Logo
image

পৰেশ বৰুৱা ইতিবাচক, ড॰ গোহাঁই বৌদ্ধিক সন্ত্ৰাসী! মুখ্যমন্ত্ৰী

‘আমাৰ অসম’ৰ ষ্টাফ ৰিপ’ৰ্টাৰ, ২২ জানুৱাৰীঃ ‘বাঁওপন্থী বুদ্ধিজীৱীসকলে অসমখনৰ এটা প্ৰজন্মক শেষ কৰি দিলে৷ কেৱল নিগেটিভিটি, নিগেটিভিটি আৰু নিগেটিভিটি৷ আৰে অসমত একো ভাল নহয়েই নেকি৷ এওঁলোকক ঠাণ্ডা নকৰালৈকে অসমত স্থায়ী শান্তি নাহে৷’– এই মন্তব্য ড॰ হিমন্ত বিশ্ব শৰ্মাৰ৷ দেওবাৰে এক সংবাদ মেলত ড॰  হীৰেন গোহাঁই সন্দৰ্ভত পুনৰ কঠোৰ বাক্যবাণ নিক্ষেপ কৰি মুখ্যমন্ত্ৰী ড॰ শৰ্মাই কয়– ‘এওঁলোকৰ তুলনাত আলফা সমস্যা একো ইছ্যুৱেই নহয়৷ পৰেশ বৰুৱা ৰাস্তা বেলেগ হ’ব পাৰে, ভুল কৰিব পাৰে কিন্তু তেওঁ এজন পজিটিভ মানুহ৷ যোৱা ৩০ বছৰ ধৰি অসমত বাওঁপন্থী বুদ্ধিজীৱী, আৰবান বুদ্ধিজীৱীসকলে সন্ত্ৰাসবাদ চলালে৷ অসমৰ জাতীয় আইকন ড॰ ভূপেন হাজৰিকাৰ সন্দৰ্ভত কটু মন্তব্য কৰা ড॰ হীৰেন গোহাঁইক মাল বুলি কোৱাত আপত্তি ক’ত৷ মাল শব্দটো তেওঁ হজম কৰিবলৈ শিকক৷ হীৰেন গোহাঁইয়ে কোৱা অভদ্ৰ শব্দবিলাকৰ তালিকালৈ কটনৰ প্ৰাক্তন জিএছ কেশৱ গগৈয়ে এখন অভিধান বনাইছিল৷ এই মানুহটোৰ পিছত মই ছাত্ৰ জীৱনৰ পৰা লাগি আছো৷ তেওঁৱো মোক কটনত নিৰ্বাচনত হেৰুৱাবলৈ প্ৰচাৰ চলাইছিল৷ ড॰ হীৰেন গোহাঁই ডুপ্লিকেট বুদ্ধিজীৱি৷ বেলেগৰ লিখনি তেওঁ নিজৰ নামত প্ৰকাশ কৰে৷ লাগিলে পিছৰ সংবাদ মেলত ইয়াৰ তথ্যসহ দাঙি ধৰিম৷ হীৰেন গোহাঁইৰ সপক্ষত মোক সমালোচনা কৰি প্ৰৱন্ধ লিখিবলৈ গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধ্যাপক অখিল ৰঞ্জন দত্তক কোনে অধিকাৰ দিলে৷ কোনটো চাৰ্ভিছ ৰুলৰ আণ্ডাৰত তেওঁ পৃথিৱীৰ চব কথা কৈ থাকিব পাৰে৷ আপোনালোকৰ সন্মুখত মোৰ লগত তেওঁ এদিন বহকচোন৷ ভূপেন হাজৰিকাক কৰা অপমানৰ বিৰুদ্ধে অখিল ৰঞ্জন দত্তই মাত নামানে কিয়৷ অখিল ৰঞ্জন দত্তৰ বিৰুদ্ধে গুৱাহাটী বিশ্ববিদ্যালয়ৰ উপাচাৰ্যক মই বিভাগীয় ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ দিছো৷ যি মন যায় তাকেই লিখিব ক’ব নোৱাৰিব ড॰ অখিল ৰঞ্জন দত্তই৷ চাকৰি এৰি কিবা ক’লেই সেয়া বেলেগ কথা৷ কিন্তু চৰকাৰী চাকৰিত থাকি এনেধৰণে মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে যিকোনো কথা ক’ব নোৱাৰিব, টিভিত টকশ্ব’ কৰি ঘূৰি ফুৰিব নোৱাৰিব৷ এক বছৰ ক্লাছৰ পৰা তেওঁক মই মূৰ দাঙিব নোৱাৰা অৱস্থা কৰি আছো৷’

