Logo
image

ৰামৰাষ্ট্ৰ

‘আমাৰ অসম’ৰ বিশেষ প্ৰতিবেদন, ২৩ জানুৱাৰীঃ এক মাহেন্দ্ৰক্ষণত সোমবাৰে জন্মভূমি অযোধ্যাত নৱনিৰ্মিত ৰাম মন্দিৰত হিন্দুৰ ভগৱান শ্ৰীৰামচন্দ্ৰৰ প্ৰাণপ্ৰতিষ্ঠা হ’ল৷ ৪৯৬ বছৰৰ পাছত স্বগৃহত উপবিষ্ট হ’ল ভগৱান শ্ৰীৰাম৷ জন্মভূমিত ৫ বছৰীয়া শিশুৰ ৰূপত সোমবাৰে অযোধ্যাৰ ৰাম মন্দিৰত ৰামলালাৰ প্ৰাণপ্ৰতিষ্ঠা কৰিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে৷ সমগ্ৰ দেশৰ ভিন ভিন স্থানৰ পৰা আমন্ত্ৰিত ৮০০০ বিশিষ্ট ব্যক্তিৰ উপস্থিতিত সোমবাৰে দুপৰীয়া ১২ বাজি ২৯ মিনিট ৩ চেকেণ্ডৰ পৰা ১২ বাজি ৩০ মিনিট ৩৫ চেকেণ্ডলৈ মুঠ ৪৮ চেকেণ্ডৰ ‘অভিজিৎ ক্ষণ’ অৰ্থাৎ দিনটোৰ মাহেন্দ্ৰক্ষণত ৰামৰ প্ৰাণপ্ৰতিষ্ঠা আৰু ৰাম মন্দিৰ উদ্বোধন হোৱাৰ লগে লগে দেশ-বিদেশৰ হিন্দু ধৰ্মাৱলম্বীৰ ৫ শতিকাজোৰা অধীৰ প্ৰতীক্ষাৰ যৱনিকা পৰিল৷ ৰাম নিজৰ ঘৰলৈ উভতি আহিল৷ পুনৰ স্থান লাভ কৰিলে স্বভূমিৰ স্বগৃহত৷

সোমবাৰে একালৰ বিতৰ্কিত অযোধ্যাৰ ৰাম জন্মভূমিত ৰাম মন্দিৰৰ সূচনাৰ লগে লগে প্ৰায় ৫০০ বছৰজোৰা বাবৰি মছজিদ বিতৰ্কৰো ওৰ পৰিল৷ ১৫২৮ খ্ৰীষ্টাব্দত প্ৰথম মোগল সম্ৰাট বাবৰে অযোধ্যাত থকা ৰাম মন্দিৰ ভাঙি এটা মছজিদ নিৰ্মাণ কৰাইছিল বুলি প্ৰাচীন বুৰঞ্জীত উল্লেখ আছে৷ ৰামৰ সেই জন্মভূমিত পুনৰ ৰামৰেই এটা মন্দিৰ নিৰ্মাণৰ দাবী আছিল শতাব্দীপ্ৰাচীন৷ সেই দাবী অধিক জোৰদাৰ হৈছিল বহুকেইটা হিন্দু সংগঠন আৰু  বিজেপিৰ নেতৃত্বত৷ লালকৃষ্ণ আদৱানীয়ে ৰামৰ মন্দিৰ নিৰ্মাণৰ বাবে দেশবাসীৰ দাবী দৃঢ় কৰিবলৈ ৰথযাত্ৰাৰ আয়োজন কৰিছিল আৰু আদৱানীৰ উপস্থিতিতে ১৯৯২ চনৰ ৬ ডিচেম্বৰত হিন্দু কৰসেৱকে বাবৰি মছজিদ ভাঙি গুৰি কৰিছিল৷ তাৰ পাছতো চলিছিল কেইবাবছৰজোৰা আইনী যুদ্ধ৷ আইনী যুদ্ধত ২০১৯ চনত জয়লাভ কৰিছিল ৰামলালাৰ হিন্দুপক্ষই৷ ২০২০ চনত ক’ভিড অতিমাৰীৰ মাজতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অযোধ্যাত ৰাম মন্দিৰৰ শিলান্যাস কৰিছিল৷ সোমবাৰে সেই অযোধ্যাত নিৰ্মাণ সম্পূৰ্ণ নোহোৱা ৰাম মন্দিৰত ৰামলালাৰ প্ৰাণপ্ৰতিষ্ঠা কৰাৰ লগে লগে ৫ শতিকাজোৰা বাবৰি মছজিদ বিতৰ্কৰ ইতি পৰিল৷ কোৱা বাহুল্য মাথোঁ, স্বাধীনতাৰ পাছত দেশত ইয়াতকৈ বৃহৎ সাম্প্ৰদায়িক আৰু ধৰ্মীয় বিতৰ্ক আন নাছিল৷ হিন্দু সংখ্যাগৰিষ্ঠ দেশ ভাৰতত হিন্দু ধৰ্মাৱলম্বীৰ শতিকাজোৰা দাবী অৱশেষত বাস্তৱ হ’ল ৰাম মন্দিৰ স্থাপনৰ জৰিয়তে৷ একেসময়তে প্ৰতিশ্ৰুতি ৰক্ষা কৰাতো সফল হ’ল দেশৰ এতিয়াৰ বৃহত্তম আৰু কেন্দ্ৰত শাসনত থকা বিজেপি আৰু ৰাজনৈতিক দলটোৰ তাত্বিক পৰামৰ্শদাতা হিন্দু সংগঠন ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘ৷ অৱশ্যে ৰাম মন্দিৰ আন্দোলনত প্ৰায় সমানেই অৰিহনা থকা দেশৰ অসংখ্য হিন্দু সংগঠনৰ কৃতিত্বও আজিৰ দিনটোত অনস্বীকাৰ্য৷ যুঁজ আৰম্ভণিৰ পৰা শেষলৈ এৰি নিদিয়া বিজেপিয়ে প্ৰতিশ্ৰুতি পালন খৰটকীয়া কৰাৰ অৱশ্যেই সমাগত সাধাৰণ নিৰ্বাচন, যি ৰাম মন্দিৰৰ আবেগত লহৰত ভৰ কৰি কেন্দ্ৰত শাসনাধিষ্ঠিত দলটোৱে একেৰাহে তৃতীয়বাৰৰ বাবে ক্ষমতাত অধিষ্ঠিত হ’বলৈ পৰিকল্পনা ৰচিছে৷

