Logo
image

হিতাধিকাৰীলৈ বিকল্প কি

দেশৰ নীতি আয়োগৰ তথ্যমতে অসমত দাৰিদ্ৰ্য সীমাৰেখাৰ তলত বাস কৰা নাগৰিকৰ সংখ্যা প্ৰায় এক কোটি৷ দৰিদ্ৰতাৰ বাবে জীৱনৰ প্ৰগতিত বাধাৰ সন্মুখীন হোৱা এইসকল নাগৰিকৰ কাৰণে ইতিমধ্যে ৰাজ্য চৰকাৰে ২০১৪ চনৰ পৰাই আৰম্ভ কৰিছে বিভিন্ন আঁচনি৷ অন্নপূৰ্ণা আঁচনিৰ অধীনত বিনামূলীয়া চাউল, প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ অধীনত বাসগৃহ, অৰুণোদয় আঁচনিৰ অধীনত আৰ্থিক সাহায্য, অসম আৰোগ্য নিধিৰ অধীনত পাঁচ লাখ টকালৈকে চিকিৎসাৰ ব্যয়, ৰন্ধন গেছৰ মূল্যত ৰেহাই, বিদ্যুতৰ বিনামূলীয়া সংযোগ, কন্যা সন্তানৰ শিক্ষাৰ ক্ষেত্ৰত আৰ্থিক সাহায্য আদি আঁচনিয়ে ক্ষন্তেকৰ বাবে হ’লেও সকাহ দিছে দাৰিদ্ৰ্য সীমাৰেখাৰ তলত বাস কৰা পৰিয়াল-ব্যক্তিক৷ এখন গণতান্ত্ৰিক ৰাষ্ট্ৰত নাগৰিকৰ দৰিদ্ৰতা নিৰ্মূল কৰাৰ দায়বদ্ধতা চৰকাৰৰ৷ চৰকাৰী ৰাজহৰ সিংহভাগ পুঁজি আজি চৰকাৰে ব্যয় কৰিব লাগে দাৰিদ্ৰ্য সীমাৰেখাৰ তলত বাস কৰা নাগৰিকৰ স্বাৰ্থত৷ কৰ-কাটলৰ জৰিয়তে সংগ্ৰহ কৰা ৰাজহ পৰ্যাপ্ত নহ’লেই চৰকাৰে ল’ব লাগে ঋণ, কাৰণ দৰিদ্ৰতা নিৰ্মূল কৰাটো চৰকাৰৰেই দায়িত্ব৷
প্ৰশ্নটো হৈছে, ৰাজ্য চৰকাৰে এটা দৰিদ্ৰ পৰিয়ালক বাসগৃহ বনাই দিয়া, বিদ্যুৎ যোগান ধৰা বা বিনামূলীয়া চাউলৰ যোগান ধৰিলেই জানো পৰিয়ালটোৰ দৰিদ্ৰতা নিৰ্মূল হ’ব? ৰাজ্যৰ গ্ৰামাঞ্চলসমূহৰ যোগাযোগ ব্যৱস্থাত ব্যাপক উন্নয়নৰ কাৰণে আজি ৰাজ্যৰ বজাৰসমূহৰ সম্প্ৰসাৰণ ঘটিছে৷ দুৰ্গম অঞ্চলত বা চহৰৰ পৰা বহু নিলগত বাস কৰা গাঁৱৰ নাগৰিকে আজি দেখা পাইছে চাৰিলেনযুক্ত ৰাজপথ৷ পৰিয়ালৰ সন্তানসকলে আজি চহৰৰ শিক্ষানুষ্ঠানত নামভৰ্তি কৰি লাভ কৰিছে জ্ঞানৰ পোহৰ৷ সমাজ কল্যাণ বিভাগৰ বিষয়া বা উন্নয়ন খণ্ডৰ বিষয়া-কৰ্মচাৰীক আজি দেখা  গৈছে দৰিদ্ৰ নাগৰিকৰ নামত অহা আঁচনি ৰূপায়ণৰ কৰ্মত৷ ঘৰে ঘৰে খোৱাপানী, পকা শৌচাগাৰ নিৰ্মাণত হাজাৰ হাজাৰ কোটিৰ ৰাজহ ব্যয় কৰিছে ৰাজ্য চৰকাৰে৷ দেশ স্বাধীন হোৱা ৭৫টা বছৰৰ পাছত খোৱাপানী, বিদ্যুৎ কিম্বা ৰন্ধন গেছৰ সুবিধা পোৱা দৰিদ্ৰ নাগৰিকৰ পৰিয়ালত আজি চৰ্চা হৈছে জনপ্ৰতিনিধিৰ ভূমিকা৷
