Logo
image

আজি ৰামলালাৰ প্ৰাণপ্ৰতিষ্ঠাঃ ৪বজালৈ বন্ধ মাছ-মাংসৰ বিক্ৰী

‘আমাৰ অসম’ৰ বিশেষ প্ৰতিবেদন, ২১ জানুৱাৰীঃ 

বিৰাজিয়ে শ্ৰীৰাম
তৈয়াৰ হ্যে অযোধ্যাধাম

মাজত মাথোঁ এটা নিশা৷ ৰাতি পুৱালেই অন্ত পৰিব ৫৫০ বছৰজোৰা প্ৰতীক্ষাৰ৷ অধীৰ আগ্ৰহেৰে বিগত পাঁচটা শতিকা ধৰি অপেক্ষা কৰি আছিল দেশৰ হিন্দু ধৰ্মাৱলম্বীয়ে৷ ৰামৰ জন্মভূমিত ৰামৰ মন্দিৰ বা এটা চিহ্ন নথকাৰ পীড়াই অতদিনে দহি আছিল ভাৰতবৰ্ষৰ সনাতন ধৰ্মৰ জনগণক৷ সাংবিধানিকভাৱে দেশখন হিন্দু ধৰ্মৰ নহ’লেও হিন্দু বসতিপ্ৰধান দেশ হিচাপে ভাৰততকৈ বৃহৎ দেশ নাই৷ সেই  সৰ্বাধিক হিন্দু ধৰ্মাৱলম্বী বাস কৰা দেশখনত হিন্দুৰ আৰাধ্য দেৱতা শ্ৰীৰামচন্দ্ৰৰ জন্মস্থান আনৰ দখলত থকাটো আক্ষৰিক অৰ্থতেই পীড়াদায়ক আছিল৷ দেশৰ হিন্দু ধৰ্মাৱলম্বীৰ ৫৫০ বছৰজোৰা পীড়া আৰু প্ৰতীক্ষাৰ অন্ত পৰিব সোমবাৰে৷ কিয়নো সোমবাৰে ৰামৰ জন্মভূমি অযোধ্যাত ৰাম মন্দিৰৰ শুভ উদ্বোধন সম্পন্ন কৰা হ’ব৷ অৱশ্যে স্বৰূপাৰ্থত এয়া ৰাম মন্দিৰৰ উদ্বোধন নহয়৷ ৰাম মন্দিৰৰ উদ্বোধন বুলি কোৱাতকৈ এই ধৰ্মীয় কাৰ্যক ৰাম মন্দিৰ নিৰ্মাণ ন্যাস আৰু দেশৰ হিন্দু সংগঠনসমূহে ভগৱান শ্ৰীৰামচন্দ্ৰৰ প্ৰাণপ্ৰতিষ্ঠা হিচাপে আয়োজন কৰিবলৈ আগবাঢ়িছে৷ কিয়নো অযোধ্যাৰ ৰাম মন্দিৰৰ নিৰ্মাণ কাৰ্য এতিয়াও অসম্পূৰ্ণ হৈ আছে৷ সম্পূৰ্ণ মন্দিৰ নিৰ্মাণ কৰি উলিয়াবলৈ আৰু কমেও তিনি বছৰৰ প্ৰয়োজন হ’ব৷ কিন্তু ৰাম মন্দিৰ আন্দোলনৰ অগ্ৰণী বা গুৰি ধৰোতা দেশৰ বৃহত্তম ৰাজনৈতিক সংগঠন বিজেপিয়ে দেশৰ আগন্তুক সাধাৰণ নিৰ্বাচনৰ পূৰ্বেই ৰাম মন্দিৰত পূজা-অৰ্চনা আনুষ্ঠানিকভাৱে আৰম্ভ হোৱাটো বিচাৰিছে৷ ইয়াৰ কাৰণ প্ৰধানকৈ দুটা– প্ৰথমতে, বিজেপি নেতৃত্বাধীন নৰেন্দ্ৰ মোদী চৰকাৰে তেওঁলোকৰ দ্বিতীয় কাৰ্যকাল সম্পূৰ্ণ হোৱাৰ পূৰ্বে ৰাম মন্দিৰৰ উদ্বোধন হোৱাটো মনে-প্ৰাণে বিচাৰিছে৷ কিয়নো বিজেপিয়ে তেওঁলোকৰ নিৰ্বাচনী ইস্তাহাৰতো দেশবাসীক ৰাম মন্দিৰ নিৰ্মাণ কৰি দিব বুলি প্ৰতিশ্ৰুতি দিছিল৷ দ্বিতীয়তে, ৰাম মন্দিৰৰ শুভ উদ্বোধনৰ ফলত দেশত সৃষ্টি হ’বলগীয়া হিন্দুত্বৰ লহৰৰ ওপৰত ভেটি কৰি এইবাৰ বিজেপিয়ে সহজেই নিৰ্বাচনী বৈতৰণী পাৰ হোৱাৰ পৰিকল্পনা কৰিছে৷ সামগ্ৰিকভাৱে বিজেপিৰ মন্ত্ৰণাদাতা সংগঠন আৰ এছ এছৰো যি দীৰ্ঘকালীন ‘এজেণ্ডা’ আছিল, তাৰ ভিতৰত ৰাম মন্দিৰৰ নিৰ্মাণৰ হৈছে প্ৰধান লক্ষ্য৷ সেই সকলো প্ৰতিশ্ৰুতি আৰু অপেক্ষাৰ অন্ত পেলাই অহা সোমবাৰে প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৰামৰ জন্মভূমি অযোধ্যাত নিৰ্মিত ৰাম মন্দিৰত বালক ৰামৰ প্ৰাণপ্ৰতিষ্ঠা কৰিব৷  অযোধ্যাৰ ৰাম মন্দিৰত যিজন ভগৱান ৰামৰ পূজা কৰা হ’ব, তেওঁ পাঁচবছৰীয়া বালক ৰাম৷ সেই বালক ৰাম বা হিন্দীত ৰামলালাৰ নামতে উচ্ছতম ন্যায়ালয়ে অযোধ্যাৰ এই বিতৰ্কিত ভূমি এক ঐতিহাসিক ৰায়ৰ জৰিয়তে প্ৰদান কৰিছিল৷ 
দেশত বিজেপি দলৰ উত্থানৰ পাছত ৰাম মন্দিৰ আন্দোলনৰ গুৰি ধৰিছিল লালকৃষ্ণ আদৱানিয়ে৷ আদৱানিৰ নেতৃত্বত দেশজুৰি অনুষ্ঠিত হোৱা ৰথ যাত্ৰাত ৰামৰ ভক্তিৰ যিদৰে জাগৰণ আহিছিল, ঠিক সেইদৰে সেই জাগৰণৰ ওপৰত ভৰ কৰি উত্থান ঘটিছিল বিজেপিৰ৷ সেয়া নব্বৈ দশকৰ দেশৰ ৰাজনীতিৰ এক বিৰাট অধ্যায়৷ সেই উপজীব্যক সাৰথি কৰি এতিয়া দেশজুৰি বিজেপিৰ শাসন৷ নৰেন্দ্ৰ মোদী নেতৃত্বাধীন বিজেপি চৰকাৰৰ দ্বিতীয়তো কাৰ্যকাল অন্ত পৰাৰ পূৰ্বেই ৰাম মন্দিৰৰ পূজা-অৰ্চনা আৰম্ভ হ’ব৷ অৰ্ধসম্পূৰ্ণ ৰাম মন্দিৰতে সোমবাৰৰ পৰা আৰম্ভ হ’ব ৰামৰ পূজা৷ ইয়াৰ লগে লগে লালকৃষ্ণ আদৱানিৰ নেতৃত্বত আৰম্ভ হোৱা বিজেপিৰ ৰাম মন্দিৰ আন্দোলনৰ এটা বৃত্তও সম্পূৰ্ণ হ’ব৷ সেই বৃত্তৰ শেষ অংশ সম্পূৰ্ণ কৰিব এতিয়াৰ বিজেপিৰ একছত্ৰী