অযোধ্যাধামত উপস্থিত অভ্যাগতৰ শিৰত হেলিকপ্টাৰেৰে পুষ্পবৃষ্টি কৰাৰ পাছত দুপৰীয়া ১২ বজাত জয় শ্ৰীৰাম ধবনিৰ মাজত মন্দিৰ প্ৰাংগণত প্ৰৱেশ কৰে বিগত ১১ দিন ব্ৰত আৰু নৈষ্ঠিকতাৰে ধৰ্মীয় আচাৰ পালন কৰি থকা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সৈতে ৰাম মন্দিৰৰ গৰ্ভগৃহত প্ৰৱেশ কৰে আৰএছএৰ মুৰব্বী মোহন ভাগৱত, উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথ, ৰাম মন্দিৰ নিৰ্মাণ ন্যাসৰ দুই শীৰ্ষ ব্যক্তি মহন্ত নিত্যানন্দ দাস আৰু চম্পত ৰায়ে৷ মন্দিৰৰ গৰ্ভগৃহত প্ৰৱেশ কৰাৰ পাছতে ‘অভিজিৎ মুহুৰৎ’ত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰধানমন্ত্ৰী যজমানৰ ভূমিকা লৈ ৰামলালাৰ প্ৰাণপ্ৰতিষ্ঠা কৰে আৰু সাষ্টাংগে প্ৰণিপাত কৰে৷ ৰাম মন্দিৰ প্ৰাংগণত উপস্থিত থকা প্ৰত্যেক অভ্যাগতে আৰু সমগ্ৰ বিশ্বজুৰি কোটি কোটি হিন্দু ধৰ্মাৱলম্বীয়ে প্ৰাণপ্ৰতিষ্ঠাৰ সেই ‘অভিজিৎ ক্ষণ’ প্ৰত্যক্ষ কৰে৷’

