Logo
image

৭টা অস্কাৰেৰে উজলিল পৰমাণু বোমাৰ জনকৰ বায়’পিকঃ অস্কাৰৰ শীৰ্ষত ‘অপেনহাইমাৰ’

‘আমাৰ অসম’ৰ বিশেষ প্ৰতিবেদন, ১২ মাৰ্চঃ অস্কাৰৰ ইতিহাসত ‘বেনহুৰ’, ‘টাইটানিক’ৰ দৰে ছবিয়ে ১১টাকৈ অকাডেমী এৱাৰ্ড জয় কৰি অভিলেখ প্ৰতিষ্ঠা কৰি থৈছে৷ সেই সকলো অভিলেখক উপেক্ষা নকৰাকৈয়ো ক্ৰিষ্টোফাৰ ন’লানৰ ‘অপেনহাইমাৰ’ ছবিখন বিগত বছৰৰ শেষৰ পিনে মুক্তিলাভ কৰোতে জনৰৱৰ সৃষ্টি হৈছিল–‘অপেনহাইমাৰে’ অস্কাৰৰ এই দীৰ্ঘদিনীয়া অভিলেখ ভংগ কৰিবও পাৰে৷ সেই আশা অধিক উজ্জীৱিত হৈছিল তেতিয়া, যেতিয়া কোনোদিনে অস্কাৰ স্পৰ্শ কৰি নোপোৱা ক্ৰিষ্টোফাৰ ন’লানৰ পৰমাণু বোমাৰ জনক জে ৰ’বাৰ্ট অপেনহাইমাৰৰ বায়’পিকখনে এইবাৰ ১৩টাকৈ বিভাগত অস্কাৰৰ মনোনয়ন লাভ কৰিছিল৷ ‘অপেনহাইমাৰে’ যথেষ্ট পৰিমাণে প্ৰত্যাশা পূৰণ কৰিলে, কিন্তু ‘বেনহুৰ’, ‘টাইটানিক’, ‘দ্য লৰ্ড অৱ দ্য ৰিংছঃ দ্য ৰিটাৰ্ণ অৱ দ্য কিংছ’ ছবিৰ ১১টা অস্কাৰ অৰ্জনৰ অভিলেখ ভংগ কিম্বা স্পৰ্শ কৰিব নোৱাৰিলে৷ তথাপি লছ এঞ্জেলছৰ ডলবি থিয়েটাৰৰ দেওবাৰৰ নিশা আলোকোজ্জ্বল মঞ্চত চমক সৃষ্টি কৰি ‘অপেনহাইমাৰে’ ৭ টা অস্কাৰেৰে বাজীমাৎ কৰিলে৷ ‘অপেনহাইমাৰে’ লাভ কৰিলে শ্ৰেষ্ঠ ছবিৰ অস্কাৰ, ক্ৰিষ্টোফাৰ ন’লানে জীৱনত প্ৰথমবাৰৰ বাবে স্পৰ্শ কৰিলে শ্ৰেষ্ঠ পৰিচালকৰ অস্কাৰ৷ বায়’পিক ‘অপেনহাইমাৰ’ৰ নাম ভূমিকাত অভিনয় কৰা কিলিয়ান মাৰ্ফিয়ে শ্ৰেষ্ঠ অভিনেতাৰ অস্কাৰ অৰ্জন কৰিলে প্ৰত্যাশিতভাৱে৷ এইবাৰৰ অস্কাৰৰ মঞ্চত শ্ৰেষ্ঠ ছবিৰ দৌৰত ‘অপেনহাইমাৰ’ৰ উপৰি অছিল কেইবাখনো বহুচৰ্চিত ছবি যেনে, ‘বাৰ্বি’, ‘কিলাৰ্ছ অব দ্য ফ্লাৱাৰ মুন,’ ‘এনাটমি অব দ্য ফল’, ‘মায়োস্ক্ৰো’ আদি৷ কিন্তু মুক্তিৰ সময়তে চলচ্ছিত্ৰ ৰসিক আৰু আগশাৰীৰ সমালোচকে ‘ইপিক’ বুলি আখ্যা দিয়া ‘অপেনহাইমাৰ’ৰ অস্কাৰ অৰ্জনৰ পথত কোনো এখন ছবিয়েই হেঙাৰ হ’ব নোৱাৰিলে৷ শ্ৰেষ্ঠ ছবি, শ্ৰেষ্ঠ পৰিচালক, শ্ৰেষ্ঠ অভিনেতাৰ উপৰি ‘অপেনহাইমাৰে’ সংগ্ৰহ কৰিলে শ্ৰেষ্ঠ সহ অভিনেতাৰ বাবে ৰবাৰ্ট ডাউনি জুনিয়ৰ, শ্ৰেষ্ঠ আবহ সংগীতৰ বাবে লুডভিগ গোৰানছান, শ্ৰেষ্ঠ সম্পাদনাৰ বাবে জেনিফাৰ লেমৰ আৰু শ্ৰেষ্ঠ চিনেমাটোগ্ৰাফিৰ বাবে হোৱাতে ভান হোয়েতেমাৰ অস্কাৰ৷ আনহাতে, শ্ৰেষ্ঠ অভিনেত্ৰীৰ অস্কাৰ লাভ কৰে এমা ষ্টোনে ‘পুঅ’ৰ থিংছ’ত কৰা অভিনয়ৰ বাবে৷ ‘দ্য হোল্ড অ’ভাৰছ’ ছবিত অভিনয়ৰ বাবে ডেভাইন জয় ৰেণ্ডলফে শ্ৰেষ্ঠ সহ অভিনেত্ৰীৰ অস্কাৰ লাভ কৰে৷ তাৎপৰ্যপূৰ্ণ, এইবাৰ একেলগে ‘অপেনহাইমাৰ’লৈ ৭ টাকৈ অস্কাৰ আনি দিয়া ক্ৰিষ্টোফাৰ ন’লানে পৰিচালনা কৰা বিভিন্ন ছবিয়ে ইয়াৰ পূৰ্বে ৪১ টা মনোনয়ন লাভ কৰিছিল, যাৰ ভিতৰত অস্কাৰ আহিছিল ১১ টা৷ কিন্তু পৰিচালনাৰ দীৰ্ঘ কেৰিয়াৰত ন’লানে কেতিয়াও শ্ৰেষ্ঠ পৰিচালকৰ অস্কাৰ লাভ কৰা নাছিল৷ এইবাৰ বিশ্বজুৰি উচ্ছ প্ৰশংসিত ‘অপেনহাইমাৰ’ৰ পৰিচালক ক্ৰিষ্টোফাৰ ন’লানে প্ৰথমবাৰৰ বাবে অস্কাৰ হাতত লৈ ডলবি থিয়েটাৰৰ মঞ্চত কয়–‘চিনেমাৰ ইতিহাস মাত্ৰ ১০০ বছৰৰ পুৰণি৷ ইয়াৰ পাছত কি হ’ব নাজানো৷ কিন্তু মই যে তাৰ অৰ্থপূৰ্ণ অংশ, সেই উপলব্ধি মোৰ বাবে গুৰুত্বপূৰ্ণ৷
‘অপেনহাইমাৰ’ ছবিখন হিৰোছিমা আৰু নাগাছাকিত বিস্ফোৰণ ঘটোৱা বিশ্বৰ প্ৰথম পৰমাণু বোমাৰ নিৰ্মাতা জে ৰবাৰ্ট অপেনহাইমাৰৰ বায়’পিক৷ দ্বিতীয় মহাযুদ্ধৰ প্ৰায় শেষৰ¸ পিনে আমেৰিকাই প্ৰস্তুত কৰা বিশ্বৰ প্ৰথম পৰমাণু বোমা নিৰ্মাণ কৰা ‘লছ এলামছ’ নামৰ লেবৰেটৰীৰ সঞ্চালক আছিল জে ৰবাৰ্ট অপেনহাইমাৰ৷ তেওঁৰ নেতৃত্বত ৰ লাখ ৩০ হাজাৰ মাৰ্কিন বিজ্ঞানী তথা কৰ্মচাৰীয়ে বিশ্বৰ প্ৰথম পৰমাণু বোমা তৈয়াৰ কৰি উলিয়াইছিল৷ আমেৰিকাৰ সেই গোপন অভিযানৰ নাম আছিল ‘মানহাটান প্ৰজেক্ট’৷ হিৰোছিমা