মুৰব্বী হিচাপে পৰিগণিত হোৱা নৰেন্দ্ৰ মোদীয়ে৷ ৰাম মন্দিৰ আন্দোলন আৰম্ভ কৰা লালকৃষ্ণ আদৱানি এতিয়া বিজেপিৰ বাবেও প্ৰায় পাহৰণিৰ গৰ্ভত৷ আনকি লালকৃষ্ণ আদৱানি আৰু ৰাম মন্দিৰ আন্দোলনৰ তেওঁৰ সতীৰ্থসকল এই অনুষ্ঠানলৈ  অনিমন্ত্ৰিত৷ কিন্তু বিজেপিৰ ৰাম মন্দিৰ আন্দোলনৰ গতি থমকি নৰয়৷ সেই গতি সম্পূৰ্ণ কৰি সোমবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ হাতেৰেই অযোধ্যাৰ ৰাম মন্দিৰত ৰামৰ প্ৰাণপ্ৰতিষ্ঠা হ’ব৷ সোমবাৰে পুৱা ১০ বজাত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী অযোধ্যাত গৈ উপস্থিত হ’ব৷ তাৰ পাছতেই ৰামৰ জন্মভূমিত দিনজোৰা কাৰ্যসূচী ৰূপায়ণ কৰিব প্ৰধানমন্ত্ৰী মোদীয়ে৷ পুৱা ১০-২৫ বজাত অযোধ্যাৰ বাল্মিকী বিমানবন্দৰত প্ৰধানমন্ত্ৰীৰ বিমানে অৱতৰণ কৰিব৷ তাৰ পৰা হেলিকপ্টাৰত গৈ ১০-৪৫ বজাত ৰাম মন্দিৰৰ সমীপৰ হেলিপেডত নামিব মোদী৷ ১০-৫৫ বজাত ৰাম মন্দিৰ প্ৰাংগণত উপস্থিত হ’ব প্ৰধানমন্ত্ৰী৷ ৰামৰ প্ৰাণপ্ৰতিষ্ঠা অনুষ্ঠান আৰম্ভ হ’ব ১২-০৫ বজাৰ পৰা৷ সম্পূৰ্ণ ৫০ মিনিট ধৰি এই অনুষ্ঠান চলিব৷ ১২-৫৫ বজাত সকলো আচাৰ-অনুষ্ঠান সম্পূৰ্ণ কৰি ৰাম মন্দিৰৰ উদ্বোধনস্থলীৰ পৰা ওলাই যাব প্ৰধানমন্ত্ৰী মোদী৷ প্ৰাণপ্ৰতিষ্ঠাৰ ৫৫ মিনিটত প্ৰধানমন্ত্ৰীয়ে কি কি ধৰ্মীয় আচাৰ পালন কৰিব সেয়া এতিয়াও আয়োজকসকলে জনোৱা নাই৷ ৰাম মন্দিৰৰ পৰা ওলাই প্ৰধানমন্ত্ৰী মোদীয়ে সমীপতে এখন জনসভাত ভাগ ল’ব৷ সেই জনসভাৰ পৰাই মোদীয়ে দেশবাসীৰ উদ্দেশ্যে ভাষণ প্ৰদান কৰিব৷ তাৰ পৰা প্ৰধানমন্ত্ৰী যাব অযোধ্যাৰ অন্যতম গুৰুত্বপূৰ্ণ দৰ্শনীয় স্থান কুবেৰ টিলালৈ৷ হিন্দু ধৰ্মত এই কুবেৰ টিলাৰ গুৰুত্ব অশেষ৷ অযোধ্যাৰ ইতিহাস অনুসৰি ইয়াতেই এসময়ত ধন-সম্পত্তিৰ দেৱতা কুবেৰে পদধূলা দিছিল৷ কুবেৰে সৰযূ নদীৰ তীৰৰ এই স্থানতে স্থাপন কৰিছিল এটা শিৱলিংগ৷ সোমবাৰে বিয়লি প্ৰধানমন্ত্ৰী মোদীয়ে সেই কুবেৰ টিলা দৰ্শন কৰি পূজাও আগবঢ়াব৷ 
