Logo
image

সম্পৰ্ক নথকাকৈয়ে বিজ্ঞাপনত ৰছিকাৰ নাম

‘আমাৰ অসম’ৰ গুৱাহাটীৰ প্ৰতিবেদক, ২১ জানুৱাৰীঃ বলীউডৰ এখন সফল ছবি ১২th Fali৷ আই পি এছ বিষয়া মনোজ কুমাৰ শৰ্মাৰ জীৱনৰ সঁচা কাহিনীৰ ওপৰত নিৰ্মাণ  কৰা হৈছে এই প্ৰেৰণাদায়ক চিনেমাখন৷ দ্বাদশ শ্ৰেণীত ফেইল কৰা এজন ল’ৰাই কিদৰে দুখ-কষ্ট আৰু সংগ্ৰামৰ মাজেৰে সফলতা বুটলিবলৈ সক্ষম হৈছিল তাক ছেলুলয়ডত নিভাজভাৱে উপস্থাপন কৰা হৈছে৷ দ্বাদশ শ্ৰেণী অনুত্তীৰ্ণ মনোজে ইউ পি এছ চিৰ প্ৰস্তুতিৰ বাবে পুথিভঁৰালত চাফ-চিকুনৰ কাম কৰাৰ পৰা আৰম্ভ কৰি শৌচাগাৰ পৰিষ্কাৰ কৰা আৰু আটা মিলত শ্ৰমিকৰ কাম কৰাৰ মাজতে অধ্যয়ন চলাই যোৱাৰ কাহিনীয়ে যুৱ প্ৰজন্মক অনুপ্ৰাণিত কৰি তুলিছে৷ আই পি এছ হোৱাৰ সপোন দেখিও বাৰে বাৰে মূল পৰীক্ষাত অসফল হোৱা মনোজ শৰ্মাই এটা সময়ত সফলতাৰ বাবে ক’চিং ইনষ্টিটিউটৰ সন্ধানত নামি পৰিছিল৷ এনে সময়তে ইউ পি এছ চি পৰীক্ষাত প্ৰতি বছৰৰে স্থান নিশ্চিত কৰা এটা ক’চিং ইনষ্টিটিউটৰ বিজ্ঞাপনত চকু পৰে মনোজ শৰ্মাৰ৷ লগে লগে মনোজ শৰ্মাই এটা ‘অ টু জেদ’ নামৰ উক্ত প্ৰখ্যাত ক’চিং ইনষ্টিটিউটত পঢ়াৰ বাবে যায়৷ ক’চিং ইনষ্টিটিউটটোত নামভৰ্তিৰ মাচুল ১,২০০ টকা যোগাৰ কৰিব নোৱাৰি কোনো মতে ৬৮০ টকাহে দিব পাৰিছিল৷ বাকী টকাৰ বাবদ ক’চিং প্ৰতিষ্ঠানটোতে চাফ-চিকুনৰ কাম কৰি দিব বুলিও মনোজ শৰ্মাই প্ৰস্তাৱ দিছিল৷ মনোজ শৰ্মাৰ এই প্ৰস্তাৱত সন্মতি দি ক’চিং ইনষ্টিটিউটটোৰ স্বত্বাধিকাৰীৰ কন্যাই মনোজক ইনষ্টিটিউটৰ বেৰত ওলোমাই থোৱা চেণ্টাৰটোৰ পৰা ইউ পি এছ চি উত্তীৰ্ণ সকলৰ ফটোসমূহ চাফা কৰিবলৈ নিৰ্দেশ দিয়ে৷ কিন্তু যেতিয়া মনোজ কুমাৰ শৰ্মাই ফটোসমূহ চাফ চিকুন কৰিব বিচাৰিলে, তেতিয়া এখন বিশেষ ফটো দেখা পাই চকু কঁপালত উঠিল৷ মনোজক যিখন ফটো