বিভিন্ন দল-সংগঠনৰ প্ৰতিক্ৰিয়া

‘আমাৰ অসম’ৰ গুৱাহাটীৰ প্ৰতিবেদকঃ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যৰ বিশিষ্ট বুদ্ধিজীবী ড॰ হীৰেন গোহাঁই আৰু গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধ্যাপক অখিল ৰঞ্জন দত্তৰ সন্দৰ্ভত কৰা তাচ্ছিল্যসুলভ মন্তব্যক লৈ সৰ্বত্ৰ এতিয়া প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে৷ মুখ্যমন্ত্ৰীৰ আসনৰ পৰা হিমন্ত বিশ্ব শৰ্মাই দেওবাৰে এটা ‘বিশেষ শব্দ’ প্ৰয়োগ কৰাক লৈয়ো বিভিন্নজনে এতিয়া সমালোচনাৰ লক্ষ্য কৰি লৈছে  মুখ্যমন্ত্ৰীক৷ বিশেষকৈ চৰকাৰী কাম-কাজৰ বাবে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধ্যাপক অখিল ৰঞ্জন দত্তৰ বিৰুদ্ধে শাস্তিমূলক ব্যৱস্থা গ্ৰহণৰ বাবে উপাচাৰ্যক নিৰ্দেশ দিয়াত সহজভাৱে লোৱা নাই দল-সংগঠনসমূহে৷ এই সন্দৰ্ভত সদৌ অসম ছাত্ৰ সন্থাৰ নেতৃত্বই কয়– ‘অসমৰ মুখ্যমন্ত্ৰীয়ে বিশ্ববিদ্যালয়ৰ অধ্যাপক এজনৰ বিৰুদ্ধে অনুশাসনমূলক ব্যৱস্থা গ্ৰহণৰ হুংকাৰ দিয়া অগণতান্ত্ৰিক মানসিকতাৰ তীব্ৰ বিৰোধিতা কৰিছো৷ এয়া সংবিধান বিৰোধী আৰু বাক্‌-স্বাধীনতা খৰ্ব হৈছে৷ মুখ্যমন্ত্ৰীক সমালোচনা কৰাটো অপৰাধ হ’ব নোৱাৰে৷ মুখ্যমন্ত্ৰীৰ এনে হস্তক্ষেপ বৌদ্ধিক সমাজৰ বাবে অশুভ লক্ষণ৷ মুকলি চিন্তাৰ আখৰাস্থলী বিশ্ববিদ্যালয়সমূহক লৈ মুখ্যমন্ত্ৰীৰ এই মানসিকতা কেতিয়াও গ্ৰহণযোগ্য নহয়৷’ ইফালে গুৱাহাটী বিশ্ববিদ্যালয়ৰ ৰাজনীতি বিজ্ঞান বিভাগৰ ছাত্ৰ সমাজেও অধ্যাপক অখিল ৰঞ্জন দত্তৰ সন্দৰ্ভত মুখ্যমন্ত্ৰীয়ে আক্ৰোশমূলক ভূমিকা গ্ৰহণ কৰা কাৰ্যৰ তীব্ৰ বিৰোধিতা কৰিছে৷ গুৱাহাটী বিশ্ববিদ্যালয়ৰ স্নাতকোত্তৰ ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক হিমনজিৎ ডেকা আৰু সভাপতি জিণ্টু দাসেও অধ্যাপক দত্তৰ সমৰ্থনত থিয় দিছে৷ 

