Logo
image

গাড্ডাৰ দীপাংকঃ কালিলৈকে 'কা'ৰ বিৰোধিতা কৰা দীপাংকই আজি ক'লে বিজেপি জিন্দাবাদ

ডিজিটেল ডেস্কঃ 'কা' বাতিল নোহোৱাপৰ্যন্ত আন্দোলন অব্যাহত ৰখাৰ হুংকাৰ দিছিল তেওঁ৷ 'কা' বিৰোধী আন্দোলন অব্যাহত ৰখাৰ লগতে 'কা'ৰ বিৰোধিতা কৰি যোৱাৰো কথা দিছিল তেওঁ৷ বিজেপি চৰকাৰে গণতন্ত্ৰ হত্যা কৰাৰ অভিযোগ বাৰে বাৰে উত্থাপন কৰিছিল তেওঁ৷ 'কা' আন্দোলনৰ নেতৃত্ব লৈ হাজাৰ হাজাৰ মানুহক ৰাজপথলৈ উলিয়াই অনা মানুহজনে পাভলুটি মাৰি আনুষ্ঠানিকভাৱে গ'ল গেৰুৱা শিবিৰলৈ৷ 

'কা' আন্দোলনৰ নেতৃত্ব লৈ জনতাক প্ৰৱঞ্চনা কৰি বিজেপিত যোগদান কৰা এই নেতাজন হৈছে আছুৰ প্ৰাক্তন সভাপতি দীপাংক কুমাৰ নাথ৷ আছু ত্যাগৰ পিছত দীপাংক কুমাৰ নাথ ক'লৈ যাব তাক লৈ বহু প্ৰশ্নৰ উত্থাপন হৈছিল৷ সময়ে সময়ে দীপাংক কুমাৰ নাথে গেৰুৱা বসন পৰিধান কৰিব বুলি খবৰো ওলাইছিল৷ আছু ত্যাগৰ পিছত দীপাংক নাথক অসম জাতীয় পৰিষদত যোগ দিবলৈ বহুবাৰ আহ্বান জনাইছিল একালৰ সতীৰ্থ লুৰীণজ্যোতি গগৈয়ে৷ কিন্তু এই সকলোবোৰৰ উত্তৰ দীপাংক গগৈয়ে দিলে দেওবাৰে বাজপেয়ী ভৱনৰ পৰা৷ 'কা' আন্দোলনৰ নেতৃত্ব দি এসময়ত বিজেপিক ক্ষুৰধাৰ সমালোচনা কৰা দীপাংক গগৈয়ে আজি আনুষ্ঠানিকভাৱে পৰিধান কৰিলে গেৰুৱা বসন৷

আছু ত্যাগৰ এবছৰ তিনি মাহৰ পাছত বিজেপিত যোগ দিলে দীপাংক গগৈয়ে৷ বিজেপিত যোগ দিয়েই হিমন্ত চৰকাৰৰ কাৰ্যকলাপৰ লগতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ প্ৰশংসাত পঞ্চমুখ হৈ পৰিল দীপাংক নাথ৷ লগতে আৰম্ভ কৰিলে কংগ্ৰেছৰ বিৰুদ্ধে সমালোচনা৷ দীপাংক গগৈয়ে দাবী কৰিলে যে ছাত্ৰ সন্থাৰ মঞ্চৰ পৰা তেওঁলোকে যিবোৰ কথা দাবী কৰি আহিছিল সেয়া বিজেপি চৰকাৰে ৰূপায়ণ কৰিছে৷ বিজেপি দলৰ বাদে আন কোনো দলৰ অস্তিত্ব থকাটো নিবিচাৰে আছুৰ পৰা বিজেপি নেতা হোৱা দীপাংক গগৈয়ে৷

বিজেপিত যোগদান কৰিয়েই দীপাংক গগৈয়ে কয় যে কংগ্ৰেছে চাকৰি বিক্ৰী কৰিছিল৷ কংগ্ৰেছৰ চৰকাৰে শিক্ষকৰ চাকৰিও বিক্ৰী কৰিছিল৷ কিন্তু বিজেপি চৰকাৰে এটকাও নোলোৱাকৈ ১ লাখ চাকৰি দিছে৷ বিজেপি চৰকাৰে বিশেষভাৱে নিৰ্যাতিতা মহিলাসকলকো সাহায্য প্ৰদান কৰিছে৷ সত্ৰৰ মাটি বেদখলমুক্ত কৰিছে বিজেপি চৰকাৰে৷ ছাত্ৰ সংগঠনত থাকি দাবী কৰা বহু কথা এইখন চৰকাৰে ৰূপায়ণ কৰিছে৷ লগতে তেওঁ কয় যে আন্তঃৰাষ্ট্ৰীয় সীমান্ত সুৰক্ষিত কৰাৰ কথা দিছে মুখ্যমন্ত্ৰীৰ লগতে দেশৰ গৃহমন্ত্ৰীয়ে৷ যাৰ বাবে এইখন চৰকাৰৰ বাদে আন কোনো দলৰ অস্তিত্ব নথকাটো বিচাৰোঁ৷ এইখন চৰকাৰে সমগ্ৰ জাতিটোক নিৰাপত্তা দিয়াৰ ক্ষেত্ৰত আগুৱাই গৈছে৷

