Logo
image

দ্বাদশ শ্ৰেণী ফেইল

২০২৩ বৰ্ষৰ সমগ্ৰ ভাৰতত বহুলভাৱে চৰ্চিত এখন বোলছবি হৈছে ‘১২th Fail’৷ বিধু বিনোদ চোপ্ৰাৰ নিৰ্দেশনাত এটা সত্য কাহিনীৰ আধাৰত নিৰ্মিত উক্ত ছবিখনৰ দ্বাৰা উত্থাপন কৰা হৈছে লক্ষ লক্ষ ভাৰতৰ শিক্ষিত যুৱক-যুৱতীৰ কেন্দ্ৰীয় লোকসেৱা আয়োগৰ কঠোৰ পৰীক্ষাৰ সংগ্ৰাম৷ বৰ্তমান মহাৰাষ্ট্ৰৰ আৰক্ষীৰ উপ-মহাপৰিদৰ্শক পদত কাৰ্যনিৰ্বাহ কৰা মনোজ কুমাৰ শৰ্মাৰ জীৱন সংগ্ৰামৰ আধাৰত ভিত্তি কৰি নিৰ্মিত উক্ত ছবিখনে দৰ্শকক যিমান মনোৰঞ্জন দিছে, তাতোকৈ অধিক মনোবল বৃদ্ধি কৰিছে নৱপ্ৰজন্মৰ যুৱক-যুৱতীসকলক৷ শিক্ষা জীৱনত সন্মুখীন হোৱা অনেক ব্যৰ্থতাৰ পাছতো দৃঢ়মনে লক্ষ্য প্ৰাপ্তিত সহায় কৰা বহুতো ব্যক্তি আজিও আছে আমাৰ মাজতে৷ সফলতাৰ প্ৰাপ্তিৰ আঁৰত থকা জীৱনৰ সংগ্ৰামবোৰৰ কথা কাচিৎহে পোহৰলৈ আহে জনজ্ঞাতাৰ্থে৷ কেন্দ্ৰীয় লোকসেৱা আয়োগৰ পৰীক্ষা মানেই শিক্ষাৰ এক তুলাচনী৷ প্ৰাৰম্ভিক পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ পাছত অৱতীৰ্ণ হ’ব লগা মুখ্য পৰীক্ষাত উত্তীৰ্ণ হ’বলৈ কঠোৰ অনুশীলন কৰিব লাগে শিক্ষাৰ্থীসকলে৷ আয়োগৰ সাক্ষাৎকাৰ ভাৰতৰ একমাত্ৰ কঠিন সাক্ষাৎকাৰ বুলিও স্বীকাৰ কৰা হয়, য’ত প্ৰাৰ্থীৰ মেধা, বুদ্ধিমত্তা, প্ৰশাসনিক জ্ঞান বা কৌশল আদিত বিশ্লেষণ কৰে আয়োগৰ দক্ষ ব্যক্তিসকলে৷

যি নহওক, বিগত কিছু বছৰ ধৰি অসমীয়া ছাত্ৰ-ছাত্ৰীসকলে লোকসেৱা আয়োগৰ পৰীক্ষাৰ সফলতাৰ তালিকাত স্থান লাভ কৰি গৌৰৱান্বিত কৰিছে ৰাজ্যবাসীক৷ অৱশ্যে, সফল হোৱা যুৱক-যুৱতীসকলৰ প্ৰায়খিনিয়েই অসমৰ বাহিৰত স্নাতক বা স্নাতকোত্তৰ শিক্ষাগ্ৰহণ কৰা বুলিও ক’ব পাৰি৷ অসমৰ মাতৃভাষাত অধ্যয়ন কৰি শিক্ষা জীৱনৰ প্ৰতিটো পৰীক্ষাত স্থান প্ৰাপ্তিৰ অন্তত ১৯৮৯ চনত কেন্দ্ৰীয় লোকসেৱা আয়োগৰ বাছনিত উঠি গৌৰৱান্বিত কৰিছিল বৰ্তমানৰ মুখ্যসচিব পৱন কুমাৰ বৰঠাকুৰে৷ জীৱনৰ শৈশৱ কালটো নাঁৱৰ শিলঘাটৰ সোণাৰীগাঁৱত কটোৱা পৱন কুমাৰ বৰঠাকুৰে একালত পথাৰত গৰু চৰোৱা, গাঁৱৰ তথা বিদ্যালয়ৰ সাংস্কৃতিক অনুষ্ঠানত অংশগ্ৰহণ কৰা, খেলা-ধূলা কৰা আদি প্ৰতিটো কৰ্মতেই অংশগ্ৰহণ কৰিছিল৷ কঠোৰ অধ্যয়ন, নিয়মানুৱৰ্তিতা, অমায়িক স্বভাৱৰ পৱন কুমাৰ বৰঠাকুৰক লৈ আজিও গৌৰৱ কৰে শিলঘাটবাসীয়ে৷

আৰ্থিক দৈন্য যে শিক্ষাৰ হেঙাৰ হ’ব নোৱাৰে তাৰ আন এক উদাহৰণ বৰ্তমান অসম চৰকাৰৰ শিক্ষা বিভাগৰ সচিব পদত থকা নাৰায়ণ কোঁৱৰ৷ পিতৃৰ বিয়োগৰ পাছত অন্ধকাৰৰ মাজত সোমাই পৰা নাৰায়ণ কোঁৱৰে দ্বাদশ শ্ৰেণীত ফেইল কৰাৰ কথা নিজেই স্বীকাৰ কৰিছে সংবাদ মাধ্যমত৷ স্নাতকোত্তৰ ডিগ্ৰী আহৰণৰ পাছত কিছুদিন নগাঁও মহাবিদ্যালয়ত অধ্যাপনা কৰা নাৰায়ণ কোঁৱৰক ব্যৰ্থ কৰিব পৰা নাছিল আৰ্থিক দৈন্যই৷ ৰে’লৰ তৃতীয় শ্ৰেণীৰ দবাত উঠি দিল্লীলৈ পৰীক্ষাৰ প্ৰস্তুতিৰ বাবে সঘনে যোৱা কোঁৱৰক মানসিক সকাহ দিছিল মহাবিদ্যালয়খনৰ তেতিয়াৰ অধ্যক্ষ ড॰ খৰ্গেশ্বৰ ভূঞাসহিতে অধ্যাপকসকলে৷ ২০১০ চনত যেতিয়া সৰ্বভাৰতীয় লোকসেৱা আয়োগত ১১৯ নং স্থানত নিজকে প্ৰতিষ্ঠা কৰিব পাৰিছিল, আনন্দৰ বন্যা দেখিবলৈ পোৱা গৈছিল সমগ্ৰ ৰাজ্যত৷

১৭ জানুৱাৰীত ঘোষণা কৰা অসম লোকসেৱা আয়োগৰ পৰীক্ষাৰ ফলাফলে এটাই প্ৰমাণ কৰিছে– মেধাৰ বীৰত্ব৷ ত্যাগ, কষ্ট আৰু আশাসুধীয়া প্ৰচেষ্টাই সফলতাৰ পথ দিয়া ৯১৩জন প্ৰাৰ্থীৰ জীৱনগাথাৰ মাজত লুকাই আছে বহুতৰ দৰিদ্ৰতা আৰু চকুপানী৷ সেৱাৰ আদৰ্শক শিৰোধাৰ্য কৰি চাকৰি জীৱন আৰম্ভ কৰা প্ৰতিজন সফল প্ৰাৰ্থী হওক ৰাইজৰ সহায়ক৷