ড॰ গোহাঁইৰ বিৰুদ্ধে মুখ্যমন্ত্ৰীৰ বক্তব্য বিৰোধিতা ছাত্ৰ মুক্তিৰ 

মুখ্যমন্ত্ৰীয়ে ৰাজ্যৰ বিশিষ্ট বুদ্ধিজীবী ড॰  হীৰেন গোহাঁইক যুক্তি তৰ্কত নোৱাৰি ৰাজহুৱাকৈ অপদস্ত কৰাত নামি পৰাৰ গুৰুতৰ অভিযোগ কৰিছে ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে৷ ড॰ গোহাঁইক ডক্তৰেট  ডিগ্ৰী ভুৱা, অন্য গ্ৰন্থৰ পৰা নকল কৰা আদি বিভিন্ন বিশেষণৰে মুখ্যমন্ত্ৰীয়ে হীৰেন গোহাঁইক আক্ৰমণৰ লক্ষ্য কৰি লৈছে৷  মুখ্যমন্ত্ৰীয়ে শিক্ষাবিদ ড॰  হীৰেন গোহাঁইৰ প্ৰতি কিছু আপত্তিজনক শব্দ প্ৰয়োগ কৰাক লৈ গুৱাহাটী বিশ্ববিদ্যালয়ৰ ৰাজনীতি বিজ্ঞান বিভাগৰ অধ্যাপক ড॰ অখিল ৰঞ্জন দত্তই নিজৰ মতামত ব্যক্ত কৰাৰ বাবে ক্ষুণ্ণ হৈ প্ৰবল প্ৰতাপী মুখ্যমন্ত্ৰীয়ে অখিল ৰঞ্জন দত্তক লক্ষ্য কৰি লোৱা পৰিলক্ষিত হৈছে৷ এক সংবাদমেলৰ জৰিয়তে মুখ্যমন্ত্ৰীয়ে অসমৰ অধ্যাপক দত্তৰ ওপৰত ব্যৱস্থা ল’বৰ বাবে উপাচাৰ্যক নিৰ্দেশ দিয়াৰ কথা উল্লেখ কৰিছে৷ একোখন বিশ্ববিদ্যালয় এটা জাতিৰ উত্তৰণৰ দাপোন৷ এই ঘটনাৰ বিৰোধিতা কৰি ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ সভাপতি দেৱব্ৰত শইকীয়া, কাৰ্যকৰী সভাপতি পাপু দত্ত, ৰাহুল চৌধুৰী আৰু সাধাৰণ সম্পাদক প্ৰাঞ্জল কলিতা, ৰাহুল ছেত্ৰীয়ে  বিজ্ঞপ্তি যোগে কয় যে বিশ্ববিদ্যালয়ৰ পৰাই কলা, বিজ্ঞান চৰ্চাৰ জৰিয়তে জাতিয়ে উত্তৰণৰ বাট বুলে৷  প্ৰতিষ্ঠা কালৰ পৰাই গুৱাহাটী বিশ্ববিদ্যালয়ে অসম আৰু অসমীয়ালৈ আগবঢ়োৱা অবদান অনস্বীকাৰ্য৷ বিশ্ববিদ্যালয়ত ভাৰতৰ সংবিধান প্ৰদত্ত অধিকাৰ, বাক্‌ স্বাধীনতা আদিৰ বিষয়ে শিক্ষা প্ৰদান কৰা হয়, তেনেস্থলত নিজৰ বাক্‌ স্বাধীনতাৰ অনুশীলনৰ বাবেই অধ্যাপক অখিল ৰঞ্জন দত্তক প্ৰদান কৰা ভাবুকি সুস্থ গণতান্ত্ৰিক শিক্ষা ব্যৱস্থা এটাৰ বাবে ভাবুকি৷ বিজেপি শাসিত চৰকাৰখনে অসমত এনে এটা পৰিস্থিতি সৃষ্টি কৰি পৰৱৰ্তী সময়ৰ বাবে অসমত এখন পংগু সমাজ সৃষ্টি কৰিব বিচাৰিছে য’ত সকলো ৰাজনৈতিক নেতাৰ দ্বাৰা পৰিচালিত হ’ব৷ সংগঠনটোৱে গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসমূহক অধ্যাপক ড॰ অখিল ৰঞ্জন দত্তৰ সৈতে থিয় হ’বলৈ আহ৩ান জনোৱাৰ¸ লগতে মুখ্যমন্ত্ৰীক ড॰ হীৰেন গোহাই আৰু অখিল ৰঞ্জন দত্তক ৰাজহুৱাকৈ ক্ষমা বিচৰাৰ বাবে দাবী উত্থাপন কৰে৷ 

