Logo
image

বিপজ্জনক বৰ্ষ

‘আমাৰ অসম’ৰ বিশেষ প্ৰতিবেদন, ১৭ জানুৱাৰীঃ নৱবৰ্ষৰ, অৰ্থাৎ ২০২৪ চনৰ শুভেচ্ছাবাণী আদান-প্ৰদান শেষ হওঁ-নৌহওঁতেই সমাগত বছৰটোৱে সমগ্ৰ বিশ্বলৈ অভাৱনীয় অশনি সংকেত কঢ়িয়াই আনিছে৷ এটা দিশে উৎপাদনশীলতা বৃদ্ধিৰ আশা আৰু আনদিশে কৰ্মসংস্থাপন হেৰুওৱাৰ আশংকা৷ এই সকলোৰে মূলতে এআই, অৰ্থাৎ আৰ্টিফিচিয়েল ইণ্টেলিজেন্স অথবা কৃত্ৰিম বুদ্ধিমত্তা৷ এই এআইৰ ‘সৌজন্য’ত ২০২৪ চনত সমগ্ৰ বিশ্বৰ ৪০ শতাংশ চাকৰিয়ালে সংস্থাপন হেৰুৱাব আৰু ৬০ শতাংশ চাকৰিৰ ক্ষেত্ৰত এআইৰ বিৰূপ প্ৰভাৱ পৰিব৷ এই আশংকা প্ৰকাশ কৰিছে আন্তৰাষ্ট্ৰীয় মুদ্ৰানিধি বা আইএমএফৰ মুৰব্বী ক্ৰিষ্টালিনা জৰ্জিয়েভাই৷ ছুইজাৰলেণ্ডৰ ডাভোছত অনুষ্ঠিত ‘ৱৰ্ল্ড’ ইকনমিক ফ’ৰাম’ৰ বাৰ্ষিক বৈঠকত যোগদানৰ বাবে ৰাওনা হোৱাৰ পূৰ্বে আইএমএফৰ পৰিচালন সঞ্চালক ক্ৰিষ্টালিনা জৰ্জিয়েভাই যি আশংকা প্ৰকাশ কৰিলে, সেই বক্তব্যই আক্ষৰিক অৰ্থতে সমগ্ৰ বিশ্বক আতংকিত কৰি তুলিছে৷ স্বাভাবিকতে জীৱিকা হেৰুওৱাৰ আশংকাত ত্ৰস্তমান বিশ্বৰ সমুদায় চাকৰিজীৱি৷ এই আশংকাই অধিক গ্ৰাস কৰিছে বিশ্বৰ উন্নত ৰাষ্ট্ৰক, য’ত প্ৰযুক্তি নিৰ্ভৰতা অধিক৷ 

ক্ৰিষ্টালিনা জৰ্জিয়েভাই কয়–‘অধিক দক্ষতা প্ৰয়োজন হোৱা জীৱিকাৰ ক্ষেত্ৰত এআইৰ প্ৰভাৱ অতি বেছি হ’ব৷ ইয়াৰ বিপৰীতে উন্নয়নশীল দেশত ইয়াৰ প্ৰভাৱ আপেক্ষিকভাৱে কম হ’ব৷ সামগ্ৰিকভাৱে সমগ্ৰ বিশ্বত ৪০ শতাংশ চাকৰিজীৱিয়ে কৰ্মসংস্থাপন হেৰুৱাব৷ চৰম উদ্বেগৰ বিষয় এয়াই, চলিত বছৰতে এই ঘটনা সংঘটিত হ’ব৷ সেয়ে  ২০২৪ সকলো চাকৰিজীৱিৰ বাবেই বিপজ্জনক বৰ্ষ৷ অধিক দক্ষতাৰ প্ৰয়োজন হোৱা চাকৰিৰ ক্ষেত্ৰত বিপদ অধিক ঘণীভূত হ’ব৷ এয়া অনাকাংক্ষিত কিছু ইয়াক নোহোৱা কৰা অসম্ভৱ৷ কৃত্ৰিম বুদ্ধিমত্তাই এজন মানৱৰ তুলনাত অস্বাভাৱিকভাৱে কম সময়ত অভাৱনীয়ভাৱে উৎপাদনশীলতা প্ৰদৰ্শন কৰাটো বিজ্ঞানৰ উন্নতিৰ লক্ষণ, কিন্তু সেই এআইক ব্যৱহাৰ কৰাৰ লগে লগে কেইবাজনো দক্ষ লোকে নিজৰ কৰ্মসংস্থাপন হেৰুওৱাটো চৰম উদ্বেগৰ বিষয়৷ যিকোনো স্বত্বাধিকাৰীকে ন্য়ূনতম ব্যয়ত অধিক উৎপাদনশীল এআই ব্যৱহাৰ কৰাৰ ক্ষেত্ৰত বাধা প্ৰদানো সম্ভৱ নহয়৷’

