Logo
image

নিতৌ কুহুমীয়া পানী খালে এইবোৰ সুফল পোৱা যায়

শৰীৰ সুস্থ কৰি ৰখাত পানীৰ গুৰুত্ব অপৰিসীম৷ যাৰ বাবে দৈনিক তিনি-চাৰি গিলাচকৈ পানী খোৱাৰ পৰামৰ্শ দিয়ে চিকিৎসকে৷ দৈনিক কুহুমীয়া গৰম পানী খালে অধিক সুফল পোৱা যায়৷ উল্লেখ কৰা হ’ল কুহুমীয়া পানীয়ে কৰা কেইটামান উপকাৰিতা–
◆ ছালৰ সমস্যা দূৰ কৰেঃ দিনটোত অলপ অলপকৈ গৰম পানী খাই থাকিলে শৰীৰত পানীৰ নাটনি দূৰ হয়৷ তদুপৰি শৰীৰত নানান ধৰণৰ পৰিৱৰ্তন হয়৷ যাৰ বাবে ড্ৰাই স্কিনৰ সমস্যা দূৰ হয়৷ তদুপৰি ছালত তেজ সৰবৰাহৰ মাত্ৰা বৃদ্ধি পায়৷ 
◆ চুলিৰ সৌন্দৰ্য বাঢ়েঃ বিভিন্ন গৱেষণাৰ পৰা দেখা গৈছে যে গৰম পানী খোৱাৰ ফলত চুলিৰ কোষ সমূহৰ কাৰ্যক্ষমতা বৃদ্ধি পায়৷ ফলত চুলি সৰা বন্ধ হোৱাৰ লগতে চুলিৰ সৌন্দৰ্য বাঢ়ে৷
◆ দেহৰ ওজন নিয়ন্ত্ৰণ হয়ঃ গৰম পানী খোৱাৰ অভ্যাস কৰিলে অতিৰিক্ত ওজনৰ পৰা পৰিত্ৰাণ পাব৷ কাৰণ গৰম পানীয়ে হজম ক্ষমতা বৃদ্ধি কৰে৷ তদুপৰি শৰীৰত অতিৰিক্ত চৰ্বি জমা হোৱাত বাধাৰ সৃষ্টি হয়৷ 
◆ বয়সৰ চাপ কমায়ঃ কুহুমীয়া পানীয়ে ছালৰ স্বাস্থ্যৰ উন্নতি ঘটায়৷ ফলত ছালত বয়সৰ চাপ নপৰে৷ কুহুমীয়া গৰম পানীয়ে ঠাণ্ডা লগা আৰু ডিঙিৰ অস্বস্তি কমোৱাত বিশেষভাৱে সহায় কৰে৷ বিভিন্ন গৱেষণাত দেখা গৈছে যে যিকোনো খাদ্য খোৱাৰ পাছত কুহুমীয়া গৰম পানী খালে পাকস্থলীৰ কাৰ্যক্ষমতা বৃদ্ধি পায়৷ কুহুমীয়া গৰম পানী খোৱাৰ অভ্যাসে বদ্‌হজম আৰু গেছৰ সমস্যাৰ পৰাও সকাহ দিয়ে৷
◆ শালমন সমস্যা কমেঃ গৰম পানী খোৱাৰ ফলত শৰীৰত বৰ্জ্য পদাৰ্থ হ্ৰাস পাবলৈ ধৰে৷ ফলত শালমনৰ সমস্যা কমে৷ গৰম পানী টক্সিনৰ হ্ৰাস কৰে৷ শালমনৰ প্ৰকোপ কমাবলৈ পুৱা-গধূলি গৰম পানী পান কৰিব পাৰে৷ এনেকুৱা কৰিলে শালমনৰ সমস্যাৰ পৰা সকাহ পাব পাৰি৷