Logo
image

গেছৰ পৰা এইদৰে উপশম পাওক

জাংকফুড আৰু জীৱন শৈলীৰ বাবে বহু লোক এচিডিটিৰ সমস্যাত ভোগে৷ ইয়াৰ ফলত পেট ফুলাৰ উপৰি পেট, বুকু, বা মূৰৰ বিষ অনুভৱ হয়৷ এইদৰে গেছৰ সমস্যাত ভুগিলে তাৎক্ষণিকভাৱে এইখিনি কৰক৷ 

জিৰা পানীঃ গেছৰ বাবে অশান্তিত ভুগিলে এগিলাচ গৰম পানী লৈ তাত কেইটামান জিৰাগুটি মিহলাই এই পানী খালে তাৎক্ষণিকভাৱে গেছৰ পৰা সকাহ পাব৷ 

ডাল চেনিঃ ডাল চেনি খালেও গেছৰ সমস্যাৰ পৰা সকাহ পাব পাৰি৷ ডাল চেনিয়ে এণ্টাচিড হিচাপে কাম কৰে৷ ডাল চেনিৰ গুৰি কুহুমীয়া  পানীৰ সৈতে মিলাই খালে গেছৰ পৰা সকাহ পাব পাৰি৷ 

তুলসীৰ ৰসঃ তুলসীপাতৰ ৰস খালেও গেছৰ সমস্যাৰ পৰা সকাহ পাব পাৰি৷ এগিলাছ গৰম পানীত চাৰিটমান তুলসীপাত দি সেই পানী খালে গেছৰ পৰা সকাহ পাব৷

মাখনঃ গেছৰ সমস্যাত ভুগিলে মাখন খালেও সুফল পাব পাৰি৷ মাখনত লেকটিক এচিড থাকে৷ এই এচিডে এচিডিটিৰ পৰা সকাহ দিয়ে৷