Logo
image

ধুবুৰী, নগাঁও, কৰিমগঞ্জত ইউডিএফৰ প্ৰাৰ্থী চূড়ান্তঃ ‘আপ’ক লাগে গুৱাহাটী, শোণিতপুৰ আৰু লুৰীণৰ ডিব্ৰুগড়

‘আমাৰ অসম’ৰ ষ্টাফ ৰিপ’ৰ্টাৰ, ২৯ জানুৱাৰীঃ শোণিতপুৰ, ডিব্ৰুগড় আৰু গুৱাহাটী লোকসভা সমষ্টি বিচাৰি বিৰোধী ঐক্য মঞ্চৰ সভাপতিৰ দায়িত্বত থকা প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাক প্ৰস্তাৱ দিছে আপ, অসমৰ এটা সঁজাতী দলে৷ আপ, অসম সভাপতি ভবেন চৌধুৰী, উপ-সভাপতি জিতুল ডেকাৰ নেতৃত্বত যোৱা সঁজাতী দলটোৱে এক ফেব্ৰুৱাৰীৰ ভিতৰত সমষ্টিৰ ভাগ বটোৱাৰা কৰা সন্দৰ্ভত সিদ্ধান্ত ল’বলৈ  কংগ্ৰেছক আহ্বান জনায়৷ দেওবাৰে পুৱা ১০ বজাত এঘণ্টা জুৰি হোৱা গুৰুত্বপূৰ্ণ বৈঠকত বিৰোধী ঐক্যমঞ্চ তথা প্ৰদেশ কংগ্ৰেছৰ নেতৃত্বক আপৰ নেতৃত্বই কি যুক্তিৰ ভিত্তিত শোণিতপুৰ, ডিব্ৰুগড় আৰু গুৱাহাটী লোকসভা সমষ্টি বিচৰা হৈছে সবিশেষ অৱগত কৰায়৷ আপৰ নেতৃত্বৰ দাবী মনোজ ধানোৱাৰে ডিব্ৰুগড়ত আৰু ঋষি শৰ্মাই শোণিতপুৰত সৱলভাৱে কাম কৰি আছে৷ গুৱাহাটীত দলে প্ৰাৰ্থী ঠিক কৰা নাই যদিও দলীয় কাম-কাজ সঠিকভাৱে আগবাঢ়ি আছে৷ আপে তিনিটা সমষ্টিৰ প্ৰস্তাৱ আগবঢ়াইছে যদিও ডিব্ৰুগড় সমষ্টিক লৈ কিছু জটিলতা আহি পৰিছে৷ কিয়নো ১৫ দলীয় বিৰোধী ঐক্যমঞ্চৰ সাধাৰণ সম্পাদক তথা অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈয়েও ডিব্ৰুগড় সমষ্টিৰ পৰা নিৰ্বাচনী যুঁজত অৱতীৰ্ণ হ’বলৈ মন মেলিছে৷ উল্লেখ্য, আপে বিগত সময়ছোৱাত বিৰোধী ঐক্য মঞ্চৰ আন অংশীদাৰী দল সমূহৰে পৰ্যায়ক্ৰমে এককভাৱে আলোচনা কৰি আহিছে৷ আপ, অসমৰ নেতৃত্বই সদৰি কৰা মতে লোকসভা নিৰ্বাচনক লৈ ১-২ ফেব্ৰুৱাৰীত আপৰ মুৰব্বী অৰবিন্দ কেজৰিৱালৰে এখন বৈঠক অনুষ্ঠিত হ’ব৷ দিল্লীত অনুষ্ঠিত হ’ব এই বৈঠক৷ দলৰ প্ৰতিখন ৰাজ্যৰ নেতৃত্বই কেন্দ্ৰীয় নেতৃত্বক লোকসভা নিৰ্বাচনৰ প্ৰস্তুতি সন্দৰ্ভত অৱগত কৰাব লাগিব৷ ইয়াৰ পৰিপ্ৰেক্ষিতত ১-২ ফেব্ৰুৱাৰীৰ  পূৰ্বে আপে অৱতীৰ্ণ হ’বলগীয়া সমষ্টি কোন কেইটা হ’ব নিশ্চিত কৰিবলৈ আহ্বান জনাইছে বিৰোধী ঐক্য মঞ্চ তথা কংগ্ৰেছক৷


