Logo
image

টেষ্ট ক্ৰিকেটত নতুন অভিলেখ অশ্বিন-জাদেজাৰ

ইংলেণ্ডৰ বিৰুদ্ধে বৃহস্পতিবাৰৰ পৰা আৰম্ভ হোৱা প্ৰথম টেষ্টত এক নতুন অভিলেখৰ অধিকাৰী হৈছে ভাৰতৰ বলিং যুটি ৰবিচন্দ্ৰন অশ্বিন আৰু ৰবীন্দ্ৰ জাদেজা৷ তেওঁলোকে ভংগ কৰিছে অনিল কুম্বলে আৰু হৰভজন সিঙৰ অভিলেখ৷ কুম্বলে আৰু হৰভজনে একেলগে ৫৪খন টেষ্ট খেলিছে৷ সেই ৫৪খন টেষ্টত উভয়ে মিলি সংগ্ৰহ কৰিছে ৫০১টা উইকেট৷ ইয়াৰে কুম্বলেই ২৮১টা আৰু হৰভজনে ২২০টা উইকেট লাভ কৰিছিল৷ ইমানদিনে তেওঁলোকেই আছিল টেষ্টত ভাৰতৰ সফলতম বলিং যুটি৷ বৃহস্পতিবাৰে তেওঁলোকক অতিক্ৰম কৰিলে অশ্বিন আৰু জাদেজাই৷ প্ৰথম টেষ্টৰ প্ৰথম দিনটোত অশ্বিনৰ বলত প্ৰথমেই আউট হয় বেন ডাকেট৷ তাৰ পিছত ইংলেণ্ডৰ ইনিংছৰ ১৫ সংখ্যক অভাৰত অলী পোপক আউট কৰে জাদেজাই৷ তেওঁ লাভ কৰা এই উইকেটৰ পাছত কুম্বলে-হৰভজনক অতিক্ৰমী টেষ্ট ক্ৰিকেটত ভাৰতৰ সফলতম যুটি হিচাপে পৰিগণিত হয় অশ্বিন-জাদেজা৷ কুম্বলে-হৰভজন যুটিৰ অভিলেখ আছিল ৫৪খন টেষ্টত৷ অশ্বিন-জাদেজাই তেওঁলোকৰ অভিলেখ ভংগ কৰিলে ৫০সংখ্যক টেষ্টত৷ প্ৰথম টেষ্টৰ তৃতীয় দিনৰ সমাপ্তিলৈ অশ্বিন-জাদেজা যুটিৰ উইকেটৰ সংখ্যা ৫০৯টা৷ ইয়াৰ ভিতৰত অশ্বিনৰ উইকেটৰ সংখ্যা ২৮০টা আৰু জাদেজাৰ ২২৯টা৷ এই তালিকাত তৃতীয় স্থানত আছে বিষেণ সিং বেদী আৰু বিএছ চন্দ্ৰশেখৰ৷ তেওঁলোকে একেলগে ৪২খন টেষ্টত ৩৬৮টা উইকেট হস্তগত কৰিছিল৷