বিধানসভাত অনুপস্থিত মন্ত্ৰী সিংঘালৰ দৰমহা কৰ্তনৰ দাবী
‘আমাৰ অসম’ৰ গুৱাহাটীৰ প্ৰতিবেদক, ৩ ডিচেম্বৰঃ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মন্ত্ৰীসভাৰ স্বাস্থ্য দপ্তৰৰ মন্ত্ৰী অশোক সিংঘালে অসম বিধানসভাকো বিপথে পৰিচালিত কৰিলে নেকি? কিয়নো মন্ত্ৰী অশোক সিংঘালে সদনত অনুপস্থিত থকাক লৈ পৱিত্ৰ বিধানসভাত মিছা তথ্যৰে আভুৱা ভৰাৰ অভিযোগ উঠিছে৷ মন্ত্ৰী সিংঘালে বিধানসভাক অৱমাননা কৰা বুলিও এতিয়া দিছপুৰৰ বাহিৰে-ভিতৰে চৰ্চা লাভ কৰিছে৷ সদ্য সমাপ্ত অসম বিধানসভাৰ শীতকালীন অধিৱেশনৰ কোনো এটা দিনতে উপস্থিত নথকা স্বাস্থ্যমন্ত্ৰী অশোক সিংঘালক লৈ শেহতীয়াকৈ বিতৰ্কৰ সৃষ্টি হৈছে৷ বিগত ২৫ নৱেম্বৰৰ পৰা ২৯ নৱেম্বৰলৈ অনুষ্ঠিত বিধানসভাৰ শীতকালীন অধিৱেশনৰ কোনো এটা দিনেই সদনত উপস্থিত থকাৰ পৰা বিৰত থকা মন্ত্ৰী সিংঘালে বিধানসভাৰ অধ্যক্ষক পত্ৰযোগে শাৰীৰিক অসুস্থতাত ভুগি থকা বুলি জানিবলৈ দি বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীলৈ পত্ৰ প্ৰেৰণ কৰিছিল৷ মন্ত্ৰী সিংঘালৰ পৰা বেমাৰত ভুগি থকাৰ পত্ৰ পোৱাৰ পাছতেই ছুটীও মঞ্জুৰ কৰিছিল অধ্যক্ষ দৈমাৰীয়ে৷ যাৰ বাবে বিভাগীয় মন্ত্ৰীজনৰ অনুপস্থিতিত স্বাস্থ্য বিভাগৰ বিভিন্ন প্ৰশ্নৰ উত্তৰ মন্ত্ৰী সিংঘালৰ হৈ দিছিল সতীৰ্থ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে৷ কিন্তু অসুস্থতাৰ বাবে বিধানসভাত অনুপস্থিত থকা মন্ত্ৰী অশোক সিংঘালে ২৩ নৱেম্বৰৰ পৰা ৩০ নৱেম্বৰলৈ গৃহ সমষ্টি ঢেকীয়াজুলিৰ শিঙৰিৰ ঐতিহ্যমণ্ডিত গুপ্তেশ্বৰ দেৱালয়ৰ অতিৰুদ্ৰ মহাযজ্ঞত ব্যস্থ থকাৰ তথ্য পোহৰলৈ অহাত ৰাজনৈতিক মহলত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে৷ কিয়নো মন্ত্ৰীজনে প্ৰতিদিনেই গুপ্তেশ্বৰ মন্দিৰত অতিৰুদ্ৰ মহাযজ্ঞত ধৰ্মীয় সাজ পৰিধান কৰি পূজা-অৰ্চনাত ব্যস্ত থকাৰ ফটো আৰু ভিডিঅ’ নিজৰ ফেচবুক পেজত শ্বেয়াৰ কৰাৰ পাছতেই এই বিতৰ্কৰ সৃষ্টি হৈছে৷ যিজন দায়িত্বশীল মন্ত্ৰীয়ে বেমাৰৰ বাবে বিধানসভাত উপস্থিত থাকিব নোৱাৰে বুলি বিধানসভাৰ অধ্যক্ষলৈ পত্ৰ প্ৰেৰণ কৰি ছুটী মঞ্জুৰ কৰোৱায়, সেই একেজন ‘বেমাৰী’ মন্ত্ৰীয়ে প্ৰচণ্ড শীতৰ মাজতো একবস্ত্ৰ পৰিধান কৰি দিনে-নিশাই অতিৰুদ্ৰ মহাযজ্ঞত পূজা-অৰ্চনাত কেনেকৈ ব্যস্ত থাকিব পাৰে বুলিও প্ৰশ্ন উত্থাপন হৈছে৷ আনকি বিভাগীয় মন্ত্ৰী অশোক সিংঘালে শাৰীৰিক অসুস্থতা বুলি কৈ পৱিত্ৰ বিধানসভাক বিপথে পৰিচালিত কৰা বুলিও এতিয়া বিৰোধীয়ে প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে৷ আনকি অশোক সিংঘালে মিছা কথা কৈ বিধানসভাক অৱমাননা কৰা বুলিও বিৰোধীয়ে অভিযোগ কৰিছে৷