ভগৱান শ্ৰীৰামচন্দ্ৰৰ গৃহাভিষেকত সোমবাৰে অযোধ্যাৰ ৰাম জন্মভূমিত নিৰ্মিত ৰাম মন্দিৰ প্ৰাংগণত উপস্থিত আছিল দেশৰ ৮০০০ অভ্যাগত৷ আমন্ত্ৰিত হৈছিল বলীউডৰ তাৰকা৷ মেগাষ্টাৰ অমিতাভ বচ্ছন, পুত্ৰ অভিষেক, দক্ষিণৰ মেগাষ্টাৰ ৰজনীকান্ত, অভিনেত্ৰী কেটৰিনা কাঈফ, সপত্নীক ৰণবীৰ কাপুৰ-আলিয়া ভাট, প্ৰবাদপ্ৰতিম ক্ৰিকেটাৰ শচীন তেণ্ডুলকাৰ, সতীৰ্থ অনিল কুম্বলেৰ উপস্থিতিত নক্ষত্ৰৰে উজ্জ্বল হৈ পৰিছিল অযোধ্যাধাম৷ ৰাম মন্দিৰ আন্দোলনৰ সূচনাৰ পৰা লালকৃষ্ণ আদৱানীৰ সৈতে ছাঁৰ দৰে থকা বিজেপিৰ অগ্নিবৰ্ষী নেত্ৰী উমা ভাৰতী প্ৰাণপ্ৰতিষ্ঠা অনুষ্ঠানত উপস্থিত থাকে আন এগৰাকী ৰাম মন্দিৰ আন্দোলনৰ নেত্ৰী সাধবী ঋতম্ভৰাৰ সৈতে৷ পিছে ৰাম মন্দিৰ আন্দোলনৰ মূল হোতা লালকৃষ্ণ আদৱানী আৰু তেওঁৰ অনুজ সতীৰ্থ মুৰলী মনোহৰ যোশী এই ইতিহাসিক মুহূৰ্তত উপস্থিত নাথাকিল৷ উপস্থিত আছিল উদ্যোগপতি মুকেশ আম্বানি, পত্নী নীতা আম্বানিকে ধৰি উপস্থিত আছিল অনেক গন্যমান্য লোক৷

প্ৰধানমন্ত্ৰী মোদীৰ পৰা আৰম্ভ কৰি বিজেপিৰ নেতা-পালিনেতা সকলোৰে দাবী, আজিৰ পৰাই দেশত প্ৰকৃত ৰামৰাজ্য প্ৰতিষ্ঠা হ’ল৷ যি ৰামৰাজ্যৰ প্ৰতিশ্ৰুতি বিজেপিয়ে দেশবাসীক দিছিল, সেই প্ৰতিশ্ৰুতি পূৰণ কৰিলে বুলি বিজেপিয়ে দাবী কৰিছে৷ বিজেপিৰ এই দাবী অতি স্বাভাৱিক৷ কিয়নো ৰাম মন্দিৰ আন্দোলনৰ পৰা ৰাম মন্দিৰ নিৰ্মাণলৈকে যি প্ৰতিশ্ৰুতি দলটোৱে দেশবাসীক দিছিল, সেই প্ৰতিশ্ৰুতি বিজেপিয়ে পালন কৰিলে৷ বিজেপিৰ এই প্ৰতিশ্ৰুতি পালনৰ সময়ত সমগ্ৰ দেশতে, ঘাইকৈ উত্তৰ, পশ্চিম আৰু পূব ভাৰতত এতিয়া ৰাম মন্দিৰক লৈ দেশৰ জনগণৰ উৎসাহৰ শেষ নাই৷ ৰাম ভক্তিত উঠলি উঠিছে দেশৰ হিন্দু ধৰ্মাৱলম্বী৷ পিছে বিজেপিয়ে ধৰ্মক, মুলতঃ ৰামভক্তিক যিদৰে দেশৰ সমাজ আৰু ৰাজনীতিৰ সৈতে মিশ্ৰন ঘটাইছে সেয়া অভূতপূৰ্ব আৰু কষ্টসাধ্য চেষ্টাৰ ফল৷ আঁৰত থকা ৰাজনৈতিক উদ্দেশ্যক সমান গতিৰেই ধৰ্মৰ সৈতে মিহলাই আগুৱাই নিয়াৰ বাবেই আজিৰ অনুষ্ঠান দেশৰ সকলো বিৰোধী ৰাজনৈতিক দলে বৰ্জন কৰিছে৷ পিছে অনস্বীকাৰ্য যে, এয়াই বিজেপিৰ অহা নিৰ্বাচনৰ আধাৰ৷ বিজেপিয়ে ৰাম মন্দিৰেৰে বাজীমাৎ কৰিব পাৰে নে নোৱাৰে সেয়া প্ৰতিফলিত হ’ব সমাগত সাধাৰণ নিৰ্বাচনত৷