Logo
image

১৬ অনূৰ্ধ্ব শিক্ষাৰ্থীৰ ক’চিং নিষিদ্ধ কৰিলে কেন্দ্ৰই

‘আমাৰ অসম’ৰ গুৱাহাটীৰ প্ৰতিবেদক, ২০ জানুৱাৰীঃ সন্তানক চিকিৎসক, অভিযন্তা বা আই এ এছ, আই পি এছ বিষয়া কৰাৰ বাবে প্ৰায় সকলো অভিভাৱকেই সপোন দেখে৷ সন্তানক চিকিৎসক, অভিযন্তা, আই এ এছ, আই পি এছ বিষয়া হিচাপে গঢ়ি তোলাৰ লক্ষ্যৰে লক্ষ্যৰে স্কুলীয়া  পৰ্যায়ত বিভিন্ন ক’চিং প্ৰতিষ্ঠানত নাম ভৰ্তি কৰি দিয়ে অভিভাৱকে৷ ক’চিং চেণ্টাৰৰ চমৎকাৰী বিজ্ঞাপন প্ৰচাৰত ভুল গৈ বহু অভিভাৱকে সন্তানৰ ইচ্ছা-অনিচ্ছা তথা পাৰদৰ্শিতাক বুজিবলৈ চেষ্টা নকৰি বলপূৰ্বক ক’চিং চেণ্টাৰত সৰ্বভাৰতীয় প্ৰতিযোগিতামূলক পৰীক্ষাৰ প্ৰস্তুতিৰ বাবে  ভৰ্তি কৰি দিয়ে৷ শেষত পাঠ্যক্ৰমৰ বোজা সহিব নোৱাৰি বহু শিক্ষাথ¹য়ে আত্মহননৰ দৰে পন্থা বাছি ল’বলৈ বাধ্য হোৱাৰ দৰে ঘটনাও সংঘটিত হৈছে৷ ছাত্ৰ-ছাত্ৰীৰ আত্মহননৰ ঘটনা ৰোধ কৰা আৰু ক’চিং চেণ্টাৰসমূহক নাকী লগোৱাৰ বাবে এইবাৰ কঠোৰ পদক্ষেপ গ্ৰহণ কৰিছে কেন্দ্ৰীয় চৰকাৰে৷ ক’চিং ইনষ্টিটিউটৰ বাবে কেন্দ্ৰীয় শিক্ষা মন্ত্ৰণালয়ে জাৰি কৰিছে উক্ত নতুন গাইড লাইন৷ 

