চন্দ্ৰ-ৰহস্য ওৰ পৰা নাই
‘আমাৰ অসম’ৰ ষ্টাফ ৰিপ’ৰ্টাৰ, ১৮ জানুৱাৰীঃ ‘চন্দ্ৰৰ সকলো ৰহস্য ভেদ কৰিবলৈ এটা চন্দ্ৰযান-৩ মিছনেই যথেষ্ট নহয়৷ ভৱিষ্যতে আৰু বহুতো চন্দ্ৰযান মিছনৰ প্ৰয়োজন হ’ব৷ চন্দ্ৰযান-৩ৰ সকলো ডাটা এতিয়াও বিজ্ঞানীসকলে লাভ কৰা নাই৷ সকলো তথ্য প্ৰকাশ কৰিবলৈ আৰু কিছুদিন লাগিব৷’– এই মন্তব্য ইছৰ’ৰ অধ্যক্ষ ড॰ শ্ৰীধৰ পাণিকৰ সোমনাথৰ৷ বুধবাৰে গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাগৃহত প্ৰাগজ্যোতিষ বিশ্ববিদ্যালয়ে আয়োজন কৰা এক সম্বৰ্ধনা তথা ছাত্ৰ-ছাত্ৰীৰে মত বিনিময় অনুষ্ঠানত এজন ছাত্ৰৰ প্ৰশ্নৰ উত্তৰ দি ড॰ সোমনাথে কয়– ‘২০০৮ চনত যেতিয়া চন্দ্ৰযান-১ মিছন লন্স কৰা হৈছিল, তেতিয়াও ইয়াৰ ফলাফল আহিবলৈ প্ৰায় এবছৰ সময় লাগিছিল৷ চন্দ্ৰযান-৩ মিছন সম্পূৰ্ণ হোৱা মাত্ৰ কেইমাহমানহে হৈছে, গতিকে এতিয়াও বহু তথ্য বিজ্ঞানীসকলে পাবলৈ বাকী আছে৷ সকলো তথ্য লাভ কৰাৰ পাছতহে গৱেষণা প্ৰক্ৰিয়া সম্পূৰ্ণ হ’ব৷ ডাটাৰ পীয়েৰ ৰিভিউ, পীয়েৰ এনালাইছিছ কৰা হ’ব৷ চন্দ্ৰযান-৩ৰ আমাৰ মূল লক্ষ্য হৈছে চন্দ্ৰৰ কেতবোৰ ৰহস্য জনাৰ চেষ্টা কৰা৷ চন্দ্ৰটো পৃথিৱীৰ পৰা ফালি যোৱা নেকি, এষ্ট্ৰয়ডে খুন্দা মাৰিছিল নেকি, চন্দ্ৰপৃষ্ঠত পানীৰ উপস্থিতি, কিয় মাধ্যাকৰ্ষণ থকাৰ পাছতো চন্দ্ৰত বায়ুমণ্ডল নাই, চন্দ্ৰৰ টেকটনিক প্লেটৰ গতিবিধি, খনিজ পদাৰ্থ তথা হিলিয়াম-৩ চন্দ্ৰত আছে নেকি– ইত্যাদি তথ্য চন্দ্ৰযান-৩১ জৰিয়তে লাভ কৰাৰ বাবে গৱেষণা অব্যাহত আছে৷’ প্ৰসংগক্ৰমে সোমনাথে ৰসিকতাভাৱে কয় যে চন্দ্ৰযান-ৰৰ সময়ত চন্দ্ৰত পানী বা হাইড্ৰক্সিল এলিমেণ্ট থকাৰ কথা ভাৰতীয় বিজ্ঞানীৰ ইনষ্ট্ৰুমেণ্টে প্ৰথমে আৱিষ্কাৰ কৰিছিল৷ অভিযানত এটা ভাৰতীয় বিজ্ঞানীৰ আৰু আন এটা আমেৰিকান বিজ্ঞানী ইনষ্ট্ৰুমেণ্ট