Logo
image

২৬ জানুৱাৰীত বন্ধৰ আহ্বান আলফা স্বাধীনৰ

‘আমাৰ অসম’ৰ গুৱাহাটীৰ প্ৰতিবেদক, ২৪ জানুৱাৰীঃ বিগত বৰ্ষসমূহৰ দৰে এইবাৰো বিদ্ৰোহী সংগঠন আলফা স্বাধীনে ২৬ জানুৱাৰীৰ গণৰাজ্য দিৱসত সৰ্বাত্মক অসম বন্ধ ঘোষণা কৰিছে৷ সমগ্ৰ পশ্চিমা দক্ষিণ-পূব এছিয়াৰ বিদ্ৰোহী সংগঠনসমূহে ২৫ জানুৱাৰীৰ নিশা ১২ বজাৰ পৰা ২৬ জানুৱাৰীৰ সন্ধিয়া ৬ বজালৈ অসম-নাগালেণ্ডকে ধৰি উত্তৰ-পূৰ্বাঞ্চল বন্ধ ঘোষণা কৰি গণৰাজ্য দিৱস বৰ্জনৰ আহ্বান জনাইছে৷ অসমৰ প্ৰতিটো চৰকাৰী-বেচৰকাৰী কাৰ্যালয়, ৰাজহুৱা স্থান আৰু ব্যক্তিগত পৰ্যায়তো গণতন্ত্ৰ দিৱস প্ৰত্যাখ্যানৰ আহ্বান জনাইছে আলফা স্বাধীনে৷ অৱশ্যে বন্ধৰ সময়ছোৱাত জৰুৰীকালীন সেৱা, সংবাদ মাধ্যম আৰু ধৰ্মীয় কাম-কাজ অব্যাহত ৰখাত কোনো বাধা নাথাকিব বুলি প্ৰেছ বিজ্ঞপ্তিত উল্লেখ কৰিছে আলফা(স্বা)ই৷ স্বাধীন অসমকামী নিষিদ্ধ সংগঠনটোৱে বিবৃতিত উল্লেখ কৰে যে ভাৰতবৰ্ষই ১৯৪৭ চনৰ পৰাই মুক্তিকামী জনগণক নানা প্ৰকাৰে অত্যাচাৰ চলাই আহিছে৷ থলগিৰি ৰাইজৰ ন্যায্য ৰাজনৈতিক অধিকাৰ খৰ্ব কৰি কেৱল নিৰ্বাচনী জয়লাভৰ দ্বাৰা প্ৰকৃত গণতন্ত্ৰ প্ৰতিষ্ঠা হ’ব নোৱাৰে৷ গণৰাজ্য দিৱসক ভুৱা হিচাবে আখ্যা দি নিষিদ্ধঘোষিত সংগঠনটোৱে অসম আৰু নাগালেণ্ডৰ সকলো ৰাজনৈতিক, অৰাজনৈতিক, জাতীয় দল-সংগঠনক উক্ত দিৱস বৰ্জনৰ আহ্বান জনাইছে৷ আলফা(স্বা)ৰ প্ৰচাৰ বিভাগৰ সদস্য ৰুমেল অসম স্বাক্ষৰিত প্ৰেছ বিজ্ঞপ্তিখনত উল্লেখ কৰে যে– ‘ইয়াণ্ডাবু সন্ধিৰ জৰিয়তে অসমক কৰা প্ৰতাৰণাৰ জলখন তথাকথিত স্বাধীনতাৰ পাছত দিল্লীয়ে আজিকোপতি অধিক আগ্ৰাসী আৰু শক্তিশালী ৰূপত গঢ়ি তুলিছে৷ ঔপনিৱেশিক ভাৰতৰাষ্ট্ৰই ৰাজনৈতিক অভিসন্ধিৰে থলগিৰি জাতিসমূহৰ স্বতন্ত্ৰতাৰ সুৰক্ষাৰ মৌলিক উপাদান ‘স্বাধীনতা’ খৰ্ব কৰি ১৯৫০ চনৰ ২৬ জানুৱাৰীৰ পৰাই