Logo
image

কাজিৰঙাত গঁড় মাৰি কাটি নিলে খড়্গ

‘আমাৰ অসম’ৰ কাজিৰঙাৰ প্ৰতিবেদক, ২৩ জানুৱাৰীঃ বিশ্ব ঐতিহ্য ক্ষেত্ৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু ব্ৰাঘ্য সংৰক্ষিত বনাঞ্চলৰ বিয়াগোম বন বিভাকটোক প্ৰত্যাহ্বান জনাই চোৰাং চিকাৰীয়ে বছৰৰ প্ৰথমটো গঁড় নিধন কৰি খড়্গ কাটি নিবলৈ সক্ষম হয়৷ জানিব পৰা মতে, ৰাষ্ট্ৰীয় উদ্যানখনৰ অগৰাতলি বনাঞ্চলৰ মাকলুং বন শিবিৰৰ অধীনত সোমবাৰে পুৱাৰ ভাগত টহল দি থকা অৱস্থাত বনকৰ্মীয়ে অৰণ্যৰ মাজত এজনী মাইকী খখড়্গবিহীন গঁড়ৰ মৃতদেহ উদ্ধাৰ কৰে৷ এই গঁড়জনীক দেওবাৰে সন্ধিয়া চোৰাং চিকাৰীয়ে গুলীয়াই নিধন কৰি বনকৰ্মীয়ে কোনো সম্ভেদ পোৱাৰ পূৰ্বেই খখড়্গ লৈ উধাও হ’বলৈ সক্ষম হয়৷ 

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ উত্তৰ দিশে থকা ব্ৰহ্মপুত্ৰৰ কাষৰীয়া এলেকা মাকলুং বন শিবিৰৰ অধীনস্থ অৰণ্যত চোৰাং চিকাৰীয়ে গঁড়জনীক নিধন কৰিছিল৷ চোৰাং চিকাৰীৰ দলটোৱে নাৱেৰে ব্ৰহ্মপুত্ৰ অতিক্ৰম কৰি উত্তৰ দিশৰ পৰা ৰাষ্ট্ৰীয় উদ্যানত প্ৰৱেশ কৰি গঁড়জনী নিধন কৰিছে বুলি বনকৰ্মীয়ে সন্দেহ কৰিছে৷ ইফালে সোমবাৰে পুৱাৰ ভাগত খখড়্গবিহীন গঁড়ৰ মৃতদেহ উদ্ধাৰ হোৱাৰ পাছত উদ্যানখনৰ উচ্ছ পদস্থ বিষয়াক অৱগত কৰাত কথাটো পোহৰলৈ আহে৷ ইতিমধ্যে ৰাষ্ট্ৰীয় উদ্যানৰ উচ্ছপদস্থ বিষয়া ঘটনাস্থলীত উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে বুলি জানিব পৰা গৈছে৷ 

আনহাতে, বন বিভাগৰ লোকে আৰক্ষীৰ সহযোগত চোৰাং চিকাৰীৰ সন্ধানত অভিযান অব্যাহত ৰাখিছে যদিও বাতৰি লিখা পৰলৈকে কোনো সম্ভেদ পোৱা নাই বুলি বিভাগীয় সূত্ৰে প্ৰকাশ৷ ইফালে বেচৰকাৰী স্বেচ্ছাসেৱী সংগঠন আৰণ্যকে যোগান ধৰা বিশেষ প্ৰশিক্ষণপ্ৰাপ্ত স্নিফাৰ ডগৰ দ্বাৰা গঁড় নিধন কৰা স্থলিত চোৰাং চিকাৰীৰ বিৰুদ্ধে অভিযান চলাই আছে বুলি বন বিষয়াই জানিবলৈ দিয়ে৷ উল্লেখ্য, কংগ্ৰেছ চৰকাৰৰ শাসনকালত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত চোৰাং চিকাৰীয়ে এটাৰ পাছত এটাকৈ গঁড় নিধন কৰি বনকৰ্মীৰ মাজত এক সন্ত্ৰাস সৃষ্টি কৰিছিল যদিও চৰকাৰ সলনি অৰ্থাৎ বিজেপিশাসিত চৰকাৰ গঠন হোৱাৰ পাছত গঁড় নিধন সংখ্যা হ্ৰাস পাইছিল৷ তথ্যৰ পৰা জানিব পৰা মতে, বিগত বৰ্ষত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বাগৰি বনাঞ্চলত চোৰাং চিকাৰীয়ে এটা গঁড় নিধন কৰিছিল৷ আনহাতে, ইয়াৰ পূৰ্বৰ বৰ্ষ অৰ্থাৎ ২০২২বৰ্ষত কাজিৰঙাত চোৰাং চিকাৰীৰ দ্বাৰা গঁড় নিধন শূন্য হৈছিল৷