Logo
image

বিহুৰ পূৰ্বেই নিৰ্বাচন বিচাৰিছে হিমন্তবিশ্বই

‘আমাৰ অসম’ৰ বিশেষ প্ৰতিবেদন, ২৫ জানুৱাৰীঃ দিল্লী নিৰ্বাচনী বিষয়াৰ কাৰ্যালয়ৰ এখন জাননী অসতৰ্কভাৱে প্ৰকাশ হোৱাৰ ফলত দেশৰ আগন্তুক সাধাৰণ নিৰ্বাচন ১৬ এপ্ৰিলৰ পৰা আৰম্ভ হ’ব বুলি একপ্ৰকাৰ নিশ্চিত হৈ পৰিলেও অসমৰ নিৰ্বাচন ৰঙালী বিহুৰ পূৰ্বেই সমাপ্ত হোৱাটো বিচাৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই৷ ৰাজ্যৰ সবাটোকৈ বৃহৎ আৰু দীঘলীয়া উৎসৱ ৰঙালী বিহু যাতে অসমৰ জনগণে মুকলি মনেৰে উপভোগ কৰিব পাৰে, সেই উদ্দেশ্যই হিমন্ত বিশ্ব শৰ্মাই অসমৰ লোকসভা আসনৰ নিৰ্বাচন ৰঙালী বিহুৰ পূৰ্বেই সম্পন্ন হোৱাটো বিচাৰিছে৷ এই সন্দৰ্ভত মুখ্যমন্ত্ৰীয়ে কেন্দ্ৰীয় নিৰ্বাচন আয়োগক অনুৰোধ জনাব বুলিও প্ৰকাশ কৰিছে৷ হিমন্ত বিশ্ব শৰ্মাৰ দাবী, অসমত লোকসভাৰ নিৰ্বাচন সাধাৰণতে ব’হাগ বিহুৰ পূৰ্বেই সম্পন্ন হয়৷ এইবাৰো তেওঁ তাৰ ব্যতিক্ৰম বিচৰা নাই৷ প্ৰসংগতঃ উল্লেখ্যযোগ্য, ২০১৪ আৰু ২০১৯ চনৰ সাধাৰণ নিৰ্বাচন অসমত বিহুৰ পূৰ্বেই সমাপ্ত হোৱা নাছিল, বৰং বিহুৰ আগে-পিছে তিনিটাকৈ দফাত অনুষ্ঠিত হৈছিল৷ ২০১৪ চনত লোকসভাৰ নিৰ্বাচন ৭, ১২ আৰু ২৪ এপ্ৰিলত তথা ২০১৯ চনত ১১, ১৮ আৰু ২৩ এপ্ৰিলত তিনিটাকৈ দফাত অনুষ্ঠিত হৈছিল৷ অৰ্থাৎ ৰঙালী বিহুৰ আগতে ২০১৪ত দুটা দফা, পাছত এটা দফা আৰু ২০১৯ত ৰঙালী বিহুৰ আগত এটা কিন্তু পাছত দুটা দফাৰ  নিৰ্বাচন হৈছিল৷ 

নাজিৰাত এটা চৰকাৰী অনুষ্ঠানতে ভাগ ল’বলৈ যোৱা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক বুধবাৰে সংবাদ মাধ্যমত প্ৰকাশিত সাধাৰণ নিৰ্বাচনৰ তাৰিখ সন্দৰ্ভত প্ৰশ্ন কৰাত তেওঁ কয়–‘সাধাৰণতে অসমত যিটো পৰিৱেশ, এইটোত ব’হাগ বিহুৰ আগতেই নিৰ্বাচন সম্পন্ন হয়৷ মই নিৰ্বাচন আয়োগক অনুৰোধ জনাম যাতে অসমৰ নিৰ্বাচন ১৪ এপ্ৰিলৰ আগতেই সম্পন্ন হয়৷ কাৰণ তেতিয়া মানুহে বিহুটো ভালকৈ পালন কৰিব পাৰিব৷ আমাৰ অসুবিধা একো নাই৷ মই ভাবো, ভাৰততো একো অসুবিধা নাই৷ নৰেন্দ্ৰ মোদীৰ নেতৃত্বত বিজেপিয়ে বিপুল বিজয় লাভ কৰিব৷’ 