যাৰ বাবে মন্ত্ৰী সিংঘালৰ বিৰুদ্ধে বিধানসভাৰ বিশেষাধিকাৰ ভংগৰ অভিযোগ আৰোপ কৰিবলৈকো ৰাজনৈতিক মহলে অধ্যক্ষ বিশ্বজিৎ দৈমাৰীক আহ৩ান জনোৱা দেখা গৈছে৷ মন্ত্ৰী অশোক সিংঘালে বিধানসভাৰ শীতকালীন অধিৱেশনত অসুস্থতাৰ বাবে উপস্থিত থাকিব নোৱাৰি ছুটী বিচাৰি কৰা আবেদনৰ কথা বিধানসভাৰ এটা সূত্ৰই নিশ্চিত কৰিছে যদিও এই সন্দৰ্ভত বিধানসভাৰ সচিবৰ সৈতে যোগাযোগ কৰাত তেওঁ কোনো সঁহাৰি নজনালে৷ ইফালে, মন্ত্ৰী অশোক সিংঘালে কি কাৰণত বিধানসভাত অনুপস্থিত আছিল তাক লৈ প্ৰশ্ন কৰাৰ পাছতো সদনত অধ্যক্ষই অৱগত নকৰাৰ কথা জানিবলৈ দিছে বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই৷ এই সন্দৰ্ভত দেৱব্ৰত শইকীয়াই কয়– ‘কোনো মন্ত্ৰীয়ে যদি বিধানসভাৰ অধিৱেশনত উপস্থিত থাকিব নোৱাৰে, সেই কথা লিখিতভাৱে অধ্যক্ষক জনাব লাগে৷ অধ্যক্ষয়ো বিভাগীয় প্ৰশ্নোত্তৰ কালত মন্ত্ৰীজন উপস্থিত নথকাৰ কাৰণ বিধানসভাত ঘোষণা কৰিব লাগে৷ মন্ত্ৰী অশোক সিংঘাল শীতকালীন অধিৱেশনত এদিনো উপস্থিত নাছিল৷ কিন্তু স্বাস্থ্যমন্ত্ৰীজন কিয় উপস্থিত থকা নাছিল অধ্যক্ষৰ ফালৰ পৰাও বিধানসভাক সেয়া জানিবলৈ নিদিলে৷ অৱশ্যে, বিধানসভা চলি থকা দিনকেইটাত মন্ত্ৰী অশোক সিংঘালে একবস্ত্ৰ পৰিধান কৰি প্ৰতিদিনেই ঢেকীয়াজুলিৰ গুপ্তেশ্বৰ দেৱালয়ত অতিৰুদ্ৰ মহাযজ্ঞত পূজা-অৰ্চনা কৰি থকা ফটো ফেচবুকত শ্বেয়াৰ কৰা দেখা পাইছিলোঁ৷ অৰ্থাৎ মন্ত্ৰী সিংঘালে ৰাজ্যবাসীৰ আশা-আকাংশাক বিধানসভাত প্ৰতিফলিত কৰাৰ বিপৰীতে ব্যয়বহুল অতিৰুদ্ৰ মহাযজ্ঞ আয়োজনতহে ব্যস্ত আছিল৷ সেয়েহে আইন সকলোৰে বাবে সমান হোৱা উচিত৷ মন্ত্ৰীৰ বাবে এক, কৰ্মচাৰীৰ বাবে বেলেগ কিয়? বিধানসভাৰ কাম-কাজৰ পৰা বিৰত থকা মন্ত্ৰী অশোক সিংঘালৰো দৰমহা কৰ্তন কৰিবলৈ মুখ্যমন্ত্ৰীলৈ পত্ৰ প্ৰেৰণ কৰিছোঁ৷ কিয়নো চৰকাৰৰ এক দ্বৈত চৰিত্ৰ আৰু চৰম অন্যায় আমাৰ চকুত পৰিছে৷ যিসকল ৰাষ্ট˜ীয় স্বাস্থ্য অভিযান [এনএইচএম] কৰ্মীয়ে ক’ভিড-১৯ মহামাৰীৰ সময়ত নিজৰ জীৱন তুচ্ছ কৰি আমাক সুৰক্ষা দিছিল, তেওঁলোকে নিজৰ ন্যায্য প্ৰাপ্যৰ বাবে গণতান্ত্ৰিকভাৱে প্ৰতিবাদ কৰোঁতে চৰকাৰে তেওঁলোকৰ দৰমহা কৰ্তনৰ নিৰ্দেশ দিছে৷ কিন্তু ইয়াৰ বিপৰীতে মন্ত্ৰীৰ ক্ষেত্ৰত ৰেহাই৷ খোদ স্বাস্থ্যমন্ত্ৰী অশোক সিংঘালে যোৱা বিধানসভা অধিৱেশনৰ সময়ত পাঁচ দিন ধৰি সদনৰ গুৰুত্বপূৰ্ণ কাম-কাজৰ পৰা বিৰত থাকি ব্যক্তিগত কামত ব্যস্ত আছিল৷ এয়া তেওঁৰ চৰকাৰী দায়িত্ব উলংঘা নহয়নে? যদি চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদ কৰা কৰ্মচাৰী অনুপস্থিত থাকিলে দৰমহা কাটিব লাগে, তেন্তে একেই নিয়ম মন্ত্ৰীৰ ক্ষেত্ৰতো প্ৰযোজ্য হ’ব লাগিব৷ ৰাইজৰ বাবে যি আইন, কেবিনেট মন্ত্ৰীসকলৰ বাবেও সেই একেই আইন হোৱা উচিত৷’






