Logo
image

দীপৰ বিলত হ্ৰাস পাইছে পৰিভ্ৰমী চৰাই

‘আমাৰ অসম’ৰ মহানগৰ সংবাদ, ২ ফেব্ৰুৱাৰীঃ পৰিভ্ৰমী চৰাইৰ কল-কাকলিৰে মুখৰ হৈ থকা দ্বীপৰ বিলত পূৰ্বতকৈ কমিছে পৰিভ্ৰমী চৰাইৰ সংখ্যা৷ ইয়াৰ সমান্তৰালকৈ বহু সংখ্যক চৰাইৰ প্ৰজাতিও কমি আহিছে৷  দ্বীপৰ বিলত ভয়াৱহভাৱে বৃদ্ধি পোৱা প্ৰদূষণ নিয়ন্ত্ৰণ নকৰা তথা চৰকাৰী হঠকাৰী সিদ্ধান্তৰ বাবে এতিয়া বিলুপ্তি হোৱাৰ পথত দ্বীপৰ বিল-এইদৰে কয় দ্বীপৰ বিল সুৰক্ষা মঞ্চৰ সম্পাদক প্ৰমোদ কলিতাই৷ বৃহস্পতিবাৰে গুৱাহাটী প্ৰেছ ক্লাবত দ্বীপৰ বিল সুৰক্ষা মঞ্চৰ উদ্যোগত অনুষ্ঠিত এখন সংবাদ মেলত তেওঁ লগতে কয়– পক্ষীৰ গণনাত পোৱা তথ্য অনুসৰি দীপৰ বিলত ২০২৩ চনত ১৬১ বিধ প্ৰজাতিৰ পক্ষী পোৱা গৈছিল৷ কিন্তু ২০২৪ চনত ১৫৫ বিধ প্ৰজাতিলৈ হ্ৰাস পায়৷ দ্বীপৰ বিললৈ অহা প্ৰায় ৬/৭ বিধ প্ৰজাতিৰ চৰাই আগমন হ্ৰাস পাইছে৷ ২০২৩ চনত ২৮৩৩১টা পক্ষীৰ বিপৰীতে ২০২৪ চনত মাত্ৰ ১১২৭১টা পক্ষীৰহে আগমন ঘটে দ্বীপৰ বিললৈ৷ ১৯৯১ চনত ৬০০ বিধ প্ৰজাতিৰ চৰাইৰ আগমন ঘটিছিল দ্বীপৰ বিললৈ৷ তাৰ তুলনাত এতিয়া প্ৰতি বছৰে হ্ৰাস পাই আহিছে দ্বীপৰ বিললৈ অহা পক্ষীৰ সংখ্যা৷ বিশেষকৈ দ্বীপৰ বিলত হাঁহ জাতীয় চৰাইৰ সংখ্যা কমিছে৷ ২০২৩ চনত হাঁহ জাতীয় চৰাইৰ সংখ্যা আছিল ১১০৬৫ বিধ৷ ২০২৪ চনত হ্ৰাস পালে ৪৯০৩ টালৈ৷ দ্বীপৰ বিললৈ চীন, জাপান আদিৰ পৰা আহে পৰিভ্ৰমী চৰাই৷ কিন্তু এতিয়া হ্ৰাস পাইছে৷ ২০০২ চনতে ৰামচাৰ ক্ষেত্ৰ ঘোষণাৰ পাছতো আজিলৈ দীপৰ বিলৰ সীমা নিৰ্ধাৰণ হোৱা নাই৷ তদুপৰি দ্বীপৰ বিলত আয়োজন কৰা ৰাইজিং ছান ৱাটাৰ ফেষ্ট ৰিভিজিটিং শৰাইঘাট-২০২৩’ বাবেই দ্বীপৰ বিলৰ জৈব্য বৈচিত্ৰ্যত বিৰূপ প্ৰভাৱ পৰিছে৷ দ্বীপৰ বিল ধবংস কৰি চৰকাৰে একো নিৰ্মাণ কৰিব নালাগে৷ দ্বীপৰ বিল সংৰক্ষণ কৰি উন্নয়ন হ’ব লাগে৷ ২০২৪ চনৰ ডব্লিউ বি এফত ৪৬টা পৰিয়ালৰ পৰা মুঠ ১৫৫টা প্ৰজাতি চিনাক্ত কৰা হৈছিল, য’ত ৪৬.