মঙলবাৰে দিল্লীৰ মুখ্য নিৰ্বাচনী বিষয়াৰ এখন চৰকাৰী জাননীৰ পৰা অসাৱধানবশতঃ আকস্মিকভাৱে উন্মোচিত হৈ পৰিছিল চলিত বছৰত হ’বলগীয়া দেশৰ সাধাৰণ নিৰ্বাচনৰ তাৰিখ৷ দিল্লীৰ মুখ্য নিৰ্বাচনী বিষয়াৰ সেই ভাইৰেল হৈ পৰা চৰকাৰী জাননী অনুসৰি এইবাৰ দেশৰ সাধাৰণ নিৰ্বাচনৰ সূচনা হ’ব ১৬ এপ্ৰিলত৷ প্ৰসংগতঃ, ৫ বছৰ পূৰ্বে ২০১৯ চনৰ সাধাৰণ নিৰ্বাচন ১১ এপ্ৰিলত আৰম্ভ হৈ ১৯ মে’ত সম্পূৰ্ণ হৈছিল৷ সেই দিশৰ পৰা দিল্লীৰ মুখ্য নিৰ্বাচনী বিষয়াৰ জাননীত প্ৰকাশ পোৱা ১৬ এপ্ৰিলৰ দিনটো ইতিমধ্যে দেশৰ নিৰ্বাচন আয়োগে চূড়ান্ত কৰাটো সত্য বুলিয়েই সকলো পক্ষই ধাৰণা কৰি লৈছে৷ পিছে এই জাননীখন ভাইৰেল হৈ পৰাৰ লগে লগে সাধাৰণ নিৰ্বাচনৰ সম্ভাব্য দিনটো সম্পৰ্কত বিভিন্ন সংবাদ সংস্থা আৰু সংবাদ গোষ্ঠীয়ে প্ৰশ্ন কৰাত দিল্লী মুখ্য নিৰ্বাচনী বিষয়াৰ কাৰ্যালয়ে এয়া চূড়ান্ত তাৰিখ নহয়, কেৱল প্ৰসংগক্ৰমেহে উদ্ধৃতি দিয়া বুলি কৈ বাগী মাৰিবলৈ আৰম্ভ কৰে৷ সাধাৰণতে শাসনাধিষ্ঠিত চৰকাৰৰ সৈতে আলোচনা কৰিয়েই দেশৰ নিৰ্বাচন আয়োগে নিৰ্বাচনৰ দিন চূড়ান্ত কৰে যদিও প্ৰায়ে শাসনত থকা দলটোৱে কেতিয়াও নিৰ্বাচনৰ চূড়ান্ত তাৰিখৰ বিষয়ে অন্যান্য ৰাজনৈতিক দলে অধিক আগতীয়াকৈ জনাটো নিবিচাৰে৷ এই ক্ষেত্ৰতো তেনে হোৱা বুলিয়েই চৰ্চা হৈছে আৰু অসাৱধানৱশতঃ সাধাৰণ নিৰ্বাচনৰ দিনটো প্ৰকাশ হৈ যোৱাত অস্বস্তিত পৰি দিল্লী মুখ্য নিৰ্বাচনী বিষয়াৰ কাৰ্যালয়ে এতিয়া আসৈ মাতিছে বুলি দেশৰ আগশাৰীৰ সংবাদগোষ্ঠীয়ে দাবী কৰিছে৷  দিল্লী মুখ্য নিৰ্বাচনী বিষয়াৰ কাৰ্যালয়ৰ এই কাৰ্যত চৰম অস্বস্তিত পৰিছে কেন্দ্ৰীয় নিৰ্বাচন আয়োগ৷ দিল্লী মুখ্য নিৰ্বাচনী বিষয়াৰ কাৰ্যালয়ে জিলা নিৰ্বাচনী