পঠোৱা হৈছিল৷ ভাৰতীয় বিজ্ঞানীসকলে তথ্য লাভৰ পাছতো চন্দ্ৰত হাইড্ৰ’ক্সিল এলিমেণ্ট থকাৰ কথাটো প্ৰকাশ কৰিবলৈ শংকাবোধ কৰিলে৷ কিন্তু পাছত একেটা কথাকে আমেৰিকান বিজ্ঞানীয়ে গৱেষণা পত্ৰিকাত প্ৰকাশ কৰিলে৷ তেতিয়াহে ভাৰতীয় বিজ্ঞানীৰ আত্মবিশ্বাস দৃঢ় হ’ল– আমি ঠিকেই কৈছিলোঁ৷ সোমনাথে কয় যে চন্দ্ৰযান-৩ৰ পাঁচটা পেলটৰ পৰা লাভ কৰা তথ্য মানৱ ইতিহাসৰ বাবে গুৰুত্বপূৰ্ণ সমল হ’ব৷ উৎসুক ছাত্ৰ-ছাত্ৰীৰ এটা এটাকৈ প্ৰশ্নৰ উত্তৰ দি ড॰ সোমনাথে কয় যে সফলতা-বিফলতাই মানুহৰ ভৱিষ্যৎ নিৰ্ধাৰণ নকৰে৷ বিফলতাৰ পৰা শিক্ষা গ্ৰহণ কৰিব লাগে৷ বিফলতাক লৈ আত্মসমালোচনা কৰিব লাগে৷ বিফলতাক পুনৰ সফলতালৈ ৰূপান্তৰ কৰাৰ কোনো ছুটি ৰাস্তা নাই৷ মানুহৰ জীৱনত কৃতজ্ঞতাবোধ থাকিলে মতিভেশ্বন নিজে নিজেই আহে৷ বিজ্ঞানৰ ৰসবোধ কৰিব পাৰিলে বিজ্ঞান এটা অত্যন্ত সুন্দৰ বিষয়৷ সোমনাথে কয় যে এতিয়া বিশ্বৰ খনিজ সম্পদত চহকী, সামৰিক শক্তিত চহকী দেশসমূহেও জ্ঞানৰ শক্তিৰ ওচৰত সেও মানিব লগা হৈছে৷ এই জ্ঞানৰ শক্তি হ’ব লাগিব নতুন জ্ঞান (নিউ নলেজ)৷ আজি এআইৰ জৰিয়তে কোনে কি গ’ছিপ কৰি আছে, সেয়াও জানিব পাৰি৷ চিকিৎসা, শিক্ষা, স্বাস্থ্য সকলো এতিয়া কম্পিউটাৰ নিৰ্ভৰ হৈ পৰিছে৷ নতুন জ্ঞানৰ জৰিয়তে আমি শক্তি আহৰণ কৰিব লাগিব৷ এক উন্নত জীৱনশৈলী গঢ় দিবলৈ আৰু সমগ্ৰ পৃথিৱীবাসীৰ বাবে শান্তিপূৰ্ণভাৱে বাস কৰা এক স্থান হিচাপে স্বীকৃতি লাভ কৰিবলৈ আমাক নতুন নলেজৰ প্ৰয়োজন৷ এগৰাকী ছাত্ৰীৰ এক প্ৰশ্নৰ উত্তৰত ড॰ সোমনাথে কয় যে প্ৰদূষণৰ ফলত সৃষ্টি হোৱা অ’জন স্তৰৰ ক্ষতি মানুহে ৰকেট বা উপগ্ৰহৰ দ্বাৰা ভাল কৰিব নোৱাৰে৷ উপগ্ৰহৰ দ্বাৰা মাথোঁ মানৱ জাতিক অ’জন স্তৰৰ সন্দৰ্ভত সতৰ্কহে কৰিব পৰা যায়৷ ড॰ কে কস্তুৰীৰঞ্জন, এপিজে আব্দুল কালাম