Logo
image

ছুপ্ৰিম ক’ৰ্টৰ ৰায়ঃ বিয়া পতাৰ বাবেই মহিলা কৰ্মচাৰীক বৰ্খাস্ত কৰিব নোৱাৰিব

নতুন দিল্লী, ২২ ফেব্ৰুৱাৰীঃ ‘বিবাহৰ ভিত্তিত মহিলাক চাকৰিৰ পৰা বৰ্খাস্ত কৰিব নোৱাৰিব৷’ মহিলাসকলৰ স্বাৰ্থত বৃহস্পতিবাৰে উচ্ছতম ন্যায়ালয়ে এই গুৰুত্বপূৰ্ণ ৰায় প্ৰদান কৰে৷ শীৰ্ষ আদালতখনৰ ন্যায়াধীশ সঞ্জীৱ খান্না আৰু ন্যায়াধীশ দীপাংকৰ দত্তৰ বিচাৰপীঠে এটা গোচৰৰ শুনানীত কয় যে ‘বিবাহপাশত আৱদ্ধ হোৱাৰ বাবে চাকৰিৰ পৰা বৰ্খাস্ত কৰাৰ দৰে ঘটনা, লিংগ বৈষম্যৰ উৎকৃষ্ট উদাহৰণ৷ লিংগ বৈষম্যৰ ওপৰত ভিত্তি কৰি যদি কোনো আইন প্ৰণয়ন কৰা হয়, তেনে আইনক সংবিধানে অনুমোদন নজনায়৷’ ইপিনে, একেটা ৰায়যোগে আদালতে বিয়াৰ বাবে চাকৰিৰ পৰা বৰ্খাস্ত হোৱা সেনাবাহিনীৰ এগৰাকী নাৰ্ছিং বিষয়াক ৬০ লাখ টকাৰ ক্ষতিপূৰণ আদায় দিয়াৰ বাবেও কেন্দ্ৰীয় চৰকাৰক নিৰ্দেশ দিয়ে৷ উল্লেখ্য, আজিৰ পৰা ২৬ বছৰ পূৰ্বে চেলিনা জ’ন নামৰ এগৰাকী মহিলা বিয়া হোৱাৰ বাবেই সেনাবাহিনীৰ চাকৰিৰ পৰা বৰ্খাস্ত হয়৷ তেতিয়াৰে পৰা তেওঁ এই সন্দৰ্ভত আইনী যুঁজ চলাই আছিল৷ অৱশেষত উচ্ছতম ন্যায়ালয়ে তেওঁক ন্যায় প্ৰদান কৰে৷ প্ৰাপ্ত তথ্য মতে সামৰিক নাৰ্ছিং সেৱাৰ বাবে বাছনি লাভ কৰাৰ পাছত চেলিনা জ’ন নামৰ মহিলাগৰাকীয়ে দিল্লীৰ আৰ্মি হাস্পতালত প্ৰশিক্ষণ লৈ এনএমএছ লেফটেনেণ্ট হিচাপে নিযুক্তি লাভ কৰিছিল৷ পাছত তেওঁ বিনোদ ৰাঘৱন নামৰ এজন সেনা বিষয়াৰ সৈতে বিৱাহপাশত আৱদ্ধ হয়৷ কিন্তু বিয়া হোৱাৰ বাবেই তেওঁ চাকৰিটো হেৰুৱাব লগাত পৰে৷ ইয়াৰ বাবে আনকি তেওঁক কোনো কাৰণ দৰ্শোৱাৰ জাননী, গোচৰৰ শুনানী বা আত্মপক্ষ সমৰ্থনৰ সুযোগো দিয়া নহয়৷ অৱশ্যে পৰৱৰ্তী সময়ত যেতিয়া বিষয়টো লক্ষ্ণৌৰ ‘সশস্ত্ৰ বাহিনী ট্ৰিবিউনেল’লৈ যায়, তেতিয়া ট্ৰিবিউনেলে বৰ্খাস্তৰ আদেশটো বাতিল কৰাৰ লগতে সমস্ত আনুষংগিক সুবিধা আৰু বকেয়া দৰমহা আদায়ৰ লগতে তেওঁক চাকৰিত পুনৰ মকৰলৰ অনুমতি প্ৰদান কৰে৷ কিন্তু ইয়াৰ পাছতে কেন্দ্ৰীয় চৰকাৰে ‘সশস্ত্ৰ বাহিনী ট্ৰিবিউনেল’ৰ সিদ্ধান্তক প্ৰত্যাহ্বান জনাই উচ্ছতম ন্যায়ালয়ৰ দ্বাৰস্থ হয়৷ অৱশেষত গোচৰটোৰ শুনানীত শীৰ্ষ আদালতখনে মহিলা নাৰ্ছিং বিষয়াসকলৰ ক্ষেত্ৰত প্ৰযোজ্য হোৱা এনে নিয়ম ‘লিংগ বৈষম্য’ৰ নিদৰ্শন আৰু ‘স্বেচ্ছাচাৰী’ বুলি উল্লেখ কৰি বিয়া হ’লেই মহিলাক চাকৰিৰ পৰা বৰ্খাস্ত কৰিব নোৱাৰিব বুলি ৰায়দান কৰে৷