৪ পতাংশ শীতকালীন প্ৰব্ৰজনকাৰী আৰু বাকীবোৰ থলুৱা প্ৰজাতি৷ ভাৰতীয় সেনাই অসম চৰকাৰৰ সহযোগত বিগত বৰ্ষৰ ১৭ নৱেম্বৰৰ পৰা ২০ নৱেম্বৰলৈ শৰাইঘাট যুদ্ধৰ স্মৃতিত দীপৰ বিলত অনুষ্ঠিত কৰিছিল জলক্ৰীড়া মহোৎসৱ৷ সেই মহোৎসৱত দীপৰ বিলত নাও চলাচল কৰাৰ ক্ষেত্ৰত অসুবিধা নহ’বলৈ বিলখনত পানী জমা কৰি ৰাখিবৰ বাবে অসম চৰকাৰৰ জলসম্পদ বিভাগে ১৫ আগষ্টৰ পৰা বন্ধ কৰি ৰাখিছিল দীপৰ বিলৰ পৰা ব্ৰহ্মপুত্ৰ নদী সংযোগী খানাজানৰ শ্লুইচগেট৷ শ্লুইচগেটখন বন্ধ কৰি ৰখাৰ ফলত দীপৰ বিলৰ জৈৱ বৈচিত্ৰ্যত বাধা আহি পৰাৰ লগতে বিলৰ পানীভাগ ওফন্দি থকা বাবে বিলত খাদ্যৰ সন্ধানত অহা বনৰীয়া হাতীৰ চলন - ফুৰণত বাধাৰ সৃষ্টি হৈছিল৷ সেই সময়ত বিভিন্ন দল-সংগঠনে প্ৰকৃতি বিৰুদ্ধভাবে খানাজানৰ শ্লুইচগেটখন বন্ধ কৰি বিলখনক মৃত্যুৰ মুখলৈ ঠেলি দিয়াৰ বাবে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছিলোঁ৷ গুৱাহাটীৰ পশ্চিম প্ৰান্তৰ ধাৰাপুৰ চাৰিআলিৰ পৰা মাত্ৰ আধা কিলোমিটাৰ নিলগৰ চৌধুৰী গিৰিজানন্দ বিশ্ববিদ্যালয়ৰ সন্মুখত দীপৰ বিলৰ পাৰত শৰাইঘাট যুদ্ধৰ মহোৎসৱখন চাবলৈ পুৱাৰে পৰা সন্ধিয়ালৈ দীপৰ বিলৰ পাৰ হাজাৰ হাজাৰ লোকৰে মুখৰিত হৈ পৰিছিল৷ দ্বীপৰ বিলৰ পাৰত উচ্ছ স্বৰত সংগীত, সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত হোৱাৰ ফলত সেইখিনি সময়ত দেশ-বিদেশৰ পৰা অহা পৰিভ্ৰমী পক্ষীৰ কোলাহলৰ সলনি দীপৰ বিলত ডি জেৰ কোলাহলৰ পয়োভৰ ঘটিছিল৷ পানীৰ স্বাভাবিক প্ৰবাহত বাধা আহি পৰা বাবে বিভিন্ন প্ৰজাতিৰ দেশী বিদেশী চৰাইৰ অস্তিত্বলৈ সংকট নামি আহিছে৷ যাৰ বাবে বিললৈ অহা পৰিভ্ৰমী চৰাই অহা বাটেৰে উভতি গৈছে৷ অসমত প্ৰথমবাৰৰ বাবে বিল এখনৰ পানীৰ স্বাভাবিক গতি ৰূদ্ধ কৰি জলক্ৰীড়া অনুষ্ঠিত কৰাৰ দৰে দুৰ্ভাগ্যজনক ঘটনা সংঘটিত হৈছে৷ সেয়েহে চৰকাৰক সময় থাকোঁতে অনুৰোধ জনাইছোঁ যাতে আমাৰ সকলোৰ হৃদপিণ্ডস্বৰূপ দ্বীপৰ বিলৰ জৈৱ্য বৈচিত্ৰ্য সংৰক্ষণত চৰকাৰে গুৰুত্ব দিয়ক৷’ সংবাদ মেলত দ্বীপৰ বিল পাঁচপাৰা সমবায় সমিতিৰ সভাপতি গোলক দাস, জ্জ উইভিছৰ ইক’লজিষ্ট সীমা তালুকদাৰ আৰু তনয়া তলৱাৰ উপস্থিত থাকে৷