আদিৰ সৈতে ইছৰোত কাম কৰাৰ কথা সোঁৱৰি ড॰ সোমনাথে কয় যে কল্পনা উপগ্ৰহৰ বিজুতি তেওঁ ৪৮ ঘণ্টাৰ ভিতৰত দিনে-ৰাতিয়ে কাম কৰি ঠিক কৰিব লগা হৈছিল৷ ভুলৰ সময়ত সমগ্ৰ সংস্থাটো তেওঁৰ সৈতে থিয় দিছিল৷ উল্লেখ্য, ভাৰতী মহাকাশ গৱেষণা সংস্থাৰ অধ্যক্ষ ড॰ শ্ৰীধৰ পাণিকাৰ সোমনাথক চন্দ্ৰযান-৩ অভিযানৰ সফলতাৰ বাবে গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাগৃহত আয়োজিত এক কাৰ্যসূচীত প্ৰাগজ্যোতিষপুৰ বিশ্ববিদ্যালয়ে সম্বৰ্ধনা জনায়৷ এগৰাকী আন্তৰ্জাতিক খ্যাতিসম্পন্ন বিজ্ঞানী ড॰ সোমনাথে চন্দ্ৰযান-৩ অভিযানৰ বৈজ্ঞানিক দলটোক নেতৃত্ব দিছিল৷ ২০২৩ চনৰ সফল চন্দ্ৰযান-৩ অভিযানৰ আঁৰত থকা বিজ্ঞানী আৰু অভিযন্তাসকলৰ যি চন্দ্ৰৰ দক্ষিণ মেৰুত উপনীত হোৱা প্ৰথমখন দেশ হৈ ভাৰতক ইতিহাস ৰচনা কৰাত সহায় কৰিছিল৷ ২০২৩ চনৰ ছেপ্টেম্বৰ মাহত সোমনাথ আৰু তেওঁৰ দলটোৱে সূৰ্যলৈ ভাৰতৰ প্ৰথম পৰ্যবেক্ষণ অভিযান আদিত্য এল-১ সফলতাৰে উৎক্ষেপণ কৰি মহাকাশ বিজ্ঞান জগতত ভাৰতক এক শক্তিৰূপত দাঙি ধৰে৷ শিল্পী দিৱসৰ দিনটোতে আয়োজিত অনুষ্ঠানৰ আৰম্ভণিতেই মহান শিল্পী জ্যোতিপ্ৰসাদ আগৰৱালাৰ প্ৰতিচ্ছবিত মাল্যদান কৰি অসমৰ বিভিন্ন প্ৰান্তৰ পৰা অহা ছাত্ৰ-ছাত্ৰীৰে বাৰ্তালাপ মুকলি কৰা হয়৷ ইয়াৰ পাছতে শিক্ষাৰ্থীসকলে মহাকাশ অন্বেষণত ভাৰতৰ সাহসী প্ৰৱেশৰ বিষয়ে ড॰ সোমনাথৰ সৈতে মত বিনিময় কৰে৷ এই গাম্ভীৰ্যপূৰ্ণ কাৰ্যসূচীত প্ৰাগজ্যোতিষপুৰ বিশ্ববিদ্যালয়ৰ উপাচাৰ্য অধ্যাপক প্ৰদীপ কুমাৰ যোশী, বিশ্ববিদ্যালয়খনৰ উপাচাৰ্য অধ্যাপক স্মৃতি কুমাৰ সিন্হা, বিশ্ববিদ্যালয়ৰ পঞ্জীয়ক, অধ্যাপক যোগেশ কাকতি, আয়োজক সমিতিৰ সভাপতি অধ্যাপক পৰিমল চন্দ্ৰ ভট্টাচাৰ্য আৰু অসম চৰকাৰৰ শিক্ষা উপদেষ্টা অধ্যাপক ননীগোপাল মহন্তই বক্তব্য আগবঢ়ায়৷