বিষয়ালৈ প্ৰেৰণ কৰা সহকাৰী নিৰ্বাচনী বিষয়া টি মিছাওৰ স্বাক্ষৰিত জাননীত কোৱা হৈছে,– ‘অহা ১৬ এপ্ৰিলৰ পৰা দেশৰ সাধাৰণ নিৰ্বাচন অনুষ্ঠিত হ’ব৷ কেন্দ্ৰীয় নিৰ্বাচন আয়োগে ইতিমধ্যে ১৬ এপ্ৰিলত সাধাৰণ নিৰ্বাচনৰ সূচনা হ’ব বুলি জনাইছে৷ সেই অনুসৰি আপোনালোকে ‘নিৰ্বাচনী পৰিকল্পনা’ হিচাপে সম্ভাৱ্য অন্তিম দিনৰ বিষয়ে হিচাপ-নিকাচ কৰি জনাওঁক৷ এই জাননীৰ প্ৰত্যুত্তৰত নিৰ্বাচনী কাৰ্যকলাপৰ সবিশেষ আপোনালোকে ‘চিইঅ’ দিল্লী’ৰ ‘ইলেকচন প্লেনাৰ পৰ্টেল’লৈ প্ৰেৰণ কৰক৷ আপোনালোকৰ বাকী থকা কাম, চলি থকা কাম, সূচী, সম্পূৰ্ণ হোৱা কামৰ সবিশেষ বিৱৰণ প্ৰেৰণ কৰক৷’ স্বাভাবিকতে এই জাননীখন সংবাদ মাধ্যমৰ হাতত পৰাত সাধাৰণ নিৰ্বাচনৰ দিন চূড়ান্ত হ’লনেকি বুলি দিল্লী মুখ্য নিৰ্বাচনী বিষয়া সংবাদ মাধ্যমৰ প্ৰশ্নবানৰ সন্মুখীন হয়৷ তেতিয়া পৰিস্থিতি বেগতিক দেখি দিল্লী মুখ্য নিৰ্বাচনী বিষয়াই ১৬ এপ্ৰিলটো ধৰি লোৱা বা সম্ভাৱ্য তাৰিখ বুলি কৈ বাগী মাৰে৷ কিন্তু সেই কাৰ্যালয়ৰ ঘনিষ্ঠ সূত্ৰ অনুসৰি ১৬ এপ্ৰিলত সাধাৰণ নিৰ্বাচনৰ সূচনা হ’ব বুলি নিশ্চিত কৰি দেশৰ নিৰ্বাচন আয়োগ আগবাঢ়িছে আৰু  বিভিন্ন ৰাজ্যৰ নিৰ্বাচনী বিষয়াৰ কাৰ্যালয়ক সাজু হোৱাৰ নিৰ্দেশ দিছে৷ পিছে সেই দিনটো এতিয়াই প্ৰকাশ হোৱা বিচৰা নাই নিৰ্বাচন আয়োগে, আৰু অৱশ্যেই মোদী চৰকাৰে৷ উল্লেখ্য, ৰাম মন্দিৰৰ প্ৰতিশ্ৰুতি পালন কৰিয়েই যে বিজেপি সাধাৰণ নিৰ্বাচনৰ বাবে জপিয়াই পৰিব সেয়া কাৰো অজ্ঞাত নাছিল৷ বিজেপিৰ সেই পৰিকল্পনা প্ৰতিফলিত কৰিয়েই অসাৱধানবশতঃ হ’লেও দিল্লী মুখ্য নিৰ্বাচনী বিষয়াৰ জাননীত ওলাই পৰিল এতিয়ালৈকে গোপনে ৰখা আগন্তুক সাধাৰণ নিৰ্বাচনৰ তাৰিখটো –১৬ এপ্ৰিল৷

এতিয়া ৰেচন কাৰ্ড প্ৰাপ্তি মানেই অধিক লাভঃ নাজিৰাত মুখ্যমন্ত্ৰী

