Logo
image

মোট সলালে দীপাংকইঃ মুখ্যমন্ত্ৰীক ভূয়সী প্ৰশংসা

'আমাৰ অসম’ৰ ষ্টাফ ৰিপ’ৰ্টাৰ, ২৯ জানুৱাৰীঃ সদৌ অসম ছাত্ৰ সন্থাৰ [আছু] প্ৰাক্তন সভাপতি দীপাংক কুমাৰ নাথ, কংগ্ৰেছৰ প্ৰাক্তন মন্ত্ৰী বিস্মিতা গগৈ, আছুৰ প্ৰাক্তন উপদেষ্টা প্ৰকাশ চন্দ্ৰ দাস, মিচিং স্বায়ত্বশাসিত পৰিষদৰ ইএম পুৰোষোত্তম দলে, প্ৰদেশ যুৱ কংগ্ৰেছৰ প্ৰাক্তন সভানেত্ৰী অংকিতা দত্ত তথা সাধাৰণ সম্পাদক শ্যামল নাৰায়ণ দেৱকে ধৰি কংগ্ৰেছ, অসম জাতীয় পৰিষদ আৰু আছুৰ সহস্ৰাধিক নেতা-কৰ্মীয়ে দেওবাৰে মোট সলাই আনুষ্ঠানিকভাৱে বিজেপিত যোগদান কৰে৷ গুৱাহাটীৰ বশিষ্ঠৰ ৰাজ্যিক বিজেপিৰ মুখ্য কাৰ্যালয় অটল বিহাৰী বাজপেয়ী ভৱনত আয়োজিত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত এই যোগদান কাৰ্যসূচী অনুষ্ঠিত হয়৷ প্ৰদেশ বিজেপি সভাপতি ভৱেশ কলিতাৰ সভাপতিত্বত অনুষ্ঠিত এই যোগদান কাৰ্যসূচীও অসম বিজেপিৰ সাংগঠনিক সাধাৰণ সম্পাদক ৰবীন্দ্ৰ ৰাজু, অসম চৰকাৰৰ মন্ত্ৰীদ্বয় পীয়ূষ হাজৰিকা আৰু জয়ন্ত মল্ল বৰুৱা, বিধায়কদ্বয় ক্ৰমে দিগন্ত কলিতা আৰু মানৱ ডেকাৰ লগতে ৰাজ্যিক বিজেপিৰ নেতৃবৃন্দ উপস্থিত থাকে৷ যোগদান অনুষ্ঠানত ভাষণ প্ৰদান কৰি প্ৰদেশ বিজেপিৰ সভাপতি ভৱেশ কলিতাই কয়– ‘ভাৰতীয় জনতা পাৰ্টি এটা ৰাজনৈতিক দলেই নহয়, ই এটা শৃংখলাৱদ্ধ পৰিয়াল৷ বিজেপিত চাৰ, মেডাম আদি শব্দ ব্যৱহাৰৰ সংস্কৃতি নাই৷ আমি ইজনে সিজনক দাদা-বাইদেউ বুলি সম্বোধন কৰো৷’ যোগদান কাৰ্যসূচীত ভাষণ প্ৰদান কৰি আছুৰ প্ৰাক্তন সভাপতি দীপাংক কুমাৰ নাথে কয় যে আছুৰ ৰাজপথৰ সংগ্ৰামৰ প্ৰায়বোৰ দাবীয়েই মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই সমাধান কৰিছে৷ আছুৰ ৩৫ বছৰীয়া দাবী পূৰণ কৰি মুখ্যমন্ত্ৰীয়ে সমষ্টি পুনৰ নিৰ্ধাৰণ কৰি দেখুৱাইছে৷ গৰু খুটিৰ এশ বিঘা মাটিৰ বেদখল মুক্ত কৰিলে৷ এক লাখ চৰকাৰী চাকৰি স্বচ্ছতাৰে প্ৰদান কৰিছে৷ কংগ্ৰেছৰ দিনত শিক্ষকৰ চাকৰিৰ নিযুক্তিতো কেলেংকাৰি হৈছিল৷ বিজেপি দলে সমগ্ৰ জাতিটোক নিৰাপত্তা দিবলৈ আগবাঢ়ি গৈছে৷ বিজেপি দলৰ বাহিৰে বাকী আন কোনো দলৰে অস্তিত্ব থকাটো মই নিবিচাৰো৷ অসম আন্দোলনৰ শ্বহীদক বিজেপিয়েহে সন্মান দিছে৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাৰ কাম-কাজ অনুধাৱন, অধ্যয়ন কৰি মই বিজেপিত যোগ দিছো৷’ ইফালে এই যোগদান কাৰ্যসূচীত ভাষণ দি কংগ্ৰেছৰ প্ৰাক্তন মন্ত্ৰী তথা খুমটাইৰ প্ৰাক্তন বিধায়িকা বিস্মিতা গগৈয়ে কয়–‘কংগ্ৰেছত প্ৰতিটো মুহূৰ্ততে মানসিক নিৰ্যাতন চলোৱা হৈছিল৷ গুৰুত্বপূৰ্ণ সিদ্ধান্ত লওঁতে আঁতৰাই ৰাখিছিল৷ আনকি ৰাহুল গান্ধীৰ ভাৰত জোড়ো ন্যায় যাত্ৰাৰ সময়ত পদুম ফুলৰ ব্লাউজ পিন্ধাৰ বাবে মই বিজেপিলৈ যাম বুলি আমাৰ চুপ্ৰিম নেতাসকলে আলোচনা কৰিছিল৷ কংগ্ৰেছত মহিলাৰ আত্মসন্মান নাই৷ বিধানসভাৰ নিৰ্বাচনৰ টিকটৰ দৰদাম কংগ্ৰেছত চলি আছে৷’ যুৱ নেত্ৰী অংকিতা দত্তই কয়– ‘ৰাহুল গান্ধীৰ ন্যায় যাত্ৰাৰ সময়ত তেওঁ ন্যায় নাপালে৷ এতিয়াৰ কংগ্ৰেছত মহাত্মা গান্ধীৰ আদৰ্শ নাই৷ কেৱল ৰাহুল গান্ধীৰ ব্ৰেণ্ডিং, ৰেনেইমিঙত কংগ্ৰেছ দল ব্যস্ত৷ নিবনুৱা সমস্যা সমাধানত মুখ্যমন্ত্ৰীয়ে আগভাগ লৈছে৷ মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাৰ বাবেই আজি অসম ৰাষ্ট্ৰীয় প্ৰেক্ষাপটতত উজলি উঠিছে৷’ একেদৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ সৰ্বাংগীন বিকাশৰ বাবে গ্ৰহণ কৰা আঁচনিৰ প্ৰতি আকৃষ্ট হৈয়েই ভাৰতীয় জনতা পাৰ্টিত যোগদান কৰা বুলি আছুৰ প্ৰাক্তন উপদেষ্টা প্ৰকাশ দাসে মত পোষণ কৰে৷