Logo
image

শীতৰ প্ৰকোপ

বিগত এসপ্তাহমানৰ পৰা অসমৰ লগতে উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যকেইখনত শীতপ্ৰবাহে স্বাভাৱিক জীৱনযাত্ৰা বিঘ্নিত  কৰিছে৷ তাপমান হ্ৰাস পোৱাৰ লগতে ঘন কুঁৱলীৰ বাবে যান-বাহনৰ চলাচলতো ব্যাঘাত জন্মিছে৷ কেৱল উত্তৰ-পূৰ্বাঞ্চলেই নহয়, দেশৰ উত্তৰ, পশ্চিমৰ ৰাজ্যবোৰতো শেহতীয়াকৈ শীতৰ প্ৰকোপ বৃদ্ধি পাইছে৷ মঙলবাৰে দুপৰীয়াপৰ্যন্ত অসমৰ  গুৱাহাটী মহানগৰীৰ সৰ্বনিম্ন তামমাত্ৰা আছিল ১১ ডিগ্ৰী চেলছিয়াছ৷ তাৰ বিপৰীতে ৰাজ্যৰ কেতবোৰ ঠাইৰ তাপমাত্ৰ ৯ ডিগ্ৰীলৈ হ্ৰাস পাইছিল৷ সেই সময়ছোৱাত মেঘালয়ৰ ৰাজধানী শ্বিলঙৰ তাপমান ৩ ডিগ্ৰীলৈ নামিছিল৷ উত্তৰ-পূৰ্বাঞ্চলত এয়া অস্বাভাৱিক শীতপ্ৰবাহ বুলি ক’ব নোৱাৰি৷ কিয়নো যোৱা বছৰৰ ডিচেম্বৰত গুৱাহাটীৰ তাপমাত্ৰা ১২ ডিগ্ৰীপৰ্যন্ত হ্ৰাস পাইছিল৷ তেনেদৰে ডিব্ৰুগড়ৰ সৰ্বনিম্ন তাপমান আছিল ৯ ডিগ্ৰী৷ অসমৰ লগতে উত্তৰ-পূৰ্বাঞ্চলত এক দশকমান পূৰ্বে ছেপ্টেম্বৰৰ পৰাই  তাপমাত্ৰা ক্ৰমাৎ হ্ৰাস পাইছিল৷ কিন্তু শেহতীয়াকৈ নৱেম্বৰপৰ্যন্ত দেখা যায় গ্ৰীষ্মৰ প্ৰভাৱ; যিটো স্বাভাৱিক নহয়৷ পূৰ্বে অসমত দুই-আঢ়ৈ মাহমান শীত অনুভূত হৈছিল৷ কিন্তু বৰ্তমান দেখা গৈছে ডিচেম্বৰৰ শেষভাগৰ পৰাহে শীতৰ আগমন হয় আৰু ভোগালী বিহুৰ পাছত তাপমাত্ৰা ক্ৰমে বৃদ্ধি পাবলৈ ধৰে৷ শেহতীয়াভাৱে এটা অধ্যয়নৰ পৰা জানিব পৰা গৈছে যে ভাৰতৰ বতৰ ক্ৰমাৎ অস্বাভাৱিক হৈ পৰিছে৷ জলবায়ুপৰিৱৰ্তনৰ বাবে এনে হোৱা বুলি মন্তব্য কৰিছে বতৰ বিজ্ঞানীসকলে৷ বৰষুণৰ পৰিমাণ কম হোৱাৰ বাবে দেশৰ কেইবাখনো ৰাজ্য প্ৰবল গ্ৰীষ্মপ্ৰবাহৰ কবলত পৰিবলগীয়া হয়৷