সংবিধান কাৰ্যকৰী কৰে৷ যাৰ অৰ্থ অসম-নাগালেণ্ড তথা পশ্চিমা দক্ষিণ-পূব এছিয়া অঞ্চলক আইন-শৃংখলাৰ অজুহাতত ৰাষ্ট্ৰসন্ত্ৰাস চলাই ভাৰতীয় হিচাপে বান্ধি ৰাখিব পাৰে৷ যাতে ভুৱা ‘গণতন্ত্ৰ দিৱস’ পালনৰ জৰিয়তে দখলীকৃত ৰাষ্ট্ৰৰ সাংবিধানিক মান্যতা প্ৰদান কৰি গৌৰৱময় বুৰজ্ঞীপ্ৰসিদ্ধ জাতি-জনগোষ্ঠীসমূহে চিৰকাল পৰাধীনতাৰ পৰা মুক্ত হ’ব নোৱাৰে৷ আমাৰ এই অঞ্চলত উমৈহতীয়া শত্ৰু ব্ৰিটিছৰ বিৰুদ্ধে যুঁজত যিমানসংখ্যক জনগণে প্ৰাণাহুতি দিছিল, তাতোকৈ বহুগুণে বেছি ঔপনিৱেশিক ভাৰতৰাষ্ট্ৰৰ দখলৰ পৰা মুক্ত হোৱাৰ নিমিত্তে অৱতাৰণা কৰা মুক্তি সংগ্ৰামত চৰম ত্যাগ কৰিব লগা হৈছে৷ বিগত ৪৩ বছৰে অসমৰ ১৫ হাজাৰ পাহোৱাল যুৱক-যুৱতীৰ উপৰি কৃত্ৰিম ভাৰতৰাষ্ট্ৰৰ তথাকথিত স্বাধীনতা তথা ১৯৪৭ চনৰ পৰাই নাগালেণ্ড, মিজোৰাম, মণিপুৰ, ত্ৰিপুৰা মেঘালয় আদি পশ্চিমা-দক্ষিণ-পূৱ এছিয়া (WeSEA) অঞ্চলৰ হাজাৰ হাজাৰ যুৱক-যুৱতীয়ে আত্মবলিদান দি আহিছে৷ আনহাতে, যুদ্ধবাজ ভাৰতৰাষ্ট্ৰই নিজ স্বাৰ্থসিদ্ধিৰ বাবে প্ৰতিনিয়ত মুক্তিকামী জনগণক নানা প্ৰকাৰে অত্যাচাৰ-নিপীড়ন অব্যাহত ৰাখিছে৷ এনে পৰিপ্ৰেক্ষিতত এই অভিশপ্ত দিনটোৰ সৈতে অসম-নগালেণ্ডকে ধৰি স্বতন্ত্ৰ জাতিসত্তাসমূহৰ হৃত ‘স্বাধীনতা’ জড়িত আছে৷ গতিকে, থলগিৰিৰ ন্যায্য ৰাজনৈতিক অধিকাৰ খৰ্ব কৰি কেৱল মাত্ৰ নিৰ্বাচনী জয়লাভৰ দ্বাৰা প্ৰকৃত গণতন্ত্ৰ প্ৰতিষ্ঠা হ’ব নোৱাৰে৷ এয়া গণতন্ত্ৰৰ ফটা ঢোল বজাই প্ৰকৃত ছবিখন লুকুৱাই ৰখাৰ কচৰৎ মাথোঁ৷ ইফালে আলফাই গণৰাজ্য দিৱস বৰ্জন ঘোষণা কৰাৰ পাছতেই গুৱাহাটী তথা সমগ্ৰ অসমৰে নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰি তুলিছে আৰক্ষীয়ে৷ প্ৰতিখন জিলাৰ আৰক্ষীকে তালাচী বৃদ্ধি কৰিবলৈ আৰক্ষী মুখ্য কাৰ্যালয়ে নিৰ্দেশ দিয়া বুলি জানিব পৰা গৈছে৷