Logo
image

দিল্লীৰ পৰা গুৱাহাটীমুখী বিমানত অঘটনঃ টেক অফৰ সময়ত জৰুৰীকালীন দুৱাৰ খুলিলে বিজেপি নেতাই

‘আমাৰ অসম’ৰ গুৱাহাটীৰ প্ৰতিবেদক, ২২ জানুৱাৰীঃ কুঁৱলীৰ বাবে গুৱাহাটী অভিমুখী বিমানে বাংলাদেশৰ ঢাকাত অৱতৰণ কৰাৰ খবৰে দেশজুৰি চৰ্চা লাভ কৰাৰ সময়তে পুনৰ দিল্লী-গুৱাহাটীমুখী এখন বিমানত যাত্ৰাৰ আচৰণক লৈ সৰ্বত্ৰ চৰ্চাৰ কেন্দ্ৰ বিন্দু হৈ পৰিছে৷ বিমানৰ টেক অফৰ সময়তে হঠাতে এজন যাত্ৰীয়ে জৰুৰীকালীন দুৱাৰ খুলি দিয়াত বিমানযাত্ৰী তথা পাইলটৰ মাজত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হয়৷ যাত্ৰীৰ আসনত থকা অসম ৰাজ্যিক বিজেপিৰ শীৰ্ষ নেতা জয়ন্ত দাসে এই ঘটনা সংঘটিত কৰাৰ তথ্য পোহৰলৈ আহিছে৷ দেওবাৰে দিল্লীৰ পৰা গুৱাহাটী অভিমুখে অহা এয়াৰ ইণ্ডিয়াৰ ১৫৭৯২ নম্বৰ বিমানখনত গুৱাহাটীলৈ বুলি এজন সতীৰ্থৰ হৈ আহিছিল ৰাজ্যিক বিজেপিৰ উপ-সভাপতি জয়ন্ত দাস৷ দিনৰ প্ৰায় ১২.১৫ বজাত দিল্লীৰ ইন্দিৰা গান্ধী আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰৰ পৰা এয়াৰ ইণ্ডিয়াৰ বিমানখন টেকঅফ কৰাৰ সময়তে যাত্ৰীৰ আসনৰ পৰা উঠি গৈ আকস্মিকভাৱে জয়ন্ত দাসে বিমানৰ জৰুৰীকালীন দুৱাৰখন খুলি দিয়ে৷ অৱশ্যে কোনো অঘটন হোৱাৰ পূৰ্বে বিমানৰ পৰিচাৰিকাসকলে পুনৰ দুৱাৰখন বন্ধ কৰি দিবলৈ সক্ষম হয়৷ উল্লেখ্য, নিয়ম অনুসৰি যিকোনো অঘটন অৰ্থাৎ জৰুৰীকালীন মুহূৰ্ততে উক্ত আছুটীয়া দুৱাৰখন খুলিব পাৰে৷ বিনা কাৰণত জৰুৰীকালীন দুৱাৰ খোলাটো আইন বিৰুদ্ধ কাৰ্য৷ ইয়াৰ ফলত বিমানখন ভয়ংকৰ দুৰ্ঘটনাত পতিত হ’ব পাৰে৷ এই অপৰাধৰ বাবে বিমান কৰ্তৃপক্ষই অভিযুক্ত যাত্ৰী ন’ ফ্লাই তালিকাত স্থান দিব পাৰে৷ অৰ্থাৎ চিৰদিনৰ বাবে তেনে যাত্ৰীৰ বিমান যাত্ৰা নিষিদ্ধ হ’ব পাৰে৷ অৱশ্যে বিজেপি নেতা জয়ন্ত দাসে কিয় বিমানৰ জৰুৰীকালীন দুৱাৰখন খুলাৰ চেষ্টা চলাইছিল সেয়া জানিব পৰা নাই৷ ইফালে এই ঘটনাৰ পাছতেই বিমান বন্দৰৰ নিৰাপত্তাৰক্ষীয়ে জয়ন্ত দাসক আটক কৰি বহুসময় ধৰি জেৰা কৰে৷  জয়ন্ত দাসৰ এই কাৰ্যৰ বাবে দিল্লী বিমান বন্দৰতে গুৱাহাটীমুখী এয়াৰ ইণ্ডিয়াৰ বিমানখন সুৰক্ষাজনিত কাৰণত দীৰ্ঘসময় ধৰি ৰখাই থোৱা হয়৷  অৱশ্যে বিয়লি প্ৰায় ২.৪৫ বজাত পুনৰ এয়াৰ ইণ্ডিয়াৰ বিমানখন দিল্লীৰ পৰা গুৱাহাটী অভিমুখে ৰাওনা হয়৷ উল্লেখ্য, বিজেপি নেতা জয়ন্ত দাসে দিল্লীত দলৰ গাঁও চলোঁ অভিযানৰ এক কাৰ্যসূচীত অংশ ল’বলৈ গৈছিল৷