Logo
image

ৰামৰাজ্য সপোন নে বাস্তৱ

প্ৰায় পাঁচশ বছৰ বিৰতিৰ পাছত অযোধ্যাত ৰাম মন্দিৰ প্ৰতিষ্ঠা হোৱা কাৰ্যই সমগ্ৰ ভাৰতত এক উখল-মাখল পৰিস্থিতিৰ সৃষ্টি কৰিছে৷ শাসকীয় বিজেপি দলে ৰামলালাৰ প্ৰাণ প্ৰতিষ্ঠা উৎসৱক দেশৰ সৰ্বস্তৰৰ লোকৰ মাজত এক জনজাগৰণৰ সৃষ্টিৰ যোগেদি আগন্তুক লোকসভা নিৰ্বাচনৰ পূৰ্বে বিজেপি কেন্দ্ৰিক এক ঢৌ সৃষ্টি কৰাৰ ক্ষেত্ৰত চেষ্টাৰ কোনো ত্ৰুটি ৰখা নাই৷ উল্লেখ্য দেশৰ কোটি কোটি হিন্দু লোকৰ হৃদয়ত ভগৱান ৰামৰ লগতে ৰামায়ণৰ কাহিনীয়ে যুগ যুগান্তৰ ধৰি স্থান লাভ কৰি আহিছে৷ দেশৰ সৰ্বোচ্ছ ন্যায়ালয়ৰ ৰায়দানৰ পাছত ৰাম মন্দিৰ নিৰ্মাণৰ কাম আৰম্ভ হোৱাৰ পিছৰে পৰা ইয়াক সম্পূৰ্ণ হোৱাৰ সময়লৈ এনে অগণন ৰামভক্ত লোকে ভগৱান ৰামৰ প্ৰতি থকা অকৃত্ৰিম ভক্তিৰ বাবে ইয়ালৈ আশাৰে বাট চাই আছিল৷ শাসনাধিষ্ঠিত কেন্দ্ৰীয় চৰকাৰ বা বিজেপি আৰু হিন্দুত্ববাদী দল-সংগঠনে ইয়াক লৈ এক উল্লাসৰ পৰিস্থিতি সৃষ্টি কৰাৰ সময়তে অৱশ্যে স্বাভাৱিকভাৱেও ভগৱান ৰামৰ প্ৰতি থকা ভক্তিৰ বাবে লক্ষ লক্ষ হিন্দু ধৰ্মাৱলম্বী লোক উৎফুল্লিত হৈ পৰিছে৷ বহু বিতৰ্ক, সংঘাতৰ অন্তত ৰাম মন্দিৰ প্ৰতিষ্ঠা হোৱাৰ সময়ত এক প্ৰশ্নৰ অৱতাৰণা হয় যে ভগৱান ৰামক লৈ ইমান হৈ-চৈ কৰাৰ সমান্তৰালকৈ ‘ৰামৰাজ্য’ প্ৰতিষ্ঠা কৰাৰ ক্ষেত্ৰত ৰজাঘৰ, প্ৰজাঘৰ কিমান সতৰ্ক, কিমান সচেতন! ভগৱান ৰাম বুলি কোৱাৰ লগে লগে ৰামৰাজ্যৰ ধাৰণাটোও ইয়াৰ সৈতে সংপৃক্ত হৈ থকাটো উচিত৷ ৰামৰ আদৰ্শক যদি আমি অনুসৰণ কৰোঁ তেন্তে ৰামে প্ৰতিষ্ঠা কৰা ৰামৰাজ্যৰ প্ৰতি কোটি কোটি দেশবাসীয়ে কিমান আগ্ৰহ প্ৰদৰ্শন কৰে সেয়া এক বিচাৰ্যৰ বিষয়৷ নতুনকৈ প্ৰতিষ্ঠা কৰা ৰাম মন্দিৰে দেশত ৰামৰাজ্য প্ৰতিষ্ঠাৰ ক্ষেত্ৰত কিমান ইন্ধন যোগাব? তাৎপৰ্যৰ বিষয় ৰামৰাজ্য এনে এক শাসন ব্যৱস্থা য’ত প্ৰকৃত ধৰ্মক পালন কৰা হয়৷ কেৱল পূজা-পাতলৰ কাৰ্যতে ধৰ্মক সীমাবদ্ধ নাৰাখি সৎকৰ্মৰ যোগেদি ধৰ্ম পালনৰ দিশটো ৰামৰাজ্যত গভীৰভাৱে নিহিত হৈ আছে৷ সত্য, শুদ্ধতা, দয়া আৰু দান– এই চাৰিটা দিশ ৰামৰাজ্য প্ৰতিষ্ঠাৰ ক্ষেত্ৰত ৰজা-প্ৰজা উভয়ে মানিবলগীয়া গুৰুত্বপূৰ্ণ চৰ্ত৷ ৰামৰাজ্যত নাগৰিক সৎ, দয়াশীল, চৰিত্ৰৱান আৰু দেশৰ প্ৰতি দায়বদ্ধ৷  ৰামৰাজ্যত জ্ঞানক গুৰুত্ব দিয়াৰ লগতে জ্ঞানী লোকৰ প্ৰতি প্ৰজা সদায়ে শ্ৰদ্ধাশীল হয়৷ ইয়াত নাৰীক যথাযোগ্য মৰ্যাদা দিয়াৰ লগতে বিভিন্ন কাৰ্যত নাৰীৰ গুণ অনুসাৰে দায়িত্ব অৰ্পণৰো ব্যৱস্থা থাকে৷ ৰামৰাজ্যৰ পিয়াসী প্ৰকৃতি সুৰক্ষাৰ ক্ষেত্ৰত, প্ৰকৃতিৰ নীতি-নিয়ম ৰক্ষাৰ ক্ষেত্ৰত অতি সতৰ্ক৷ পৰ্বত-পাহাৰ, জান-জুৰি, নদ-নদী, পশু-পক্ষী, তৰু-তৃণ আদিয়ে পৰিৱেশ সুৰক্ষাৰ ক্ষেত্ৰত লোৱা ভূমিকাৰ লগতে মানৱ-কল্যাণৰ ক্ষেত্ৰত আগবঢ়োৱা অৱদানক ৰামৰাজ্যই নতশিৰে স্বীকাৰ কৰি নাগৰিকে নিজৰ দায়িত্ব পালন কৰে৷ ৰামৰাজ্যত শাসকে সকলো পৰ্যায়ৰ জনতাৰ প্ৰতি নিঃস্বাৰ্থ মনোভাৱ প্ৰদৰ্শন কৰি প্ৰজাৰ হিত সাধন কৰে, নাগৰিকৰ আশা-আকাংক্ষা পূৰণৰ ক্ষেত্ৰত সদায় সচেতন হয়৷ নেতাই শুদ্ধ চিত্ত, শুদ্ধ মনেৰে প্ৰশাসনিক দিশসমূহ পৰিচালনা কৰি দেশৰ উন্নতি সাধন কৰে৷ ৰামৰাজ্যত শ্ৰমিকক মজুৰি সময়মতে প্ৰদান, সময়ৰ লগে লগে মজুৰি বৃদ্ধি, শ্ৰমিকৰ প্ৰশিক্ষণ আদিতো গুৰুত্ব প্ৰদান কৰে৷ ৰজাই দেশক অৰ্থনৈতিক দুৰৱস্থাৰ ফালে ঠেলি নিদি সুস্থিৰ বিত্তীয় শৃংখলা অটুট ৰখাৰ উপৰি ৰাজহ সংগ্ৰহ আৰু ব্যয় এক সমানুপাতিক ব্যৱস্থাৰে পৰিচালিত কৰাটো ৰামৰাজ্যৰ ৰজাৰ ধৰ্ম৷ জাতিৰ পিতা মহাত্মা গান্ধীয়ে ব্ৰিটিছৰ বিৰুদ্ধে অহিংস আন্দোলন অব্যাহত ৰখাৰ সময়ত দেশবাসীক ৰামৰাজ্যৰ ধাৰণাৰ বিষয়ে অৱগত কৰিছিল৷ ১৯২৯ চনত গান্ধীয়ে ‘ইয়ং ইণ্ডিয়া’ত লেখিছিল ৰামৰাজ্যই লোকতন্ত্ৰ, গণতন্ত্ৰক শক্তিশালী কৰিব৷ ই এনে এক ব্যৱস্থা যি ৰজা-প্ৰজা সকলোকে শুদ্ধ কৰিব৷