তিনিটা সমষ্টিত ইউডিএফৰ প্ৰাৰ্থী চূড়ান্ত

‘আমাৰ অসম’ৰ ষ্টাফ ৰিপ’ৰ্টাৰঃ সমাগত লোকসভা নিৰ্বাচনক লৈ ব্যাপক ৰাজনৈতিক কুছ-কাৱাজ আৰম্ভ কৰিছে মৌলনা বদৰুদ্দিন আজমল নেতৃত্বাধীন এ আই ইউ ডি এফ দলে৷ বিৰোধী দলটোৱে ইতিমধ্যে সমষ্টিভিত্তিক সমীক্ষা চলাই ৰাজ্যৰ মাত্ৰ তিনিটা লোকসভা সমষ্টিত এইবাৰ প্ৰাৰ্থিত্ব আগবঢ়োৱাৰ চূড়ান্ত সিদ্ধান্ত গ্ৰহণ কৰিছে৷ দলৰ উচ্ছ ক্ষমতাসম্পন্ন সমিতিয়ে বিভিন্ন দিশ চালি জাৰি চাই এখন সম্ভাব্য প্ৰাৰ্থী তালিকা প্ৰস্তুত কৰি চূড়ান্ত অনুমোদনৰ বাবে সভাপতি বদৰুদ্দিন আজমলৰ হাতত অৰ্পণ কৰিছে৷ সকলো ঠিকে-থাকে থাকিলে চলিত সপ্তাহৰ ভিতৰতে সভাপতি আজমলে প্ৰাৰ্থী তালিকা চূড়ান্ত কৰি আনুষ্ঠানিকভাৱে প্ৰাৰ্থীৰ নাম ঘোষণা কৰিব৷ ইউডিএফৰ এটা কৰ্তৃত্বশীল সূত্ৰই সদৰি কৰা মতে এইবাৰৰ লোকসভা নিৰ্বাচনত ইউডিএফে লোৱা সিদ্ধান্ত অনুসৰি ধুবুৰী, নগাঁও আৰু কৰিমগঞ্জ লোকসভা সমষ্টিত দলীয় প্ৰাৰ্থিত্ব প্ৰদান কৰিব৷ সূত্ৰটোৰ মতে, দলৰ উচ্ছ ক্ষমতাসম্পন্ন সমিতিয়ে ধুবুৰী লোকসভা সমষ্টিত প্ৰাৰ্থী হিচাপে পুনৰ দলৰ সভাপতি তথা সাংসদ বদৰুদ্দিন আজমলৰ নাম চূড়ান্ত কৰিছে৷ একেদৰে নগাঁও লোকসভা সমষ্টিত প্ৰাৰ্থিত্ব আগবঢ়াব ধিং বিধানসভা সমষ্টিৰ দলীয় বিধায়ক হাজী আমিনুল ইছলামে৷ তদুপৰি কৰিমগঞ্জ লোকসভা সমষ্টিত প্ৰাৰ্থী হিচাপে দুজনৰ নাম অন্তৰ্ভূক্ত কৰিছে দলটোৰ উচ্ছ ক্ষমতাসম্পন্ন সমিতিয়ে৷ কৰিমগঞ্জত প্ৰাৰ্থী হিচাপে নাম সন্নিৱিষ্ট হৈছে ব্যৱসায়ী পাৰুল¸ চৌধুৰী আৰু প্ৰাক্তন সাংসদ চিৰাজুদ্দিন আজমলৰ নাম৷ পাৰুল চৌধুৰীয়ে দীৰ্ঘদিন ধৰি প্ৰাৰ্থিত্ব বিছাৰি দলৰ মজিয়াত প্ৰভাৱ বিস্তাৰ কৰিবলৈ সক্ষম হৈছে যদিও তলে তলে আজমল ভাতৃ ছিৰাজুদ্দিনে নিৰ্বাচনে মন মেলাত পাৰুল চৌধুৰীৰ অংকত আউল লাগিছে৷ অৱশ্যে দলৰ সভাপতি আজমলে এই দুয়োজনৰ ভিতৰত কাক প্ৰাৰ্থিত্ব প্ৰদান কৰে সেয়া সময়ত লক্ষণীয় হৈ পৰিব৷