‘আমাৰ অসম’ৰ নাজিৰাৰ প্ৰতিবেদকঃ নাজিৰাৰ চকীমুখ উচ্ছতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত আজি আয়োজিত ৰেচন কাৰ্ড বিতৰণৰ এক সভাত অংশগ্ৰহণ কৰে মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই৷ পূৰ্ব পৰিকল্পনা মতে মুখ্যমন্ত্ৰীজনে জৱাহৰ নৱোদয় বিদ্যালয় খেলপথাৰত অস্থায়ীভাৱে নিৰ্মিত হেলিপেডত অৱতৰণ কৰাৰ পাছতে প্ৰায় ডেৰ কিঃ মিঃ পথ বিজেপিৰ দলীয় কৰ্মীসকলে শোভাযাত্ৰা কৰি আদৰি আনে৷ ৰেচন কাৰ্ডৰ অধিক ফলপ্ৰসু দিশলৈ আঙুলিয়াই দি মুখ্যমন্ত্ৰীজনে কয়– পৰিয়ালৰ প্ৰতিজন সদস্যৰ নামত ৫ কিলোগ্ৰামকৈ চাউল প্ৰদান কৰাত দোকানীসকলে কোনো পৰিমাণৰ চাউল কাটি ৰাখিব নোৱাৰিব৷ দোকানীসকলৰ পৰিবহণ ব্যয় চৰকাৰে বহন কৰি আহিছে আৰু দোকানী সকলৰ কমিছনো চৰকাৰে প্ৰদান কৰি আহিছে৷ ইফালে পূৰ্বৰ ৰেচন কাৰ্ড আৰু বৰ্ত্তমানৰ ৰেচন কাৰ্ডৰ মাজত পাৰ্থক্য ব্যাখ্যা কৰি মুখ্যমন্ত্ৰীমুখ্যমন্ত্ৰীয়ে কয়– এতিয়া সুলভ মূল্যৰ দোকানৰ চাউলেই নহয় মেডিকেল কলেজ, নাৰ্ছিং হোম, জিলা হাস্পতাল আদিত চিকিৎসাৰ বাবে গ’লে ৰেচন কাৰ্ড থকাসকলে বছৰি ৫ লাখকৈ টকাৰ চিকিৎসাৰ ব্যয় বিনামূলীয়াকৈ লাভ কৰিব আৰু এনেদৰেই প্ৰধান মন্ত্ৰীৰ আয়ুস্মান আৰু মুখ্যমন্ত্ৰীৰ আয়ুস্মান আঁচনিৰ সুবিধাত সোমাই পৰিছে৷ সভাত দহগৰাকীলৈ ৰেচন কাৰ্ড বিতৰণ কৰা হয় ৷  অসমত সম্প্ৰতি ৫২ লাখ ৰেচন কাৰ্ডধাৰী আৰু ৩০ লাখ অৰুণোদয় আঁচনিভূক্ত পৰিয়াল থকা বুলি উল্লেখ কৰি এই কাম বৰ সহজ নহ’লেও প্ৰণালীৱদ্ধভাৱে আগুৱাই ইপ্সিত লক্ষ্যত উপনীত কৰিব বুলি ঘোষণা কৰে৷ যোৰহাট লোকসভা সমষ্টিৰ সাংসদ তপন কুমাৰ গগৈ, স্বাস্থ্য আৰু ভৈয়াম জনজাতি উন্নয়ন বিভাগৰ মন্ত্ৰী ডাঃ ৰণোজ পেগুয়ে বিশিষ্ট অতিথি হিচাপে অংশ গ্ৰহণ কৰাৰ লগতে মন্ত্ৰী যোগেন মহন, ৰাজ্যসভাৰ সাংসদ কামাখ্যা প্ৰসাদ তাচা, বিধায়ক সকল সুশান্ত বৰগোহাঁই, ধৰ্মেশ্বৰ কোঁৱৰ, তৰংগ গগৈ, টাই আহোম উন্নয়ন পৰিষদৰ অধ্যক্ষ ময়ূৰ বৰগোহাঁই, জিলা পৰিষদৰ সভাপতি