সোমবাৰে ৰাম মন্দিৰৰ উদ্বোধন হ’লেও সেই উদ্বোধনী অনুষ্ঠানলৈ নিমন্ত্ৰণ জনোৱা জ্জ্ব হাজাৰ অভ্যাগতেহে মন্দিৰ দৰ্শন কৰিব পাৰিব৷ অন্যান্য ভক্তৰ  বাবে ৰাম মন্দিৰৰ দুৱাৰ খোলা হ’ব পিছদিনা মঙলবাৰৰ পৰা৷ অযোধ্যাত এতিয়া হাজাৰ হাজাৰ মানুহে ভিৰ কৰিলেও তেনে সাধাৰণ ভক্তৰ বাবে কাইলৈ উদ্বোধনীৰ দিনটোত ৰাম মন্দিৰ দৰ্শন সম্ভৱ নহয়৷ মঙলবাৰৰ পৰা  ৰাম মন্দিৰৰ দুৱাৰ সাধাৰণ ভক্তৰ বাবে দিনে দুবাৰকৈ খোলা হ’ব৷ প্ৰথমবাৰ মন্দিৰৰ দুৱাৰ খুলিব পুৱা ৭ বজাত৷  সেই সময়ত পূণ্যাৰ্থীয়ে নতুন ৰাম মন্দিৰত প্ৰৱেশ কৰি পূজা আগবঢ়াব পাৰিব৷ ১১-৩০ বজাত মন্দিৰৰ দুৱাৰ বন্ধ কৰা হ’ব৷ আঢ়ৈ ঘণ্টাৰ বিৰতিৰ পাছত পুনৰ দুপৰীয়া ২ টা বজাত মন্দিৰৰ দুৱাৰ খোলা হ’ব৷ তেতিয়াও ৰাম ভক্তই মন্দিৰত পূজা আগবঢ়াব পাৰিব৷ সন্ধিয়া ৭ বজাত দিনটোৰ বাবে মন্দিৰৰ দুৱাৰ বন্ধ হ’ব৷ সম্পূৰ্ণ দিনটোত ৰাম মন্দিৰত মুঠতে তিনিবাৰ আৰতি হ’ব৷ পুৱা ৬ বজাত হ’বলগীয়া প্ৰথম আৰতিক ‘জাগৰণ আৰতি’, দুপৰীয়া ১২ বজাত হ’বলগীয়া দ্বিতীয় আৰতিক ‘ভোগ আৰতি’ আৰু  সন্ধিয়া ৭ বজাত হ’বলগীয়া অন্তিম আৰতিক ‘সন্ধ্যা আৰতি’ বুলি কোৱা হ’ব৷ ভক্তসকলে আৰতিত ভাগ ল’বলৈ বিচাৰিলে আধাঘণ্টা পূৰ্বে মন্দিৰৰ ‘কেম্প অফিচ’ত নিজৰ পৰিচয়-পত্ৰ জমা দি পাছ সংগ্ৰহ কৰিব লাগিব৷ 
অৱশ্যে ৰাম মন্দিৰৰ উদ্বোধনী অনুষ্ঠানক লৈ ভক্তৰ প্ৰৱল উৎসাহে আয়োজকসকলক চৰম বিপদত পেলাইছে৷ প্ৰথমৰে পৰাই অযোধ্যাৰ ৰাম মন্দিৰৰ নিৰ্মাতা আৰু এই অনুষ্ঠানৰ আয়োজকে ৰামৰ প্ৰাণপ্ৰতিষ্ঠাৰ দিনটোত সাধাৰণ ভক্তক অযোধ্যালৈ নাহিবলৈ বাৰে বাৰে অনুৰোধ জনাইছিল৷ সেই দিনা কেৱল নিমন্ত্ৰিত অভ্যাগত সকলকহে অযোধ্যাত উপস্থিত থাকিবলৈ আৰু প্ৰাণপ্ৰতিষ্ঠাৰ অনুষ্ঠানত ভাগ ল’বলৈ দিব বুলি ৰাম জন্মভূমি মন্দিৰ নিৰ্মাণ ন্যাসে বাৰম্বাৰ কৈ আহিছিল৷ কিন্তু ভক্তৰ প্ৰৱল উৎসাহক বাধা দিয়ে সাধ্য কাৰ? ৰাম মন্দিৰত ৰামৰ প্ৰাণপ্ৰতিষ্ঠা অনুষ্ঠানৰ এদিন পূৰ্বে এতিয়া অযোধ্যাত ভক্তৰ যি জনপ্লাৱণ আৰম্ভ হৈছে, এই পৰিস্থিতিত কিদৰে সূচাৰুৰূপে অহা সোমবাৰে এই অনুষ্ঠান আয়োজন কৰিব পাৰি সেই লৈ চৰম উদ্বেগৰ সৃষ্টি হৈছে৷ হাজাৰে হাজাৰে হিন্দু ভক্তই কেইবাদিনো আগৰে পৰা অযোধ্যাত প্ৰৱেশ কৰিছে আৰু চহৰখনতে থিতাপি লোৱাত তাত থিয় হ’বলৈয়ো নামমাত্ৰ ঠাই নোহোৱা হৈ পৰিছে৷ এনে পৰিস্থিতিত শনিবাৰৰ নিশাৰ পৰা অযোধ্যালৈ যোৱা আৰু আযোধ্যা তথা ফৈজাবাদ হৈ যোৱা সকলোবিলাক ৰে’লগাড়ীৰ যাত্ৰা বন্ধ কৰি দিয়া হৈছে৷ অনুষ্ঠানৰ আয়োজক, চৰকাৰ আৰু প্ৰশাসনৰ অনুৰোধত উত্তৰ মণ্ডল ৰে’লৱেই শনিবাৰে নিশাৰ পৰা অযোধ্যাধাম জংচন আৰু ফৈজাবাদ জংচন সকলো ৰে’লৰ বাবে বন্ধ কৰি দিছে৷ তদুপৰি সেই দুই ষ্টেচন স্পৰ্শ কৰি যোৱা কোনো ৰে’ল গাড়ীকে উক্ত দুই ষ্টেচনত ৰখোৱা নিষিদ্ধ কৰা হৈছে৷ অনিৰ্দিষ্টকালৰ বাবে এই দুই ষ্টেচন বন্ধ কৰি দিয়া সত্ত্বেও ভক্তৰ সোঁত বন্ধ কৰিব পৰা নাই প্ৰশাসন আৰু অনুষ্ঠানৰ আয়োজকে৷ কিয়নো অযোধ্যাৰ পৰা আগতে আন আন ষ্টেচনত নামি বৃহৎ সংখ্যাত ভক্তই বিভিন্ন উপায়েৰে অযোধ্যাত প্ৰৱেশ কৰিছে৷ চাইকেল, মটৰ চাইকেল, গাড়ী আৰু সমীপৱৰ্তী অঞ্চলৰ পৰা পদব্ৰজে হাজাৰে হাজাৰে হিন্দু ভক্তই অযোধ্যাত প্ৰৱেশ কৰি আছে৷ এনে পৰিস্থিতিত বিপাঙত পৰিছে আয়োজকসকল৷ কিয়নো নিমন্ত্ৰিত কেইবাহাজাৰ অতিথি ৰে’লেৰে অযোধ্যালৈ আহি আছিল৷ শনিবাৰে নিশাৰ পৰা অযোধ্যা অভিমুখী সকলো ৰে’লগাড়ী বন্ধ কৰি দিয়াৰ ফলত সেই অতিথিসকল বিভিন্ন স্থানত আবদ্ধ হৈ পৰিছে৷ তেনে অভ্যাগতক আয়োজকসকলে আবদ্ধ হৈ পৰা স্থানৰ পৰা গাড়ীৰে অযোধ্যালৈ অনাৰ বন্দোবস্ত কৰিছে৷ কিন্তু গাড়ী লৈ অযোধ্যাৰ বাহিৰলৈ ওলাই যোৱা আৰু পুনৰ চহৰত প্ৰৱেশ কৰাটো এতিয়া অসাধ্য সাধন কৰাৰ দৰে কথা৷ তেনেক্ষেত্ৰত  কিদৰে নিমন্ত্ৰিত অতিথিক সোমবাৰৰ অনুষ্ঠানৰ বাবে অযোধ্যাত প্ৰৱেশ কৰোৱাব পাৰি সেয়া স্থানীয় প্ৰশাসনৰ বাবে কষ্টসাধ্য কাম হৈ পৰিছে৷ 


৪ বজালৈ বন্ধ মাছ-মাংসৰ বিক্ৰী

‘আমাৰ অসম’ৰ ষ্টাফ ৰিপ’ৰ্টাৰঃ ‘ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠা অনুষ্ঠানৰ প্ৰতি লক্ষ্য ৰাখি সোমবাৰে বিয়লি চ্ছ্ৰ বজালৈ ৰাজ্যত সকলো মাছ-মাংসৰ দোকান বন্ধ ৰাখিব লাগিব৷’–এই ঘোষণা মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাৰ৷ দেওবাৰে দিছপুৰৰ লোকসেৱা ভৱনত এক সংবাদমেলত এই কথা ঘোষণা কৰি মুখ্যমন্ত্ৰী ড॰ শৰ্মাই কয়–ভাৰতীয় সভ্যতাই ৫০০ বছৰৰ পাছত কাইলৈ নিৰ্ণায়ক বিজয় সাব্যস্ত কৰিব৷ এঘাৰ দিন কেৱল নাৰিকলৰ পানী খাই, মাটিত শুই উপবাসে থকা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কাইলৈ ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠা কৰিব৷ ইয়াৰ বাবে প্ৰধানমন্ত্ৰীক মই কৃতজ্ঞতা, শুভেচ্ছা জনাইছো৷ ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠা অনুষ্ঠানৰ সাত্বিকতাৰ প্ৰতি লক্ষ্য ৰাখি কাইলৈ অন্ততঃ ৪ বজালৈ ৰাজ্যত সকলো মাছ-মাংসৰ দোকান বন্ধ ৰাখিবলৈ আমি নিৰ্দেশ দিছো৷ ৪ বজাৰ পাছত মাছ-মাংসৰ দোকান খুলিব পাৰিব৷ দিনৰ ২ বজালৈ হোটেল-ৰেষ্টুৰেণ্ট সমূহেও আমিষ খাদ্য গ্ৰাহকক আগবঢ়াব নোৱাৰিব৷ সকলো ৰাইজকে কাইলৈ পাৰিলে এটা বেলা লঘোণে থাকিবলৈ মই আহ্বান জনাইছো৷ ইফালে মুখ্যমন্ত্ৰীয়ে সংবাদ মেলত কয় যে ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠাৰ লগত সংগতি ৰাখি ৰাজ্য চৰকাৰে আহ্বান জনোৱা স্বচ্ছ তীৰ্থ অভিযান মছজিদ, গীৰ্জাতো পালন কৰা হৈছে৷