Logo
image

খাকী পোছাক এৰি ৰাজনীতিত আনন্দ মিশ্ৰ অসমক লৈ আৱেগিক

‘আমাৰ অসম’ৰ গুৱাহাটীৰ প্ৰতিবেদক, ১৩ জানুৱাৰীঃ অৱশেষত নিশ্চিত হ’ল খাকী পোছাক এৰি আই পি এছ আনন্দ মিশ্ৰৰ ৰাজনীতিলৈ যাত্ৰা৷ পহিলা মাঘত অসম এৰি চিৰদিনৰ বাবে গৃহৰাজ্য বিহাৰলৈ গুচি যাব বৰ্তমান লখিমপুৰৰ আৰক্ষী অধীক্ষক হিচাপে কৰ্মৰত আনন্দ মিশ্ৰ৷ কিন্তু অসম  এৰি যাবলৈ লোৱাৰ প্ৰাকমুহূৰ্তত আৱেগিক হৈ পৰা দেখা গ’ল চেলিব্ৰেটী আই পি এছ বিষয়াজনক৷ বৃহস্পতিবাৰে লখিমপুৰত শুভাকাংশী তথা অনুৰাগীয়ে অনুষ্ঠিত কৰা এখন বিদায় সভাত অশ্ৰুসিক্ত হৈ পৰা দেখা গ’ল অপৰাধীৰ বাবে আতংকৰ অন্য নাম আনন্দ মিশ্ৰক৷ বিদায় সভাত আই পি এছ বিষয়াজনে বিহাৰক নিজৰ মাতৃ আৰু অসমক মাহী বুলি অভিহিত কৰে৷ তদুপৰি লখিমপুৰ তথা অসমবাসীক তেওঁক কেতিয়াও পাহৰি নাযাবলৈকো আহ৩ান জনায়৷ উল্লেখ্য ২০১০ বৰ্ষৰ অসম-মেঘালয় কেডাৰৰ আইপিএছ বিষয়া আনন্দ মিশ্ৰই ইতিমধ্যে বিহাৰৰ পৰা লোকসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰাৰ বাবে সাজু হৈছে৷ বিহাৰৰ বাক্সাৰ সমষ্টিৰ পৰা নিৰ্বাচন খেলাৰ বাবে বিজেপিৰ শীৰ্ষ নেতৃত্বই টিকট প্ৰদান আশ্বাস দিছে মিশ্ৰক৷  সেই সূত্ৰে দীৰ্ঘদিনৰ পৰা আনন্দ মিশ্ৰই বিহাৰৰ বাক্সাৰ সমষ্টিত যুৱ প্ৰজন্মক আকৰ্ষণ কৰি সজাগতামূলক প্ৰচাৰ অব্যাহত ৰাখিছে৷ আনকি আৰক্ষী বিষয়াজনে নিজৰ খাকী পোচাক পৰিহিত ফটোযুক্ত বৃহৎ কেলেণ্ডাৰ সমষ্টিটোৰ ৰাইজক উপহাৰ দিয়াও দেখা গৈছে৷ যাৰ বাবে কিছুদিন পূৰ্বে পদত্যাগ বিচাৰি আনন্দ মিশ্ৰই অসম চৰকাৰৰ মুখ্য সচিবলৈ পত্ৰ প্ৰেৰণ কৰিছিল৷ ১৬ জানুৱাৰীত অসম এৰি বিহাৰ যোৱাৰ বাবে ইতিমধ্যে টালি-টোপোলাও বান্ধিছে আনন্দ মিশ্ৰই৷ দুদিন পূৰ্বে নিজৰ পছন্দৰ বাইক দুখনো ৰে’লে যোগে নিজ জন্মস্থান বিহাৰলৈ পঠাই দিছে আনন্দ মিশ্ৰই৷ লখিমপুৰ ত্যাগ কৰাৰ পূৰ্বে বৃহস্পতিবাৰে একাংশ অনুৰাগীয়ে উত্তৰ লখিমপুৰ চহৰত আয়োজন কৰা এক বিদায় অনুষ্ঠানত আৱেগিক হৈ পৰা আৰক্ষী বিষয়া আনন্দ মিশ্ৰই কয়–‘মই যাওঁগৈ, আপোনালোকে মোক নাপাহৰিব, মই মানুহ ভালপাওঁ, সেয়ে চৰকাৰী এছঅ’পি মানি কথা ক’ব নোৱাৰো৷ মই শাৰীৰিকভাৱেহে ইয়াৰ পৰা গৈ আছো, কিন্তু অসম সদায় মোৰ অন্তৰত থাকিব৷ অসমত কাম কৰোতে মই  প্ৰতিজন ভাল মানুহকে লগ পাইছো৷ অসমত অহাৰ পৰা কেতিয়াও এজনো বেয়া মানুহ লগ পোৱা নাই৷ অসমৰ অৱস্থা ভাল কৰিবলৈ এজন অসমীয়া মানুহ লাগিব, এজন বিহাৰী মানুহ আহি অসমৰ অৱস্থা ভাল কৰিব নোৱাৰে৷ ঠিক তেনেদৰে বিহাৰ অৱস্থা ভাল কৰিবলৈ এজন বিহাৰী মানুহে লাগিব, অসমৰ পৰা গৈ বিহাৰৰ অৱস্থা ঠিক কৰিব নোৱাৰে৷ বিহাৰ যদি মোৰ মা হয় তেন্তে অসম মোৰ মাহী হয়৷ ইমান দিনে মই মাহীৰ বাবে কাম কৰিলো এতিয়া অলপ মাৰ বাবে কাম কৰিম৷’