ধ্ৰুৱজ্যোতি মাউৎ, নাজিৰা আৰু শিমলুগুৰি পৌৰসভাৰ পৌৰপতি বৰ্ণালী চেতিয়া, কবিতা মেচকে ধৰি শিৱসাগৰ জিলাৰ আয়ুক্ত আদিত্য বিক্ৰম যাদৱ, আৰক্ষী অধীক্ষক শুভ্ৰজ্যোতি বৰা, নাজিৰাৰ অতিৰিক্ত আয়ুক্ত আয়ুসী জৈন সভাত উপস্থিত থাকে৷ সম্প্ৰতি সমষ্টি পুনৰ্নিদ্ধাৰণৰ পৰৱৰ্তী ৯৭ নং নাজিৰা বিধান সভা সমষ্টিৰ ২৭ গাঁও পঞ্চায়তক লৈ মুঠ ৮৪১১ জনে নতুনকৈ ৰেচন কাৰ্ড লাভ কৰাৰ লগতে পূৰ্বৰ ৪৩৬৯২ জন ৰেচনকাৰ্ডধাৰী সহ সৰ্বমুঠ সংখ্যা ৫২ হাজাৰ অতিক্ৰম কৰে৷

ট্ৰাইবেল সংঘৰ ৰাজ্যিক অধিৱেশন অংশ ল’ব মুখ্যমন্ত্ৰীয়ে

‘আমাৰ অসম’ৰ গুৱাহাটীৰ প্ৰতিবেদকঃ সদৌ অসম ট্ৰাইবেল সংঘৰ ৩৯সংখ্যক ত্ৰি-বাৰ্ষিক সাধাৰণ অধিবেশনখনি অহা ২৭, ২৮ আৰু ২৯ জানুৱাৰীত শিৱসাগৰ জিলাৰ কটিয়ৰি উচ্ছতৰ মাধ্যমিক বিদ্যালয়ৰ জননেতা ভীমবৰ দেউৰী ক্ষেত্ৰত অনুষ্ঠিত হ’ব৷ এই অধিবেশনতে প্ৰদ্যুত কুমাৰ বৰাই গুৱাহাটী উচ্ছ ন্যায়ালয়ত তৰা ৭৮/২০১২ নম্বৰৰ ৰাজহুৱা স্বাৰ্থজড়িত গোচৰটোত দিয়া ৰায়ক ৰাজ্য চৰকৰাৰে মান্যতা প্ৰদান কৰি ট্ৰাইবেল বেল্ট আৰু ব্লকৰ পৰা অবৈধ দখলকাৰী, অবৈধ কল-কাৰখানা উচ্ছেদ কৰা, বন অধিকাৰ স্বীকৃতি আইন ২০০৬ কাৰ্যকৰী কৰি বনবাসী জনজাতিক ভূমিৰ অধিকাৰ প্ৰদান কৰা, জৰীপ নোহোৱা জনজাতি অধ্যুষিত গাঁও অঞ্চলৰ ভূমি জৰীপ কৰি ভূমিৰ পট্টা প্ৰদান কৰিবলৈ মিচন বসুন্ধৰা ৩.০ আৰম্ভ কৰা, গুৱাহাটী মহানগৰী সম্প্ৰসাৰণৰ সময়ত জনজাতিৰ সম্পত্তিৰ কৰ আৰু ভূমি বন্দোবস্তিৰ প্ৰিমিয়াম ৰেহাই দিয়া ইত্যাদি বিষয়ে আলোচনাত মুখ্য স্থান লাভ কৰিব৷ অধিবেশনৰ ২৮ জানুৱাৰীৰ মুকলি সভাত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা,  জনজাতি পৰিক্ৰমা দপ্তৰৰ মন্ত্ৰী ৰণোজ পেগু, বি.টি.আৰ.ৰ মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়ো, সদৌ অসম ছাত্ৰ সন্থাৰ মুখ্য উপদেষ্টা ড॰ সমুজ্জল কুমাৰ ভট্টাচাৰ্য্য উপস্থিত থাকিব৷