আৰু নাগাছাকিত পৰমাণু বোমাৰ সংহাৰৰ ৰূপ দেখি জীৱনৰ পৰৱৰ্তী পৰ্যায়ত ৰবাৰ্ট অপেনহাইমাৰে পাৰমাণবিক অস্ত্ৰ প্ৰতিযোগিতাৰ বিৰুদ্ধে মতবাদ প্ৰচাৰ কৰিছিল৷ ফলত তেওঁ আমেৰিকাৰ অতি সোঁপন্থী ৰাষ্ট্ৰপতি আইনজেনহাৱাৰ আৰু চিনেটৰ জেমছ মেককাৰ্থিৰ ৰোষত পৰি বিচাৰৰ সন্মুখীন হৈছিল আৰু এক প্ৰকাৰ দেশদ্ৰোহী হিচাপে পৰিগণিত হৈছিল৷
ছবিখনৰ এটা বিতৰ্কিত দৃশ্যই ভাৰতত প্ৰৱল বিক্ষোভৰ সৃষ্টি কৰিছিল৷ উল্লেখ্য দ্বিতীয় মহাসমৰৰ প্ৰায় শেষ পৰ্যায়ত, যেতিয়া অক্ষশক্তিৰ (Axis Power) মুৰব্বী এডলফ হিটলাৰে আত্মহত্যা কৰিছিল আৰু যুদ্ধৰ আৰম্ভণি কৰা জাৰ্মান সেনাই মিত্ৰশক্তিৰ (Allied Force) ওচৰত আত্মসমৰ্পণ কৰিছিল, তেতিয়া আমেৰিকাই বিশ্বৰ প্ৰথমটো পৰমাণু বোমাৰ পৰীক্ষা সম্পন্ন কৰিছিল নিউ মেক্সিকো ষ্টেটৰ জৰ্ণাডা ডেল মুৱেৰ্ট’ মৰুভূমিত৷ ‘ট্ৰিনিটী’ আছিল পৰমাণু বোমা পৰীক্ষা কৰা অতিশয় গোপন সেই অভিযানৰ ‘ক’ড নেম’৷ ‘গেজেট’ নামৰ পৃথিৱীৰ প্ৰথমটো পৰমাণু বোমাৰ পৰীক্ষামূলক বিস্ফোৰণ হোৱাৰ লগে লগে সেই বোমাৰ ভয়ংকৰ আৰু অভূতপূৰ্ব বিনাশ শক্তি উপলব্ধি কৰি বোমাটোৰ জনক জুলিউছ ৰবাৰ্ট অপেনহাইমাৰে উচ্ছাৰণ কৰিছিল শ্ৰীমদ্ভাগৱত গীতাৰ এটা শ্লোক— ‘কালোহস্মি লোকক্ষয়কৃৎপ্ৰৱৃদ্ধো৷ নাও আই এম বিকম ডেথ, দ্য ডেষ্ট্ৰয়াৰ অৱ ৱল্ডৰ্’৷  প্ৰসংগতঃ, কুৰুক্ষেত্ৰ যুদ্ধৰ প্ৰাকমুহূৰ্তত ভগৱান শ্ৰীকৃষ্ণই যেতিয়া অজুৰ্নক তেওঁৰ বিশ্বৰূপ প্ৰদৰ্শন কৰিছিল, তেতিয়া অজুৰ্নে সেই বিৰাট ৰূপ দেখি ভীতিবিহ৩ল হৈ শ্ৰীকৃষ্ণক সুধিছিল—প্ৰভু তুমি প্ৰকৃততে কোন? তেতিয়া ভগৱান শ্ৰীকৃষ্ণই উচ্ছাৰণ কৰিছিল সেই শ্লোকটো—’ কালোহস্মি লোকক্ষয়কৃৎপ্ৰৱৃদ্ধো৷  অৰ্থাৎ – মই কাল, যি অৱতাৰেৰে মই বিনাশকাৰীৰ ৰূপ লওঁ৷ 