জাতীয় পৰিষদৰ প্ৰতিবাদ

‘আমাৰ অসম’ৰ মহানগৰ বাৰ্তাঃ অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৰাজনৈতিক শালীনতা, সৌজন্য, গণতান্ত্ৰিক নীতি আৰু মূল্যবোধৰ সকলো সীমা লংঘন কৰি পেলাইছে৷ তেওঁৰ ব্যৱহাৰ আৰু আচৰণ সুস্থ্য সমাজ আৰু প্ৰশাসনৰ বাবে মুঠেই অনুকূল নহয়৷’– এই তীক্ষ্ণ বাক্যবান অসম জাতীয় পৰিষদৰ৷  দেওবাৰে মুখ্যমন্ত্ৰী শৰ্মাই বিশিষ্ট বুদ্ধিজীৱী ড॰ হীৰেন গোহাঁই আৰু গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধ্যাপক তথা চিন্তাবিদ ড॰ অখিল ৰঞ্জন দত্ত সন্দৰ্ভত প্ৰদান কৰা বক্তব্যৰ প্ৰতিক্ৰিয়াস্বৰূপে জাৰি কৰা এক প্ৰেছ বিজ্ঞপ্তিত দলটোৰ সভাপতি লুৰীণজ্যোতি গগৈ আৰু সাধাৰণ সম্পাদক জগদীশ ভূঞাই কয় যে ৰাজ্যৰ সৰ্বোচ্ছ চৰকাৰী পদাধিকাৰী ব্যক্তিৰ পৰা এনে ব্যৱহাৰ বা আচৰণ এখন গণতান্ত্ৰিক সমাজত কেতিয়াও কাম্য নহয়৷ জাতীয় পৰিষদৰ নেতাদ্বয়ে কয় যে মুখ্যমন্ত্ৰীয়ে হীৰেন গোহাঁইৰ ক্ষেত্ৰত ব্যৱহাৰ কৰা শব্দ-বাক্যই শালীনতাৰ সকলো সীমা চেৰাই বিদ্বানজনৰ প্ৰতি অগণতান্ত্ৰিক তথা অসংসদীয় আচৰণৰ এক অনাকাংক্ষিত পৰিৱেশৰ সূচনা কৰিব৷ আনহাতে, অধ্যাপক দত্তই সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰা বক্তব্যৰ জৰিয়তে ক্ৰমশঃ অন্ধকাৰৰ দিশলৈ চৰকাৰীভাৱে ঠেলি দিবলৈ বিচৰা অসমীয়া সমাজখনক পোহৰৰ বাট দেখুওৱাৰ প্ৰয়াস কৰি আহিছে৷ এয়া সমাজৰ বিদ্বত ব্যক্তিসকলৰ দায়িত্ব৷ অসমীয়া বিদ্বত সমাজে যুগে যুগে এই দায়িত্ব পালন কৰি আহিছে কাৰণেই অসমীয়া জাতিয়ে আজি নিজকে এটা সমৃদ্ধ জাতি হিচাপে গৌৰৱবোধ কৰিব পাৰিছে৷ বিদ্বত সমাজৰ মত প্ৰকাশৰ স্বাধীনতা হৰণৰ জৰিয়তে অসমৰ মুখ্যমন্ত্ৰী তথা চৰকাৰে ৰাজ্যত অন্ধকাৰ যুগৰ প্ৰৱৰ্তন কৰিব খুজিছে৷ মুখ্যমন্ত্ৰীৰ এনে অপপ্ৰয়াসৰ বিৰোধিতা কৰাটো প্ৰতিজন নাগৰিকৰ দায়িত্ব৷