পৰিতাপৰ কথা যে আজি অসমত দৰিদ্ৰতা নিৰ্মূলৰ এই আঁচনিবোৰৰ বিকল্প কি হ’ব তাৰ চৰ্চা নহয়৷ খাদ্য সুৰক্ষা আঁচনিৰ অধীনত বিনামূলীয়া চাউল লাভ কৰা পৰিয়ালসমূহৰ আৰ্থিক সচ্চলতা কেনেকৈ আহিব? ৰেচন কাৰ্ডখনক সাৰোগত কৰি চলি থকা লাখ লাখ পৰিয়ালে কেতিয়া অনুভৱ কৰিব ৰেচন কাৰ্ডখন চৰকাৰক ঘূৰাই দিবলৈ? সাম্প্ৰতিক সময়ত অসমত প্ৰয়োজন কৰ্মসংস্কৃতি জাগৰণৰ৷ আজি ৰাজ্যৰ গ্ৰামাঞ্চলসমূহত অসমীয়া কৃষক পৰিয়ালবোৰে খেতি কৰেনে? বিনামূলীয়া ৰেচনৰ মোহত পৰি শ্ৰম কৰাৰ পৰম্পৰা নাইকিয়া হৈছে নেকি অসমীয়া কৃষকৰ? অসমীয়া গাঁৱৰ পথাৰত কৃষকে ভাড়াত অনা ট্ৰেক্টৰখনৰ মালিক কোন? পথাৰত হালবোৱা (ট্ৰেক্টৰৰ দ্বাৰা), কঠীয়া পৰা, কঠীয়া তোলা, মাটিত কঠীয়া ৰোৱা আদি কৰ্মত নিয়োজিত শ্ৰমিকসকল কোন? বছৰত এটা খেতি কৰি জিৰণি লোৱা কৃষকসকলে কেতিয়া দুটা বা তিনিটা খেতিৰ কথা ভাবিব? অসমীয়া গাঁওবোৰত আজিকালি কিয় শাক-পাচলিৰ খেতি নকৰা হ’ল কৃষকে? বছৰৰ বাৰ মাহতেই বান্দৰৰ অত্যাচাৰত খেতি ত্যাগ কৰা কৃষকৰ অসুবিধাৰ প্ৰতি কিমান জ্ঞাত ৰাজ্যৰ কৃষি বিভাগ৷ গাঁৱে গাঁৱে থকা সৰু সৰু দোকানবোৰত আজি বিদেশী সুৰা উপলব্ধ যদিও চকু মুদা কুলিৰ ভূমিকাত কিয় চৰকাৰৰ আবকাৰী বিভাগ? এসময়ত নিশা ৮ বা ৯ বজাত শোৱাপাটীলৈ যোৱা বা কাহিলীপুৱাতে শোৱাপাটী ত্যাগ কৰা অসমীয়া পৰিয়ালবোৰ সলনি হ’ল৷ মাজনিশালৈকে ম’বাইল টিপা আৰু দিনৰ দহ বজালৈকে শুই থকা নৱপ্ৰজন্মৰ যুৱক-যুৱতীসকলক লৈ আমি কি আশা কৰিব পাৰোঁ?
বৰ্তমান ৰাজ্য চৰকাৰে দৰিদ্ৰতা নিৰ্মূলৰ কাৰণে আগবঢ়াই থকা সেৱা-সুবিধাবোৰৰ বিকল্প পথৰ সন্ধান কৰাটো অতিকৈ প্ৰয়োজন বুলি দাবী কৰিব পাৰি৷ সংস্থাপনৰ নতুন নতুন পথৰ সন্ধান চলাব লাগিব ৰাজ্য চৰকাৰে৷ ক্ষুদ্ৰ উদ্যোগৰ লগতে ৰাজ্যত স্থাপন হ’ব লগা বৃহৎ উদ্যোগসমূহত শ্ৰমিক বা কৰ্মচাৰী বা বিষয়াৰ পদত সংস্থাপনৰ সুবিধা পাব লাগিব দৰিদ্ৰতাৰ গ্ৰাসত থকা ব্যক্তি-পৰিয়ালে৷ কৃষিখণ্ডৰ বিকাশে সলনি কৰিব পাৰে গ্ৰামাঞ্চলৰ পৰিৱেশ৷ কৰ্মই ধৰ্ম বুলি কোৱা কথাষাৰিৰ পৰা যেন নিলগত অৱস্থান লৈছে অসমৰ গ্ৰামাঞ্চলৰ কৃষক পৰিয়ালে৷ সেয়েহে, আজি প্ৰয়োজন এক জনজাগৰণৰ৷ তাৰেই প্ৰতীক্ষা কৰিছোঁ৷