কিন্তু সেই ঘটনাৰ ৭৭ বছৰৰ পাছত হলীউডৰ বিশ্ববিশ্ৰুত পৰিচালক ক্ৰিষ্টোফাৰ ন’লানে নিৰ্মাণ কৰা ‘অপেনহাইমাৰ’ নামৰ ছবিখনত নায়কে গীতাৰ সেই শ্লোক আওৰাইছে তেওঁৰ প্ৰেমিকাৰ সৈতে সংগমৰত অৱস্থাত৷ হিন্দুৰ পৱিত্ৰ ধৰ্মগ্ৰন্থ, তাকো ভগৱান শ্ৰীকৃষ্ণৰ মুখেৰে ওলোৱা বাণী হলীউডৰ ছবিত নায়ক-নায়িকাৰ সংগমৰত অৱস্থাত নায়কৰ মুখেৰে ব্যৱহাৰ কৰাত ভাৰতৰ জনতা গুজৰি উঠিছিল৷ আনকি কেন্দ্ৰীয় মন্ত্ৰী অনুৰাগ ঠাকুৰে এই দৃশ্য অচিৰেই ছবিখনৰ পৰা বাদ দিবলৈ দাবী জনাইছিল৷ কিদৰে ভাৰতীয় চেঞ্চৰ বৰ্ডে এই আপত্তিকৰ দৃশ্যসম্বলিত ছবিখন ভাৰতত চলাবলৈ দিলে, সেই প্ৰশ্ন উত্থাপিত হৈছিল৷ ভাৰতৰ ছবিগৃহত ‘অপেনহাইমাৰ’ হাউছফুল হৈ চলিল আৰু সংগমৰ দৃশ্যৰ বিতৰ্ক প্ৰকাশ হোৱাৰ লগে লগে সচৰাচৰ হোৱাৰ দৰে দৰ্শকৰ সংখ্যা দুগুণে বৃদ্ধি পালে৷ হিন্দুত্ববাদী সংগঠন আৰু দেশৰ হিন্দু ধৰ্মাৱলম্বীয়ে অতি স্বাভাৱিকভাৱেই এই দৃশ্যৰ বিৰুদ্ধে তীব্ৰ আপত্তি কৰিছিল৷ কেন্দ্ৰীয় চৰকাৰৰ তথ্য আয়ুক্ত উদয় মাহুৰকাৰে ছবিৰ প্ৰযোজকলৈ এখন পত্ৰ প্ৰেৰণ কৰি জনাইছিল– ‘গীতা আমাৰ বাবে পৱিত্ৰ৷ সেই গীতাক অপমান কৰা হৈছে৷ আপোনালোকে কি ভাবি আমাৰ ধৰ্মক আঘাত দিছে? আমাৰ সভ্যতাক অৱমাননা কৰিছে৷ অচিৰেই এই দৃশ্য ছবিখনৰ পৰা প্ৰত্যাহাৰ কৰক৷’ 
চিনেটৰ জেমছ মেককাৰ্থি আৰু  তেওঁৰ সতীৰ্থই অপেনহাইমাৰৰ দেশদ্ৰোহিতাৰ বিচাৰ কৰাৰ পৰাই ক্ৰিষ্টোফাৰ ন’লানৰ ছবিখন আৰম্ভ হৈছে আৰু ফ্লেছবেক-কাট-জাম্পকাটেৰে পৰিচালকে সমস্ত ঘটনা বৰ্ণনা কৰি ছবিখন সাৱলীল গতিত আগবঢ়াই নিছে৷ ছবিত কোৱাণ্টাম ফিজিক্স আছে, ফিছন, ফিউজন, ইমপ্ল’ছিভ আছে, বহু দৃশ্য আগবাঢ়িছে ক’লা-বগা ফুটেজেৰে৷ বহু দুৰ্বোধ্য বিজ্ঞান থকা স্বত্বেও, এজন বিজ্ঞানীৰ, তাকো পঞ্চাশৰ দশকৰ বায়’পিক হোৱা স্বত্বেও বিশ্বজনীনভাৱে দৰ্শকে ‘অপেনহাইমাৰ’ হটকেকৰ দৰে গিলিলে আৰু সেই ছবিয়ে অস্কাৰৰ মঞ্চত বাজীমাৎ কৰিলে৷