এআইৰ প্ৰভাৱ সন্দৰ্ভত আইএমএফে এখন প্ৰতিবেদন প্ৰকাশ কৰিছে, য’ত প্ৰাৰম্ভিকভাৱে উন্নয়নশীল দেশত কৰ্মসংস্থাপন হানিৰ হাৰ আৰু পৰিমাণ কম  হ’ব বুলি কোৱা হৈছে৷ কিয়নো উন্নয়নশীল দেশত প্ৰযুক্তি নিৰ্ভৰতা উন্নত দেশৰ তুলনাত কম৷ উন্নয়নশীল দেশতো এআইৰ ব্যৱহাৰ হ’ব৷ কিন্তু সেই ব্যৱহাৰৰ জৰিয়তে উৎপাদনশীলতা বৃদ্ধি পাব৷ লাহে লাহে তেনে দেশতো এআইয়ে এফালৰ পৰা কৰ্মসংস্থাপন নোহোৱা কৰিবলৈ ধৰিব৷ কিন্তু উন্নত দেশত, য’ত মানৱনিৰ্ভৰতা তুলনামুলকভাৱে কম, তাত ইতিমধ্যে এআইয়ে দক্ষতা প্ৰয়োজন হোৱা স্থান বা পদ অধিকাৰ কৰিবলৈ আৰম্ভ কৰিছে আৰু দক্ষতাসম্পন্ন চাকৰি গ্ৰাস কৰিবলৈ ধৰিছে৷ কিন্তু একেসময়তে সমগ্ৰ বিশ্বই এআই ব্যৱহাৰৰ জৰিয়তে অভাৱনীয় উৎপাদনশীলতা দেখিবলৈ পাব, যি পৰিমাণৰ উৎপাদন মানৱ দক্ষতাৰ দ্বাৰা ইমান কম সময়ত, ইমান দ্ৰুততাৰে অসম্ভৱ৷

এনে পৰিস্থিতিত ২০২৪ সমগ্ৰ বিশ্বৰ বাবে অতিশয় বিপজ্জনক বৰ্ষ হ’ব৷ বিশ্বৰ ৪০ শতাংশ চাকৰিজীৱিয়ে তেওঁলোকৰ কৰ্মসংস্থাপন হেৰুওৱা নিশ্চিত৷ সেয়ে প্ৰত্যেক দেশৰ বাবেই বিত্তীয় নীতি সলনি কৰাটো অতি প্ৰয়োজনীয়৷ ক’ভিড অতিমাৰীৰ ফলত সমগ্ৰ বিশ্বত অৰ্থনৈতিক অস্থিৰতাৰ সৃষ্টি হৈছিল, লাখ লাখ লোক কৰ্মসংস্থাপনহীন হৈছিল৷ তাৰ প্ৰভাব এতিয়াও অব্যাহত আছে৷ সেই বিপৰ্যয়ৰ পৰা বিশ্বই উদ্ধাৰ পোৱাৰ পূৰ্বেই এইবাৰ প্ৰযুক্তি আহিছে ফ্ৰাংকেনষ্টাইনৰ ৰূপত৷ ক’ভিডৰ ফলত সৃষ্টি হোৱা পৰিস্থিতি, কৰ্মসংস্থাপনহীনতাৰ পৰা সামান্য ৰক্ষা পালেও বা ৰক্ষা পোৱাৰ আশা থাকিলেও এআইৰ গ্ৰাসৰ পৰা ৰক্ষা পোৱা প্ৰায় অসম্ভৱ৷ কিয়নো দক্ষতা, উদ্ভাৱনী শক্তি আৰু ন্য়ূনতম সময়ত কাম সম্পন্ন কৰিব পৰাৰ ক্ষমতাৰ বাবে ক্ৰমাৎ সকলোৰে বাবে আদৰণীয় হৈ পৰিছে এআই, যি বিশ্বৰ চাকৰিজীৱিৰ বাবে এতিয়াও প্ৰধান আতংক৷