Logo
image

মন্দিৰ প্ৰতিষ্ঠাৰ পাছতেই ভোটৰ প্ৰস্তুতি

‘আমাৰ অসম’ৰ বিশেষ প্ৰতিবেদন, ২৪ জানুৱাৰীঃ অযোধ্যাৰ ৰাম মন্দিৰ উদ্বোধনৰ পাছতে কেন্দ্ৰত শাসনাধিষ্ঠিত বিজেপি সাধাৰণ নিৰ্বাচনৰ বাবে জপিয়াই পৰিব, সেয়া প্ৰত্যাশিতেই আছিল৷ বিজেপি চৰকাৰৰ সেই প্ৰস্তুতি যে অন্তিম মুহূৰ্তলৈ গোপন থাকিব তাতো কাৰো সন্দেহ নাছিল৷ অৰ্থাৎ সাধাৰণ নিৰ্বাচন কেতিয়া হ’ব, কোন তাৰিখৰ পৰা আৰম্ভ হ’ব, সেয়া শাসনাধিষ্ঠিত বিজেপিৰ অৱগত হ’লেও আন ৰাজনৈতিক দলৰ বাবে তাৰ সম্ভেদ পোৱাটো সম্ভৱ নাছিল৷ কিন্তু দিল্লীৰ মুখ্য নিৰ্বাচনী বিষয়াৰ এখন চৰকাৰী জাননীৰ পৰা অসাৱধানবশতঃ আকস্মিকভাৱে উন্মোচিত হৈ পৰিছে চলিত বছৰতে হ’বলগীয়া দেশৰ সাধাৰণ নিৰ্বাচনৰ তাৰিখ৷ দিল্লীৰ মুখ্য নিৰ্বাচনী বিষয়াৰ সেই ভাইৰেল হৈ পৰা চৰকাৰী জাননী অনুসৰি এইবাৰ দেশৰ সাধাৰণ নিৰ্বাচনৰ সূচনা হ’ব ১৬এপ্ৰিলত৷ প্ৰসংগতঃ, ৫ বছৰ পূৰ্বে ২০১৯চনৰ সাধাৰণ নিৰ্বাচন ১১ এপ্ৰিলত আৰম্ভ হৈ ১৯ মে’ত সম্পূৰ্ণ হৈছিল৷ সেই দিশৰ পৰা দিল্লীৰ মুখ্য নিৰ্বাচনী বিষয়াৰ জাননীত প্ৰকাশ পোৱা ১৬ এপ্ৰিলৰ দিনটো ইতিমধ্যে দেশৰ নিৰ্বাচন আয়োগে চূড়ান্ত কৰাটো সত্য বুলিয়েই সকলো পক্ষই ধাৰণা কৰিছে৷ পিছে এই জাননীখন ভাইৰেল হৈ পৰাৰ লগে লগে সাধাৰণ নিৰ্বাচনৰ সম্ভাব্য দিনটো সম্পৰ্কত বিভিন্ন সংবাদ সংস্থা আৰু সংবাদ গোষ্ঠীয়ে প্ৰশ্ন কৰাত দিল্লী মুখ্য নিৰ্বাচনী বিষয়াৰ কাৰ্যালয়ে এয়া চূড়ান্ত তাৰিখ নহয়, কেৱল প্ৰসংগক্ৰমেহে উদ্ধৃতি দিয়া বুলি কৈ বাগী মাৰিবলৈ আৰম্ভ কৰিছে৷ সাধাৰণতে শাসনাধিষ্ঠিত চৰকাৰৰ সৈতে আলোচনা কৰিয়েই দেশৰ নিৰ্বাচন আয়োগে নিৰ্বাচনৰ দিন চূড়ান্ত কৰে যদিও প্ৰায়ে শাসনত থকা দলটোৱে কেতিয়াও নিৰ্বাচনৰ চূড়ান্ত তাৰিখৰ বিষয়ে অন্যান্য ৰাজনৈতিক দলে অধিক আগতীয়াকৈ জনাটো নিবিচাৰে৷ এই ক্ষেত্ৰতো তেনে হোৱা বুলিয়েই চৰ্চা হৈছে আৰু অসাৱধানৱশতঃ সাধাৰণ নিৰ্বাচনৰ দিনটো প্ৰকাশ হৈ যোৱাত অস্বস্তিত পৰি দিল্লী মুখ্য নিৰ্বাচনী বিষয়াৰ কাৰ্যালয়ে এতিয়া আসৈ মাতিছে বুলি দেশৰ আগশাৰীৰ সংবাদগোষ্ঠীয়ে দাবী কৰিছে৷ দিল্লী মুখ্য নিৰ্বাচনী বিষয়াৰ কাৰ্যালয়ে জিলা নিৰ্বাচনী বিষয়ালৈ প্ৰেৰণ কৰা সহকাৰী নিৰ্বাচনী বিষয়া টি মিছাওৰ স্বাক্ষৰিত এখন জাননী মঙলবাৰে ইণ্টাৰনেটত ভাইৰেল হৈ পৰে৷ সেই জাননীত কোৱা হৈছে, –‘অহা ১৬ এপ্ৰিলৰ পৰা দেশৰ সাধাৰণ নিৰ্বাচন অনুষ্ঠিত হ’ব৷ কেন্দ্ৰীয় নিৰ্বাচন আয়োগে ইতিমধ্যে ১৬ এপ্ৰিলত সাধাৰণ নিৰ্বাচনৰ সূচনা হ’ব বুলি জনাইছে৷ সেই অনুসৰি আপোনালোকে ‘নিৰ্বাচনী পৰিকল্পনা’ হিচাপে সম্ভাৱ্য অন্তিম দিনৰ বিষয়ে হিচাপ-নিকাচ কৰি জনাওঁক৷ এই জাননীৰ প্ৰত্যুত্তৰত নিৰ্বাচনী কাৰ্যকলাপৰ সবিশেষ আপোনালোকে ‘চিইঅ’ দিল্লী’ৰ ‘ইলেকচন প্লেনাৰ পৰ্টেল’লৈ প্ৰেৰণ কৰক৷ আপোনালোকৰ বাকী থকা কাম, চলি থকা কাম, সূচী, সম্পূৰ্ণ হোৱা কামৰ সবিশেষ বিৱৰণ প্ৰেৰণ কৰক৷’