চাফা কৰিবলৈ দিয়া হৈছিল সেইখন আছিল ইউ পি এছ চিত সুখ্যাতিয়ে উত্তীৰ্ণ এজন প্ৰাৰ্থীৰ ফটো৷ যিয়ে কোনো ক’চিং অবিহনে সুখ্যাতিয়ে ইউ পি এছ চি পৰীক্ষাত উত্তীৰ্ণ হৈছিল৷ কোনো দিনে ক’চিং নোলোৱা এজন প্ৰাৰ্থীক নিজৰ ইনষ্টিটিউটৰ ছাত্ৰ বুলি প্ৰতিষ্ঠানটোৱে প্ৰচাৰ কৰি আহিছিল যদিও মনোজে সেই প্ৰৱঞ্চনা ধৰা পেলাই ৰাজহুৱাকৈ ইনষ্টিটিউটোৰ স্বত্বাধিকাৰীৰ কন্যাক অভিযোগ দিলে৷ ইনষ্টিটিউট কতৃৰ্পক্ষই উপায়হীন হৈ প্ৰৱঞ্চনা ধৰা পৰাত মনোজে নাম ভৰ্তিৰ বাবে জমা দিয়া পইচা ঘূৰাই দিবলৈ বাধ্য৷ নিজৰ চেষ্টা আৰু প্ৰেমিকা শ্ৰদ্ধা যোশীৰ লগতে কেইবাজনো বন্ধুৰ প্ৰচেষ্টাত মনোজ শৰ্মাই অন্তিমবাৰত ইউ পি এছ চিত আই পি এছৰ শীৰ্ষ স্থানত বাছনি লাভ কৰে৷ যেতিয়া ইউ পি এছ চি কাৰ্যালয়ৰ নটিচ ব’ৰ্ডত মনোজ শৰ্মাৰ নাম জিলিকি উঠিল, তেতিয়াই মনোজ শৰ্মাৰ ওচৰত টকাৰ বান্দিল লৈ উপস্থিত হয় ‘অ টু জেদ’ নামৰ সেই ভুৱা বিজ্ঞাপন প্ৰচাৰ কৰা ক’চিং ইনষ্টিটিউটটোৰ স্বত্বাধিকাৰীৰ কন্যা৷ ক’চিং ইনষ্টিটিউটোৰ স্বত্বাধিকাৰীৰ কন্যাই মনোজ শৰ্মাৰ হাতত ১.৫০ লাখ টকাৰ বান্দিল গুজি দি ‘অ টু জেদ’ ইনষ্টিটিউটৰ পৰা ক’চিং লৈ সেই সফলতা লাভ কৰা বুলিও ভিডিঅ’ ৰেকৰ্ডিঙত এবাৰ কৈ দিয়াৰ বাবে প্ৰলোভন দিয়ে৷ কিন্তু মনোজ শৰ্মাই ক’চিং ইনষ্টিটিউটটোৰ সেই টকাৰ উপহাৰ প্ৰত্যাখান কৰি ক’চিং চেণ্টাৰটোৰ মালিকক অপমানিতহে কৰে৷ টুৱেল্‌ভ ফেইল চিনেমাৰ উক্ত ক’চিং ইনষ্টিটিউটোৰ দৰেই সদ্য ঘোষিত অসম লোকসেৱা আয়োগৰ পৰীক্ষাৰ ফলাফলৰ ঘোষণাৰ পাছতেই অসমৰ এটা ক’চিং চেণ্টাৰে এ পি এছ চিত শীৰ্ষ স্থান লাভ কৰা ৰছিকা ইছলামৰ ফটো ব্যৱহাৰ কৰি ভুৱা বিজ্ঞাপনৰ প্ৰচাৰ চলোৱাৰ তথ্য পোহৰলৈ আহিছে৷ গুৱাহাটীৰ এছ পি এম আই এ এছ একাডেমী নামৰ ক’চিং চেণ্টাৰটোৱে এই কাৰ্য সংঘটিত কৰিছে৷ বুধবাৰে এপিএছচিৰ ফলাফল ঘোষণাৰ পাছতেই এছপিএম আই এ এছ একাডেমী নামৰ ক’চিং প্ৰতিষ্ঠানটোৱে অসমৰ ইংৰাজী আৰু অসমীয়া দুখন দৈনিক বাতৰি কাকতত প্ৰতিষ্ঠানটোত নিয়মীয়া অধ্যয়ন কৰা ৬৮৯জন প্ৰশিক্ষাৰ্থীয়ে বাছনি লাভ কৰা বুলি দাবী কৰি বিজ্ঞাপন প্ৰচাৰ কৰে৷ এচিএছৰ প্ৰথম স্থান লাভ কৰা ৰছিকা ইছলাম তেওঁলোকৰ প্ৰতিষ্ঠানৰ শিক্ষাৰ্থী বুলিও দাবী কৰি ৰছিকাৰ ফটোও প্ৰকাশ কৰে অসমীয়া বাতৰি কাকতখনৰ বিজ্ঞাপনত৷ কিন্তু একেটা বিজ্ঞাপন ইংৰাজী বাতৰি কাকতখনতো প্ৰকাশ কৰিছিল যদিও অতি আশ্বৰ্যজনকভাৱে উক্ত বিজ্ঞাপনটোত প্ৰথম স্থান দখল কৰা ৰছিকাৰ নাম বা ফটো নাছিল৷ ইফালে ফলাফল ৰাজহুৱা হোৱাৰ পাছতেই ৰছিকা ইছলামে সংবাদ মাধ্যমত দিয়া সাক্ষাৎকাৰত স্পষ্টকৈ কৈছিল যে তেওঁ কোনো ক’চিং নোলোৱাকৈয়ে এই কৃতকাৰ্যতা লাভ কৰিছে৷ ৰছিকা ইছলামৰ উক্ত ভাষ্যৰ বিপৰীতে এছ পি এম আই এ এছ একাডেমীয়ে ৰছিকা তেওঁলোকৰ শিক্ষাৰ্থী বুলিহে প্ৰচাৰ কৰে৷ এই সন্দৰ্ভত ৰছিকা ইছলামৰ স্বামী বিলাসীপাৰাৰ নিৰ্বাচনী বিষয়া ৰ’ছুন উল আলমে ‘আমাৰ অসম’ৰ আগত কয়–‘ৰছিকা ইছলাম এছ পি এম আই এছ একাডেমীৰ প্ৰশিক্ষাৰ্থী নাছিল৷ কোনো ক’চিং নোলোৱাকৈ ৰছিকাই এই সফলতা লাভ কৰিছে৷ অৱশ্যে মৌখিক পৰীক্ষাৰ পূৰ্বে ৰছিকাই এছ পি এম আই এছ এছৰ বিনামূলীয়া মক ইণ্টাৰভিউত অৱতীৰ্ণ হৈছিল৷ সেইবাবেই ছাগৈ তেওঁলোকে ৰছিকাৰ ফটো প্ৰচাৰ কৰিছিল৷ কিন্তু এছ পি এমে ফটো প্ৰচাৰ কৰাৰ সন্দৰ্ভত ৰছিকাৰ পৰা কোনো অনুমতি লোৱা নাছিল৷ অৱশ্যে বিজ্ঞাপনটো প্ৰকাশ পোৱাৰ পাছতেই তেওঁলোকে আমাৰ ওচৰত দুখ প্ৰকাশ কৰি ক্ষমা বিচাৰিছে৷’ স্বাভাৱিকতেই এটা কথা স্পষ্ট হৈ পৰিল যে এছ পি এম আই এ এছ একাডেমীয়ে কেৱল এটা বিনামূলীয়া মক ইণ্টাৰভিউত অৱতীৰ্ণ হোৱাৰ সুযোগ লৈ ৰছিকা