সেই অনুসৰি এতিয়াৰে পৰা ক’চিং ইনষ্টিটিউটসমূহে ১৬ বছৰ বয়সৰ অনূধবৰ্ শিশু তথা ছাত্ৰ-ছাত্ৰীৰ নাম ভৰ্তি কৰোৱাব নোৱাৰিব৷ কেৱল নামভৰ্তিতে নিষেধাজ্ঞা আৰোপ কৰা নহয়, ভাল ফলাফল অৰ্থাৎ ৰেংকিং তথা¸ নম্বৰৰ নিশ্চয়তাৰে বিভ্ৰান্তিকৰ প্ৰতিশ্ৰুতি দিয়া কাৰ্যকো নিষিদ্ধ কৰিছে কেন্দ্ৰীয় শিক্ষা মন্ত্ৰণালয়ে৷ তদুপৰি ক’চিং প্ৰতিষ্ঠানসমূহৰ ভুৱা বিজ্ঞাপনতো নিষেধাজ্ঞা আৰোপ কৰা হৈছে৷ বৃহস্পতিবাৰে কেন্দ্ৰীয় শিক্ষা মন্ত্ৰণালয়ে জাৰি কৰা নতুন নিৰ্দেশনা অনুসৰি ক’চিং চেণ্টাৰে শিক্ষাৰ্থীৰ পৰা নিৰ্ধাৰিত পৰিমাণতকৈ অধিক মাচুল ল’লে ১ লাখ টকা পৰ্যন্ত জৰিমণা ভৰিব লাগিব৷ প্ৰয়োজনত তেনে ক’চিং চেণ্টাৰৰ পঞ্জীয়ন বাতিল কৰা হ’ব পাৰে৷ কোনো অপৰাধত দোষী সাব্যস্ত হোৱা শিক্ষককো নিয়োগ কৰিব নোৱাৰি বুলিও নিৰ্দেশনাটোত স্পষ্ট কৰি দিছে৷ ইয়াৰোপৰি ক’চিং চেণ্টাৰত কাউন্সেলিঙৰ ব্যৱস্থা নাথাকিলেও, তেনে চেণ্টাৰৰ পঞ্জীয়ন বাতিল কৰা হ’ব৷ শিক্ষা প্ৰদানৰ লগতে শিক্ষাৰ্থীৰ মানসিক স্বাস্থ্যৰ ওপৰতো গুৰুত্ব দিব লাগিব চেণ্টাৰ কতৃৰ্পক্ষই৷ ক’চিং প্ৰতিষ্ঠানৰ শিক্ষকসকলৰ ন্যূনতম শিক্ষাগত অৰ্হতা স্নাতক হ’ব লাগিব৷ দশম শ্ৰেণীৰ পৰীক্ষাৰ শেষ হোৱাৰ পাছতহে শিক্ষাৰ্থীয়ে ক’চিং চেণ্টাৰত নামভৰ্তি কৰিব পাৰিব৷ বিশেষকৈ নীট, জে ই ই, চি এল এ টি আৰু দ্বাদশ শ্ৰেণীৰ পাছত সকলো প্ৰতিযোগিতামূলক পৰীক্ষাৰ প্ৰস্তুতি প্ৰদান কৰা ক’চিং চেণ্টাৰৰ বাবে এই গাইডলাইন প্ৰস্তুত কৰা হৈছে৷ ছাত্ৰ-ছাত্ৰীৰ আত্মহত্যাৰ ঘটনা বৃদ্ধি পোৱা, শ্ৰেণীত অগ্নিকাণ্ডৰ ঘটনা আৰু ক’চিং চেণ্টাৰত সা- সুবিধাৰ অভাৱৰ পৰিপ্ৰেক্ষিতত শিক্ষা বিভাগে এই নিৰ্দেশনা জাৰি কৰিছে৷ ফেকাল্টীৰ অৰ্হতা, পাঠ্যক্ৰম সম্পূৰ্ণ কৰাৰ সময়সীমা, হোষ্টেলৰ সুবিধা আৰু মাচুলৰ সম্পূৰ্ণ তথ্য নিজৰ ৱেবছাইটত দিব লাগিব৷ শিশুসকলে সন্মুখীন হোৱা মানসিক চাপৰ দিশটোত শিক্ষকে গুৰুত্ব দিব লাগিব আৰু শ্ৰেণীত প্ৰদৰ্শনৰ বাবে তেওঁলোকৰ ওপৰত কোনোধৰণৰ হেঁচা দিব নোৱাৰিব৷ জৰুৰীকালীন বা মানসিক চাপৰ পৰিস্থিতিৰ মাজেৰে ছাত্ৰ-ছাত্ৰীক সহায় কৰিব পৰাকৈ প্ৰতিষ্ঠাসমূহে এক ব্যৱস্থা গঢ়ি তুলিব লাগিব৷ ক’চিং চেণ্টাৰত মানসিক পৰামৰ্শৰ বাবে  মনোবিজ্ঞানী, পৰামৰ্শদাতাৰ নাম আৰু তেওঁলোকৰ কামৰ সময়ৰ তথ্যও সকলো ছাত্ৰ-ছাত্ৰী আৰু অভিভাৱকক দিব লাগিব৷  বিভিন্ন পাঠ্যক্ৰমৰ টিউচন মাচুলও নিৰ্ধাৰণ কৰিব লাগিব আৰু মাচুলৰ ৰচিদো দিব লাগিব৷ যদি ছাত্ৰজনে পাঠ্যক্ৰমৰ বাবে সম্পূৰ্ণ মাচুল দি পাঠ্যক্ৰমৰ মাজভাগত ওলাই গৈছে৷ তেন্তে ছাত্ৰজনক ১০ দিনৰ ভিতৰত বাকী থকা মাচুল ঘূৰাই দিব লাগিব৷ যদি ছাত্ৰজন ক’চিং চেণ্টাৰৰ হোষ্টেলত থাকে তেন্তে হোষ্টেলৰ মাচুল আৰু মেছ মাচুলো ঘূৰাই ল’ব পাৰিব৷ কোনো কাৰণতে পাঠ্যক্ৰমৰ মাজভাগত পাঠ্যক্ৰমৰ মাচুল বৃদ্ধি কৰা নহ’ব৷