Logo
image

ডিঙিৰ বিষত এইবোৰ এৰাই চলক

শৰীৰত তাপৰ তাৰতম্য আৰু ৰোগ প্ৰতিৰোধ ক্ষমতা হ্ৰাস পালেও ডিঙিৰ বিষত আক্ৰান্ত হ’ব পৰে৷ ইয়াৰ ফলত চৰ্দি, জ্বৰ,  আদিৰ লগতে ডিঙিৰ বিষো হ’ব পাৰে৷ সঘনাই ডিঙিৰ বিষ হৈ থাকিলে  বেক্টেৰিয়াৰ সংক্ৰমণৰ পৰা নিজকে বচাই ৰাখিব লাগে৷ তদুপৰি একেৰাহে বহি কাম কৰি থাকিলে, গধুৰ বস্তু দাঙিলে, বয়সজনিত কাৰণতো ডিঙিৰ বিষ হ’ব পাৰে৷ 

১) ব্ৰাছৰ পৰাও  বেক্টেৰিয়া সংক্ৰমণ হ’ব পাৰে সেইবাবে সঘনাই দাঁত ব্ৰাছ সলাব লাগে৷  কেতিয়াও আনে ব্যৱহাৰ কৰা খোৱা পাত্ৰ ব্যৱহাৰ কৰিব নালাগে৷ আনে ব্যৱহাৰ কৰা ফোন বা পানীৰ  টেপ আদি ব্যৱহাৰৰ কৰোঁতে সাৱধান হ’ব লাগে৷

২) ডিঙিৰ বিষত আক্ৰান্ত হোৱা ব্যক্তিৰ সংস্পৰ্শলৈ আহিব নালাগে৷

৩) ধূমপান এৰাই চলাৰ লগতে ধূমপান কৰা লোকৰ কাষ চাপিব নালাগে৷  

৪) ৰোগ-প্ৰতিৰোধ ক্ষমতা বৃদ্ধিত গুৰুত্ব দিব লাগে৷ এইদৰে সাৱধানতা গ্ৰহণ কৰিলে  বেক্টেৰিয়া সংক্ৰমণৰ পৰা হোৱা ডিঙিৰ বিষৰ পৰা হাত সাৰি থাকিব পাৰি৷ একেৰাহে কেইবাদিনো ডিঙিৰ বিষত আক্ৰান্ত হ’লে চিকিৎসকৰ কাষ চাপিব লাগে৷