ইফালে দীপাংক কুমাৰ নাথে বিজেপিত যোগদান কৰিব বুলি খবৰ প্ৰচাৰ হোৱাৰ পাছতে তেওঁক চোকা সমালোচনা কৰিছে একালৰ সতীৰ্থসকলে৷ আছুৰ সাঃ সম্পাদক শংকৰজ্যোতি বৰুৱাই কয় যে আছু অবিহনে শূন্য দীপাংক নাথ৷ তেওঁৰ এই সিদ্ধান্তই ছাত্ৰ সন্থাৰ কৰ্মীসকলক আঘাত দিছে৷ জাতিটোক গাড্ডাৰ কৰিছে দীপাংক নাথে৷ দীপাংক কুমাৰ নাথে বিজেপিৰ নেগুৰ ধৰিব বুলি ছাত্ৰ সন্থাই কেতিয়াও ভবা নাছিল৷ ছাত্ৰ সন্থাৰ সত্ত্বাত কালিমা সানিলে দীপাংক নাথে৷

দীপাংক কুমাৰ নাথৰ বিজেপিত যোগদানক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে আছুৰ সভাপতি উৎপল শৰ্মাই৷ তেওঁ কয় যে দীপাংক নাথে সদৌ অসম ছাত্ৰ সন্থাৰ সত্ত্বা আৰু আদৰ্শক বিশ্বাসঘাটকতা কৰিছে৷ দীপাংক কুমাৰ নাথে ছাত্ৰ সন্থাৰ সভাপতি-সম্পাদকৰ সৈতে আলোচনা কৰি বিজেপিত যোগদান কৰা বুলি চলা প্ৰচাৰ সম্পূৰ্ণ মিছা৷ ছাত্ৰ সন্থাই কোনো প্ৰাক্তন কৰ্মী,  নেতাৰ ৰাজনৈতিক ভৱিষ্যৎ সুৰক্ষিত কৰাৰ ঠিকা লৈ থোৱা নাই৷ দীপাংক কুমাৰ নাথৰ সিদ্ধান্তত আছুৰ তৃণমূলৰ পৰ্যায়ৰ কৰ্মীৰ লগতে ৰাইজৰ মাজত চৰম ক্ষোভৰ সৃষ্টি হৈছে৷ দীপাংক কুমাৰ নাথৰ বাবে সদৌ অসমৰ ছাত্ৰ সন্থাৰ সত্ত্বাক লৈ ৰাইজে প্ৰশ্ন কৰিবলৈ বাধ্য হৈছে৷ ছাত্ৰ সন্থাৰ আদৰ্শই হৈছে জাতীয়তাবাদ৷ সেই আদৰ্শৰ পৰিপন্থী কামকাজ যিয়ে কৰিছে তেওঁ ছাত্ৰ সন্থাক বিশ্বাসঘাটকতা কৰিছে৷   

ইফালে দীপাংক কুমাৰ নাথৰ বিৰুদ্ধ সৰৱ হৈ পৰিছে একালৰ সতীৰ্থ লুৰীণজ্যোতি গগৈ৷ তেওঁ কয় যে নিজৰ ব্যক্তিগত স্বাৰ্থৰ বাবে সকলো কথা জলাঞ্জলি দিব পৰা এটা উদাহৰণ হ'ল দীপাংক কুমাৰ নাথ৷ ইয়াৰ দ্বাৰা নিজেই নিজৰ পৰিচয় দিলে দীপাংক নাথে৷ আছু অবিহনে কোনো পৰিচয় নাই দীপাংক নাথৰ৷  আছুক প্ৰতাৰণা কৰা মানুহক অসমৰ জাতীয় জীৱনত প্ৰয়োজন নাই৷

উল্লেখ্য যে আছু ত্যাগৰ পিছত দীপাংক কুমাৰ নাথক অজাপত যোগদান কৰিবলৈ বহুবাৰ আহ্বান জনাইছিল লুৰীণজ্যোতি গগৈয়ে৷ জাতীয়তাবাদী শিবিৰৰ নেতৃত্ব ল'বলৈ জনোৱা আহ্বানৰ প্ৰতি দীপাংক নাথৰ নাছিল কোনো সঁহাৰি৷ এসময়ত বিজেপিক চোকা সমালোচনা কৰা দীপাংক গগৈৰ বিবেকত বিজেপিৰ নীতি-আদৰ্শই পালে অধিক গুৰুত্ব৷ জাতীয়তাবাদৰ নীতি-আদৰ্শ ভৰিৰে মোহাৰি ক্ষমতাৰ খঁকত অৱশেষত গেৰুৱা হ'ল দীপাংক নাথ৷