Logo
image

কমা নাই শীতৰ প্ৰকোপঃ ৯ ডিগ্ৰীলৈ নামিল গুৱাহাটীৰ তাপমাত্ৰা

ডিজিটেল সংবাদ, গুৱাহাটীঃ মাঘ বিহুৰ উৰুকাৰ সময়ত দক্ষিণ বাংলাদেশৰ আকাশত সৃষ্টি হোৱা ঘূৰ্ণীয়মান বতাহ আৰু ইয়াৰ প্ৰভাৱত সাগৰ পৃষ্ঠৰ পৰা প্ৰায় ডেৰ কিলোমিটাৰ ওপৰেৰে উত্তৰ পূৰ্বাঞ্চলৰ দিশলৈ বিগত প্ৰায় ৫-৬দিন ধৰি শীতল বতাহ বলি আছে। ফলত ১৩ জানুৱাৰীৰ পৰা উত্তৰ পূৰ্বাঞ্চলৰ আন কেবাখনো ৰাজ্যৰ লগতে অসমলৈ পুনৰ নামি আহিছে শীত। আনহাতে বৰঝাৰস্থিত আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই শুকুৰবাৰে সন্ধিয়া সদৰি কৰা অনুসৰি বিগত ২৪ ঘণ্টাত অসম, অৰুণাচল প্ৰদেশ, মেঘালয়কে ধৰি উত্তৰ-পূবৰ ৰাজ্যকেইখনৰ বেছিভাগ অঞ্চল প্রচণ্ড শীতৰ কবলত পৰিছে। 

কিছুদিন আগলৈকে দুচকীয়া বাহন নচলোৱা লোকসকলৰ বাহিৰে আন সাধাৰণ লোক বা পথাচাৰীয়ে ফুল জেকেট বা ফুল ছুৱেটাৰ পৰিধান কৰিব লগা হোৱা নাছিল। কিন্তু মাঘ বিহুৰ উৰুকাৰ সময়ৰ পৰা পাৰাস্তম্ভ নিম্নগামী হোৱাত আৰু দিনৰ ভাগত সূৰুয দেৱতাই আকাশত ভুমুকি নমৰাত আন সাধাৰণ লোকেও ফুল ছুৱেটাৰ বা ফুল জেকেট পৰিধান কৰা পৰিলক্ষিত হৈছে। 

সমান্তৰালভাবে সন্ধিয়াৰ ভাগত গাওঁ অঞ্চলৰ লগতে নগৰাঞ্চলতো বহু লোকক জুইৰ তাপ লোৱা দেখা গৈছে। ইফালে অভাৱনীয় শীতৰ কবলত পৰা বাবে বিগত কেইবাদিনো ধৰি চুবুৰীয়া ৰাজ্য অৰুণাচল প্ৰদেশৰ  কেবাখনো জিলা বৰফৰ আচ্ছাদনে ঢাকি ৰাখিছে। আনকি  নাগালেণ্ডৰ কিছু কিছু অঞ্চলত বৰফ পৰা বুলি জানিব পৰা গৈছে। আনকি প্রচণ্ড  শীতৰ বাবে মেঘালয়ৰ ৰাজধানী শ্বিলং চহৰৰ সৰ্বনিম্ন তাপমাত্ৰা শুকুৰবাৰে  পুৱাৰ ভাগত ৩.১ ডিগ্ৰী চেলচিয়াছলৈ নামি গৈছে।  

বতৰ বিজ্ঞান কেন্দ্ৰৰ তথ্য  অনুসৰি আগন্তুক তিনি চাৰিদিন ধৰি অসমসহ উত্তৰ পূৰ্বাঞ্চলৰ আটাইকেইখন ৰাজ্যত এই শীতপ্ৰৱাহ অব্যাহত থাকিব।  আনকি শীতৰ সমান্তৰালভাৱে সন্ধিয়াৰ পাছত বহু অঞ্চলত কুঁৱলীৰ ডাঠ আচ্ছাদনে  ঢাকি ৰাখিব। ইফালে, শীতল বতাহ বলি থকা বাবে সন্ধিয়াপর্যন্ত ৰাজ্যৰ বেছিভাগ ঠাইতে তাপমাত্রা স্বাভাৱিকতকৈ হ্ৰাস পাইছে। আনকি চলিত বৰ্ষৰ শীতকালীন সময়চোৱাত প্ৰথমবাৰৰ বাবে শুকুৰবাৰে উত্তৰ পূবৰ দুৱাৰমুখ স্বৰূপ গুৱাহাটী মহানগৰীৰ সৰ্বনিম্ন তাপমাত্ৰা ৯  ডিগ্ৰী চেলচিয়াছলৈ নামি আহে। বৃহস্পতিবাৰে গুৱাহাটীৰ সৰ্বনিম্ন তাপমাত্ৰা আছিল ১০ ডিগ্ৰী চেলচিয়াছ। তেনেদৰে সন্ধিয়া পর্যন্ত বিগত ২৪ ঘণ্টাত ৰাজ্যৰ কেতবোৰ নগৰ-চহৰত সৰ্বনিম্ন  তাপমাত্ৰাৰ পৰিমাণ আছিল এনেধৰণৰ- ডিব্ৰুগড় ৭.৪ ডিগ্ৰী, তেজপুৰ ৯.২ ডিগ্ৰী, শিলচৰ ৯.১  ডিগ্ৰী, ধুবুৰী ৯.৮  ডিগ্রী, যোৰহাট ৭.২ ডিগ্ৰী, উত্তৰ লখিমপুৰ ৫.৬ ডিগ্রী ছেলছিয়াছ। 

আনহাতে একে সময়চোৱাত উত্তৰ পূৰ্বাঞ্চলৰ আটাইকেইখন ৰাজ্যৰ ৰাজধানী চহৰৰো তাপমাত্ৰা নিম্নগামী হোৱাত স্বাভাৱিক জনজীৱনত বিৰূপ প্ৰভাৱ পৰিছে। তাৰ ভিতৰত কহিমাৰ ৩.৮ ডিগ্ৰী চেলচিয়াছ, ইম্ফলৰ ৩.৩ ডিগ্ৰী চেলচিয়াছ, আইজলৰ ৩.৭ ডিগ্ৰী চেলচিয়াছ, আগৰতলাৰ ৮.০ ডিগ্ৰী চেলচিয়াছ। আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই আগন্তুক কেবাদিনলৈ গুৱাহাটীকে ধৰি ৰাজ্যৰ বেছিভাগ অঞ্চল কুঁৱলীৰ আচ্ছাদনে ঢাকি ৰাখিব বুলি আগতীয়াকৈ সতৰ্কতা জাৰি কৰিছে। ইয়াৰ ফলত বিমানৰ স্বাভাৱিক উৰণ-অবতৰণত বাধাৰ সৃষ্টি হৈছে। বিগত প্ৰায় এটা সপ্তাহ ধৰি বৰঝাৰস্থিত  লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ আকাশত কুঁৱলীৰ প্ৰকোপৰ বাবে পুৱা ৮ বা ৯ বজাৰ পাছতহে বিমানৰ উৰণ-অৱতৰণ কৰিবলগীয়া হৈছে।