স্বাভাবিকতে এই জাননীখন সংবাদ মাধ্যমৰ হাতত পৰাত সাধাৰণ নিৰ্বাচনৰ দিন চূড়ান্ত হ’ল নেকি বুলি দিল্লী মুখ্য নিৰ্বাচনী বিষয়া সংবাদ মাধ্যমৰ প্ৰশ্নবানৰ সন্মুখীন হয়৷ তেতিয়া পৰিস্থিতি বেগতিক দেখি দিল্লী মুখ্য নিৰ্বাচনী বিষয়াই ১৬ এপ্ৰিলটো ধৰি লোৱা বা সম্ভাৱ্য তাৰিখ বুলি কৈ বাগী মাৰে৷ কিন্তু সেই কাৰ্যালয়ৰ ঘনিষ্ঠ সূত্ৰ অনুসৰি ১৬ এপ্ৰিলত সাধাৰণ নিৰ্বাচনৰ সূচনা হ’ব বুলি নিশ্চিত কৰি দেশৰ নিৰ্বাচন আয়োগ আগবাঢ়িছে আৰু  বিভিন্ন ৰাজ্যৰ নিৰ্বাচনী বিষয়াৰ কাৰ্যালয়ক সাজু হোৱাৰ নিৰ্দেশ দিছে৷ পিছে সেই দিনটো এতিয়াই প্ৰকাশ হোৱা বিচৰা নাই নিৰ্বাচন আয়োগে, আৰু অৱশ্যেই মোদী চৰকাৰে৷ 

কেন্দ্ৰত শাসনাধিষ্ঠিত নৰেন্দ্ৰ মোদী নেতৃত্বাধীন বিজেপি চৰকাৰ এতিয়া সাধাৰণ নিৰ্বাচনৰ বাবে সাজু৷ বিভিন্ন দিশৰ পৰা বিজেপিৰ প্ৰস্তুতিও সম্পূৰ্ণ প্ৰায়৷ বিজেপিয়ে নিৰ্বাচনৰ বাবে চূড়ান্ত প্ৰস্তুতি সম্পূৰ্ণ কৰিলে সোমবাৰে ৰাম মন্দিৰ উদ্বোধন কৰি৷ ৰাম মন্দিৰ নিৰ্মাণ আছিল বিজেপিৰ দীৰ্ঘদিনীয়া প্ৰতিশ্ৰুতি৷ সম্প্ৰতি ৰাম মন্দিৰৰ নিৰ্মাণ সম্পূৰ্ণ নৌহওঁতেই বিজেপি চৰকাৰে প্ৰয়োজনাধিক দৌৰাদৌৰি কৰি সোমবাৰে ৰাম মন্দিৰৰ উদ্বোধন কৰিলে৷ অৱশ্যে সেয়া প্ৰকৃতাৰ্থত উদ্বোধন নহয়৷ মুঠ ৩টা মহলাৰ দুটা মহলাৰ নিৰ্মাণ বাকী থাকোতে সেয়ে এই কাৰ্যক উদ্বোধন বুলি নকৈ ৰামলালাৰ প্ৰাণ প্ৰতিষ্ঠা বুলি কোৱা হৈছে৷ বিজেপি চৰকাৰৰ এই অস্বাভাৱিক দৌৰাদৌৰিৰ কাৰণ যে দেশৰ আগন্তুক সাধাৰণ নিৰ্বাচনহে, সেয়া সাধাৰণ বোধ-বুদ্ধি থকা লোকক বুজাই কোৱাৰ প্ৰয়োজন নাই৷ সেয়ে ৰাম মন্দিৰৰ প্ৰতিশ্ৰুতি পালন কৰিয়েই যে বিজেপি সাধাৰণ নিৰ্বাচনৰ বাবে জপিয়াই পৰিব সেয়া কাৰো অজ্ঞাত নাছিল৷ বিজেপিৰ সেই পৰিকল্পনা প্ৰতিফলিত কৰিয়েই অসাৱধানবশতঃ হ’লেও দিল্লী মুখ্য নিৰ্বাচনী বিষয়াৰ জাননীত ওলাই পৰিল এতিয়ালৈকে গোপনে ৰখা আগন্তুক সাধাৰণ নিৰ্বাচনৰ তাৰিখটো –১৬এপ্ৰিল৷