কৰা তথ্যসমূহ সম্প্ৰতি বিশ্লেষণ কৰি থকা হৈছে৷ বিশ্লেষণৰ পিছত এই গণনাৰ এক প্ৰতিবেদন প্ৰকাশ কৰাৰ হ’ব৷ ইফালে, পঞ্চম পক্ষী গণনাত সহযোগ কৰাৰ বাবে স্থানীয় জনসাধাৰণ, দল-সংগঠন আৰু সকলো শিক্ষানুষ্ঠানক ধন্যবাদ জ্ঞাপন কৰে কাজিৰঙাৰ সঞ্চালক ড॰ সোণালী ঘোষে৷