ইছলামক তেওঁলোকৰ প্ৰতিষ্ঠানটোৰ নিয়মীয়া প্ৰশিক্ষাৰ্থী বুলি ভুৱা বিজ্ঞাপনেৰে প্ৰচাৰ চলাইছে৷ এক কথাত টুৱেল্‌ভ ফেইল চিনেমাখনত মনোজ শৰ্মাক টুপি পিন্ধোৱা প্ৰতিষ্ঠানটোৰ দৰে এছ পি এম আই এ এছ একাডেমীয়ে ট’পাৰ ৰছিকা ইছলামক ব্যৱহাৰ কৰি ভুৱা বিজ্ঞাপনেৰে ছাত্ৰ-ছাত্ৰীক আকৰ্ষণৰ কৌশলৰ ব্যৱসায় ৰচনা কৰিছিল৷ ভুৱা প্ৰচাৰত ভুল গৈ বহু অভিভাৱকে সন্তানক নামভৰ্তি কৰি দিয়াৰ আশাতে এছ পি এম আই এ এছ একাডেমী নামৰ প্ৰতিষ্ঠানটোৱে এই কাৰ্য সংঘটিত কৰা বুলিও এতিয়া সামাজিক মাধ্যমত চৰ্চা চলিছে৷ আনহাতে এছ পি এম আই এ এছ একাডেমীয়ে এইবাৰৰ পৰীক্ষাত নিয়মীয়া প্ৰশিক্ষণ লোৱা ৬৮৯জন প্ৰাৰ্থী বাছনি লাভ কৰা বুলি বিজ্ঞাপন প্ৰচাৰ চলালেও ৬৮৯জন বাছনিকৃত প্ৰাৰ্থীৰ তালিকা ৰাজহুৱা কৰিবলৈ সক্ষম হোৱা নাই৷ যদিহে সঁচাকৈয়ে এছ পি এম আই এ এছ একাডেমীত অধ্যয়ন কৰা ৬৮৯জন প্ৰাৰ্থীয়ে বাছনি লাভ কৰিছে সেয়া কেনেকৈ সম্ভৱ হ’ল তাক লৈ আন আন ক’চিং প্ৰতিষ্ঠানসমূহৰ মাজতো চৰ্চা চলিছে৷ এপিএছচি আৰু ইউ পি এছ চিৰ প্ৰশিক্ষণ দিয়া বুলি দাবী কৰা এছ পি এম আই এ এছ একাডেমীয়ে এ পি এছ চিত ৬৮৯ জন বাছনি কৰিবলৈ সক্ষম হ’লেও ইউ পি এছ চি পৰীক্ষাত আজিলৈকে এজনো শিক্ষাৰ্থী উত্তীৰ্ণ হোৱাৰ তথ্য প্ৰকাশ কৰিব নোৱাৰাত সন্দেহ দুগুণে বৃদ্ধি পাইছে৷ স্বাভাৱিকতেই এপিএছচিৰ সৈতে এছপিএম আই এ এছ একাডেমীৰ কিবা গোপন সম্পৰ্ক আছে নেকি তাক লৈয়ো চৰ্চা হোৱা দেখা গৈছে৷ কিয়নো ক’চিং চেণ্টাৰত পঢ়োৱা বহুতে এ পি এছ চিৰ ইণ্টাৰভিউ ব’ৰ্ড বা পৰীক্ষাৰ প্ৰশ্ন কাকত প্ৰস্তুতৰ সৈতে জড়িত থকাৰ বহু দিনীয়া অভিযোগ আছে৷ খোদ বৰ্তমানৰ এপিএছচিৰ অধ্যক্ষ ভাৰত ভূষণ দেৱ চৌধুৰীয়েও এসময়ত এপিএছচিৰ গাইড বুক লিখাৰ লগতে ক’চিং চেণ্টাৰৰ সৈতেও জড়িত আছিল৷