অযোধ্যাত পুনৰ ৰাম মন্দিৰ প্ৰতিষ্ঠাৰ সময়ত দেশৰ শাসনকৰ্তা, প্ৰশাসক, নেতা, মন্ত্ৰী আৰু নাগৰিকে উপলব্ধি কৰা উচিত যে ভাৰত সঁচাকৈয়ে ৰামৰাজ্যৰ ওচৰ চাপিছেনে? ৰাম মন্দিৰে কেৱল দেশক এখন হিন্দুৰাষ্ট্ ৰূপে প্ৰতিষ্ঠাতহে ইন্ধন যোগাবনে বা ৰামৰাজ্যত সন্নিবিষ্ট হোৱা বিষয়সমূহকো অগ্ৰাধিকাৰ দি দেশক সঠিক দিশে আগুৱাই লৈ যাব? ধৰ্মীয়, জাতিগত, ভাষিক, ভৌগোলিক ভিন্নতাৰে পৰিপূৰ্ণ গণতান্ত্ৰিক ৰাষ্ট্ৰ ভাৰতত ৰামৰাজ্যত উল্লেখ কৰা কথাবোৰ শাসকগোষ্ঠীয়ে আন্তৰিকতাৰে কিমান অনুসৰণ কৰে সেয়া সকলোৰে অনুমেয়৷ দুৰ্নীতি-অনিয়ম, কেলেংকাৰি, পৰিৱেশৰ অৱক্ষয়, জৈৱ-বিচিত্ৰ্যৰ সংকট, বিত্তীয় দুৰৱস্থা, প্ৰজাক হিতাধিকাৰীৰূপে প্ৰতিষ্ঠা কৰি কৰ্ম-সংস্কৃতিৰ বিলোপ সাধন আৰু উৎপাদন হ্ৰাস পোৱা, ধৰ্মীয় মেৰুকৰণ, এচাম নেতা-প্ৰশাসকৰ দম্ভ-অহংকাৰ, মাদক-দ্ৰব্য, ড্ৰাগৰ প্ৰসাৰতা, সমাজত বিভিন্ন ধৰণৰ সংঘাত, মানসিকতাৰ অৱক্ষয় আদিয়ে সমাজ তথা দেশক কলুষিত কৰিছে৷ সনাতনী পৰম্পৰাৰে সমৃদ্ধ ভাৰতৰ সমাজ ব্যৱস্থাটোত ভগৱান ৰাম-সীতা, হনুমানৰ উপাসনা যুগে যুগে চলি আহিছে আৰু চলি থাকিবও৷ ৰামে ত্ৰেতা যুগতে নিজকে সু-প্ৰশাসক ৰূপে প্ৰতিষ্ঠা কৰি সৰ্বস্তৰৰ ৰাইজৰ আস্থা জয় কৰাৰ প্ৰসংগতে ৰামৰাজ্যৰ ধাৰণাটো প্ৰোথিত হৈছে৷ অযোধ্যাত ৰাম মন্দিৰ প্ৰতিষ্ঠাৰ ফলত ভগৱান ৰামৰ গুণ-গৰিমা পুনৰ বিশ্ববাসীৰ মাজত প্ৰচাৰ হ’ব, পৰ্যটনৰ দিশৰ পৰাও দেশ লাভান্বিত হ’ব৷ কিন্তু ইয়াৰ লগে লগে ৰামৰাজ্য প্ৰতিষ্ঠাৰ দিশৰ প্ৰতি বিশেষতঃ ৰজাঘৰ কিমান সচেতন হ’ব সেয়া হ’ব অতি গুৰুত্বপূণ!