উল্লেখ্য, জলবায়ুৰ পৰিৱৰ্তন কেৱল ভাৰতৰে সমস্যা নহয়; বিশ্বৰ প্ৰায়বোৰ দেশতে ইয়াৰ প্ৰভাৱ পৰিছে৷ এই পৰিৱৰ্তনৰ বাবে বহু পৰিমাণে মানুহেই জগৰীয়া৷ নগৰীকৰণৰ নামত বনাঞ্চল ধবংস কৰাৰ ফলত বৃদ্ধি পাবলৈ ধৰিছে গ্ল’বেল ৱাৰ্মিং৷ কেৱল সেয়াই নহয়, কল-কাৰখানা, যান-বাহনৰ পৰা নিৰ্গত ধোঁৱাই বায়ুমণ্ডল দূষিত কৰাৰ ফলতো তাৰ কুফল ভুগিবলগীয়া হৈছে মানৱ জাতিয়ে৷ পৰিৱেশ বিজ্ঞানীসকলেও জলবায়ুৰ অস্বাভাৱিক পৰিৱৰ্তনৰ বাবে এই কাৰককেইটাকে মুখ্য কাৰণ হিচাপে উল্লেখ কৰিছে৷ এই সন্দৰ্ভত পৰিৱেশ বিজ্ঞানীসকলে সতৰ্ক কৰি দিছে যে জলবায়ুৰ শেহতীয়া পৰিৱৰ্তন উদ্বেগৰ কাৰণ হৈ পৰিছে আৰু প্ৰাকৃতিক ভাৰসাম্য বজাই ৰাখিবলৈ হ’লে মানৱ জাতি সম্ভাব্যভয়াৱহ ভৱিষ্যতক লৈ সতৰ্ক হোৱাৰ সময় সমাগত৷

বতৰ বিজ্ঞান কেন্দ্ৰৰ তথ্য অনুসৰি, অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ শেহতীয়া শীতপ্ৰবাহৰ মূল কাৰণ হৈছে বংগোপসাগৰত [বাংলাদেশৰ দক্ষিণ অঞ্চলত] সৃষ্টি হোৱা সাগৰীয় ঘূৰ্ণী৷ ইয়াৰ ফলত পশ্চিমবংগৰ ঠাইবিশেষে বৃষ্টিপাতো হৈছে৷ পৰৱৰ্তী দুই-তিনিদিন এই পৰিৱেশ অব্যাহত থকাৰ সম্ভাৱনা আছে আৰু এই সময়ছোৱাত অসমতো বৰষুণ হোৱাৰ সম্ভাৱনা আছে৷ অসমৰ দৰে পশ্চিমবংগতো ঘন কুঁৱলীৰ বাবে দৃশ্যমান্যতা হ্ৰাস পোৱাৰ সম্ভাৱনা আছে৷ ইপিনে, ২০ জানুৱাৰীলৈ নিশাৰ তাপমান হ্ৰাস পোৱাৰ সম্ভাৱনা কম বুুলিয়েই প্ৰকাশ কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰই৷ উত্তৰ-পূৰ্বাঞ্চলত বিগত এটা সপ্তাহত নাগালেণ্ডৰ তাপমান বিগত কেইবা বছৰৰ তুলনাত হ্ৰাস পোৱা বুলি জানিব পৰা গৈছে৷ তেনেদৰে অৰুণাচল প্ৰদেশৰ কেইবা ঠাইত হিমবাহ হোৱাৰ সম্ভাৱনা আছে৷ প্ৰকৃতিৰ নিয়ম অনুসৰিয়েই দেশৰ বিভিন্ন ঠাইত শীতপ্ৰবাহ দেখা গৈছে৷ ইয়াক অৱশ্যে অস্বাভাৱিক বুলি ক’ব নোৱাৰি৷ কিন্তু এটা কথা স্বীকাৰ্য যে পৰিৱেশৰ ভাৰসমতা অক্ষুণ্ণ ৰখাৰ ক্ষেত্ৰত যদি সতৰ্কতামূলক ব্যৱস্থা লোৱা নহয়, তেন্তে গ্ৰীষ্মপ্ৰবাহৰ দৰে শীতপ্ৰবাহো এটা সময়ত ভাৰতৰ বাবে সমস্যা হৈ পৰিব৷