Logo
image

গুৱাহাটীত ‘ন্যায় যাত্ৰা’ত খণ্ডযুদ্ধঃ জামিনবিহীন গোচৰ ৰাহুলৰ বিৰুদ্ধে

‘আমাৰ অসম’ৰ ষ্টাফ ৰিপ’ৰ্টাৰ, ২৮ জানুৱাৰীঃ  অসমত শিৱসাগৰৰ পৰা আৰম্ভ কৰা ৰাহুল গান্ধীৰ ভাৰত জোড়ো ন্যায় যাত্ৰাই গুৱাহাটীত প্ৰৱেশ কৰাৰ দিনটোতো প্ৰশাসনৰ বাধাৰ সন্মুখীন হয়৷ পদে পদে বাধাৰ সন্মুখীন হোৱা ৰাহুল গান্ধীৰ ভাৰত জোড়ো ন্যায় যাত্ৰাক বাধা দিয়াক লৈ মঙলবাৰে আৰক্ষী আৰু যাত্ৰীৰ মাজত খণ্ডযুদ্ধ লাগে৷ আৰক্ষীৰ আক্ৰমণত প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা, বিৰোধী দলপতি দেৱব্ৰত শইকীয়াৰ উপৰি বহুকেইজন নেতা-কৰ্মী আহত হয়৷ ইফালে ন্যায় যাত্ৰাৰ জৰিয়তে উচতনিমূলক মন্তব্য কৰাৰ অভিযোগত ৰাহুল গান্ধীৰ বিৰুদ্ধে জামিনবিহীন গোচৰ ৰুজু কৰিছে মহানগৰ আৰক্ষীয়ে৷ ১৪ জানুৱাৰীত মণিপুৰৰ পৰা আৰম্ভ কৰা ভাৰত জোড়ো ন্যায় যাত্ৰা ১৮ জানুৱাৰীত শিৱসাগৰ হৈ অসমত প্ৰৱেশ কৰিছিল৷ উত্তৰ-পূৰ্বাঞ্চলত মঙলবাৰে দশম দিনত ভৰি দিয়ে ন্যায় যাত্ৰাই৷ ১০ সহস্ৰাধিক অংশগ্ৰহণকাৰীক লৈ ৰাহুল গান্ধীৰ ভাৰত জোড়ো ন্যায় যাত্ৰাৰ বিশাল সমদল দিনৰ প্ৰায় ১১.২৬ বজাত গুৱাহাটীত প্ৰৱেশ কৰে৷ ৰাহুল গান্ধী উঠি অহা কণ্টেনাৰখন কইনাধৰা পোৱাৰ লগে লগে বড়ো, ৰাভা, কোঁচ-ৰাজবংশী, ৰাভা, হাজং, গাৰোসকলে তেওঁলোকৰ বিভিন্ন জাতীয় নৃত্য, বিহু আদি পৰিৱেশন কৰি ৰাহুল গান্ধীক আদৰণি জনায়৷ ৰাহুল গান্ধীয়ে দলৰ কৰ্মী-সমৰ্থকসকলক হাত জোকাৰি সঁহাৰি জনায়৷ ক্ষন্তেকৰ ভিতৰতে সমগ্ৰ কইনাধৰা-খানাপাৰা অঞ্চল লোকে লোকাৰণ্য হৈ পৰে৷ বিভিন্নজনে ৰাহুল গান্ধীক গামোচা, আৰনাই আদি পিন্ধাই আদৰণি জনায়৷ ভাৰত জোড়ো ন্যায় যাত্ৰাত ৰাহুল গান্ধীক সংগ দিয়ে ৰাষ্ট্ৰীয় নেতা জয়ৰাম ৰমেশ, জীতেন্দ্ৰ সিং, প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা, বিৰোধী দলপতি দেৱব্ৰত শইকীয়া, সাংসদ গৌৰৱ গগৈ, আব্দুল খালেক আদিয়ে৷ ন্যায় যাত্ৰাৰ দলটো কইনাধৰাত ক্ষন্তেক ৰৈ জয়ানগৰ হৈ গুৱাহাটী মহানগৰীৰ ভিতৰলৈ আহিব বিচাৰে৷ লগে লগে উক্ত স্থানত মোতায়েন কৰা আৰক্ষী-অৰ্ধসামৰিক বাহিনীৰ লোকে ন্যায় যাত্ৰাক বাধা দি বেৰিকেড তৈয়াৰ কৰে৷ কংগ্ৰেছৰ নেতা-কৰ্মীসকলে বেৰিকেড ভাঙি গুৱাহাটীৰ ভিতৰলৈ যাবলৈ চেষ্টা কৰে৷ ইয়াকে লৈ আৰক্ষী আৰু কংগ্ৰেছ নেতা-কৰ্মীৰ মাজত খণ্ডযুদ্ধ লাগে৷ আৰক্ষীয়ে ন্যায় যাত্ৰাক বাধা দিবলৈ যিমানে চেষ্টা কৰিছে সিমানেই নাচোৰবান্দা কংগ্ৰেছ নেতা-কৰ্মী৷ প্ৰৱল বাধা নেওচি একাংশ কংগ্ৰেছ কৰ্মীয়ে বেৰিকেট ভাঙি পাৰ হৈ যায়৷ ফলত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় কইনাধৰাত৷ বাধ্য হৈ কংগ্ৰেছ নেতা-কৰ্মীক বাধা প্ৰদানত ব্যৰ্থ হৈ আৰক্ষীয়ে লাঠীচালনা কৰে৷ লাঠীচালনাত প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা, বিৰোধী দলপতি দেৱব্ৰত শইকীয়া আদি বহুজন আঘাটপ্ৰাপ্ত হয়৷ পাছত ন্যায় যাত্ৰা গুৱাহাটীৰ ভিতৰত সোমোৱাৰ সিদ্ধান্ত বাদ দি ৰাষ্ট্ৰীয় ঘাইপথেৰে জালুকবাৰী হৈ হাজো অভিমুখে ৰাওনা হয়৷ ভাৰত জোড়ো ন্যায় যাত্ৰাক আৰক্ষীয়ে বাধা প্ৰদান কৰা সন্দৰ্ভত প্ৰদেশ কংগ্ৰেছে তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে৷ প্ৰদেশ কংগ্ৰেছৰ নেতৃত্বই কয়– ভাৰত জোড়ো ন্যায় যাত্ৰাত বাৰে বাবে চৰকাৰ আৰু বিজেপি দলে বাধা প্ৰদান কৰি তেওঁলোকৰ ফেচিষ্ট আৰু অগণতান্ত্ৰিক চৰিত্ৰক প্ৰকট কৰি তুলিছে৷ আজি আৰক্ষীয়ে চৰম পৰ্যায় পালে৷ শান্তিপূৰ্ণ শোভাযাত্ৰাকাৰীক বাৰে বাৰে বাধা দি শেষ মুহূৰ্তত বেৰিকেডেৰে বান্ধি ৰাখিব বিচৰা কাৰ্যক আসম প্ৰদেশ কংগ্ৰেছে তীব্ৰ ভাষাৰে গৰিহণা দিছে৷ আৰক্ষীৰ বেষ্টনী ভাঙি দিয়াৰ লগে লগে আৰক্ষীয়ে অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতি ভূপেন বৰাক আক্ৰমণৰ লক্ষ্য কৰি লৈ ডিঙিত চেপি ধৰা আৰু লাঠিৰে উপৰ্যুপৰি প্ৰহাৰ কৰা কাৰ্য অসম আৰক্ষীৰ কাপুৰুষালিৰ বাহিৰে আন একো নহয়৷ আৰক্ষীৰ লাঠিচালনাত বিৰোধী দলৰ নেতা দেৱব্ৰত শইকীয়া, সাংসদ গৌৰৱ গগৈ, বৰ্ণালী ফুকন, যুব কংগ্ৰেছৰ সভাপতি জুৱেৰ এনাম চৌধুৰীকে ধৰি কেবাগৰাকী জ্যেষ্ঠ কংগ্ৰেছ নেতা আৰু নিষ্ঠাবান কৰ্মী আহত হ’বলগীয়া হৈছে৷ এই ঘটনাই চৰকাৰখনৰ হিটলাৰী শাসনৰ স্বৰূপ উদঙাই দিয়া বুলি অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ মিডিয়া বিভাগৰ অধ্যক্ষ ভৰত চন্দ্ৰ নৰহ আৰু উপাধ্যক্ষ বেদব্ৰত বৰাই অভিযোগ কৰে৷ তেওঁলোকে কয় যে কংগ্ৰেছ আইন-শৃংখলা মানি চলে বাবেই আৰক্ষীয়ে দিয়া পথ নিৰ্দেশনা ভংগ কৰা নাই৷ কিন্তু বাৰে বাৰে বাধা প্ৰদান কৰি থাকিলে কংগ্ৰেছে নিজৰ শক্তি দেখুৱাবলৈ আৰক্ষীৰ আবেষ্টনী যে ভাঙি দিব পাৰে তাৰ আজি প্ৰমাণ কৰি দিলে৷ অসমত হিটলাৰী শাসন নচলিব বুলি উল্লেখ কৰি প্ৰদেশ কংগ্ৰেছৰ তৰফৰ পৰা এইবুলি কোৱা হয় যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ক্ষমতাই মূৰত ধৰিছে৷ তেওঁ নিজৰ দুৰ্নীতি আৰু ভ্ৰষ্টাচাৰ ঢাকিবৰ বাবেই এইদৰে ৰাহুল গান্ধীৰ ভাৰত জোড়ো ন্যায় যাত্ৰাত বাধা প্ৰদান কৰি সংবাদ মাধ্যমৰ শিৰোনাম দখল কৰিব খুজিছে৷ মুখ্যমন্ত্ৰীয়ে আজি পুনৰ আইন-শৃংখলা পৰিস্থিতি নিয়ন্ত্ৰণত ব্যৰ্থ হৈছে, যাৰ বাবে শান্তিপূৰ্ণ সমদলকাৰী অসমী আইৰ সন্তান আজি নিজৰ ঘৰতে আৰক্ষীৰ প্ৰহাৰত আহত হ’বলগীয়া হৈছে৷ কংগ্ৰেছৰ এই তেজৰ মূল্য শাসকীয় দলে ভৰিব লাগিব৷

লোকসভা নিৰ্বাচনৰ পাছত গ্ৰেপ্তাৰ কৰা হ’ব ৰাহুল গান্ধীকঃ মুখ্যমন্ত্ৰী

‘আমাৰ অসম’ৰ যোৰহাটৰ ষ্টাফ ৰিপ’ৰ্টাৰ আৰু দেৰগাঁৱৰ প্ৰতিবেদকঃ ‘অসমত ভাৰত জোড়ো ন্যায় যাত্ৰাত অংশগ্ৰহণ কৰা কংগ্ৰেছ নেতা ৰাহুল গান্ধীক আগন্তুক লোকসভা নিৰ্বাচনৰ পাছত গ্ৰেপ্তাৰ কৰা হ’ব৷’ –ৰাজ্যৰ মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই মঙলবাৰে দেৰগাঁৱত সাংবাদিকৰ আগত এই কথা প্ৰকাশ কৰে৷ নৰেন শৰ্মা স্মৃতি পথাৰত এখন বিশাল জনসভাত ৰেচন কাৰ্ড বিতৰণৰ পাছত সাংবাদিকৰে মত বিনিময় কৰাৰ সময়ত মুখ্যমন্ত্ৰীজনে এই তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে৷ তেওঁ কয়– প্ৰায় তিনিহাজাৰ মানুহ আৰু প্ৰায় দুশখন গাড়ী লৈ গুৱাহাটীৰ মাজেৰে প্ৰশাসনৰ বাধা নেওচি আৰক্ষীৰ লগত কাজিয়াত লিপ্ত হৈ ৰাহুল গান্ধী আৰু কংগ্ৰেছে যি যাত্ৰা আৰম্ভ কৰিছে, সেই যাত্ৰাই এক অবৰ্ণনীয় পৰিৱেশৰ সৃষ্টি কৰিছে৷ এই গোটেই ঘটনাটোত গাড়ীৰ ভিতৰৰ পৰা ঠিয় হৈ ৰাহুল গান্ধীয়ে উচতনি দিছে৷ যাৰ বাবে ৰাহুল গান্ধীৰ ওপৰত ফৌজাদাৰী গোচৰ তৰা হ’ব৷ এই ক্ষেত্ৰত আৰক্ষীয়ে তদন্ত কৰি আইনগত ব্যৱস্থা কৰিব৷ অৱশ্যে লোকসভা নিৰ্বাচনৰ পাছতহে ৰাহুল গান্ধীক গ্ৰেপ্তাৰ কৰা হ’ব বুলি তেওঁ স্পষ্ট কৰি দিয়ে৷ উল্লেখ্য, যোৰহাট নগৰৰ ব্যস্ততম পথ গড়আলিৰে ৰাহুল গান্ধীৰ ভাৰত জোড়ো ন্যায় যাত্ৰা পাৰ হৈ যোৱা বাবে ইতিমধ্যেই এই যাত্ৰাৰ পথ নিৰ্দেশনাৰ দায়িত্বত থকা কে বি বাইজুৰ বিৰুদ্ধে যোৰহাট সদৰ থানাত গোচৰ তৰা হৈছে৷ এই গোচৰত ইতিমধ্যে যোৰহাট জিলা কংগ্ৰেছৰ সভাপতি পুতুল বুঢ়াগোহাঁই আৰু সাধাৰণ সম্পাদক অভিজিত ফুকনক যোৰহাট সদৰ থানাত হাজিৰ হ’বলৈ আৰক্ষীয়ে নিৰ্দেশ দিয়ে৷

ৰাহুল গান্ধীৰ বিৰুদ্ধে জামিনবিহীন গোচৰ

‘আমাৰ অসম’ৰ গুৱাহাটীৰ প্ৰতিবেদকঃ কংগ্ৰেছৰ ভাৰত জোড়ো ন্যায় যাত্ৰাত অসম আৰক্ষীৰ সৈতে খণ্ডযুদ্ধৰ পাছতেই ৰাহুল গান্ধীৰ বিৰুদ্ধে জামিনবিহীন ধাৰাত ৰুজু কৰা হ’ল গোচৰ৷ মহানগৰ আৰক্ষীয়ে বশিষ্ঠ থানাত কংগ্ৰেছ সাংসদজনে সমৰ্থকক আৰক্ষীৰ সৈতে সংঘাতত লিপ্ত হোৱাৰ বাবে প্ৰৰোচিত কৰাৰ অভিযোগত এই গোচৰ ৰুজু কৰিছে৷ মহানগৰ আৰক্ষীয়ে ৰাহুল গান্ধীৰ লগতে কংগ্ৰেছ নেতৃত্ব আৰু ন্যায় যাত্ৰা তত্ত্বাবধায়কৰ বিৰুদ্ধেও জামিনবিহীন ধাৰাত গোচৰ পঞ্জীয়ন কৰা বুলি জানিব পৰা গৈছে৷ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশতেই অসম আৰক্ষীয়ে কংগ্ৰেছৰ যুৱৰাজৰ বিৰুদ্ধে এই গোচৰ ৰুজু কৰে৷ উল্লেখ্য, কংগ্ৰেছৰ ভাৰত জোড়ো ন্যায় যাত্ৰাই মঙলবাৰে গুৱাহাটী প্ৰৱেশ কৰে৷ ৰাহুল গান্ধীৰ নেতৃত্বত হাজাৰ হাজাৰ সমৰ্থকে মেঘালয়ৰ পৰা আহি খানাপাৰাত প্ৰৱেশৰ পাছতেই পৰিস্থিতি উত্তপ্ত হৈ পৰে৷ বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নড্ডা আৰু বজৰংগ দল কৰ্মকৰ্তাই সমদল বাহিৰ কৰাৰ পথেৰে ৰাহুল গান্ধীয়েও সমদলৰ পৰিকল্পনা কৰিছিল যদিও আৰক্ষীয়ে ইয়াক বাধা দিয়ে৷ যাৰ বাবে কংগ্ৰেছৰ সমৰ্থক আৰু আৰক্ষীৰ মাজত খণ্ড যুদ্ধৰ সৃষ্টি হয়৷ কংগ্ৰেছ সমৰ্থকসকলে আৰক্ষীৰ বেৰিকেড ভাঙি আগুৱাই অহাৰ চেষ্টা কৰাত আৰক্ষীৰ সৈতে ঠেলা-হেঁচাৰ পৰিস্থিতিৰ উদ্ধৱ হয়৷ আনকি আৰক্ষীয়ে লাঠি চালনা কৰাত কংগ্ৰেছৰ মহিলাকৰ্মীসহ কেইবাজনো নেতা আঘাতপ্ৰাপ্ত হয়৷ ৰাজ্যিক সভাপতি ভূপেন বৰা পথৰ ওপৰত ভাগৰি পৰাৰ লগতে বিৰোধী দলপতি দেবব্ৰত শইকীয়াও আহত হয়৷ আনকি আৰক্ষীৰ লাঠিৰ কোবত ছেমুৱেল নামৰ এজন কংগ্ৰেছ সমৰ্থক চকুত আঘাতপ্ৰাপ্ত হয়৷ ইফালে সমৰ্থকৰ আক্ৰমণত এজন আৰক্ষী জোৱানেও ভৰিত আঘাতপ্ৰাপ্ত হ’বলগীয়া হয়৷ মুখ্যমন্ত্ৰীৰ সকীয়নিৰ পাছতো কংগ্ৰেছে গুৱাহাটীৰ মাজেৰে সমদল বাহিৰ কৰাৰ চেষ্টা চলাই আৰক্ষীৰ সৈতে খণ্ড যুদ্ধত লিপ্ত হোৱাত সমৰ্থক উচটনি যোগোৱাৰ অভিযোগ তুলি তাৎক্ষণিকভাৱে আৰক্ষী সঞ্চালকপ্ৰধানক ৰাহুল গান্ধীৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিবলৈ নিৰ্দেশ দিয়ে মুখ্যমন্ত্ৰীয়ে৷ এককথাত খানাপাৰাৰ উত্তপ্ত পৰিস্থিতিৰ বাবে হিমন্ত বিশ্ব শৰ্মাই পোনপটীয়াভাৱে জগৰীয়া কৰে ৰাহুল গান্ধীক৷ এক্স পোষ্টত মুখ্যমন্ত্ৰী শৰ্মাই কংগ্ৰেছ নেতা কে চি বেণুগোপালৰ এটা টুইট সংলগ্ন কৰি লিখিছে– ‘এইবোৰ অসমীয়া সংস্কৃতিৰ অংশ নহয়৷ অসম এখন শান্তিপূৰ্ণ ৰাজ্য৷ এনে ‘নক্সালবাদী কৌশল’ আমাৰ সংস্কৃতিৰ বাবে অপৰিচিত৷ মই অসম আৰক্ষীৰ ডিজিপিক আপোনালোকৰ নেতা ৰাহুল গান্ধীৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিবলৈ নিৰ্দেশ দিছোঁ৷ ৰাহুল গান্ধীয়ে সমৰ্থকক প্ৰৰোচিত কৰাৰ বাবে তেওঁৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিবলৈ নিৰ্দেশ প্ৰদান কৰিছোঁ৷’ আনহাতে, উক্ত এক্স পোষ্টটোৰ পাছতেই মুখ্যমন্ত্ৰী শৰ্মাই এটা ভিডিঅ’ সংলগ্ন কৰি আন এক পোষ্ট দিয়ে৷ তাত তেওঁ ৰাহুল গান্ধী আৰু জিতেন্দ্ৰ সিঙে প্ৰৰোচিত কৰাৰ প্ৰমাণ পোহৰলৈ অহা বুলি দাবী কৰিছে৷ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সামাজিক মাধ্যম এক্সত দাবী কৰি কয়– ‘ৰাহুল গান্ধী আৰু জিতেন্দ্ৰ সিঙে কেনেদৰে ৰাইজক অসম আৰক্ষীৰ জোৱানক মাৰিবলৈ উচটনি দিছিল সেই সন্দৰ্ভত প্ৰমাণ ওলাইছে৷ আমাৰ জোৱানসকল কোনো ৰাজপৰিয়ালৰ নহয়, জনসাধাৰণৰ সেৱক৷ নিশ্চিত হওক, আইনৰ হাত বহুত দীঘল আৰু ই নিশ্চিতভাৱে আপোনাৰ ওচৰ পাবগৈ৷’ ইফালে, মুখ্যমন্ত্ৰীৰ নিৰ্দেশৰ পাছতেই আৰক্ষী সঞ্চালকপ্ৰধান জি পি সিঙে টুইট যোগে ৰাহুল গান্ধীৰ বিৰুদ্ধে আইনী ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলি স্পষ্ট কৰি দিয়ে৷ আনহাতে সংবাদ মাধ্যমৰ আগত ৰাহুল গান্ধীৰ বিৰুদ্ধে ফৌজদাৰী গোচৰ ৰুজু কৰি লোকসভা নিৰ্বাচনৰ পাছতেই গ্ৰেপ্তাৰ কৰা হ’ব বুলিও ঘোষণা কৰে মুখ্যমন্ত্ৰী শৰ্মাই৷

মহানগৰ আৰক্ষীয়ে লাঠীৰে খুঁচি কেৰেলাৰ কংগ্ৰেছকৰ্মীৰ চকু ফুটালে

‘আমাৰ অসম’ৰ মহানগৰীৰ প্ৰতিবেদকঃ কংগ্ৰেছৰ যুৱৰাজ ৰাহুল গান্ধীৰ ভাৰত-জোড়ো ন্যায় যাত্ৰাত ভাগ লোৱাটোৱেই কাল হ’ল কেৰেলাৰ এজন কংগ্ৰেছকৰ্মীৰ৷ গুৱাহাটীৰ খানাপাৰাত আজি ভাৰত জোড়ো ন্যায় যাত্ৰা উপস্থিত হোৱাৰ লগে লগে মহানগৰ আৰক্ষীয়ে লাঠীৰে খুচি কেৰেলাৰ এজন কংগ্ৰেছ কৰ্মীৰ চকু ফুটাই দিয়ে৷ আহত কংগ্ৰেছ কৰ্মীজন হৈছে কেৰেলাৰ চমুৱেল (৪৮)৷ ঘটনাৰ বিৱৰণীত প্ৰকাশ যে কেৰেলাৰ নিষ্ঠাৱান কংগ্ৰেছ কৰ্মী চমুৱেল যোৱা ১৪ জানুৱাৰীত মণিপুৰত আয়োজিত ৰাহুল গান্ধীৰ ভাৰত জোড়ো ন্যায় যাত্ৰাত ভাগ লয়৷ ৰাহুল গান্ধীৰ ভাৰত জোডো ন্যায় যাত্ৰাৰ আৰম্ভণীৰ পৰা কেৰেলাৰ চমুৱেলে ৰাহুল গান্ধীৰ সংগ দি আহিছে৷ মণিপুৰ, নাগালেণ্ড হৈ মেঘালয়ৰ পৰা মঙলবাৰে ভাৰত জোড়ো ন্যায় যাত্ৰাৰ লগত চমুৱেলে অসমত প্ৰশে কৰে৷ শ্বিলঙৰ পৰা যোৰাবাট হৈ ৰাহুল গান্ধী গুৱাহাটী মহানগৰীত প্ৰৱেশ কৰাৰ লগে লগেই সন্মুখীন হয় ব্যাপক প্ৰত্যাহ৩ানৰ৷ ৰাহুল গান্ধীৰ ন্যায় যাত্ৰাক কেন্দ্ৰ কৰি গুৱাহাটীত সমৰসজ্জা সদৃশ পৰিৱেশ গঢ়ি তোলা হয়৷ বিশেষকৈ খানাপাৰা অঞ্চলত অভেদ্য নিৰাপত্তা ব্যৱস্থা গঢ়ি তোলাৰ লগতে ঠায়ে ঠায়ে ন’ এণ্ট্ৰী ফলক লগাই যানবাহনৰ স্বাভাৱিক চলাচলত বাধা আৰোপ কৰা হয়৷ ৰাহুল গান্ধীৰ যাত্ৰাই যাতে গুৱাহাটীৰ ভিতৰত প্ৰৱেশ কৰিব নোৱাৰে তাৰ বাবে খানাপাৰা অঞ্চলত বৃহৎ সংখ্যক নিৰাপত্তৰক্ষী নিযোজিত কৰাৰ উপৰি বৃহৎ বেৰিকেড গঢ়ি তোলা হয়৷ উল্লেখ্য যে, ৰাহুল গান্ধীৰ ভাৰত যাত্ৰা ন্যায় যাত্ৰাক অসম চৰকাৰে গুৱাহাটীৰ ভিতৰত প্ৰৱেশৰ বিপৰীতে খানাপাৰা হৈ ৰাষ্ট্ৰীয় ঘাইপথেৰে ওলাই যোৱাৰ অনুমতি প্ৰদান কৰে৷ গুৱাহাটীত প্ৰৱেশ কৰিব নিদিয়াক লৈ ক্ষোভিত হৈ থকা কংগ্ৰেছে কিন্তু আজি অসম চৰকাৰৰ সকলো বাধা নেওচি নিজৰ শক্তি প্ৰদৰ্শন কৰিলে৷ ৰাহুল গান্ধীৰ ন্যায় যাত্ৰা খানাপাৰা অতিক্ৰমী কইনাধৰাত উপস্থিত হোৱাৰ পাচতে অভাৱনীয় পৰিস্থিতিৰ সৃষ্টি হয়৷ কইনাধৰাৰ সমীপৰ ৰাষ্ট্ৰীয় ঘাইপথত সমবেত হোৱা কংগ্ৰেছৰ হাজাৰ হাজাৰ নেতা-কৰ্মী আৰু সমৰ্থক ৰাজপথলৈ ওলাই আহে৷ বিশেষকৈ আৰক্ষীৰ সকলো বেৰিকেড ওফৰাই আগুৱাই যায় প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা৷ লগে লগে আৰক্ষীয়ে লাঠী চালনা কৰি কেবাজনো কংগ্ৰেছ নেতা-কৰ্মী গুৰুতৰভাৱে আহত হয়৷ লাঠী চালনাৰ মাজতে এজন আৰক্ষীয়ে লাঠীৰে খুচি কেৰেলাৰ কংগ্ৰেছ কৰ্মী চমুৱেলৰ বাও চকুত খুচি ফুটাই দিয়ে৷ তেজেৰে ৰক্তাক্ত হৈ পৰা চমুৱেলক কংগ্ৰেছী সকলে স্থানীয় হাস্পতালত ভৰ্তি কৰায়৷ এই লৈ কংগ্ৰেছৰ মাজত তীব্ৰ উত্তেজনাই বিৰাজ কৰে৷